সন্তানে আপোনাক ভয় কৰে নেকি ?

এই কথাটো বহুতৰ মুখত শুনো- 'সন্তানে মাক দেউতাকক 'অকণমান' ভয় কৰিব লাগে।' অথবা 'মাক বা দেউতাক কোনো এজনক 'অকণমান' ভয় কৰিব লাগে। ' এতিয়া কথা হ'ল, এই অকণমান ভয়টো কিমান? অকণমানৰ কিবা পৰিমাণ আছেনে? নিশ্চয় নাই। কাৰণে অকণমান কথাটো একধৰণৰ আপেক্ষিক কথা। মোৰ প্ৰশ্নটো হ'ল - সন্তানেনো কিয় ভয় কৰিব লাগে? বহুতৰ উত্তৰ-ভয় নকৰিলে কথা নুশুনা হয়, সন্মান নকৰে, বদমাছ হয়। এতিয়া মই ক'ব বিচাৰিছো - ভয় কৰিলে কি হয় আচলতে। দুটামান বাস্তৱৰ পৰা বুটলি অনা উদাহৰণ দিওঁ।
সৰু ল'ৰাটোৱে মাক দেউতাকক খোলাকৈ কথাবোৰ কৈ বৰ ভাল পায়। যেনে ধৰক স্কুলৰ কথা, লগ বন্ধুৰ কথা, শিক্ষক শিক্ষয়িত্ৰীৰ কথা, মুঠতে তাৰ পৃথিৱীখনৰ অনেক কথা। এনেকৈয়ে খুব উৎসাহতে জীৱনৰ প্ৰথম পৰীক্ষাৰ বহীখন মাক দেউতাকক স্কুলৰ জপনামুখতে দেখুৱাবলৈ ল'ৰাটো দৌৰি আহিছিল। বহীখন চায়েই মাকৰ প্ৰশ্ন- 'আমুকে কিমান পাইছে?' দেউতাকৰ প্ৰশ্ন- 'দুই নম্বৰ কেলেই ক'মকৈ পালা?' ল'ৰাৰ মুখ তাতেই মোলান পৰিলে। যি হেপাঁহেৰে মাক দেউতাকক বহীখন দেখুৱাবলৈ আহিছিল সেই হেপাঁহ ক'ৰবালৈ গ'ল। পিছৰ কোনোবাটো পৰীক্ষাত 'অকণমান বেছি কম' নম্বৰ পালে সি। তথাপি সি বহীখন মাক দেউতাকক দেখুৱালে। মাক বা দেউতাকে ল'ৰাৰ 'অধোগতি' দেখি দুই এচাট দিয়াৰ লগতে ব্ৰহ্ম মুখে বকিলে। ল'ৰাৰ ওপৰত শাসনৰ নামত তাৰ প্ৰিয় খেলা বস্তুবোৰ লুকুৱাই থোৱা হ'ল। সি কৰি ভাল পোৱা কামবোৰৰ পৰা তাক আতৰাই ৰখা হ'ল। তাৰ নিজৰ চিন্তাবোৰ খঙ, মাৰ পিটেৰে দমাই পিতৃ মাতৃৰ সপোনবোৰ আৰোপ কৰি তাক তথাকথিত 'ভাল ল'ৰা'ৰ ফ্ৰেম এটাত চপাই কোচাই সুমুৱাই দিয়া হ'ল।
আৰু যিটো ল'ৰাই মাক দেউতাকক জীৱনৰ প্ৰথম বন্ধুৰ দৰে ভাবিবলৈ আৰম্ভ কৰিছিল, সেই ল'ৰাই মাৰ পিট, গালি গালাজৰ নামত মাক দেউতাকক ভয় কৰা হ'ল। এক সাংঘাতিক নিৰাপত্তাহীনতা অনুভৱ কৰা হ'ল। পৰীক্ষাত কম নম্বৰ পোৱাৰ সন্ত্ৰাসত ল'ৰা অস্থিৰ হ'ল। কেতিয়াবা বহী লুকুৱাই থোৱা হ'ল। কেতিয়াবা নম্বৰ সলনি কৰাৰ চেষ্টা কৰা হ'ল। কেৱল পৰীক্ষাত বেছি নম্বৰ পোৱাৰ নামত পাঠবোৰ নুবুজাকৈয়ে মুখস্থ কৰিবলৈ শিকিলে। (মই গণিত মুখস্থ কৰা ছাত্ৰও লগ পাইছো)। আৰু এই গোটেই কথাবোৰত দুটা কথা স্পষ্ট হ'ল - ল'ৰাটো বা ছোৱালীজনীয়ে মাক দেউতাকক ভয় কৰা হ'ল আৰু দ্বিতীয় কথাটো হ'ল তাই বা তাৰ জীৱনত আত্মমৰ্যদা, আত্মবিশ্বাস বা ব্যক্তিত্বৰ দৃঢ়তা জাতীয় কথাবোৰ দিনক দিনে দূৰলৈ যাবলৈ আৰম্ভ কৰিলে।
এই কথাখিনি শুনাত কিছু আচহুৱা যেন লাগিলেও বহু ল'ৰা ছোৱালীৰ লগত এনেকুৱাই হৈ থাকে। 'তুমি এনেকুৱা হ'ব লাগিব', 'তুমি এনেকুৱা কৰিব লাগিব', 'তুমি ডাঙৰ হৈ আমুক হ'বা, 'তুমি আমুকৰ লগত নেখেলিবা, সি/তাই বেয়া ল'ৰা/ছোৱালী।' মুঠতে শিশু এটিয়ে প্ৰায়েই ঘৰুৱা পৰিবেশত মাক দেউতাকৰ মাজত বন্ধু এগৰাকীক বৰ আকুলতাৰে বিচাৰে যদিও বৰ দুখ লগাকৈ বঞ্চিত হ'ব লগা হয়। সদায় একধৰণৰ 'ওপৰৱালা'ৰ আচৰণহে মাক দেউতাকৰ মাজত শিশু এটিয়ে দেখে। এই ব্যৱস্থাত ভয় থাকে। আৰু য'ত ভয় থাকে ,তাত শিশুৱে কথা গোপন কৰিবলৈ শিকে। মাক দেউতাকৰ ওপৰত এনে শিশুৰ কেতিয়াবা বিশ্বাস হেৰাই যায়। মোৰ ওচৰলৈ এনেকুৱা বহুত যুৱক যুৱতী আহে,যিসকলে কয় - 'এইবোৰ কথা মা দেউতাক ক'ব নোৱাৰো। খং কৰিব।'
ভয় মানে কিন্তু সন্মান বা সমীহ নহয়। ভয় মানে এক দূৰত্ব, ভয় মানে এনে এটা বিষয়, যিটো বিষয়ৰ পৰা নিজকে ৰক্ষা কৰিব লাগে।
এতিয়া আপোনালোকেই ভাৱক, সন্তানৰ মনত আপোনাৰ প্ৰতি ভয় সুমুৱাই দিয়াতো কিমান দূৰ সমিচিন বাৰু? তাতকৈ সন্তানৰ বন্ধু কিয় নহয়? বন্ধু মানে তেনে বন্ধু যি কেতিয়াও তোষামোদ নকৰে, যি কেতিয়াও অন্ধ নহয়, যি কেতিয়াও চৰ্ত নাৰাখে।
বহু পিতৃ মাতৃয়ে সন্তানৰ সন্মুখত একেবাৰে সৰু অৱস্থাৰ পৰা ডাঙৰ হোৱালৈকে অলেখ চৰ্ত ৰাখে। আৰু এই চৰ্তবোৰ সন্তানৰ বাবে এটা পৰ্যায়ত বোজা হৈ পৰে। কোনেও অহৰহ বোজা এটা বৈ থাকি সুখী হ'ব নোৱাৰে। অৰ্থাৎ চৰ্ত এসোপা জাপি দি আমি আমাৰ সন্তানক দিনকদিনে অসুখী কৰি আনিছো। পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক নি:চৰ্ত হ'ব নোৱৰাতো অত্যন্ত দূৰ্ভাগ্যজনক।
এই কেইদিনতে এনেকুৱা দুটামান ঘটনাৰ বিষয়ে গম পাইছো, য'ত নিজৰ সন্তানৰ প্ৰতি শাসনৰ নামত পিতৃ মাতৃয়ে অমানৱীয় আচৰণ কৰিছে। কোনো গৰাকী বিশ উৰ্ধৰ যুৱতীক ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখিছে, কোনো এজন যুৱকৰ সৈতে অনুৰাগ স্থাপনৰ অভিযোগত পুৱাৰ পৰা গধূলিলৈকে তেওঁক কথা শুনোৱা হৈছে, তেওঁৰ পৰা মোবাইল কাঢ়ি লোৱা হৈছে, উচ্চ শিক্ষিত এই যুৱতী গৰাকীক আনকি কেৰিয়াৰ শেষ কৰি ঘৰৰ পৰা চাই দিয়া যিকোনো মানুহৰ সৈতে বিয়াত বহিবলৈ তিব্ৰ হেচা দিয়া হৈছে।
আন এগৰাকী কিশোৰীৰ লগত মাকৰ অত্যাচাৰ এনে পৰ্যায় পাইছেহি যে, এই ছোৱালীজনীয়ে বাৰে বাৰে আত্মহত্যাৰ কথা ভাবিছে, আৰু কেতিয়াবা জীৱনৰ মায়াত ঘৰৰ পৰা গৈ আন মানুহৰ ওচৰত আশ্ৰয় ল'ব লগা হৈছে।
এই দুয়োটা ঘটনা এই এসপ্তাহৰ ভিতৰত মোক জনোৱা হৈছে, মোৰ পৰা সহায় বিচৰা হৈছে।
দুয়ো গৰাকী ছোৱালীৰ সৈতে কথা পাতি তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে জানিব পাৰি বৰ দুখ পাইছো। কেনেকৈ ইমান অবিবেচক হ'ব পাৰে পিতৃ মাতৃ?
কথাবোৰ আটাইয়ে ভাবিবৰ হ'ল। সন্তানৰ পৃথিৱীখন কিমান ভয়ৰ কৰি তুলিছে সেই কথা ভবাতকৈ কিমান সুখৰ কৰি তুলিব পাৰিছে, সেই কথা ভাবক। বুজক। পিতৃ মাতৃৰ দায়িত্ব বহুত বেছি। সন্তানৰ সৈতে পাৰ কৰা সময়বোৰ ইচ্ছা কৰিলেই সুখকৰ আৰু সমৃদ্ধ কৰিব পাৰি। অনৰ্থক বোজা জাপি নিদিব। সন্তানৰ বন্ধু হওক। জীৱন সচা অৰ্থত ধুনীয়া হৈ পৰিব তেতিয়া।