Self-Esteem কৰিব জানোনে ?
Updated: Jul 22, 2020
আমি তেতিয়া ব্যক্তিগত চেনেল এটাত কৰ্মৰত আছিলো। এদিন নিউজ ডেস্কলৈ এটা নিউজ আহিলে। ফুটেজ নাছিল। ব্ৰেকিং text লগোৱা হ'ল। 'মহানগৰীত মেধাৱী ছাত্ৰীৰ আত্মহত্যা', 'মাত্ৰাধিক চাপ সহিব নোৱাৰি আত্মহত্যাৰ সন্দেহ'। যথা সময়ত ফুটেজ আহিলে। ইনজেষ্টত ফুটেজখিনি চালো। মৰমলগা ছোৱালী। শেতা পৰি যোৱা মুখখন, ব্লাৰ কৰি নিউজটো চলোৱা হ'ল। কান্দি কান্দি বাউলি হৈ পৰা মাকজনী। 'তাই পৰীক্ষা বেয়া কৰিলে আমি খং কৰিম ,দুখ কৰিম বুলি কেলেই এনেকৈ ভাবিলে অ'। এইটো মাত্ৰ এটা উদাহৰণ। এনেকুৱা কত ঘটনা আমাৰ চৌপাশে ঘটি আছে। মাক-দেউতাক,আন অভিভাৱক বা তেনে কোনো বিশেষজনৰ আকাংক্ষা পুৰণ কৰিব নোৱাৰি কতজনে/ কতগৰাকীয়ে এনেকুৱা কঠিন সিদ্ধান্ত লৈছে। জীৱনলৈ পিঠি দিছে। অথবা জীয়াই থাকিও মৃতকৰ দৰে জীৱন কটাইছে। আচলতে এই সমস্যাটোৰ গুৰি ক'ত বাৰু ? কোনোবাখিনিত এনেকুৱা মানুহবোৰ অভিভাৱক বা তেনে স্থানীয় মানুহৰ অজানিতে হোৱা উচ্চাকাংক্ষাৰ বলী হয় নেকি ? এইখিনিতে এটা কথাত আমাৰ কাৰো দ্বিমত নাই যে কোনো পিতৃ মাতৃ বা অভিভাৱক স্থানীয় ব্যক্তিয়েই নিজৰ সন্তান বা নিজে লালন পালন কৰা জনৰ/গৰাকীৰ অহিত চিন্তা নকৰে। বৰঞ্চ কথাটো এনেকৈ কোৱা উচিত হ'ব, তেওঁলোকে সন্তান বা লালন পালন কৰাগৰাকীৰ সৰ্বোচ্চ উত্তৰণ কামনা কৰিয়েই বিভিন্ন পদক্ষেপ বা প্ৰচেষ্টা লয়। আৰু কেতিয়াবা এনে কৰিবলৈ যাওতেই কোনোবাখিনিত ভুল হৈ যায়।
এনেবোৰ ক্ষেত্ৰত আমাৰ সততে এটা ভুল হয়। আমি আমাৰ সন্তানৰ প্ৰতি অতিৰিক্ত যত্ন লওতে অথবা আমি আমাৰ সন্তান বা লালন পালন কৰি ডাঙৰ কৰাজনৰ ওপৰত সপোন এটা জাপি দিওঁতে এই ভুলটো হয়। একেবাৰে কুমলীয়া বয়সতে তেওঁলোকৰ ক্ষেত্ৰত এনে কৰোতে তেওঁলোকৰ self-esteem খুব দূৰ্বল হয়। তেওঁলোকে নিজকে ভালকৈ বুজি নাপায়। নিজৰ মূল্য (worth) ধৰিব নোৱাৰে। আত্মবিশ্বাসৰ খুব অভাৱ হয়। জনা কথা এটা ক'বলৈ খোকোজা লাগে। জনা কাম এটা আগবাঢ়ি কৰিবলৈ সাহ নকৰে। তেওঁলোকৰ মগজুত সদায় এনে এটা কথাই ক্ৰিয়া কৰি থাকে- যে তেওঁলোকে মাক-দেউতাক বা অভিভাৱকৰ আকাংক্ষা পুৰণ কৰিব নোৱাৰিলে বা তেওঁলোকক সন্তুষ্টি দিব নোৱাৰিলে তেওঁলোকে বেয়া পাব। দুখ পাব। কোনো কোনো অভিভাৱকে নিজৰ সন্তানে ইপ্সিত লক্ষ্যত উপনিত হ'ব নোৱাৰিলে মাৰ পিট, গালি গালাজ কৰে। আলহী অতিথিৰ আগত অপমানসুচক কথা কয়, আচৰণ কৰে। এনেবোৰ কথাই শিশু এটাৰ সামগ্ৰিক ব্যক্তিত্বক চেপি খুন্দি নি:শেষ কৰি পেলোৱাৰ উপক্ৰম কৰে। এনেবোৰ শিশুৱে পিছলৈ পলায়ণবাদী হ'বলৈ শিকে। হাৰিবলৈ ভয় কৰে। গতিকে পৰিস্থিতিৰ মুখামুখি নোহোৱাকৈ থাকিবলৈকে ভাল পায়।
শিশুৰ নিৰ্দোষ আচৰণেৰে প্ৰথম অৱস্থাত সচা কথা কয় যদিও ,পিতৃ মাতৃ, অভিভাৱকৰ পৰা খং, মাৰ পিট খোৱাৰ ভয়ত তেওঁলোকে ভয়ে ভয়ে মিছা কথা ক'বলৈ লয়। লাহে লাহে ই অভ্যাসত পৰিণত হয়। আৰু এটা সময়ত যেতিয়া এজন/এগৰাকী পৰিপক্ক মানুহ হয় এটা মিছা ঢাকিবলৈ আন দহটা মিছা কথাৰ আশ্ৰয় লয়।
এনে মানুহৰ জীৱন সাংঘাতিক অস্থিৰতা আৰু নিজৰ প্ৰতি এক ধৰণৰ অবুজ বেয়াপোৱা অথবা অভিমানৰ মাজেৰে যায়। সকলোতকৈ ডাঙৰ কথা নিজকে estimate কৰিব নোৱাৰে বাবেই এওঁলোকৰ মনোজগতত সকলো বিষয়তে একধৰণৰ অস্পষ্টতা থাকে। ফলস্বৰূপে এনে মানুহ কেতিয়াবা খুব aggressive হয়। তেওঁলোকে মান্যজনক সন্মান কৰিব নাজানে, অথবা স্থান কাল পৰিস্থিতি মানি আচৰণ কৰিব নাজানে। ফলস্বৰূপে হিতে বিপৰীত হয়। নিজৰ আচৰণৰ সপক্ষে এনে মানুহে যুক্তি বিচাৰি উলিয়ায়। সেই যুক্তি সন্মুখৰজনে গ্ৰহণ নকৰিলে কেতিয়াবা অকল্পনীয় কাণ্ডও কৰি পেলায়। কেতিয়াবা আকৌ এনে মানুহ খুব passive ধৰণৰ হয়। সকলোতে পিছ পৰি থাকে। অথচ পিছ পৰি ৰোৱাৰ কাৰণে আনক দোষাৰোপ কৰে। হা হুমুনিয়াহ কাঢ়ি সময় পাৰ কৰে। মিলিবলৈ কষ্ট পায়। এই দুই ধৰণৰ ব্যক্তিত্বৰে সমস্যাৰ উৎস একেই - self esteem ৰ অভাব। নিজকে বুজি নোপোৱাৰ সমস্যা। আত্মবিশ্বাসৰ অভাৱ। এনেকুৱা মানুহে বহু সময়ত জীৱনলৈ পিঠি দিয়ে। মৃত্যুমুখী চেতনাক আদৰি লয়। কাৰণ এনে মানুহৰ বাবে জীৱনত কেৱল জয়ৰ বাবেহে দুৱাৰ খোলা থাকে। পৰাজয় মানেই যেন মৃত্যু সম।
আহক, আপুনি ,মই আমি সকলোৱেই এনে মানুহৰ কাষত থিয় দিওঁ। জীৱনৰ মুখামুখি হ'বলৈ আমাৰ পৰা অকণ অকণ সাহস দিওঁ। হৰা জিকা জীৱনৰ যে এক স্বাভাৱিক কথা এই কথা গ্ৰহণ কৰিব পৰাকৈ তেওঁলোকক সদৰ্থক পৃথিৱী এখনৰ মুখামুখি কৰাও। এনেকৈয়ে আমি সকলোৱে একেলগে জীৱনক ভালপাব পাৰিম। জীৱনে দিয়া সময়খিনিৰ মূল্য দিব পাৰিম।