ভাল অভিভাৱক হোৱা কঠিন নহয়।

কিছুমান কথা প্ৰজন্মৰ পিছত প্ৰজন্ম একেটা গতিত একেদৰে চলি থাকে। তাৰ ভিতৰত বিশেষ এটা কথা হ'ল- ' আমাৰ দিনত এনেকুৱা হোৱা নাছিল/ আমি এনেকুৱা নাছিলো/ আমি এনেকুৱা নকৰিছিলো ' । এই বাক্যকেইটাৰ বিশেষত্ব হ'ল- এনেকৈ আপোনাৰ অভিভাৱকে আপোনাক কৈছিল, আপোনাৰ অভিভাৱকক তেখেতসকলৰ অভিভাৱকে কৈছিল, আৰু এতিয়া আপুনি আপোনাৰ সন্তানক কয়। এতিয়া কথাটো হ'ল- আচলতে কাৰ দিনত কোনে এনেকুৱা কৰা নাছিল তাৰ কোনো নিৰ্দিষ্ট উত্তৰ নাই। কথা একেবোৰেই।মাত্ৰ ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ চলি থাকে। আৰু এনে হোৱাৰ ফলতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ মাজত এটা ফাক থাকে। সহজভাৱে ল'ব নোৱৰাৰ একধৰণৰ আকোৰগোজ স্থিতি থাকে। এয়া বৰ স্বাস্থ্যকৰ অভ্যাস নহয়। প্ৰতিজন মানুহৰে এক ধৰণৰ মৌলিক স্থিতি থাকে। আমি কিছুমান কথা আৰোপ কৰাৰ ফলত সেই মৌলিক স্থিতিত আঘাত লাগে। যাৰ ওপৰত আৰোপ কৰো,তেওঁৰ পৰা আমালৈ দূৰত্ব বাঢ়ি যায়।
শিশু এটিৰ ক্ষেত্ৰত এই কথাটো অধিক সংবেদনশীল। সৰু উদাহৰণ এটা দিওঁ- সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰি থাকোতে খেলনা বস্তু ভাগে কেতিয়াবা। এইটো স্বাভাৱিক কথা। কিন্তু কিছু সংখ্যক অভিভাৱকে এই কথাটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰিব নলগীয়া আচৰণ কৰে। ' তুমি ইমান বস্তু ভাঙা। নতুন বস্তু এটাও ভাঙি পেলোৱা। আমাৰ দিনত আমাক মা দেউতাই দিয়া বস্তুবোৰ কিমান ভালদৰে ৰাখো। কাহানিও এনেকৈ নাভাঙিছিলো। ' এনেকৈ কথাটো কোৱাৰ লগে লগে যিটো শিশুক উদ্দেশ্য কৰি এনেকৈ কোৱা হ'ল, সেই শিশুৰ মনত আঘাত লাগিলে। তেওঁৰ সৈতে তেওঁৰ অভিভাৱকে নিজৰ শৈশৱৰ তুলনা কৰা কথাটোৱে নিজৰ প্ৰতি তেওঁৰ বেয়া লগা ভাবৰ সৃষ্টি কৰিব পাৰে। মই এনেকুৱা শিশু লগ পাইছো, যি মোক কৈছিল- ' মই বেয়া জানা। মই যে বস্তু ভাঙো। খেলিব নাজানো। পাপ্পাই কৈছে নহয়, ভাল ল'ৰা ছোৱালীয়ে বস্তু নাভাঙে। ' পাচ বছৰীয়া এটা কণমানি, অথচ বুকুখনত নিজৰ প্ৰতি কি এক নঞৰ্থক ভাৱ লৈছে। একেটা অভিযোগ যেতিয়া শিশুৰ প্ৰতি অভিভাৱকে বাৰে বাৰে আনে তেতিয়া শিশুৰ নিজৰ প্ৰতি ধাৰণা তুচ্ছ হয়। নিজকে বেয়া পাবলৈ আৰম্ভ কৰে। অথচ অভিভাৱকে গমেই নাপায় কথাটো।
পৃথিৱীত কোনো পিতৃ মাতৃয়েই সন্তানক ইচ্ছাকৃতভাৱে, পৰিকল্পনা কৰি গালি গালাজ, খং বা মাৰ পিট নকৰে। সকলো পিতৃ মাতৃয়েই সন্তানক প্ৰাণভৰি ভাল পায়, আৰু সন্তানৰ হকে আটাইতকৈ ভাল চিন্তাবোৰ কৰিবলৈ যত্ন কৰে। কিন্তু যথেষ্ট সংখ্যক পিতৃ মাতৃয়ে কিছুমান পৰিস্থিতিত নিজৰ খঙ, বিৰক্তি, উদ্বিগ্নতা, হতাশা নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰে, আৰু ইয়াৰ প্ৰভাৱ পোনপটিয়াকৈ সন্তানৰ ওপৰত পৰে।
আপুনি অভিভাৱক হিচাপে সন্তানৰ প্ৰতি কি শব্দ ব্যৱহাৰ কৰিছে, সেই কথাটোৰ ওপৰত সন্তানৰ মানসিক স্বাস্থ্যৰ সুস্থতা বহু পৰিমাণে নিৰ্ভৰশীল। বহুত পৰিয়ালত একেবাৰে কণমানি শিশু এটিকো অকণমান কথাতে ' মূৰ্খ, গৰু, গাধ, পগলা নেকি ' বুলি অভিভাৱকে কোৱা শুনো। এয়া অতি বিপদজনক কথা। শিশু মনটো এইবোৰ শব্দই খান্দি পেলায়, কেতিয়াবা গঢ়িব নোৱৰাকৈ ভাঙি পেলায়।
শব্দৰ বহুত শক্তি আছে। শুভ আৰু অশুভ দুয়োটাই সমানেই শক্তিশালী। শিশু এটিৰ ক্ষেত্ৰত কি শব্দৰ প্ৰয়োগ কৰিব, তাৰ প্ৰতি প্ৰতিগৰাকী অভিভাৱক সচেতন আৰু শ্ৰদ্ধাশীল হোৱা উচিত। ভাল অভিভাৱকে কেতিয়াও সন্তানৰ প্ৰতি অভব্য, নিষ্ঠুৰ আৰু অপমানজনক শব্দ ব্যৱহাৰ নকৰে। শিশুক যিমান পাৰি কোমলতাৰে, সৰল শব্দৰে আৰু সন্মান সহকাৰে কথাবোৰ বুজাব লাগে।তেনে কৰিলে শিশুৱে আনন্দৰে আৰু কৃতজ্ঞতাৰে কথাবোৰ বুজিব পাৰে।
আগৰ উদাহৰণটোলৈ আহিছো। খেলি থকা গাড়ী এখন ভাঙিলে, আগতেও হয়তো তেনেকৈ দুই এখন ভাঙিছে- আপুনি হুলস্থুল কৰাতকৈ শিশুটিৰ সৈতে বন্ধু ভাৱেৰেও কথাটো বুজাব পাৰে। ' আচলতে এইবোৰ বস্তু ভাগেই। কিন্তু বেছিকৈ ভাগি গৈ থাকিলে, তোমাৰ চোন খেলিবলৈ খেলনা নাথাকিবই। আৰু বাৰে বাৰে কিনি থাকিবলৈ মোৰো পইচা শেষ হৈ যাব। তেতিয়া তুমি কেনেকৈ খেলিবা ? '
এনেকৈ যেতিয়া আপুনি ক'ব তেতিয়া শিশু এটিয়ে কেতিয়াও নিজৰ প্ৰতি তুচ্ছ ধাৰণা নলয় আৰু আনহাতে ভৱিষ্যতলৈ সাৱধান হ'বলৈও শিকিব।
মুঠতে আজিৰ কথাখিনিৰ মূল কথাটো হৈছে, সন্তানৰ প্ৰতি কেতিয়াও অমাৰ্জিত, নিষ্ঠুৰ, উপলুঙাসুচক শব্দ বা বাক্য ব্যৱহাৰ নকৰিব। এয়া আপোনাৰ সন্তানৰ কাৰণে বৰ ক্ষতিকাৰক। যদিহে আপুনি ভাল অভিভাৱক হ'বলৈ বিচাৰিছে, তেন্তে প্ৰয়োগ কৰিবলগীয়া শব্দ বা বাক্যৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰক্ষা কৰাৰ অভ্যাস কৰক। এনে অভ্যাসে আপোনাক কেৱল ভাল অভিভাৱকেই নহয়, আপোনাৰ মনৰ শান্তি আৰু স্থিৰতা সদায় বৰ্তাই ৰাখিব। আৰু সন্তানৰ সৈতে আপোনাৰ এক সুদৃঢ় সন্মানজনক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠাত ১০০ % সহায় কৰিব।