সম্বন্ধবোৰ গছৰ দৰে হওক।

হেজাৰ ধুমুহায়ো হাওলাব নোৱৰা উৰ্ধমুখী গছ এজোপাৰ ছাঁ সকলোৰে বাবে।
মানুহৰ জীৱনৰ প্ৰসংগত গছৰ অনুসংগটো মই বৰ সঘনাই ব্যৱহাৰ কৰো। তাৰ কাৰণ অৱশ্যে নথকা নহয়। নি:চৰ্তভাৱে ভাল পাবলৈ গছতকৈ ভালকৈ কোনেও শিকাব নোৱাৰে।আমাৰ নিজলৈকে যদি চাওঁ, এটা কথা চাবচোন, আমি আকাংক্ষা নকৰাকৈ থাকিব নোৱাৰো। যাক প্ৰিয় বুলি ভাবো, যাৰ সৈতে আমাৰ অধিক আত্মিয়তা সেই সকলৰ পৰা বিভিন্ন বিষয়ত বিভিন্ন সময়ত আমি বহুত কিবাকিবি আশা কৰো। তেওঁ এনেকৈ কোৱা হ'লে, তেওঁ এইবোৰ কথা মোক জানিবলৈ দিয়া হ'লে, তেওঁ মোক এইখিনি দিয়া হ'লে - মুঠতে অনেক আকাংক্ষা। আৰু যেতিয়াই ভবাৰ দৰে,আশা কৰাৰ দৰে কথাবোৰ নহয়,আমি অস্থিৰ হও ,হতাশ হও। আমাৰ জীৱনত সৰহভাগ অসন্তুষ্টি আমাক এই আকাংক্ষাবোৰে দিয়ে। বিবাহিত জীৱনৰ অস্থিৰতা আৰু সম্পৰ্কৰ ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰাৰ অন্যতম কাৰণ ইজনে সিজনৰ প্ৰতি ৰখা অত্যধিক Expectations. এইটো কেৱল বিবাহিত দম্পত্তীৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰতে নহয়। মাক দেউতাকৰ সন্তানৰ প্ৰতি থকা অত্যধিক আকাংক্ষা, সন্তানৰ মাক দেউতাকৰ প্ৰতি থকা আকাংক্ষা এই সকলোবোৰ কথাই আচলতে মানুহৰ সুস্থ সম্বন্ধৰ বাবে ক্ষতিকাৰক। আমি যিমান পাৰি যিকোনো এটা সম্বন্ধত ইজনে সিজনক কিছু নিজা ঠাই দিয়াৰ লগতে কিছু মুকলি, আহল বহল পৰিবেশ এটা দিয়া উচিত।
এই প্ৰসংগটোতে আচলতে গছৰ কথাটো আহে। গছে আমাৰ পৰা একো প্ৰত্যাশা নাৰাখে। কেৱল নিজৰ শৈলীৰে গছে জীৱন জীয়াই, গছে কোনো বিনিময় নিবিচৰাকৈ আমাক ফল ফুল দিয়ে। উশাহৰ বাবে অক্সিজেন দিয়ে। গছে সংগ দিয়ে। গছে কেতিয়াও আমাক বিশ্বাস ঘাটকতা নকৰে।
সম্বন্ধ এটা যেতিয়া আমি গঢ়ো, আগবঢ়াই নিও তেতিয়া আমি গছৰ দৰে হোৱা উচিত। সম্বন্ধৰে বান্ধি ৰখাতকৈ সম্বন্ধৰে মুকলি অনুভৱ কৰিব পৰাতো বেছি মোহনীয় আৰু বেছি সন্মানৰ কথা।
আমি যিমান পাৰো নি:চৰ্ত হ'ব পাৰিলে সম্বন্ধ এটা কেতিয়াও কোনো কালে বোজা হৈ নপৰে। কিন্তু নি:চৰ্ত হ'ব নোৱৰাৰ বাবেই , আকাংক্ষা নোহোৱাকৈ থাকিব নোৱৰাৰ বাবেই বহু সময়ত সম্বন্ধ একোটা বলে নোৱৰা বোজাৰ দৰে হৈ পৰে। একেবাৰে শূণ্য নহ'লেও আমি যদি আকাংক্ষাবোৰ কিছু কমাই ৰাখিবলৈ সচেতনভাৱে চেষ্টা কৰো, তেতিয়াহ'লে বহুত সকাহ পোৱা যায়।