top of page

বন্ধুৰ দৰে সকলো বন্ধু নহয়।

বন্ধু কোন আচলতে ? এঠাইত এবাৰ পঢ়িছিলোঁ - 'যাৰ ত্যাগ আৰু বিচ্ছেদ সহিব নোৱাৰি, তেওঁৱেই বন্ধু'।

বন্ধুত্বৰ বিষয়ত আন বহুত কথা কোৱা হয়, তাৰ ভিতৰত এই কথাষাৰ মোৰ খুব প্ৰিয়। সেই বন্ধু যি আমাক কেতিয়াও 'Judge' নকৰে, মই বা আপুনি বা তুমি/তই যেনেকুৱা তেনেদৰেই গ্ৰহণ কৰে। যি আমাৰ দুখৰ দিনৰ চকুলো টোকাৰ আটাইতকৈ নিৰ্ভৰযোগ্য সংগী, সুখৰ দিনৰ হাঁহিবোৰ ভগাই লোৱাৰ প্ৰিয়তম সংগী। যাৰ সৈতে সম্পূৰ্ণ অকৃত্ৰিম হ'বলৈ আমাক কোনো প্ৰস্তুতি নালাগে, তেৱেঁইতো বন্ধু। সকলো সম্বন্ধতকৈ নি:চৰ্ত বন্ধুত্বৰ সম্পৰ্ক।সেয়েহে হয়তো সকলো সম্বন্ধৰ মাজত সকলোৱেই বিচাৰে বন্ধু এজন বা এগৰাকী। কাৰোবাক ক'ম ক'ম বুলি ভাবি থকা কথাবোৰ প্ৰথম বন্ধুৰ আগতে কোৱা হয়, বুকুৰ মাজত লৈ থকা যন্ত্ৰণাৰ বোজাটো বন্ধুৰ ওচৰতে উবুৰিয়াই দেখুৱাই দিয়া হয়।

শৈশৱৰ বন্ধুত্ব আটাইতকৈ সুকীয়া। দুটি শিশুৰ মাজত যেতিয়া বন্ধুত্ব হয়, সেইয়া ভাষাৰে বুজাব নোৱৰাকৈ সুন্দৰ হয়। আমাৰ সময়বোৰত টিফিনৰ ভাগ, আটাইতকৈ ধুনীয়া ৰবৰ ডাল, পেঞ্চিল ডাল, সৰু সৰু ধুনীয়া শিলবোৰ কেৱল প্ৰিয়বন্ধুৰ সৈতেই ভগাই লও।

আচলতে সকলো সময়ৰে বন্ধুত্ব সেই শৈশৱৰ বন্ধুত্বৰ দৰে নিস্পাপ আৰু সৰল হোৱা উচিত।

কিন্তু তেনেকুৱা নহয়।

এতিয়া ভাৰ্শূৱেল বন্ধুত্বৰ দিন। ছছিয়েল মিডিয়াত হাজাৰ হাজাৰ বন্ধু। আমাৰ সুখত আমাতকৈও সুখী যেন লগা বন্ধু, আমাৰ দুখত আমাতকৈও ভাগি পৰা যেন লগা বন্ধুৰে আমাৰ ভাৰ্শূৱেল পৃথিৱী উপচি থাকে। কেৱল ভাৰ্শূৱেল পৃথিৱীয়েই নে, আমাৰ জীৱনত বিভিন্ন সময়ত বন্ধুৰ দৰে অনেক মানুহ থাকে। আমি ধুনীয়াকৈ থাকিলে ভাল পায়। আমি দুখত থাকিলে কাৰণ সুধি ব্যতিব্যস্ত কৰে। কেতিয়াবা এনেকুৱা লাগে কিমান যে বন্ধুত্ব আছে আমাৰ জীৱনত।

কিন্তু কথাবোৰ সচাই এনেকুৱা নে ? যদি সচাই এনেকুৱা হয়, তেন্তে আধুনিক জীৱনত মানুহ ইমান নিসংগ কিয় ? ইমান হতাশগ্ৰস্ততা কিয় ? ইমান অবিশ্বাস কিয় ? ইমান প্ৰতাৰণা কিয় ? এই যে প্ৰায় প্ৰতিদিনে এই পৃথিৱীত আত্মহনন কৰে অনেকেই, যদি এজন হ'লেও সচা বন্ধু তেওঁলোকৰ জীৱনত থাকিলেহেতেন তেন্তে এনেকৈ কেতিয়াও হেৰাই নগ'লহেতেন তেওঁলোক।

কথাবোৰ এতিয়া সৰল সহজ নহয়।

আনকি শিশুৰ পৃথিৱীও এতিয়া বন্ধুহীনতাৰ বেজাৰেৰে ভাৰাক্ৰান্ত। শিশুৰ পৃথিৱী জুৰি প্ৰতিশোধ, প্ৰতিযোগিতা অথবা জেদৰ অশান্তি।

'তুমি মোৰ বন্ধু হ'বানে ' বুলি কাৰোৰে লগত বন্ধুত্ব নহয়, বন্ধু আপোনা আপুনি হৈ উঠে। অথচ এতিয়া বহু সময়ত আমি যদি কাৰোবাক বন্ধুৰ দৰে ভাবি মনৰ কথাবোৰ খুলি কও, তেওঁ সেই বিশ্বাস বুজি পোৱাকৈ পৰিপক্ক নহ'বও পাৰে। দ্বিতীয়তে এনেকুৱা হয়, কোনোবা এজনে যেতিয়া কোনো এজনক মনৰ কথাবোৰ সম্পূৰ্ণ খুলি কয় , তেতিয়া আনজন সচেতন হৈ পৰে যাতে নিজৰ গোপন কথাবোৰ কোনো কাৰণতে মুকলি হৈ নাহে।নিজৰ পৃথিৱীৰ গোপনতা ৰাখিবলৈ সততে সচেষ্ট হৈ থকা জনে সৰহ সময়ত আনৰ পৃথিৱীৰ গোপনতা জানিবলৈ আগ্ৰহী ঠিকেই হয়, কিন্তু প্ৰায় সময়ত সেই গোপনতাৰ ভৰ ব'ব পৰাকৈ পৰিপক্ক মুঠেও নহয়। প্ৰকৃত বন্ধুত্বত কেতিয়াও এপক্ষ অকৃত্ৰিম নহয়, এপক্ষৰ পৃথিৱীৰ সকলো কথা মুকলি নহয়, এয়া এক পাৰস্পৰিক সম্বন্ধ। এয়া এক উভয় পক্ষৰ সহমৰ্মিতা আৰু আন্তৰিকতাৰ সম্বন্ধ।

কিন্তু আধুনিক জীৱনত এয়া বৰ মহঙা। সামাজিক মাধ্যমত ঈৰ্ষণীয় জনপ্ৰিয়তাৰ গৰাকীজনো বৰ কৰুণভাৱে নিসংগ,তথাকথিত বন্ধুৰ দ্বাৰা প্ৰতাৰিত।

যদিহে ইমানৰ পিছতো আপোনাৰ জীৱনত এনে এজন বন্ধু আছে, যাৰ প্ৰতি আপুনি যিকোনো সময়ত অকৃত্ৰিম হ'ব পাৰে, যাৰ সৈতে আপুনি অকণো খোকোজা নলগাকৈ ক'ব পাৰে 'মই ভালে নাই' বা ' মোৰ আজি মনটো বৰ ভাল লাগি আছে, তোমাক কাৰণটো ক'বলৈ মন গৈ আছে' তেন্তে আপুনি সচাই চহকী। সচাই ধনী মানুহ।



241 views0 comments

Recent Posts

See All
bottom of page