বৰ আইতাৰ কথাৰে

শীতকালৰ দিনবোৰ অহাৰ সময়ত প্ৰায়েই বৰ আইতালৈ মনত পৰে।‌ ফিকা চাহৰ ৰঙৰ গৰম কাপোৰ এখন গাত লৈ জুই পুৱাই থকা বৰআইতাৰ সেই ছৱিখন মনৰ মাজত আজিও দ-কৈ আছে।‌ বৰ আইতাৰ পুৱাবোৰ আমাতকৈ বহু আগেয়ে আৰম্ভ হৈছিল।‌ শীতকালিৰ উমাল ৰ'দ চেৰেঙা পিঠিতে লৈ বৰ আইতাই জুই পুৱাই।‌ ভাগে ভাগে সকলোলৈকে গা ধুৱলৈ পানী তপতাই বহু পুৰণি বতুৱা এটাত।‌ সময়ৰ ক্ষেত্ৰত আইতা বৰ একা চেকা।‌ মাই গা ধুই আহি চাকি বন্তি জ্বলাই চাহৰ খোলা পতালে আইতায়ো গা ধুই তৰি তৰকাৰী লৈ জুহালৰ কাষতে বহে।‌ ৪ কিল'মিটাৰ বাট খোজকাঢ়ি স্কুললৈ অহা যোৱা কৰা মাক আইতাই চৰায়ে পোৱালি আৱৰি ৰখাদি ৰাখিছিল।‌ পুৱা জুহালৰ কাষতে বহি পানী তপতোৱাৰ পৰা শাক পাচলি কুটি বাচি মাক সদায় সহায় কৰি দিছিল।‌ আমি কিবা কথাত থেন থেন মেন মেন কৰিলেও আইতাই দবিয়াইছিল।‌ বৰআইতা নিঃসন্তান আছিল।‌ দেউতাহতঁৰ জাকৰুৱা ঘৰখন এদিন দুভাগ হওঁতে বৰককা আৰু বৰআইতা নিজ ইচ্ছাৰে আমাৰ ঘৰত ৰৈ গৈছিল।‌ বৰককা আছিল তেনেই মৰমৰ থুনপাক যেন মানুহ।‌ বিয়াৰ বহু বছৰলৈকে সতি - সন্ততি নোহোৱাত সকলোৱে তেখেতক পুনৰ বিবাহৰ কাৰণে জোৰ দি ধৰাত হেনো স্পষ্টকৈ কৈছিল- 'মোৰ ওপৰতে ভৰষা কৰি এইখন ঘৰত এনেকৈ দিনে ৰাতিয়ে খাটি থকা এই মানুহজনীৰ বুকুত জুই দি মই আকৌ মাহ হালধি সানিব নোৱাৰো।‌ আৰু আকৌ এবাৰ বিয়া পাতিলেই যে ল'ছালীয়ে ঘৰ নধৰা হ'ব তাৰনো কি নিশ্চিতি আছে? দোষটো কিজানি মোৰ শৰীৰতে আছে' বৰআইতা আছিল বৰ গহীন গম্ভীৰ দৃঢ় ব্যক্তিত্বৰ মানুহ।মই দেখা দিন ধৰি‌ বগলীৰ পাখী যেন বগা কাপোৰেই সদায় পিন্ধিছিল আইতাই।‌ তেতিয়াৰ দিনতে চতৰ্থ মানলৈকে পঢ়ি বিয়াত বহা আইতাৰ ৰামায়ণ মহাভাৰত শিৱ পুৰাণৰ কাহিনী কোৱাৰ যি শৈলী সেয়া আজিও কানত বাজি থাকে।‌ আমাৰ গাঁৱৰ আই সবাহ, অপেশ্বৰী সবাহ বৰ আইতা নহ'লেই নহৈছিল।‌ আইতাৰ সবাহ থকা বুলি গম পালে মই দূপৰীয়াতে ধুনীয়াকৈ পিন্ধি উৰি সাজু হৈ থাকিছিলো আৰু গাঁৱৰ ধুলিয়ৰি বাটৰ কাষৰ ঘনকৈ গজা বনগুটি, বিয়নি সাৱতা বন গছকি আইতাৰ গালী খাই খাই গৈ আইতাৰ গাতে গা লগাই সবাহত বহি থাকিছিলো।‌ আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই যোৱা আই নাম, ধাঁই নামৰ সেই অময়া সুৰবোৰ আইতাই মোৰ মনৰ মাজত কাহানিও হেৰাই নোযোৱাকৈ সিচঁৰতি কৰি থৈ গৈছে।‌ সৰুতে আইতাই আছিল মোৰ জীৱনৰ একমাত্ৰ ভয় কৰিব লগীয়া মানুহ।‌ যিজনী মানুহে মোক 'ছোৱালী মানুহ, এইটো পায়; এইটো নাপাই' বুলি অদৃশ্য শিকলি এডালেৰে হাতে ভৰিয়ে বান্ধিবলৈ খেদি ফুৰিছিল।‌ গছত উঠিলে হাহাকাৰ, তুলসী গছৰ পাত ছিঙিলে হাহাকাৰ, বিজয় ছাছাৰ গিলাচত পানী খালে হাহাকাৰ- মুঠতে আমাৰ ঘৰৰ আটাইকেইটা ল'ৰা ছোৱালীৰ তুলনাত ময়ে আটাইতকৈ বেছি হাৰাশাস্তি কৰিছিলোঁ আইতাক।‌ সেইবোৰ বয়সত আইতাৰ ওপৰত মোৰ সদায় অভিযোগ আছিল- আইতাই মোক একেবাৰে দেখিব নোৱাৰে; ল'ৰা বুলি ভাইটিক মোতকৈ বহুত বেছি মৰম কৰে।‌ অভিমানৰ পাহাৰ এখন বুকুত লৈ ফুৰিছিলোঁ আইতাৰ নামত।‌ ভাল পাব নোৱৰাৰ অনুভৱ এটা লৈ ফুৰিছিলোঁ আইতাৰ বাবে।‌ এদিন আইতা ঢুকাই থাকিল।‌ এটা অধ্‌যায় শেষ হৈ থাকিল।‌ আইতাৰ মৃত্যু আছিল মোৰ জীৱনৰ প্ৰথম মৃত্যুৰ সৈতে পৰিচয়।‌ মৃতজন যে কাহানিও আৰু উভতি নাহে সেই শুণ্যতাক বুজি পালো।‌

বৰআইতা আজি নাই।‌

বৰআইতাৰ ফটো এখনো মোৰ লগত নাই।‌

অথচ কানত ঠুৰীয়া পিন্ধা, আবুৰকৈ বগা কাপোৰ পিন্ধা বৰআইতাৰ ছবিখন ইমান নিকপকপীয়াকৈ মনৰ মাজত লৈ ফুৰিছোঁ যে কোনো নিজৰ বুলি নাথাকিলেও বৰ আইতাই শিকাই থৈ যোৱা নৈতিকতা, দৃঢ়তা আৰু জীৱনে যি দিয়ে তাকে সহজভাৱে গ্ৰহণ কৰাৰ মানসীকতাই মোৰ জীৱনৰ শক্তি।‌ আজি আইতা ক ক'বৰ মন যায়- 'আইতা, আপোনাক সৰুতে বৰ ভুল বুজিছিলোঁ।‌ এতিয়া আপোনালৈ প্ৰায়েই মনত পৰে।'

1 view0 comments

Recent Posts

See All

'মই ভাল পাই ঘৰলৈ আহিলো'

৯ মে'ত ছাৰলৈ ফোন কৰিছিলো- 'কেনে আছে' বুলি সোধাৰ লগে লগে কিছু যেন উৎফুল্লিত মাতেৰে ছাৰে কৈছিল - 'মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'। দূৰ্বল আছিল মাতটো, কিন্তু একধৰণৰ সকাহ অথবা শান্তি আছিল। সকাহ আমিও পাইছিলো

মহিম বৰা- ৰঙা জিয়াঁৰ কবিজন

অপূৰণীয় মানে ৰাইজৰ ক্ষতি নহয়, মোৰ ক্ষতি। ফুলস্কেপ কাগজৰ চাৰিশ পঞ্চাশ নে পাচশ পৃষ্ঠাৰ সেই উপন্যাসখন মই ছবাৰ ৰিভাইছ্ কৰিছিলো। মোৰ ধৈৰ্যটো এতিয়