আপুনি সংবেদনশীল মনৰ মানুহ নেকি ?


বহুত মানুহেই এই কথাটো কয় নিজৰ সম্পৰ্কত যে তেওঁ বা তেখেত বৰ সংবেদনশীল মনৰ মানুহ। এই কথাটো আচলতে কোৱাৰ দৰে বাস্তৱ জীৱনত হৈ উঠা ইমান সহজ নহয়। আমাৰ জীৱনবোৰ দিনক দিনে জটিল আৰু আত্মকেন্দ্ৰীক হৈ আহিছে। ঘৰ, সংসাৰ, কেৰিয়াৰ, সন্তানৰ মাজতে যেন ঘূৰি থাকে আমাৰ জীৱন। ইয়াৰ মাজত দিনক দিনে কমি আহিছে আমাৰ সংবেদনশীলতা। আমি আমাৰ একঘেয়ামী জীৱন শৈলীতে অভ্যস্ত হৈ পৰো। সৰু উদাহৰণ এটা দিওঁ, এবাৰ আমি মাজুলীত বান সাহায্য দি গুৱাহাটীলৈ বুলি উভতি আহি থাকোতে আমাৰ আগে আগে আহি থকা মিনি ট্ৰাক এখনে কেকুৰী এটাত বাইক আৰোহী যুৱক এজনক খুন্দিয়াই গাৰ ওপৰেৰে গাড়ীখন লৈ গ'ল। সেই দৃশ্য বুজাবলৈ আমাৰ ভাষাৰ অভাৱ। আমি অবাক হৈছিলোঁ, যেতিয়া গাড়ীখন ড্ৰাইভাৰে ছেকেণ্ডৰ কাৰণেও নৰখাই প্ৰচণ্ড জোৰেৰে লৈ গৈছিল। সেই বাইক আৰোহী জনৰ থিতাতে মৃত্যু হৈছিল।

এনেকুৱা প্ৰায়ে হৈ থাকে। গাড়ী গুৰাৰে ভৰি থকা ৰাস্তাত তেজেৰে লুটুৰি পুতুৰি হৈ পৰি থাকে অমাত জীৱবোৰ। কেতিয়াবা তেনেবোৰৰ মাজত মানুহৰ শৰীৰো পৰি থাকে। আৰু যি এই ঘটনাবোৰ ঘটাই তেওঁলোকৰ গৰিষ্ঠ সংখ্যকেই ঘটনা স্থলীৰ পৰা পলোৱাৰ চিন্তাটোৱেই প্ৰথম কৰে।

মানুহে মানুহক সৰু কথা এটাতে হত্যা কৰে। সৌ সিদিনা স্বামী আৰু পুত্ৰই অতি নৃশংস ভাৱে হত্যা কৰিলে এগৰাকী শিক্ষয়িত্ৰীক। দিন দূপৰতে মহানগৰীত মৰিয়াই মৰিয়াই মাৰি পেলাব পাৰে মানুহ। কণমান শিশুৰ পৰা বৃদ্ধলৈকে কোনো মুক্ত নহয় এই নৃশংসতাৰ পৰা।

হত্যা, ধৰ্ষণ, অপহৰণ, লুণ্ঠন, চোৰ, ডকাইতি - মুঠতে এইবোৰৰ মাজত আমাৰ জীৱনবোৰৰ যেন উশাহ বন্ধ হ'ব যেন অৱস্থা।

নিজে একো অনিষ্ট নোহোৱাকৈ বাচি আছো - এই মুহূৰ্তত এয়াই যেন সকাহ।

তাৰ মাজতো, অনাকাংক্ষিত সংঘাত, ৰোগৰ সৈতে যুদ্ধ, অসময়তে অহা মৃত্যু এইবোৰে তছনচ কৰা কথাবোৰ আছেই।

তাৰ পিছতো আমি আত্মকেন্দ্ৰীক পৃথিৱীখনৰে যেন সম্ৰাট, সম্ৰাজ্ঞী হৈ থাকিবলৈ ভাল পাওঁ। কাৰোবাৰ ঘৰত নহব লগীয়া ঘটনা এটা ঘটিছে, আমি অকণমান সময় ইস্ আস্ কৰাৰ পিছতে আকৌ নিজৰ পৃথিৱীৰ মাজতে মচগুল হৈ পৰো। আমাৰ লগত হোৱা নাই, আমাৰ ঘৰত হোৱা নাই - গতিকে বেছিকৈ মূৰ ঘমাই কি লাভ।

তাৰ মাজতে আকৌ, কাৰোবাক অকণমান বেয়া পালেই, কাৰোবাৰ প্ৰতি ঈৰ্ষা হ'লেই নিষ্ঠুৰতকৈও নিষ্ঠুৰ শব্দটো বিচাৰি, তেওঁৰ আটাইতকৈ সংবেদনশীল অংশ বিচাৰি তেওঁক আঘাত কৰিবলৈ আমি উদ্বাউল হৈ পৰো। তেওঁ আঘাত পোৱা যেন দেখিলেই যুদ্ধ জয় কৰাৰ স্ফুৰ্টি।

ইমানৰ পিছতো আমি দুখ লগা কাহিনীৰ চিনেমা চাই, চিৰিয়েল চাই চকুপানী টোকো আৰু কও - ' আমি বৰ সংবেদনশীল '।

আচলতে সচা অৰ্থত সংবেদনশীল হোৱা ইমান সহজ নহয়। সংবেদনশীল হোৱাৰ অৰ্থ চকুপানী টুকি অধিৰ হোৱাও নহয়।

সংবেদনশীল মানুহে পৃথিৱীৰ সকলোকে আপোন বুলি ভাবিব পাৰে, সি লাগিলে গছ এজোপাই হওক, চৰাই এটাই হওক, মানুহেই হওক মুঠতে এটা সহমৰ্মিতা অনুভৱ কৰে। নিজৰ বুলি ভাবিব পাৰে। নিজৰ ঘৰ, নিজৰ পৰিয়ালৰ মাজতে কেতিয়াও সীমাবদ্ধ নাথাকে তেনে মানুহৰ জীৱন। তেনে মানুহৰ বাবে একেখনেই পৃথিৱী, একেটাই জোন, একেটাই বেলি, একেখনেই আকাশ - এই সকলোবোৰৰ মাজত তেওঁলোকৰ বহল আৰু মুকলি জীৱন। সংবেদনশীল মানুহৰ মন সুখী হয়। সংবেদনশীল মানুহে জীৱনৰ বিশালতাক বুজিব পাৰে। সংবেদনশীলতাই মানুহক শ্ৰদ্ধা আৰু ভালপোৱাৰ বোধ আটাইতকৈ গভীৰতাৰে দিয়ে।

সংবেদনশীলতাই আমাক নি:চৰ্ত ভাৱে আপোন হ'বলৈ শিকায়।

সংবেদনশীল হোৱাতো মুঠেও সহজ নহয়, কিন্তু অসম্ভৱ নহয়।

89 views0 comments

Recent Posts

See All

শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৮

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৭

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

শূন্যতাৰ সিপাৰে তথাগত খণ্ড -২৬

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '