অসমৰ বান সমস্যা আৰু মোৰ অভিজ্ঞতা।
মই য'ত জন্ম হৈছিলোঁ, সেইবোৰ ঠাইত কাহানিও বানপানী হোৱা নাছিল। বানপানীৰ বিষয়ত বৰ বিশেষ আলোচনাও হোৱা নাছিল। কিন্তু হাইস্কুললৈ যোৱাৰ পিছত এবাৰ আমাৰ স্কুলত বান বিধ্বস্ত লোকৰ বাবে শিবিৰ পাতিছিল। সেইবোৰ সময়ত ফোন যোগে অভিভাৱকক খবৰ দিয়াৰ ব্যৱস্থা নাছিল। গতিকে সদাইৰ দৰে সেইদিনাও স্কুললৈ গৈ দেখিছিলো আমাৰ শ্ৰেণীকোঠাবোৰত মানুহেই মানুহ। প্ৰথম কথাটো বুজি পোৱা নাছিলোঁ। কোনোবা এজন ছাৰে আমাক কৈছিল-আজিৰ পৰা স্কুল বন্ধ। বানপানীত মানুহবোৰৰ ঘৰ বাৰী ডুবিছে। যেতিয়ালৈকে পানী নুশুকাই তেওঁলোক ইয়াতে থাকিব লাগিব।' আমি বানে খেদা মানুহবোৰ আশ্বৰ্যৰে চাইছিলো। ঘৰ হেৰুওৱা মানুহৰ দুখ বুজাৰ সুৰুঙা পোৱা নাছিলোঁ বা অনুভৱ কৰিব পৰাকৈ পৰিপক্ক নাছিলোঁ কাৰণেই হয়তো আমাৰ কাৰণে তেওঁলোক এক অবুজ বিষয় হৈছিল। তাত দেখিছিলো, পোচাকী কাপোৰ পিন্ধি লিপষ্টিক লৈ থকা গাভৰু ছোৱালী কিছুমানক। সেইদিনা ঘৰলৈ আহি দেউতাক সুধিছিলো- 'দেউতা, বান পানীত সকলো উটি যোৱা মানুহে লিপষ্টিক লগাই, ধুনীয়া কাপোৰ পিন্ধি কেনেকৈ থাকে ? আমাৰ দেখোন ঘৰ উটি গ'লে আমি কান্দিয়েই থাকিম। লিপষ্টিক, কাজলবোৰনো কেনেকৈ বচালে ? ' দেউতাই কি উত্তৰ দিছিল মনত নাই। কিন্তু হঠাতে এনেকৈ স্কুল বন্ধ হৈ যোৱা কাৰণে মোৰ বৰ স্ফুৰ্টি লাগিছিল। স্কুললৈ যাবলৈ ভাল নোপোৱা মোৰ নিচিনা মানুহে এই কথাটো ভাল পোৱাটোৱেই স্বাভাৱিক। সেই ঘটনাৰ পিছত ভাইটি আৰু মই বৰ আশা কৰিছিলোঁ আমি দেখাকৈ আমাৰ ওচৰে পাজৰে বানপানী হওক। আমি পানীৰ মাজত খেলি ধুলি থাকিবলৈ সুযোগ পাওঁ যাতে। পিছে গুৱাহাটীলৈ পঢ়িবলৈ অহালৈকে নিজৰ চকুৰে বানপানী দেখাৰ সুযোগ কাহানিও নাপালো।
তাৰ পিছত উচ্চতৰ মাধ্যমিকৰ পিছত গুৱাহাটীলৈ আহিলো পঢ়িবলৈ। উজান বজাৰতে আছিলো।দুখোজ গ'লেই শীতৰ শুকান উবান ব্ৰহ্মপুত্ৰ আৰু বৰষাৰ ফেনে ফুটুকাৰে বাঢ়ি অহা ভৰা ব্ৰহ্মপুত্ৰ। দুয়ো ৰূপতে ব্ৰহ্মপুত্ৰক দেখিছিলো। ঘণ্টাৰ পিছত ঘণ্টা সেই নদীৰ পাৰত বহি আছিলোঁ। কিন্তু বানপানী তেতিয়ালৈকে দেখা নাছিলোঁ। তাৰ কেইবাবছৰৰ পিছত বানপানীৰ প্ৰত্যক্ষ এটা অভিজ্ঞতা হ'ল। এটা ভয়লগা সপোনৰ দৰে সেই অভিজ্ঞতা। তেতিয়া মই স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰী। মই আৰু আন তিনি গৰাকী বান্ধৱীয়ে কমাৰ্চ কলেজৰ ওচৰৰ ভাৰাঘৰ এটালৈ নতুনকৈ আহিছো মাত্ৰ। সেইদিনা পুৱা লগৰ তিনিও গৰাকী ঘৰলৈ গৈছিলোঁ। ৰাতি দেৰিলৈকে পঢ়া শুনা কৰি মই চাগৈ শুইছিলো মাত্ৰ। হঠাত কিবা চেচা চেচা লগাত সাৰ পাই উঠিছিলোঁ। অন্ধকাৰতে গম পাইছিলোঁ হৰহৰাই সোমাইছে পানী।মোৰ বিচনা পানীয়ে চোও চোও অৱস্থা। উশাহ বন্ধ হৈ যাব যেন লাগিছিল। পানীৰ মাজেৰে দুৱাৰখন খুলি ওলাই দেখিছিলো কেৱল পানী।মোৰ ককাললৈকে পানী।কাৰোবাৰ ঘৰৰ পৰা ভজা মাছেৰে সৈতে উটি আহিছে কেৰাহী। পানী অহাৰ শব্দ, পানীৰ অকটা এটা গোন্ধৰ মাজত মই অসহায় হৈ দেখিছিলো দুদিন আগেয়ে ঘৰখনত আহি সোমাওতে অনা আমাৰ কিতাপ পত্ৰবোৰ পানীত উটি গৈছে।কিছুমান কাৰ্টুন খোলাই হোৱা নাছিল। কাপোৰ, কানি, কিতাপ, মাৰ্কশ্চিট চাৰ্টিফিকেটৰ টোপোলাবোৰ, মোৰ চিঠিৰ টোপোলা এটা সকলো পানীত বুৰিছিল। কান্দিবলৈও যেন শক্তি নোহোৱা হৈছিল।সেইয়া আছিল মহানগৰীৰ কৃত্ৰিম বানপানীৰ মুখামুখি হোৱাৰ অভিজ্ঞতা।
তাৰ পিছত অন্য কিছু অভিজ্ঞতা।
মনৰ মাজত কাহানিও মচ খাই নোযোৱা কিছুমান ছবি।
মাজুলীলৈ গৈছিলোঁ। বান বিধ্বস্ত মাজুলী। প্ৰিয়বন্ধু জন্মৰ পিছৰ বছৰৰ কথা । বানে ধুই নিয়া ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত মাজুলীবাসী ৰাইজক অকণমান সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাইছিল অসংখ্য জনে। আমি বয় বস্তু বোজাই মাজুলী পাইছিলোঁগৈ। সেইয়া আছিল বিধ্বস্ত মাজুলী। কেইবাঠাইলৈ গৈছিলোঁ মাজুলীৰ। এগৰাকী কম বয়সীয়া মাক আহিছিল কোলাত ডেৰ বছৰমান বয়সৰ ল'ৰা এটাক লৈ। ল'ৰাটো কান্দি কান্দি জলকা লাগি আছিল। সাহায্যৰ টোপোলা আগবঢ়াই লৈ সুধিছিলো কি হৈছে। মাকে কৈছিল- হঠাতে পানী বাঢ়ি ঘৰৰ আধা বুৰিছিল। গৃহস্থই হাত নাও খন উলিয়াই লৈ মানুহজনীকো দৌৰাদৌৰিকৈ ওলাবলৈ কৈছিল। কাগজ পত্ৰৰ টোপোলা এটা সামৰিবলৈ লৈ মানুহজনীয়ে খিৰিকীৰে সৰু ল'ৰাটোক নাওখনত থকা দেউতাকৰ কোলালৈ বুলি নমাই দিছিল। ল'ৰা গৈ পৰিল তলত। বাপেকে ধৰিবলৈ নাপালেই। বোধহয় ল'ৰাটোৱে বৰ বেয়াকৈ দুখ পাইছিল। সি বহিব নোৱৰা হৈছিল, শুবও নোৱৰা হৈছিল।আৰু সেই সময়ত সাগৰ যেন হোৱা মাজুলীত ল'ৰাটোক চিকিৎসাৰ বাবেও নিবলৈ কোনো উপায় নাছিল মাক দেউতাকৰ। মই টকা ৫০০ মানুহগৰাকীৰ হাতত গুজি দি কিবা এই কৰিম বুলি কৈছিলো। ল'ৰাটোৰ কষ্ট সহ্য হোৱা নাছিল। সাহায্য অভিযান সামৰি তেতিয়াৰ মাজুলীৰ মহকুমাধিপতিৰ ওচৰত সেই শিশুটিৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিলো। আৰু অতি ক্ষিপ্ৰতাৰে তেখেতে ব্যৱস্থা লৈছিল।
সেই মাজুলীতে একাঠু পানীত নামি নামি এগৰাকী বিশেষ ভাৱে সক্ষম কিশোৰীৰ হাতত সাহায্যৰ টোপোলা তুলি দি থৈ আহিছিলো।
এজন মানসিক ভাৱে অপ্ৰকৃতিষ্ঠ মানুহক লগ পাইছিলোঁ, যিজন মানুহ এটা চৰকাৰী শৌচালয়ত বাস কৰিছিল। অথচ দুবছৰ আগলৈকে তেখেতে কেন্দ্ৰীয় চৰকাৰৰ অধিনত এটা চাকৰি কৰি আছিল। মানুহজনৰ আখৰকেইটা বকুল ফুলৰ দৰে আছিল।বৰ ভদ্ৰভাৱে আমাৰ সৈতে কথা পাতিছিল। আমি অবাক হৈছিলোঁ। সামাজিক মাধ্যমত তেখেতৰ বিষয়ে লিখিছিলো ফটো সহকাৰে। পিছত মানুহ জনক এটা বৃদ্ধাবাসত আশ্ৰয় দিয়া হৈছিল।
বানত ক্ষতিগ্ৰস্ত চিৰাঙৰ দাদগাৰি, আইপোৱালী আদি ঠাইৰ মানুহক অকণমান সকাহ দিবৰ বাবে গৈছিলো সেইবাৰেই। প্ৰায় ১০০০ পৰিয়ালৰ জোখাৰে বস্তু নিছিলো। সকলোৱে আথে বেথে বস্তুবোৰ লৈছিল। নকৈ ওপজা কেচুৱাকণক লৈ মাকজনীও আহিছিল। লোদোৰ পোদোৰ কেচুৱাকণ। বুঢ়ী মানুহ এগৰাকীয়ছ কৈছিল- ' ই এই শিবিৰতে উপজিলে সেইদিনা। মাক কোনো ৰকম পানী ফালি শিবিৰ পাইছিলহিহে। আমি ইয়াৰ নাম দিছো 'বানে খেদা'। মই বানেখেদাক কোলাত লৈছিলো। আৰু নৱজাত শিশুৰ বাবে প্ৰয়োজনীয় যিমান খিনি বস্তু পাৰো দি আহিছিলো। তাৰ পিছত আকৌ এবাৰ পানীয়ে খেদাক লগ পালো শীতকালীন বস্ত্ৰ দিবলৈ গৈ।তেতিয়ালৈকে আৰু থুপুকা হৈছিল সি।
সেইবাৰ বান সাহায্য দিবলৈ গৈ আন এটা অভিজ্ঞতা হৈছিল। গাভৰু ছোৱালী এজনী শিবিৰৰ ভিতৰতে আমন জিমনকৈ বহি আছিল। বস্তুবোৰ হাত পাতি ল'বলৈও অহা নাছিল। মই ওচৰ চাপি গৈছিলোঁ। গম পালো-তেওঁৰ মাহেকীয়া হৈছে। অথচ ল'বলৈ কাপোৰ এখনো নাই। তাৰ এসপ্তাহৰ পিছতে প্ৰায় দহ কাৰ্টুন চেনিটেৰী নেপকিন আৰু Undergarments লৈ আকৌ চিৰাং পাইছিলোঁ। আৰম্ভ কৰিছিলোঁ Menstrual Hygiene Management ৰ নিজা প্ৰকল্প। সেই ছোৱালী জনীয়ে আমাক জীৱনৰ আন এটা দিশৰ সৈতে চিনাকি কৰাই দিছিল।
লক্ষীমপুৰলৈ গৈছিলোঁ বান সাহায্য দিবলৈ। প্ৰায় আঢ়ৈ হাজাৰ মানুহ গোট খাইছিল। চকুৰে ধোৱা কোৱা দেখিছিলো। ইমান মানুহ, ইমান দূৰ্গতি, সেইবাৰ লক্ষীমপুৰত অৱস্থা বৰ বেয়া হৈছিল। আমি পুৱাৰ পৰা আবেলি লৈ কেৱল বিলায়েই আছিলো। পাচ ট্ৰাক বস্তু নিছিলো। এগৰাকী মানুহ দূৰত অসহায় হৈ ৰৈ আছিল। মোৰ চকুত পৰিছিল। ওচৰলৈ আহি সুধিলোঁ, তেওঁক এখন টাৰ্পলিন লাগে। কেচুৱাটোৰ গাত পানী পৰে শিবিৰত। মই টাৰ্পলিন এখন আৰু গাখীৰৰ কাৰ্টুন এটা দিলো। মানুহগৰাকীৰ মুখৰ হাঁহিটো বুকুত ৰৈ গ'ল।
মৰিগাঁৱত এখন স্কুল সাজি দিছিলো। লণ্ডনৰ প্ৰবাসী অসমীয়া সকলে আৰ্থিক ভাৱে সহায় কৰিছিল।সেইবছৰেই মৰিগাঁৱত প্ৰতি বছৰ হোৱাৰ দৰেই বানৰ উপদ্ৰৱ হৈছিল। কিন্তু সেইবাৰৰ পৰা আমি সাজি দিয়া স্কুলঘৰটোৱে ধুনীয়াকৈ আশ্ৰয় শিবিৰৰ দায়িত্ব পালন কৰি আহিছে। আমি সাহায্যৰ টোপোলা লৈ যাওঁতে বিদ্যালয়ৰ কণমানি হতে মোক আকোৱালি ধৰিছিল। বছৰৰ পিছত বছৰ ধৰি বিনা দৰমহাৰে কাম কৰি অহা প্ৰধান শিক্ষক গৰাকীলৈ নতুন চোলা এটা লৈ গৈছিলোঁ। তেখেতে বৰ আথে বেথে চোলাটো লৈ কৈছিল- ' আজি পিন্ধি অহাটোও আপুনিয়েই দিয়া।সামৰি থৈ দিওঁ। আজি আপোনাকে দেখুৱাও বুলি পিন্ধি আহিছো। '
চিৰাঙৰ আইপোৱালী নামৰ ঠাইখনলৈ বান সাহায্য দিবলৈ যাওঁতে লগ পাইছিলোঁ বিশেষ পোন্ধৰটা পৰিয়ালক। তেওঁলোকৰ গোটেই ভেটিটোৱেই নদীৰ বুকুত জাহ গ'ল। তেওঁলোক আজিও সেই শিবিৰতে আছে। তেওঁলোকক বুজাইছিলো - য'তেই আছে তাতেই বেঙেনা এজোপা, জলকীয়া এজোপা, ৰঙলাও এজোপা ৰুবলৈ।তাত এখন লগাবলৈ। তেওঁলোকে বৰ হেপাঁহেৰে মোৰ মুখলৈ চাইছিল। তাৰ পিছত তাতে তেওঁলোকে পাচলি বাৰী পাতিছে। তাত লগাইছে। মোক বাৰীৰ পাচলিৰ টোপোলা দিছে, গামোচা বৈ দিছে।
আন দুটামান দৃশ্য মৰিগাঁৱৰ। গোটেই ঘৰখন উটি গ'ল। উকা চৌকাঠটোত দুৱাৰখন বন্ধ হৈ আছিল, ঠিক যেন পিছফালৰ ভৰা ঘৰ এখনহে ৰক্ষা কৰি আছে দুৱাৰখনে। বুকুত চুই গৈছিল কিবা এটা হাহাকাৰে।
সেই মৰিগাঁৱৰে আন এঠাইত দেখিছিলো - ভগা ডুলি এটা ওভোটাই তাতে শুকাবলৈ দিছে কোনোবা স্কুলীয়া ল'ৰা ছোৱালীৰ কিতাপ।
এগৰাকী বুঢ়ী মানুহে মোক নিজৰ ঘৰখন দেখুৱাবলৈ লৈ গৈছিল। বানত সকলো হেৰুওৱা মানুহজনীয়ে মোৰ হাতখন টানকৈ ধৰিছিল। মই চকুপানী লুকুৱাব পৰা নাছিলো।
এনেকুৱা অনেক ছবি। আমি যাম বুলি বহুত আশা লৈ ৰৈ থকা মানুহবোৰৰ মুখবোৰ, খালি টোপোলা বিলাক ভৰি গ'লে মু্খত ফুটি উঠা হাঁহিটো। মুৰে গায়ে হাত ফুৰাই দিয়া আশীৰ্বাদবোৰ।বান বিধ্বস্ত অঞ্চলবোৰ ঘুৰি কিমান যে জীয়া ছবি বুকুত সামৰিছো।
সেয়েহে বানবিধ্বস্ত কোনো স্থানৰ কথা গম পালে হাত সাৱটি বহি থাকিব নোৱাৰো। যন্ত্ৰণাবোৰ দেখি আহিছো, অসহায়তাবোৰ বুজি আহিছো, সেয়েহে বান বিধ্বস্ত ৰাইজৰ কাষত থিয় নিদিয়াকৈ থাকিব নোৱাৰো।
