Updated: Jul 23, 2020
এটা সাধুৰ কথা শুনিছিলো- এজন মানুহৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ঈশ্বৰে সুধিলে, কি বৰ লাগে কোৱা। মানুহজনে এনে এটা বৰ বিছাৰিলে যিটোৰ জৰিয়তে তেও্ঁ প্ৰতিজন মানুহৰ মনৰ ভিতৰখন দেখা পায়। ঈশ্বৰে সেই বৰ দিয়াৰ পিছত তেও্ঁ প্ৰথমে একান্ত নিজৰ মানুহখিনিৰ মনৰ ভিতৰখন চাবলৈ আৰম্ভ কৰিলে আৰু তেও্ঁ বাকৰুদ্ধ হৈ পৰিল-কি নিদাৰুণ সেই সচাবোৰ। আৰু তেও্ঁ ঈশ্বৰক আকৌ প্ৰাৰ্থনা কৰিলে সেই বৰটো ঘুৰাই লবৰ বাবে।
এই সাধুটো বহু সময়ত মোৰ বাবে এক অৱলম্বনৰ দৰে হৈ পৰে। আচলতে আমি সকলোৱে চাগৈ এই সাধুটোৰ মানুহজনৰ দৰে কিছুমান সচাৰ সৈতে যুঁজ দিব নিবিচাৰো। হাতৰ তলুৱাৰে দুচকো ঢাকি বেলিটো নাই বুলি ফুচুলোৱাৰ দৰে কিছুমান অসহনীয় সচাঁ।
নিজকে এনেদৰে ফুচুলাব পাৰিলেই চাগৈ মানুহ সুখী হয়।