দেউতা।

Updated: Jul 22, 2020

'দেউতা, মই কিবা পাতিপইছা নেকি ? ' 'এইজনী মোৰ লাখটকীয়া ছোৱালী। মোৰ লখিমী ছোৱালী।' নিজকে 'বিশেষ' বুলি ভবাৰ প্ৰথম সুযোগ দিয়া মানুহজন দেউতা। ' লখিমী, সৌৱা চোৱা হাতিপটী। ' ' দেউতা, হাতিপটী মানে কি ? ' পোহৰৰ উৎস চিনাকি কৰাই দিয়া প্ৰথম মানুহজন দেউতা ' আজি মোৰ লখিমী ছোৱালীৰ লেখা ওলাইছে। দেখিছা, মোৰ ছোৱালী। হাত কিমান পোন। ' বকুল ফুলৰ দৰে হাতৰ আখৰৰ গৰাকী দেউতাই মোৰ লেখাক লৈ আটাইতকৈ আত্মসন্তষ্টি লাভ কৰিছিল। ' দেউতা, কটনত এডমিছনৰ দিনা মোৰ লগত মা যাব দেই। মা-ক চোন সকলোৱে ইমান কৰাৰ পিছতো বিশেষ মুহূৰ্তত সদায় আপোনাৰ পিছতহে চিনাকি দিয়ে, কেতিয়াবাতো নিদিয়েই। মই এইবাৰ মা-ক আগ স্থান দিব বিচাৰিছো। আপুনি দুখ নাপাইতো ? '

সততাৰে স্পষ্টবাদী হ'বলৈ সাহস দিয়া প্ৰথম মানুহজন দেউতা ! 'দেউতা, মই বলীৰ ফোট নলও। মই দেৱীক ফুলেৰে পূজা দিব বিচাৰো। ' ঘৰত সকলোৱে মুখ কোচাইছিল - 'শাক্ত বামুণৰ ঘৰত অধৰ্মী'! দেউতাই কৈছিল-' তুমি তোমাৰ চিন্তাক আগুৱাই নিয়া। তোমাক কেতিয়াও বাধ্য নকৰো।' 'দেৱীৰ মড়ল মই আকোনে দেউতা ?' নাহৰ পাতত শিৱস্ত্ৰোতম মই লিখো নে দেউতা ? '

'ছোৱালী মানুহে এইবোৰ কাম নকৰে, নকৰিবি'- আনসকলে কয়। দেউতাই কয়-' একো নহয়। মন গৈছে যদি কৰা ' সকলোৰে বাবে দূৰ্বাশা খঙৰ মানুহজনে মোৰ বাবে সদায়েই মুকলি কৰি ৰাখিছিল তেওঁৰ চিন্তা । জীৱনৰ  আটাইতকৈ দুৰ্যোগৰ সময়ত দেউতাই কেৱল এটা প্ৰশ্নই কৰিছিল-' কি হৈছে খুলি কোৱা' সেই সকাহ দেউতাই দিছিল। দেউতাই বুজিছিল আচলতে মোৰ লগত কি হৈছিল, সেইকাৰণে দেউতাই সেই প্ৰচণ্ড চৰটো যাৰ প্ৰাপ্য তেওঁৰ গালত বহুৱাইছিল। মোৰ মূৰত হাতবুলাই দেউতাই সেইদিনাও কৈছিল-'  ঈশ্বৰ আছে। তুমি মূৰ থিয় কৰি ৰাখিবা সদায়। ভুল তোমাৰ নহয়।' 'লখিমী, সিদ্ধান্ত তোমাৰ। তুমি যদি এওঁক লগ দিয়াৰ সিদ্ধান্ত লোৱা, তেন্তে আমাক-ঘৰখনক এৰিব লাগিব' 'দেউতা, আপোনালোকক-ঘৰখনক এৰিবলৈ মোৰ অপৰিসীম কষ্ট হ'ব। কিন্তু মই নোহোৱা হ'লেও আপোনাৰ তিনি জী জোৱাই আৰু ভাইটি থাকিব। সিদ্ধাৰ্থৰ মোৰ বাহিৰে কোনো নাই। তাৰ মাক নাই। মই হাত এৰি দিলে সি ক'ৰবাত নিথৰুৱা হ'ব। তাৰ জীৱনত মোৰ বহুত প্ৰয়োজনীয়তা আছে।আপুনি মোক বেয়া নাপাব।' চূড়ান্ত সিদ্ধান্ত হৈ গৈছিল একেবাৰে হঠাতে। 'তোমাক দেখি লাগিছে তুমি মোৰ ছোৱালীজনী ভালকৈয়ে ৰাখিবা। সুখেৰে ৰাখিবা।কিন্তু সমাজৰ বাধা আছে-আমি তোমাক জোৱাই বুলি কেতিয়াও আদৰিব নোৱাৰো। তোমালোকৰ মংগল হওক।' মোক ঘৰলৈ ঘূৰাই নিবলৈ অহা দেউতায়ে সিদ্ধাৰ্থ আৰু মোৰ সংসাৰখনলৈ প্ৰথম আশীৰ্বাদ দিছিল। মন গ'লেই দেউতাক চাব নোৱাৰো, চুব নোৱাৰো। কেৱল মন গ'লেই মাতষাৰ শুনো। সৰুতে সাধাৰণ পানীলগা জ্বৰতে দেউতাক যেতিয়া জেউৰ  ধৰিছিলো- নিমখীয়া বিস্কুট খাম বুলি, ৰাতি ১১বজাতো দেউতাই পৰাগ দাহতৰ দোকান খোলাই বিস্কুট আনি দিছিল। মই আজিলৈকে লগ পোৱা আটাইতকৈ মৰমীয়াল মানুহ দেউতা। একেখন পিৰাতে বহুৱাই দেউতাই মোক নিজৰ জীৱনৰ অনেক অধ্যায় মুকলি কৰি কৈছিল। মোৰ আগতে  দেউতাক কোনেও প্ৰশ্ন কৰা নাছিল-'এইটো কিয় নাপায় ?' 'এইটো কিয় নকৰিম' ' কিছুমান কথা সুকীয়াকৈও ভাবিব পাৰি নেকি বুলি দেউতাক কোনেও সুধিবলৈ সাহ কৰা নাছিল। সেই গ্ৰেণাইট বুকুৰ ভিতৰৰ কপাহবোৰ মই চুবলৈ পাইছিলোঁ। সেয়েহে প্ৰশ্ন কৰিছিলোঁ, ভয় নহয়-দেউতাক ভাল পাব পাৰিলো। মোতকৈ আগেয়ে যদি কোনোবাই দেউতাক এই প্ৰশ্নবোৰ কৰিবলৈ সাহস কৰিলেহেতেন আজি হয়তো মোৰ ল'ৰাটোৱে কেৱল মাতষাৰতে তাৰ ককাক আইতাকৰ সান্নিধ্য কি বুজিব লগা নহ'লহেতেন। ককাকৰ ঘৰৰ চোতালখনত সিও এথেঙীয়া বগলী খেলি থাকিব পাৰিলেহেতেন। গোটেই জীৱনৰ বাবে নিৰ্ভয় হৈ থাকিব পৰাকৈ দেউতাৰ স্নেহময়তা মোৰ লগত আছে। দেউতা কাহানিও নেহেৰাই মোৰ পৰা। যিসকলে ভাৱে- আনন্দ পাই- দেউতাক মোৰ পৰা আটৰাই ৰাখিব পাৰিছে বুলি তেওঁলোকলৈ মোৰ সমবেদনা। দেউতা মোৰ সুখেৰে সুখী মানুহ এজন বুলি তেওঁলোকে নাজানে। দেউতা-মাৰ আশীৰ্বাদ আছে বাবেই আজি মই সকলো অন্যায়- অবিচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহসী। তেওঁলোকে নাজানে- দেউতাৰ মনটোৰ ওপৰত তেওঁলোকৰ যে নিয়ন্ত্ৰণ নাই।

এতিয়া এজন পিতাৰ সৈতে পাৰ কৰো মোৰ প্ৰতি নিয়ত। দেউতাৰ দৰে অপাৰ মৰমীয়াল, যত্নশীল, সন্তানৰ নামত উন্মুখ এজন পিতা। সন্তান আৰু ভাৰ্যাৰ নামত অহৰহ উৎসৰ্গিত যিজন, দেউতাৰ আশাসুধীয়া আশীৰ্বাদেৰে পূৰ্ণ তেওঁ।



22 views0 comments