top of page

ৰেডিমেড ঘৰ এখন-মানুহ এজন মোৰ সপোন কাহানিও নাছিল।

Updated: Jul 23, 2020

এজন মানুহ, এখন ঘৰ ,মানুহ মুখী এক সংস্কাৰ মই গঢ়িব খুজিছিলো।‌ 'ৰেডিমেড' ঘৰ এখন-মানুহ এজন মোৰ সপোন কাহানিও নাছিল ।‌


মাইনা, আচলতে মই কাৰোবাৰ জীৱনত কামত আহিব বিচাৰিছিলো।‌


বিয়া বাৰু সম্পৰ্কত সৰুৰেপৰাই এনে কিছুমান প্ৰশ্ন লৈ ফুৰিছিলোঁ যিবিলাকে আমাৰ দ'ৰে নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত মাজে মাজে ধুমুহা নমাইছিল।‌ সেই প্ৰশ্নবোৰ প্ৰশ্ন হৈ থাকোতেই তিনিজনী বা বিয়া হৈ গ'ল।‌ ৰাহিযোৰা, নক্ষত্ৰ সকলোবোৰ মিলাই বংশ পৰিয়াল চাই চিটি বিয়াকেইখন পাতোতে আটাইতকৈ কম গুৰুত্ব পোৱা কথাটোৱেই আছিল -ল'ৰা ছোৱালীহালৰ মনৰ মিল।‌ এই কথাটোত মোৰ বৰ অশান্তি লাগিছিল।‌ তাৰ পিছত বহুবোৰ কথা মই আশংকা কৰাৰ দ'ৰেই হৈছিল।‌ এইবোৰ কথাই মোৰ নিজৰ বিবেচনাবোৰ শুদ্ধ বুলি ভাবিবৰ বাবে যথেষ্ট আছিল।‌

ছচিয়েল মিডিয়াত তোৰ মোৰ খুব বেছি ৬মাহৰ চিনাকি।‌ তাকো সেইয়া শত্ৰুতাৰ আছিল।‌ বোধকৰো ফেব্ৰুৱাৰী মাহৰ হুলস্থুলীয়া এটা পৰিবেশত তোক মই লগ পাইছিলো।‌ এটা নতুন কাহিনী আৰম্ভ হৈছিল।‌ তোৰ হুলস্থুলীয়া স্বভাৱৰ আঁৰৰ চুড়ান্ত নিসংগ ,অন্তৰ্মুখী, আৰু সৃষ্টিশীল মানুহটোক নিমিষতে বুজি উঠাৰ পিছৰ এটা কাহিনী।‌ আচলতে কি জান, খুব সাধাৰণ জীৱন এটা কটোৱাৰ সুবিধা ঈশ্বৰে মোক দিয়া নাই।‌ সেয়েহে যাৰ সৈতে জীৱনটো ভগাই ল'ম তেওঁৰ জীৱনত মই কামত আহিব বিচাৰিছিলো।‌ কাৰোবাক নিৰ্মাণ কৰিব বিচাৰিছিলো মই।‌ সেইয়া তোৰ বাহিৰে আন কোনো হ'ব নোৱাৰে।‌ তয়ো যে কি মোক দাবী কৰিবলৈকো তোৰ হাজাৰ আঢ়ষ্টতা।‌ ' তয়ে ময়ে একেলগে থাকো নহ'লে ব'ল।‌ তোৰ লগত থাকিলে মেচত বনধুৰ লগত থকাৰ দ'ৰে লাগিব।‌' এনেকৈনো কোনোবাই কাৰোব বিয়াৰ প্ৰস্তাৱ দিয়েনে ? তই দিছিলি কাৰণেই তই বেলেগ।‌ বিয়াৰ মাহ পিছত এদিন তোক সুধিছিলো ' তই যে আমাৰ তাৰ হাজৰিকা মানুহবোৰৰ দ'ৰে নহয়, কিবা চাইনিজ টাইপৰ কিয় ?' তই যেতিয়া ক'লি তহঁত সোনোৱাল কছাৰী মানুহ, তেতিয়া মই মনত পেলাবলৈ চেষ্টা কৰিছিলো ইয়াৰ আগেয়ে সোনোৱাল কছাৰী মানুহ কাক লগ পাইছোঁসৃষ্টি (শ্ৰেয়ম) ঠেঙাল কছাৰী মানুহ।‌ দেউতাক (শহুৰ ) সুধিলো ' আপোনালোকৰ নিয়ম নীতিবোৰ শিকাই দিয়ক মোক'।‌ দেউতাও কি আচৰিত মানুহ মোক ক'লে - 'আমাৰ অকলশৰীয়া ঘৰখন তুমিয়েই তুলি ধৰিব লাগিব।‌ এতিয়াৰ পৰা তোমাৰ নিয়মেই আমাৰ নিয়ম'।‌ পাচঁটা বছৰ আমি চৰায়ে কূটা কঢ়িওৱা দি ' আমাৰ ঘৰখন' গঢ়িছো।‌ জীৱনৰ প্ৰতিটো মুহূৰ্ত আমি একেলগে জীঁ ছো।‌ সুখ দুখবোৰ ভগাই লৈছোঁ।‌ আৰু আমি হাজাৰ দুখতো ভালে আছো, ঠিক তই যে কৈছিলি মেচত বন্ধুৰ লগত থকাৰ দ'ৰে, ঠিক তেনেকুৱাই আমাৰ সংসাৰ।‌ আকালো নাই ভৰালোঁ নাই।‌ পুতলাৰ বাবে আমিয়েই সকলো।‌ তাক আমি জাত পাতৰ অংকবোৰ কেতিয়াও নিশিকাওঁ।‌ সি মানুহৰ মনৰ মানুহ হওক।‌ তই আৰু মই জীৱনটো অংক নকৰাকৈয়ে ভালদ'ৰেই আগুৱাই নিছো।‌ মোৰ বিশ্বাস পুতলাও সেই বাটেৰে আগুৱাব।‌নহ'লে নতুন বাট এটা কাটি ল'ব পৰাকৈ সি সাহসী হ'ব।‌ বিবাহবাৰ্ষিকিত তোলৈ মোৰ এসোপা ভালপোৱা।‌ কুশলে থাক ।‌


12 views0 comments
bottom of page