top of page

হীৰেণ ভট্টাচাৰ্য- কলম যাৰ কমাৰৰ হাতৰ হাতুৰি, পৃথিৱী যাৰ কবিতা

Updated: Jul 27, 2020

এই সাক্ষাৎকাৰটো ২০০৯ চনত লৈছিলোঁ। আচলতে সাক্ষাৎকাৰ হিচাপে লৈছিলোঁ বুলি ক'লে ভুল কোৱা হ'ব। তেতিয়া ডি ৱাই ৩৬৫ ত মই 'পথিকৃৎ' বুলি এটা অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানটোত আমি বিশিষ্ট ব্যক্তি সকলৰ সৈতে কিছু সময় কটাই তেখেতৰ সৈতে আলাপ কৰিছিলোঁ আৰু সেই সমূহ কেমেৰাত ৰেকৰ্ডিং কৰা হৈছিল। খুব আনুষ্ঠানিক ধৰণৰ নাছিল, বৰঞ্চ বৰ মুকলি পৰিবেশ এটাত যাতে ব্যক্তি গৰাকীয়ে কথাখিনি ক'বলৈ সুবিধা পাই তাৰ কাৰণে সচেতন আছিলোঁ। প্ৰচলিত সাক্ষাৎকাৰৰ শৈলীৰ পৰা অকণমান সুকীয়াকৈ অনুষ্ঠানটো সজাইছিলো। হীৰেন ভট্টাচাৰ্য নামটোতে কিবা এটা সন্মোহন আছিল। কি কথা পাতিম, নাপাতিম লৈ থোকিবাথৌ লাগি আছিল। তেখেতৰ ঘৰ গৈ পোৱাৰ পিছত গোটেই দিশটো যেন সলনি হৈ গৈছিল। যিখিনি প্ৰস্তুতি কৰি গৈছিলোঁ সেইখিনি সলাই পেলাব লগা হৈছিল। আৰু আজি স্বীকাৰ কৰো- সেই সলনি মোৰ কাৰণে সৌভাগ্য আছিল। অৱশ্যে ডি ৱাই ৩৬৫ ত সম্প্ৰচাৰিত সেই অনুষ্ঠানটোত সময়ৰ সীমাবদ্ধতাৰ বাবে সকলো দৃশ্য, বাৰ্তালাপ দেখুৱাব পৰা নগৈছিল। অৱশ্যে মোৰ ডায়েৰীত কথাবোৰ লিখা আছিল। তেখেতে কৈছিল- কথা পাতি ভাল পালো। কথা উলিয়াব জনা ছোৱালী। তলত সেই বিশেষ বাৰ্তালাপখিনি দিলো। আগ্ৰহীসকলে হয়তো হীৰুদাৰ মাজত সদায় সতেজ হৈ থকা সেউজীয়া মনটো আৰু ভালদৰে উপলব্ধি কৰিব পাৰিব।


অৰ্চনা বৰঠাকুৰ- আপোনাৰ এটা ঘোৰা আছিল। ব্যৱসায়িক কাৰণৰ বাহিৰত মহানগৰীত ঘোঁৰা পোহা মানুহ আপুনিয়েই বোধকৰোঁ। হীৰুদা- কিনিবলৈ মন গৈছিল বাবেই ১৯৫৪ চন মানত ঘোঁৰা এটা কিনি আনিলো। ৰঙা, বৰ ধুনীয়া ঘোঁৰা। ঘোঁৰাটোক লৈ স্বাভাৱিকতে ঘৰত অশান্তি হৈছিল। য'লৈকে যাওঁ ময়ো ঘোৰাটোৰ কথাকে চিন্তা কৰি থাকো। দানা পানী ভালকৈ খাবলৈ নাপায় ঘোঁৰা লাহে লাহে খীণাই যাবলৈ ধৰিছে। এজনে পৰামৰ্শ দিলে গাড়ী সজাৰ। সাজিলোও। পাছে ঘোঁৰাটো ৰে'চৰ ঘোঁৰা আছিল। এদিন গাড়ীয়ে চাড়ীয়ে ঠেক গলি এটাত সুমুৱাই দিলেগৈ। মই বহুত টকা ভৰিব লগা হ'ল। এবাৰ ল'ৰা এটাই ঘোঁৰা দৌৰ প্ৰতিযোগিতাত ভাগ ল'বলৈ মোৰ ঘোঁৰাটো বিচাৰি আহিলে। দিলো। পাছে দৌৰত ঘোঁৰা প্ৰথম হ'ল। মানুহহে ক'ৰবাত পৰি থাকিল। মানুহে 'পাগলা ঘোঁৰা' বুলি কৈছিল। এদিন ঘোঁৰাটো বেচিলো। এদিন এজন মানুহ আহিছিল মোৰ ওচৰলৈ- 'আপুনি সাপ কিনিব নেকি ? এডাল অজগৰ লৈ আহিছিল তেওঁ। কোনোবাই হেনো মই কিনিম বুলি মোৰ ওচৰলৈ পঠিয়াই দিছিল।

অৰ্চনা বৰঠাকুৰ- আপুনি খোজ কাঢ়ি গোটেই গুৱাহাটী ঘূৰে, ইমান ভাল পায় খোজকাঢ়ি ?

হীৰুদা- মোক চিনি পোৱা মানুহবোৰে কয়- হীৰেণ ভট্টই স্বপ্ৰমোদিত হৈ গোটেই গুৱাহাটীৰ ৰাস্তাৰ মেজাৰমেণ্ট লয়। খোজকাঢ়ি ভালপাওঁ। এতিয়া গাটো অলপ বেয়া বাবে অলপ কমিছে। কিন্তু কিছুদিন আগলৈকে পাণবজাৰৰ পৰা ঘৰলৈ খোজ কাঢ়ি আহিছিলো। ৰিক্সাত উঠিবলৈ বেয়া পাওঁ। প্ৰথমেই সোধে- 'কাহা য্যায়েগা ?' মই ক'লৈ যাওঁ কিয় লাগে ? তাৰ পিছতে যেন সুধিব- 'দেউতাৰৰ নাম কি ? 'বাহিৰলৈ গ'লে স্কুটাৰ, বাইকৰ বোকোচাত উঠি ভাল পাওঁ। ফিক্সড্ প্ৰাইচ্ থাকে।

অৰ্চনা বৰঠাকুৰ- ৰঙা চাহ আৰু চিঙৰা আপোনাৰ বৰ প্ৰিয়। হয়নে বাৰু কথাটো ? হীৰুদা- প্ৰিয় যদিও এই অভ্যাস এৰিব লগা হৈছে। গেচট্ৰিকে দিগদাৰ কৰে। এন্ধাৰ ঘৰত বহি ম্যেনু চাই অৰ্ডাৰ দি খাবলৈ বেয়া পাওঁ। ম্যেনু পঢ়াৰ ধৈৰ্য্য নাই মোৰ। ৰেষ্টুৰেণ্টলৈ নাযাওঁ সেয়েহে। ধাবাবোৰ ভাল পাওঁ।

অৰ্চনা বৰঠাকুৰ- আপুনি গ্ৰন্থ প্ৰকাশনৰ দিশটোৰ সৈতে কেনেকৈ জড়িত হ'ল ?

হীৰুদা- জয়ন্ত বৰুৱাৰ (কণমান বৰশীৰে চিপ গীতটোৰ গীতিকাৰ) গানৰ কিতাপ এখন উলিয়াইছিলো।১৯৬১ চনৰ কথা। মাত্ৰ বাৰটা গান লৈ আহি ক'লে কিতাপ উলিওৱাৰ কথা। নাম দিছে- 'ৰূপালী নদী' বাৰটা গানেৰে কিতাপ এখন কেনেকৈ হয় ? তেওঁ ক'লে- 'বাকী  বাৰটা আপুনি লিখক।' মই বাৰটা লিখি কিতাপখনৰ নাম দিলো- 'ৰূপালী নদী সোণালী সাকো' কেশৱৰ গানো ছপাইছো। অজিৎ বৰুৱাৰ প্ৰবন্ধৰ কিতাপ এখনো ছপাইছো। কবিতাৰ কিতাপ এখন আনক ছপাবলৈ দিবলৈ মন নাযায়। নিজৰ কিতাপবোৰ নিজে ছপাবলৈ যত্ন কৰো। কম্প'জ কৰা, ছপোৱা, বিক্ৰী কৰা সৱ্ নিজে কৰো। মানুহক বিক্ৰী নকৰো। দোকানত দি দিওঁ। চাকৰি তাকৰি তেনেকুৱা একো নাই। কিতাপ বেচি বেচিয়েই জীৱন আৰু জীৱিকা হৈ গ'ল। কিতাপ বেচি বেচিয়েই কবি হৈ গ'লো।

অৰ্চনা বৰঠাকুৰ- কবিতাৰ আগেয়ে আপুনি গীত লিখিছিল। সেই বিষয়ে অকণমান ক'ব নেকি? হীৰুদা- মই প্ৰথমে গানহে লিখিছিলো। ১৯৫৩/৫৪ মানৰ পৰা গান লিখিছো। গান মোৰ কবিতাৰ মাটি আখৰা। গান যিমান ভাল পাওঁ, গান গোৱা মানুহজনক তাতোতকৈও ভাল পাওঁ। চি ডি কেচেটৰ গান অৱশ্যে শুনাই নহয়। তেনেকৈয়ে পৰি থাকে। সন্মুখৰ পৰা গান গোৱা মানুহজনক চাই তেওঁৰ গান শুনি ভাল পাওঁ। বীৰেণ দত্তৰ গান ভালপাওঁ। মোৰ গান এটা আছিল- 'গানে কি আনে'। বহুদিনৰ মূৰত ল'ৰা এটাই যোৰহাটত লগ পাই ক'লে- 'আপোনাৰ গান এটা মই গাইছো।' খাম এটাত টকা ৩০০ দিছিল। সেই ল'ৰাটো অৰ্থাৎ জুবিনে এটা ভাল কাম কৰিছে। সি গাইছে বাবেই ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবোৰে অসমীয়া গান গাইছে-শুনিছে।

অৰ্চনা বৰঠাকুৰ- ভালপোৱা ,প্ৰেম অনুৰাগৰ প্ৰসংগত আপোনাৰ কবিতাৰ এটা এটা শাৰীয়ে বহুত অৰ্থ বহন কৰে। আপোনাৰ বাবে ভালপোৱাৰ অনুভৱ ?

হীৰুদা- All the world loves a lover. নৈ উজাই নোপোৱালৈকে তোমাক ভাল পাম। মানুহ আচলতে চিৰবিৰহী। মনে মনে হয়তো ভাল লাগে কাৰোবাক। নোপোৱাটোৱেই সকলোতকৈ বেছি পোৱা। বিয়া বা তেনে সম্বন্ধত  শেষ হৈ যায় পোৱাৰ ধাৰণা। কিন্তু নোপোৱাটোত ভালপোৱা জীয়াই থাকে।

অৰ্চনা বৰঠাকুৰ- আপোনাৰ প্ৰিয় শব্দ ? হীৰুদা- মানুহ অৰ্চনা বৰঠাকুৰ- মৃত্যুলৈ ভয় কৰেনে ? হীৰুদা- আন মৰিব বুলি ভয় লাগে। নিজৰ মৃত্যুৰ কথা মনলৈ নাহেই। শৈশৱটো যেন পাৰ হোৱাই নাই। বয়স যে হৈছে মনলৈ নাহেই।

অৰ্চনা বৰঠাকুৰ- আপুনি কিতাপ পঢ়াৰ প্ৰসংগত বৰ সহজেই কৈ দিয়ে কিতাপ নপঢ়ো বুলি। কথাটো সচা জানো?

হীৰুদা- প্ৰবন্ধ পঢ়ি ভালপাওঁ। অষ্টম মানত থাকোতে অজিৎ বৰুৱাৰ 'হাটুৰী' কবিতাটো পঢ়ি ভাল লাগিছিল। জ্যোতিনাৰায়ণ শৰ্মাৰ 'আধুনিক অসমীয়া কবিতা'ৰ  কবিতাবিলাক কিছু বেলেগ ধৰণৰ আছিল। চিঞাহী শুকুওৱাৰ আগতেই পঢ়িছিলোঁ নৱকান্তৰ কবিতা। 'এটি দুটি এঘাৰটা তৰা'  নামটো ময়ে দিয়া। অজিৎ বৰুৱা খুব ভাল মানুহ। Good friend of mine. তেওঁ কিমান ডাঙৰ কবি মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেওঁ মোৰ বন্ধু। পোন্ধৰ বছৰমান 'প্ৰান্তিক'ৰ কবিতা চাইছিলোঁ। ছপা হোৱা-নোহোৱা পাচ হাজাৰমান কবিতা পঢ়িছো। মনত এতিয়া এষাৰিও নাই। মই যিবোৰ কিতাপ পঢ়িছো  বা পঢ়ো সেইবোৰ সচৰাচৰ আন মানুহে নপঢ়ে। গতিকে মই কিতাপ নপঢ়ো বুলিয়েই কও।

অৰ্চনা বৰঠাকুৰ- নিজৰ দৃষ্টিত হীৰেণ ভট্টাচাৰ্য্য ? হীৰুদা- মই জানি শুনি কাৰো অনিষ্ট কৰা নাই। নাটক কৰা, গান গোৱা ল'ৰা ছোৱালীবোৰ বৰ ভাল পাওঁ। অৰ্চনা বৰঠাকুৰ- আপোনাৰ নঞৰ্থকতা ? হীৰুদা- কাকো No  ক'ব নোৱাৰো। অৰ্চনা বৰঠাকুৰ- আপোনাৰ সদৰ্থকতা ? হীৰুদা- I am  very positive but not possessive. নিজৰ কোনোধৰণৰ। কাম আচৰণক লৈ অনুশোচনা নহয়। I love it. Because I like it. মই একো হ'বলৈ বিচৰা নাই। Just to be an Honest man. আজি আঠ বছৰ চিগাৰেট খোৱা নাই। আগতে অনবৰতে চিগাৰেট খাই আছিলোঁ। পঢ়া দিনত অৱশ্যে খোৱা নাছিলোঁ। লাইফত ৰিজিব'ল একোৱেই কৰা নাই। কবিতা লিখাৰ বাহিৰে। এতিয়াও কবিতাকে লিখি আছো। নতুন এখন সংকলন কেনেকৈ উলিয়াও ভাবি আছো। মানুহৰ সংগ মই ভাল পাওঁ। মানুহ ভাল পাওঁ। অৱশ্যে আনক আমণি নিদিও। মনে মনে থকা মানুহৰ ওচৰত অকণমান অসুবিধা হয়। ফুল ভালপাওঁ বুলি, হাবি ভালপাওঁ বুলি হাবিত গৈ বহি থকা নাই। প্ৰকৃতিক আচলতে কবিয়ে গঢ়ি ল'ব পাৰে।

(আমি আৰু কিছু কথা পাতিছিলো। গণনাট্য সংঘৰ সৈতে থকা তেখেতৰ সম্বন্ধ, বেণু মিশ্ৰৰ সৈতে থকা সম্পৰ্ক, ক্ৰিকেট খেলাৰ কথা, স্কুলত শিক্ষকতা কৰা অভিজ্ঞতাৰ কথা, সেইবোৰ আজি নিলিখিলো। প্ৰকাশিত লেখা এটায়ে আজিকালি নকলকাৰীৰ পৰা সুৰক্ষিত নহয়। এই সাক্ষাৎকাৰটো, আৰু কেইটামান মোৰ কাৰণে বৰ বিশেষ। পৰিস্থিতিয়ে বাধ্য কৰিছে ব্লগ পষ্টত কপিৰাইট ব্যৱস্থা ল'বলৈ।)



390 views0 comments

Recent Posts

See All

শীতকালৰ দিনবোৰ অহাৰ সময়ত প্ৰায়েই বৰ আইতালৈ মনত পৰে।‌ ফিকা চাহৰ ৰঙৰ গৰম কাপোৰ এখন গাত লৈ জুই পুৱাই থকা বৰআইতাৰ সেই ছৱিখন মনৰ মাজত আজিও দ-কৈ আছে।‌ বৰ আইতাৰ পুৱাবোৰ আমাতকৈ বহু আগেয়ে আৰম্ভ হৈছিল।‌ শীতকালি

৯ মে'ত ছাৰলৈ ফোন কৰিছিলো- 'কেনে আছে' বুলি সোধাৰ লগে লগে কিছু যেন উৎফুল্লিত মাতেৰে ছাৰে কৈছিল - 'মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'। দূৰ্বল আছিল মাতটো, কিন্তু একধৰণৰ সকাহ অথবা শান্তি আছিল। সকাহ আমিও পাইছিলো

অপূৰণীয় মানে ৰাইজৰ ক্ষতি নহয়, মোৰ ক্ষতি। ফুলস্কেপ কাগজৰ চাৰিশ পঞ্চাশ নে পাচশ পৃষ্ঠাৰ সেই উপন্যাসখন মই ছবাৰ ৰিভাইছ্ কৰিছিলো। মোৰ ধৈৰ্যটো এতিয়

bottom of page