হেৰাই যোৱা মানুহবোৰ আচলতে নেহেৰায়।
Updated: Jul 22, 2020
সকলো মৃত্যুৱেই কষ্টকৰ। কিছুমান মৃত্যু মনে কাহানিও মানি ল'ব নোৱাৰে। তেজ মঙহৰ আপোন নহ'লেও অসময়তে অকালতে অনাহুত পৰিস্থিতিত হেৰাই যোৱা কেইখনমান মুখে মোক নিজানত নিৰলে কন্দুৱাই থাকে।
আজি ৰিমাৰ বাইদেউ আহিছিল অফিচলৈ। ৰিমা শৰ্মা, প্ৰাগ নিউজৰ সাংবাদিক আছিল। দুবছৰৰ আগতে ট্ৰাকৰ খুন্দাত তাইৰ মৃত্যু হৈছিল। ছোৱালীজনী নোহোৱা হোৱা দুবছৰ হৈ গ'ল। এই দুবছৰে অকণমানো বায়েকৰ মনৰ যন্ত্ৰণা কমা নাই। মোৰ সন্মুখত কান্দোনত ভাগি পৰা মানুহজনীক সান্তনা দিয়াৰ ভাষা নাছিল। মাকে আজিও বাট চাই থাকে তাই উভতি আহিব বুলি।
জ্যোতিস্মান আছিল আমি লগ পোৱা এক আচৰিত প্ৰতিভা। তেনেই সৰু আছিল সি। অথচ কি কৰিব নাজানিছিল সি। তাক এবাৰলৈ লগ পোৱা মানুহে কাহানিও তাক পাহৰিব নোৱাৰে। মানুহক প্ৰভাবিত কৰিব পৰা ব্যক্তিত্বৰ এই অকণমানি ল'ৰাটো এদিন একেবাৰে অকস্মাতে নোহোৱা হ'ল। স্কুলৰ পৰা উভতি অহাৰ বাটত তাৰ মৃত্যু ঘটিছিল। অকল্পনীয়। অভাবনীয়। ইমান বছৰ হৈ গ'ল সি নোহোৱা। অথচ আজিও কোনোবা সময়ত চেৰেং চেৰেঙকৈ মনত পৰে তালৈ। নন্দিতা। তেনেই কম সময়তে মোক আত্মিকভাৱে সমৃদ্ধ কৰা, তীব্ৰ জীৱনমুখী ছোৱালীজনী। এই জীৱনত তাইক কাহানিও মনৰ পৰা মচিব নোৱাৰিম।
অভিজিৎ- নীলোৎপল। যিমানে সময় গৈছে সিমানেই বেছিকৈ অনুভৱ কৰিছো এই ল'ৰা দুজনক। মানুহৰ নাৰকীয়তাক সোৱৰাই থাকে সিহঁতৰ মুখ দুখনে। মানুহৰ নামত উন্মুখ,সৃষ্টিশীল, পৰোপকাৰী এই ল'ৰা দুজনক পাহৰা অসম্ভৱ। তিনিদিন মানৰ আগতে বা এগৰাকী আহিছিল। পুৱাৰ জলপানৰ কথা পাতিবলৈ। আমি প্ৰায় চাৰে তিনি ঘণ্টা কথা পাতিছিলো। তেখেতৰ ভণিয়েক ঢুকুওৱা কেইবাবছৰ হ'ল।অথচ সেইদিনাও ভাগৰি নপৰালৈকে তেখেতে কান্দিছিল। ' তাইৰ জীয়াই থাকিবলৈ বৰ হেপাঁহ আছিল। ' পাৰ্থৰ মৃত্যুৱেও অনেক কথা শিকাই গ'ল। ইমান জীৱনমুখী চেতনাৰে সমৃদ্ধ এটা জীৱন কেতিয়াও শেষ হৈ নাযায়। আজি স্বাতীৰ প্ৰগলভ ভালপোৱাৰ উমত পাৰ্থ দুগুণে জিলিকিছে। তথাপি বুজো, কিছুমান ঘাঁ শুকাবৰ বাবে নহয় চাগে! সময়ে অহৰহ ৰেপি থাকে সেই ঘাঁ বোৰত। মানুহ নিজৰে যন্ত্ৰণাৰ তেজত লেটি লৈ থাকে !
তথাপি জীৱনৰ হকে আমি খোজ দিবই লাগিব। জীৱনমুখী হৈ ৰবই লাগিব।সেয়েহে কিবা অকণমান এই হেৰাই যোৱা জীৱনবোৰৰ নামত কৰিবলৈ বিচাৰো। জীয়াই থাকিবলৈ বিচৰা এই জীৱনবোৰ মানুহৰ চেতনাত ৰৈ যাওক। মই ব্যক্তিগত ভাৱে বিশ্বাস কৰো - আত্মাৰ সম্পৰ্কৰ কাহানিও শেষ নাই। নন্দিতাৰ কাৰণে সাধ্যই পৰা অনুযায়ী কিবা অকণমান কৰি আছো। বিজয়লক্ষ্মীয়ে দি গ'ল 'প্ৰিয়বন্ধু'ৰ অনুভৱ মামণি বাইদেউৰ ওপজা দিনটোত কিবা অকণমান কৰো, অভি-নীলৰ নামত কিবা অকণমান কৰিছো। আজি ৰীমাৰ বাইদেউৱে কৈছে- ' তাইক জীয়াই ৰাখিবলৈ কিবা অকণমান তোমালোকৰ জৰিয়তে কৰিব পাৰিম নেকি?মই তাই জী থকাটো বিচাৰিছো ' আমি নিশ্চয় সেয়াও চেষ্টা কৰিম। কাৰোবাৰ বাবে এইবোৰ অনৰ্থক আবেগ।সহজে সকলো শেষ বুলি ভবা মানুহে নুবুজিব কেতিয়াবা কেনেকৈ মাৰ এখন চাদৰ, দেউতাৰ চোলা এটা,ভাইটিৰ ফটো এখনে মোৰ দৰে মানুহক তেওঁলোকৰ সম্পূৰ্ণ উপস্থিতিৰ অনুভৱেৰে আবৰি ৰাখে। আজি আঠ বছৰে এইকেইটা বস্তুতে আনন্দৰে মই মা দেউতা ভাইটিক মনেৰে অনুভৱ কৰি আছো। মোৰ কাৰণে শাৰীৰিক উপস্থিতি আত্মিক উপস্থিতিতকৈ বহুত নগণ্য।