top of page

সেই ল'ৰাজনক মই চিনি পাওঁ

Updated: Jul 22, 2020

সৰু ল'ৰাটোৱে এদিন এজন ৰজাৰ ছবি আকিলে। আয়েক পিতাক,বায়েকহতে নশলাগি নোৱাৰিলে।  আয়েকে ছবি শিকোৱা মাষ্টৰৰ ওচৰত নাম লিখাই দিলে। ৰঙেৰে উপচিল বহী, খবৰ কাগজৰ চুক অথবা উকা পৃষ্ঠাবোৰ। এদিন আয়েকৰ হাত উদং হ'ল। পিতাকেও হাত দাঙিলে। ছবি শিকোৱা মাষ্টৰক মাননী নিদিয়াও কেইবামাহ হ'ল। নিমাতে ছবি আকিঁ ভালপোৱা ল'ৰাটোৱে ৰং পেণচিলবোৰ সামৰি থ'লে। আৰু কাহানিও ছবি আকিঁবলৈ মন নোযোৱাকৈ সি ইচ্ছাৰ দুৱাৰখনত তলা এটা মাৰি থ'লে।

ঘৰৰ ওচৰৰে স্কুলখনত তবলা শিকাইছে। ভাতখোৱা টেবুল, পঢ়া টেবুল সকলোতে টুং টাং কৰি থকা ল'ৰাটোৰ বৰ মন তবলা শিকিবলৈ। বায়েকেও তাতে গান শিকিবলৈ ল'লে। এটাই ল'ৰা। সি কিবা এটা শিকো বুলি ক'লে জানো নিশিকোৱাকৈ থাকিব পাৰে ? আয়েকে তবলাৰ শ্ৰেণীত নাম লিখাই দিলে।  ঘৰত অহৰহ বাজি থকা হ'ল -ধা ধিন ধিন তা তা তিন তিনটা, একতাল, পৰিতাল, দাদৰাৰ লহৰত ঘৰখন গমগমাই থাকিল। মধ্যমা পৰীক্ষাটো ভাল ফলাফলেই হৈছিল তাৰ। পিছে আকৌ অভাবে জুৰুলা কৰিলে আয়েক পিতাকক। ল'ৰাটোৱে ইচ্ছাৰ দুৱাৰখনত আৰু এটা তলা লগালে ।

উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটীলৈ আহিল। আকৌ সপোনে উচপিচালে। এইবাৰ গীটাৰ। পিঠিত গীটাৰখন বান্ধি সি নতুন তালবোৰ শিকিবলৈ যায়। গা ধোৱা ঘৰত সি গুণগুণাই নতুনকৈ শিকা তাল এটা। আৰু এদিন তাতে যতি পৰে গীটাৰ শিকা যিদিনা সি আৰু বায়েকে চাউলৰ অভাৱত দাইলৰ পানী সিজাই খাব লগা হ'ল ।

কাহানিও চকুপানী নোটোকা ল'ৰাটোৰ চকুত এদিন দুফোটা পানী বিৰিঙা দেখিলে বায়েকে- লগৰ ল'ৰাৰ জাকটোৰ লগত সি মাত্ৰ ১০০ টকাৰ অভাৱত বহুদিনৰে পৰা চাবলৈ হেপাহ কৰি থকা খেলখন চাব নোৱাৰিলে। নেহৰু ষ্টেডিয়ামৰ বিশাল লাইট কেইটা চাই চাই সি সেইদিনা ভাৰাঘৰৰ ছাদতে বহি থাকিল বহু নিশালৈকে।

সি কাহানিও একো দাবী কৰা নাই।

দাবী কেনেকৈ কৰে সি বোধহয় নাজানেই।

অথচ ইচ্ছাৰ দুৱাৰখনত এটাৰ পিছত এটাকৈ তলা মৰাৰ যন্ত্ৰণাত সি দিনক দিনে মৌন হৈ গ'ল।

গাৰ কাপোৰ ফিচিকি গ'লেও চোলা এটি খুজিব নোৱৰা ল'ৰা সি। সমনীয়াৰ সৈতে একেলগে মটৰ চাইকেল এখন চলাবলৈ তাৰো মন যায়। এই যে মন যোৱাবোৰ-সেইবোৰতো সি টানকৈ লেকাম টানি থৈছে। দায়িত্বৰ বোজাবোৰ টানি ভাগৰ লাগিলেও সি নিৰবে থাকে। জানে, কান্ধ সলাই দিবলৈ আৰু কোনো নাই ।

অভাৱত পৰি সপোন বন্ধকত থোৱা সেই ল'ৰাটোক সোধা-অভাৱ মানে কি ? অভাৱত পৰি খঙাল হোৱা সেই ল'ৰাটোক সোধা-অভাৱক কিদ'ৰে জয় কৰিব পাৰি ?

মই সুধিছিলো। এদিন ৰজাৰ ছবি অকা ল'ৰাটোৰ চকুৰ চকুপানীয়ে মোক শিকাইছিল অভাৱ কি সেই তেতিয়াৰে পৰা সমস্ত অভাৱী মানুহৰ নামত উৎসৰ্গিত মোৰ আত্মা।

16 views0 comments

Recent Posts

See All

শীতকালৰ দিনবোৰ অহাৰ সময়ত প্ৰায়েই বৰ আইতালৈ মনত পৰে।‌ ফিকা চাহৰ ৰঙৰ গৰম কাপোৰ এখন গাত লৈ জুই পুৱাই থকা বৰআইতাৰ সেই ছৱিখন মনৰ মাজত আজিও দ-কৈ আছে।‌ বৰ আইতাৰ পুৱাবোৰ আমাতকৈ বহু আগেয়ে আৰম্ভ হৈছিল।‌ শীতকালি

৯ মে'ত ছাৰলৈ ফোন কৰিছিলো- 'কেনে আছে' বুলি সোধাৰ লগে লগে কিছু যেন উৎফুল্লিত মাতেৰে ছাৰে কৈছিল - 'মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'। দূৰ্বল আছিল মাতটো, কিন্তু একধৰণৰ সকাহ অথবা শান্তি আছিল। সকাহ আমিও পাইছিলো

bottom of page