সময়ক সমৃদ্ধ কৰিব পৰা জীৱন বৰণীয় হৈ ৰয়।
Updated: Jul 23, 2020
'' বহু সময়ত এনেকুৱা লাগে যেন জীৱন এটা ৰসে চৌ চৌ সুমথিৰা। ফুটিয়াই ফুটিয়াই একেকোবে খাই থ'ম নে প্ৰতিটো ফুটাই নিৰ্দিষ্ট সময় লৈ আথেবেথে অনুভৱেৰে একাত্ম হৈ খাম-সেইয়া খাওতাজনৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এটা কথা হয়- জীৱন সচাকৈয়ে বৰ লোভনীয়।''
আৰম্ভণি আৰু শেষ এই দুয়োটা শব্দই হয়তো জীৱনক আৰু বেছি লোভনীয় কৰি তুলিছে। আৰম্ভণি আৰু শেষৰ মাজৰ সময়চোৱাক অৰ্থপূৰ্ণ কৰি নুতুলিলে জীৱন কেৱল সময়ৰ সমষ্টি মাত্ৰ। গুচি যোৱা সময়ে জীৱনক তেতিয়াহে মান্যতা দিয়ে যেতিয়া সেই সময়ক আমি 'priority' অনুসৰি সজাব পাৰো। আৰু সৰহসময়ত আমি এই ক্ষেত্ৰতে হাৰি যাওঁ। হাৰি যাওঁ কাৰণেই আমাৰ হা হুমুনিয়াহৰ মাত্ৰা বাঢ়ে, অসন্তুষ্টি বাঢ়ে, জীৱনৰ প্ৰতি অভিমান বাঢ়ে। জীৱন কিমান ধুনীয়া মনেৰে হাজাৰ বাৰ মানি ল'লেও আমি যেন মুখেৰে চিঞৰি উঠো- 'জীৱন ইমান নিষ্ঠুৰ' আচলতে জীৱনক ভালপাওঁ কাৰণেই এনে হয়। হেৰুৱাব নিবিচাৰো জীৱনক। আৰু যেতিয়া আমাৰ সন্মুখত জীৱনে বান্ধি দিয়ে শেষ হোৱাৰ নিৰ্দিষ্ট সময়- আমি বেছিকৈ বুজি উঠো জীৱনক। অমনোযোগী সময়ৰ ফাকেৰে সৰি পৰা জীৱনৰ টুকুৰা কিছুমান বিচাৰি হাবাথুৰি খাওঁ। আৰু এই হাবাথুৰিৰ শেষত যি পাওঁ সেয়া আত্ম আবিষ্কাৰৰ চৰম পৰ্যায়। আমি সকলোবোৰ সামৰি সুতৰি জীৱনৰ আটাইতকৈ জটিল অংকটো কৰো। ক'ত হৰণ কৰিম, ক'ত পূৰণ কৰিম,ক'ত বিয়োগ অথবা ক'ত যোগ - মৌখিকৰ পৰীক্ষাত বঢ়াৰ দৰে এই অংক ! নিৰ্দিষ্ট সময়ৰ ভিতৰত অকলেই কৰি শেষ কৰিব লাগিব এই অংক । অনেকবোৰ প্ৰিয় মানুহক একেবাৰে অসময়তে বিদায় দিবলগা হোৱাত জীৱনৰ এই অংকটোৰ কথা এইকেইদিনত বেছিকৈ মনলৈ আহিছে। এৰা, সময়ক সমৃদ্ধ কৰিব পৰা জীৱনহে বৰণীয় হৈ ৰয়। বৰণীয় জীৱনহে আদৰণীয় হয়। আদৰণীয় হোৱাৰ হেপাঁহ মানুহৰ স্বভাৱজাত।