top of page

সন্তানৰ মানসিক স্বাস্থ্যৰ প্ৰতি আপুনি সজাগ নে ?

Updated: Jul 29, 2020

যোৱা প্ৰায় তিনি/চাৰি বছৰ বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন অভিভাৱকৰ সৈতে মোৰ কথা বাৰ্তা হয়। কোনোগৰাকী আহে সন্তানৰ সমস্যা লৈ,কোনো আহে তেখেতসকলৰ ব্যক্তিগত সম্পৰ্কৰ মাজত আহি পৰা জটিলতাৰ সমাধান বিচাৰি। পৰাপক্ষত চেষ্টা কৰো ,বাট এটা দেখুৱাবলৈ। কোনোৱে বিচাৰি পায়। কোনোৱে নাপায়। কিন্তু তেখেতসকলৰ সমস্যাসমূহৰ সমাধান বিচৰাৰ নামত মই নিজেও প্ৰতিদিনে যথেষ্ট শিকিছো। সমৃদ্ধ হৈছো। এইকেইদিনো এনে এক কামতে পুৱাৰ পৰা আবেলিলৈকে ব্যস্ত আছো। যোৱা চাৰি/পাচ দিনত প্ৰায় ৬০০/৭০০ অভিভাৱকৰ সৈতে কথা পাতিছো। উঠি অহা বয়সৰ একাংশ কিশোৰ কিশোৰীৰ ভগ্ন মানসিক স্বাস্থ্যৰ বিষয়ে জানিব পাৰি চিন্তিত হৈছো। সেয়েহে ভাবিলো কিছু কথা আপোনালোককো জনাওঁ। সময় থাকোতেই সন্তানৰ মানসিক স্বাস্থ্যৰ প্ৰতি  প্ৰত্যেকেই যাতে সচেতন হয়।

এইকেইদিন সমস্যাত আক্ৰান্ত যিমান শিশু অথবা অভিভাৱকক লগ পালো তাৰ ৮০% ৰে সমস্যাৰ কাৰণ পাবজি্, ফ্ৰি ফায়াৰ আদিৰ দৰে মোবাইলত সহজে উপলব্ধ গেমবোৰ। পঞ্চম মানৰ পৰা ফ্ৰি ফায়াৰ খেলি এতিয়া এনেকুৱা পৰ্যায়ত আসক্ত হোৱা কিশোৰক লগ পালো যাৰ সন্ত্ৰাসত মাক দেউতাকৰে জীৱন নৰক যেন হৈছে। কোনোবাটো শিশুৱে পাবজি্ খেলাৰ নামত মাহৰ পিছত মাহ ৰাতি টোপনি খতি কৰি এতিয়া আন কোনো কামতে মন দিব নোৱাৰে। আনকি কিতাপখনো মেলি নাচায়। টকা পইচা চুৰ কৰি ফ্ৰি ফায়াৰৰ একাউণ্ট কিনা আদি দেধাৰ অপৰাধ। কিছু সংখ্যক শিশু যৌন বিকৃতি ৰোগতো ভুগিছে। যাৰ সাক্ষী হৈ ৰ'বলগা হৈছে মাক। এতিয়া কথা হ'ল এই পৰ্যায় কেনেকৈ পাইগৈ এটি কিশোৰ বা শিশু? আপোনালোকে বিশ্বাস নকৰিব ,নিজৰ সন্তানৰ যে মানসিক স্বাস্থ্যৰ অৱস্থা এনে হৈছেগৈ, এই কথা গৰিষ্ঠ সংখ্যক অভিভাৱকেই বুজিব নোৱাৰে। প্ৰথমে অকণমান সময়ৰ কাৰণে চাবলৈ দিয়া মোবাইলটো শিশুটিয়ে হাতৰ পৰা এৰিব নোৱাৰা হয়। মাক দেউতাক অন্য কামত ব্যস্ত থাকোতে গোপনে মোবাইল হাতত লৈ শিশু এটি থাওকতে অন্য এখন জগত পায়গৈ। আৰু লাহে লাহে যেতিয়া সেইয়া আসক্তি হয় তেতিয়া শিশুটিক তাৰ পৰা ওভটাই অনা অতি কঠিন হৈ পৰে। পাবজি্, ফ্ৰি ফায়াৰ আদিৰ দৰে গেমে শিশু এটিৰ চেতনাত ইমানেই স্থবিৰতা আনি দিয়ে যে তেওঁ বহু সময়ত সম্পূৰ্ণ ব্লেংক হৈ থাকে, অথবা কোনো কথাই স্থিৰভাৱে ভাবিব নোৱাৰি অস্থিৰ, উদভ্ৰান্ত আচৰণ কৰে। খোৱা, শোৱা, দৈনন্দিন কাম কাজ, পঢ়া শুনা, সমনীয়াৰ সৈতে মুকলিত খেলা, ঘৰুৱা পৰিবেশত নিজৰ মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰা ইত্যাদি সকলোতে চকুত পৰাকৈ পিচ পৰি ৰয়। পৰাপক্ষত অকলে থাকে, কোঠাৰ ভিতৰত মোবাইল পিটিকি থাকে, নিজাকৈ কোঠা বিচাৰিবলৈ আৰম্ভ কৰে, অকলে শুবলৈ বিচাৰে, পৰিষ্কাৰ পৰিচন্নতাৰ প্ৰতি অৱহেলা কৰে। এনে ধৰণৰ আচৰণবোৰ দেখাৰ লগে লগে আৰু পলম নকৰি তৎকালীন ভাৱে ব্যৱস্থা লওক। মন:স্তত্ববীদ, Counselor, অথবা মনোযোগী শিক্ষক বা সদৰ্থক চিন্তাৰ ব্যক্তিৰ সৈতে আলোচনা কৰক। কথাবোৰ যিমানেই গোপন কৰিব, সমস্যা সিমানেই বাঢ়িব। পাৰ্যমানে মোবাইলৰ পৰা শিশুক দূৰত ৰাখক। অন্য কোনো সৃষ্টিশীল দিশৰ প্ৰতি মনোযোগ বঢ়াবলৈ যত্ন কৰক। কোমল সংগীত শুনোৱাৰ অভ্যাস কৰক। সাধু কওক। সাধুৰ চলেৰে মূল্যবোধৰ শিক্ষা দিয়ক। সুৰুঙা পালেই শিশুটিক প্ৰকৃতিৰ সৈতে চিনাকি হোৱাৰ সুযোগ দিয়ক।  আৰু সকলোতকৈ জৰুৰী কথা, আপোনাৰ শিশুটিক আপুনি Quality Time দিয়ক। পৰ্যাপ্ত সময় দিয়ক। শিশুটিৰ কাষত থাকোতে সম্পূৰ্ণ মনোযোগ তেওঁক দিয়ক। তেওঁ যে আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সেই বোধ তেওঁলৈ যোৱাত নিজে আগভাগ লওক।

এনেকুৱা শিশু, শিশুৰ মাক দেউতাকক বুজনি দিবলৈ গৈ নিজেও কেতিয়াবা বৰ মনোকষ্ট পাওঁ। আজি এগৰাকী মাকে পিঠিখন দেখুৱাই সন্তানে মৰা মাৰৰ দাগ দেখুৱাইছে। মোবাইল নাপালে কিদৰে  Hostile হৈ যায় সেই কথা ক'বলৈ গৈ কান্দোনত ভাগী পৰিছে, নিজৰ সন্তানক দেখিলে মাৰি পেলাবলৈ মন যায় বুলি কোৱা পিতৃকো লগ পাইছো। এই পৰিস্থিতিবোৰ নোহোৱাকৈ থাকক ,সেই কাৰণে কথাখিনি share কৰিলো।সকলো শিশুৱেই সুখী শৈশৱৰ গৰাকী হওক।অভিভাৱক সকল সচেতন হওক। আপোনালোকে বিচাৰিলে ,এই ধৰণৰ কথাবোৰ পিছলৈ বিষদভাৱে আলোচনা কৰিম।



22 views0 comments
bottom of page