শিশুটিৰ সৈতে কি ভাষাত কথা পাতে ?
Updated: Jul 23, 2020
শিশুটিৰ সৈতে কি ভাষাত কথা পাতে ? - এইটো হয়তো বহুসংখ্যক অভিভাৱকৰ বাবেই অকণমান আচহুৱা প্ৰশ্ন। শিশুৰ সৈতে কথা পাতিবলৈ আকৌ কি সুকীয়া ভাষা থাকিব আমি যি ভাষাত কথা পাতো, সেই ভাষাতেই শিশুৰ সৈতেও কথা পাতো। আচলতে মোৰ প্ৰশ্নটোৰ অন্তৰালত আন এটা দিশ আছে। এই লেখাটোত সেই উহ্য হৈ থকা দিশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো।
শিশুৰ মনোজগত যিমান ফুলকোমল , যিমানেই সৰল , প্ৰাপ্তবয়স্কৰ বাবে সেই জগতখন উপলব্ধি কৰাতো মুঠেও সহজ নহয়। শিশু এটিৰ আনুভূতিক প্ৰকাশভংগীক বুজি পাবলৈ চেষ্টা কৰোতে সৰহ সময়তে আমি আমাৰ দৃষ্টিভংগীৰে বুজিবলৈ যত্ন কৰো। শিশু এটিৰ প্ৰশ্ন, অভিমান, ক্ষোভ এইসমূহ বুজিবলৈ আমি শিশু এটিৰ সেই স্থিতিলৈ গৈ চিন্তা নকৰিলে সৰহ সময়তে শিশু এটিয়ে পাবলগা প্ৰকৃত সমাধান, অথবা আমাৰ পৰা সি/ তাই আশা কৰা প্ৰকাশভংগীৰ পৰা বঞ্চিত হয়। উদাহৰণস্বৰূপে - ' ক ' নামৰ শিশুটিয়ে বিদ্যালয়লৈ যাবলৈ বেয়া পায়। ' ক'ৰ পিতৃ মাতৃয়ে বুজাই বুজাই ভাগৰিছে। সদায় পুৱা বিদ্যালয়লৈ যাবৰ সময়ত 'ক'ৰ একেখনেই নাটক। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতো ' ক ' ৰ অভিভাৱকে কথা পাতিলে। একো কাৰণ নোলাল। বুজাই বুজাই ভাগৰি দাবী ধমকি দি বিদ্যালয়লৈ পঠিওৱা আৰম্ভ কৰিলে 'ক'ক। এদিন বিদ্যালয়ৰ পৰা ঘৰলৈ আহোতে 'ক' ই মাকক সুধিলে- ' মা, তুমি যেতিয়া সৰু আছিলা, তোমাক স্কুলত খং কৰিছিলে নে নাই ? পিটিছিলেও নেকি বাইদেৱে ? ' , 'ক'ৰ মাকে তপৰাই ক'লে- ' পঢ়া নোৱাৰিলে, দুষ্ট কৰিলে কিমান যে খং কৰিছিল। এচাৰিৰে পিটিছিল ছাৰ বাইদেৱে। ' তাৰপিছত 'ক'ক লগ পালো মই। 'ক'ৰ সৈতে কথা পাতিলো। 'ক'য়ে কিয় বিদ্যালয়লৈ যাবলৈ বেয়া পায়, কাৰণটো বুজিবলৈ যত্ন কৰিলো।
সেই তেতিয়াই বুজিলো- সেইদিনা 'ক' য়ে মাকৰ পৰা আশা কৰা উত্তৰটো আচলতে সেইটো নাছিল। 'ক' য়ে মাকৰ উত্তৰটোত বিচৰা নিৰাপত্তা আচলতে সি নাপালে। সৰুৰে পৰা মৰমত ডাঙৰ দীঘল হোৱা 'ক'য়ে এটা পৰ্যায়ৰ পিছত নতুন স্কুললৈ গৈ সন্মুখীন হৈছে নতুন এটা পৰিস্থিতিৰ, য'ত এটা বিশেষ বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে হাতত ডাঙৰ বেট এডাল লৈ শ্ৰেণীকোঠালৈ আহে, আৰু সৰু সৰু কথাতে ছাত্র ছাত্ৰী সকলক প্ৰহাৰ কৰে, যিটো কথা 'ক'ৰ বাবে সহজ কথা নাছিল। এতিয়া কথা হ'ল , মাক দেউতাক, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী য়ে নজনা কথা এটা মই অকণমান কথা পাতিয়েই কেনেকৈ গম পালো ? কাৰণ মাকক সোধা প্ৰশ্নটো 'ক'য়ে মোকো কৰিছিল আৰু মোৰ উত্তৰটোৱে 'ক' য়ে মনৰ মাজত লৈ থকা ভয় আৰু ভালনলগাবোৰ উজাৰি দিবলৈ যথেষ্ট আছিল। মই 'ক'ক কৈছিলো - ' সদায়েই শিক্ষকসকলে বহুত মৰম কৰে। খং নকৰে। এবাৰ নোৱাৰিলেও বহু বাৰ বুজাই দিয়ে। কিন্তু কেতিয়াবা কোনো কোনো শিক্ষকৰ আন বহুবোৰ কথাত খং উঠি থাকে, খং উঠিলে সকলোকে তেওঁলোকে খঙো কৰিব নোৱাৰে। আৰু ডাঙৰ কথাটো কি জানা, তেনেকুৱা শিক্ষক যেতিয়া তোমাৰ নিচিনা সৰু আছিল, তেতিয়া তেওঁৰ মাক দেউতাকে চাগে সৰু কথাতে তেওঁক খং কৰিছিল, কেতিয়াবা পিটিছিলো। সেইকাৰণে তেনেকুৱা শিক্ষকে খঙবোৰ লুকাই থ'ব নোৱাৰে।কিন্তু সেইবোৰ শিক্ষকৰ বুকুতো তোমাৰ নিচিনা ভাল ল'ৰাৰ কাৰণে বহুত মৰম থাকে। সেইকাৰণে জোৰেৰে নিপিটে। ' তাৰ পিছতে 'ক'য়ে মোক তাৰ বুকুত খুন্দিয়াই থকা কথাখিনি কৈছিল। খং কৰা, মাজে মাজে পিটা বাইদেউজনীৰ কথাও ক'লে। মই'ক'ক মোৰ ধৰণেৰে বুজালো। এতিয়া 'ক' য়ে বিদ্যালয়লৈ যাবলৈ আপত্তি নকৰে।
এতিয়া কথা হ'ল, 'ক'ৰ স্থিতিলৈ গৈ মই সি আশা কৰাধৰণৰ এটা সহমৰ্মিতাৰ ভাষাৰে তাৰ সৈতে কথা পাতিলো। সেয়েহে সি মোক অকণমান বেছিকৈ ভৰসাত ল'লে, তাৰ বুকুত খুন্দিয়াই থকা কথাবোৰ মোক ক'লে মই বুজি পাম বুলি তাৰ আত্মবিশ্বাস উপজিছিল।
শিশুৰ সৈতে ভাৱৰ আদান প্ৰদান কৰিবলৈ হ'লে এই সহমৰ্মিতাৰ ভাষাটো অতি জৰুৰী। দ্বিতীয়তে সেই ভাষাটোৰ মাজত কোনো ধৰণৰ দ্যৰ্থক বোধ থাকিব নালাগিব। শিশুৰ পৃথিৱীখনৰ সৰলতাৰে সংপৃক্ত হ'ব লাগিব সেই ভাষা। সেই ভাষা এনেকুৱা হ'ব লাগিব, য'ত শিশুটিয়ে কওতাৰ শৈশৱৰ সৈতে একাত্ম হৈ যাব পাৰে। সদায় শিশুটিয়ে ক'ব বিচৰা কথাৰ অন্তৰালৰ কথাখিনি উদ্ধাৰ কৰিব পাৰিব লাগিব, 'ক'য়ে কিয় মাকক বিদ্যালয়ত পিটিছিলে নে নাই সুধিলে, ইয়াৰ আৰত আচলতে 'ক'য়ে কি সুধিব বিচাৰিছে, এই কথাটো প্ৰতিগৰাকী অভিভাৱকে উপলব্ধি কৰা উচিত। শিশুক তুলনাৰ ভাষাই বৰ কষ্ট দিয়ে, শিশুটিক অতুলনীয় কৰি ৰাখিব পৰাতো অতি প্ৰয়োজনীয়। কাৰোবাৰ তুলনাৰে শিশুটিৰ মনত আঘাত পোৱা কথা কোৱা একেবাৰে অনুচিত। দ্বিতীয়তে শিশুৰ যিকোনো প্ৰকাশভংগী অথবা শাৰীৰিক ভাষা, কথন শৈলীক লৈ কেতিয়াও উপলুঙা কৰা অনুচিত। সহমৰ্মিতাৰে শিশুটিৰ সেই প্ৰকাশভংগী, শাৰীৰিক ভাষা অথবা কথন শৈলী কিদৰে উন্নত কৰিব পাৰি তাৰ কাৰণে চেষ্টা কৰা উচিত।
শিশুৰ সৈতে কথা পাতোতে এশ শতাংশ মনোযোগেৰে পতা উচিত। এটা কথা সকলোৱেই বুজা উচিত, শিশু এটিৰ উপলব্ধি কৰিব পৰাৰ শক্তি যথেষ্ট। কোনে তাই/তাক মনোযোগ দিছে, কোনে এনেয়ে কিবা এটা সুধি তাই/তাৰ প্ৰতি মনোযোগ নিদি অন্য কথাত মন দিছে এই কথাটো, শিশুৰ চকুত সহজে ধৰা পৰে। আৰু যিজনে শিশুৰ লগত এনে কৰে, তেনেজনক শিশুৱে আন্তৰিকতাৰে কেতিয়াও ল'ব নোৱাৰে। মনোযোগৰ ভাষাই শিশু এটিক নিজকে ' গুৰুত্বপূৰ্ণ ' বুলি ভবাত বহুগুণে অনুপ্ৰেৰণা যোগায়।
শিশুৰ প্ৰতি সহমৰ্মি হোৱা যিদৰে প্ৰয়োজনীয়, ঠিক সমানেই প্ৰয়োজনীয় শিশুৰ নিজস্ব স্থিতিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাতো। আপুনি যদি সন্মুখৰ জনৰ পৰা শ্ৰদ্ধাসূচক আন্তৰিক ব্যৱহাৰ আশা কৰে, তেন্তে 'অকণমানি মানুহ' শিশুটিও ইয়াৰ পৰা ব্যতিক্ৰম নহয়।