শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৮
'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই পেলালো। মই অসম এৰি যাবলৈ ওলাইছো। এটা NGOত join কৰিছো। তেওঁলোকৰ প্ৰজেক্ট এটাৰ কামত মধ্যপ্ৰদেশৰ ভিতৰুৱা গাওঁ এখনলৈ যাম। পাচ বছৰৰ কাৰণে এগ্ৰিমেণ্ট ছাইন কৰিছো। যোৱাৰ আগত তোমাক এবাৰ লগ পাবলৈ মন গ'ল।'
আজি পুৱা পূৰ্বাক ষ্টেচনত লগ কৰিবলৈ গৈছিল সি। লাগেজখিনিৰ ওপৰত তাই থমথমকৈ বহি আছিল। সি গৈ পাওতে তাইৰ কাষত মাকো আছিল।
'অহ্ তুমি আহিলা। '
ঠিক যেন সি আহিব বুলি তাই ভাবিছিল।
সি কেতিয়াবাটে দিয়া বাহৰ বেকক্লিপ ডালেৰে বন্ধা তাইৰ চুলিখিনিলৈ সি কেইবাবাৰো চাইছিল। চুলিখিনিত হাত ফুৰাই দিলে তাই বৰ ভাল পায়। ষ্টেচনত শেষবাৰৰ বাবে তাইক লগ পাই তাৰ বৰ মন গৈছিল তাইৰ চুলিখিনিত হাত ফুৰাবলৈ।
তাই গ'লগৈ। লগত আৰু দুজনী ছোৱালী গৈছে। প্ৰজেক্ট কৰ্ডিনেটৰ জনে আটাইকেইগৰাকীৰে দায়িত্ব লৈ নিবলৈ আহিছিল।
ডবাটোৰ ভিতৰলৈকে সি উঠি আহিছিল।
'পাৰিবাতো'
তাই হাঁহিছিল।
'কিয় নোৱাৰিম ? পাৰিবই লাগিব।'
নামি অহাৰ সময়ত তাই তাক দুয়োহাতে আকোৱালি ধৰিছিল- 'শুনা, একেবাৰে পাহৰি যোৱা মোক। আৰু কেতিয়াও যোগাযোগ নকৰিবা। আমি আৰু কেতিয়াও লগ নাপাওঁ। মোৰ কথা নাভাবিবাই। নিজৰ জীৱনটো ধুনীয়াকৈ আগবঢ়াই নিয়া।মই ভালে থাকিম।'
পূৰ্বা গ'লগৈ।
স্বেচ্ছাই বাচি লোৱা জীৱন এটাৰ বাটত তাৰ মৰমৰ ছোৱালীজনী গ'লগৈ।
সি জানে,পূৰ্বাৰ ঘাঁবোৰ চিনি পায়। কিন্তু সেই ঘাঁবোৰে যে তাইক এনেকৈ ৰেপি থাকে সেই কথা তাৰ কাহানিও ভবা নহ'ল।কিয় নাভাবিলে সি।
তাইতো বহুখিনি কথাই কৈছিল তাক।
'গ'ল। যাবলৈ দে। ভালে থাকক। তয়ো এতিয়া আঠুমূৰীয়া বুঢ়াটোৰ দৰে গুম মাৰি বহি থাকিব নালাগে।'
কথাখিনি খাৰাংখাচ যেন লাগিলেও বৰ মৰমেৰে তথাগতই ক'লে বৰুণক।
বৰুণে একো নামাতিলে।
কিবা এটা হাহাকাৰ হৈছে তাৰ বুকুত। আগতে নোহোৱা হাহাকাৰ।
সেইদিনা সেই গছজোপাৰ তলৰ বেঞ্চখনত বহি থাকোতেও তাই বুকুৰ ঘাবোৰৰ কথা কৈছিল।
'ক্লাছ টুৰ ছোৱালী এজনীয়ে কি জানে কোৱা। এতিয়া তেনেকুৱা বয়সৰ কণমানিবোৰ দেখিলে নিজলৈ কিবা অদ্ভুত feel এটা হয়। সেইকণ বয়সত মই মোক protect কৰিব লগা পৰিস্থিতি হৈছিল। কি কৰিম কোৱা! সকলো মতা মানুহ তেনেকুৱা যেনেই লাগে।'
তাই এধানমান বয়সত হেৰুৱাই পেলোৱা বিশ্বাস সি ওভতাই আনিব নোৱাৰিলে! নোৱাৰিলেনে নে সি এই বিষয়ে নাভাবিলেই।
ইমান দিনিয়া সম্পৰ্ক এটাত সৰ্বোচ্চ ঘণিষ্ঠতালৈ গৈও থমকি ৰোৱা সময়বোৰত সি তাইৰ অসহায়তাক উপলব্ধি কৰিও কিয় তাৰ পৰা ওলাই অহাৰ বাট এটা একেলগে বিচাৰিব নোৱাৰিলে। কিমান বাৰ সি বিৰক্ত হৈছিল। কিমান দিন সি তাই বেয়া পোৱা স্বত্বেও ইটোৰ পিছত সিটো চিগাৰেট জ্বলাইছে তাইৰ সন্মুখত। তাতকৈও ভয়ানক নিচাৰ সেই অকণমানি বটল তাই তাৰ হাতৰ পৰা থপিয়াই নৰ্দমালৈ দলিয়াই দিওঁতে সিয়েইতো তাইক দিনৰ পিছত দিন উপেক্ষা কৰি চলিছিল। নাযাওঁ বুলিয়েই নোযোৱাকৈ আছিল তাইৰ কাষলৈ। মাত এষাৰো দিয়া নাছিল তাইক।
তথাগতৰ কোঠাৰ লেতেৰা তুলিখনত বাগৰি বৰুণে নিজৰ আউল বাউল চুলিবোৰ মাজে মাজে খামুচি ধৰিছে। ক'ৰবাত ভুল হৈ গ'ল তাৰ। ভয়ানক স্পৰ্শৰ স্মৃতি কঢ়িয়াই জুৰুলা হোৱা ছোৱালীজনীক সি আৱৰি ৰাখিব নোৱাৰিলে।
অথচ পূৰ্বাৰ আচৰণৰ বিসংগতিৰ বিষয়ে সি পঢ়িছিল। এনেবোৰ সমস্যাৰ সু চিকিৎসা আছে বুলিও সি জানিছিল। তাইক কোৱা নহ'ল।সি কেৱল ভাবি থাকিলে সম্পৰ্কটো স্বাভাৱিক কৰিবলৈ সি অকণমান আৰ্থিক ভাৱে স্বচ্ছল হ'লে পূৰ্বাক চিকিৎসা কৰাব। লাহে লাহে তাই শৈশৱৰ সেই ভয়লগা কথাবোৰ পাহৰি যাব।
ক'বলগীয়া কথাবোৰ সময়ত নোকোৱাৰ কাৰণে কত সম্পৰ্কই চাগে এনেকৈ হেৰাই যায়।
পূৰ্বাৰ নামত অনি:শেষ প্ৰাৰ্থনা এটা সি ওৰে জীৱন কঢ়িয়াব। তাইৰ কুশল কামনা তাৰ এটা অভ্যাস হ'ব । এইবোৰে তাইৰ যাতনাৰ ভৰ কমাবনে? নকমাব,কেতিয়াও নকমাব চাগে।তাই নিজেই নিজৰ পোহৰ হ'ব পাৰিবনে? যদি পাৰে সেই পোহৰবোৰ তাই আনলৈকো লৈ যাব পাৰিব। যদি নোৱাৰে, সদায়েই বিশ্বাসহীনতাৰ যাতনাৰ পৃথিৱীএখনত তাই কেনেকৈ জীৱ?
একো মাত নমতাকৈ সি তথাগতৰ কোঠাৰ পৰা ওলাই আহিল। তথাগতই বাহী বজাইছে। মিছিং নিচুকনি গীত এটাৰ সুৰ এটা সি বাহীত তুলিছে। ইমান কোমল। ইমান মিঠা।
আজি ইমান কোমল, ইমান মিঠা তাৰ সহ্য হোৱা নাই।
একো নভবাকৈয়ে সি আহি অদিতি বাইদেউৰ ঘৰ পালেহি।
বাহিৰৰ বাৰাণ্ডাখনত অদিতি বাইদেউৱে নীড়ৰ সৈতে লুডু খেলি আছিল। তাক দেখি নীড় একেবাৰে জপিয়াই উঠিল।
'বৰুণ মামা,তুমি মোৰ পাৰ্টিৰ দেই। মাক হৰুৱাম আমি।' কণমানি নীড়ক ক'লে বুজিব জানো- আজি যে সি নিজেই ধৰাশায়ী হৈ আহিছে।
'আজি মই দৰ্শকহে হ'ম দেই।নেখেলো।'
অদিতি বাইদেউৱে তাৰ মুখলৈ চাইছে। নীড়ক কাহানিও না নোকোৱা বৰুণৰ এই আচৰণ বুজিবলৈ যত্ন কৰিছে হয়তো।
পূৰ্বাক সি কাহানিও ক'ব নোৱাৰে-কেতিয়াবা তাৰ অদিতি বাইদেউৰ প্ৰতি বৰ মায়া হয়। আনকি অদিতি বাইদেউৰ কাষত নিমাতে নিতালে বহু পৰ বহি থাকিবলৈ মন যায় তাৰ। নিচাগ্ৰস্ত সময়ৰ উন্মাদনাত তাৰ কেতিয়াবা অদিতি বাইদেউৰ বৈ পৰা চকুযোৰ ওঠেৰে চাকি চাবলৈ মন যায়। এটা লহমাৰ বাবে এনে হয়। এনে হোৱাৰ পিছতে অপৰাধবোধ হয়। প্ৰথম যৌৱনৰ দিনবোৰত হোৱা একান্ত ব্যক্তিগত অভ্যাস এটাৰ পিছত হোৱাৰ দৰে অপৰাধবোধ। অথচ এৰি পেলাব নোৱাৰি, ঠিক তেনেকুৱাই এক অপৰাধবোধত ভোগে অদিতি বাইদেউৰ নামত দূৰ্বল হৈ পৰো যেন হোৱা মুহূৰ্তটোত।
অথচ এই মানুহজনীক সি হৃদয়েৰে সন্মান কৰে। মানুহগৰাকীৰ মমতাক উপলব্ধি কৰে। মানুহগৰাকীৰ সংগ্ৰামখনক সি বুজি পায়। মানুহগৰাকীক পোৱাৰ কোনো বাসনাই নাই তাৰ। তাৰ পিছতো এনে হয়। কিয় হয় ? এই কথা গম পালে পূৰ্বাৰ পুৰুষৰ ওপৰত থকা untrust বাঢ়ি যাব। তাই অবিশ্বাসৰ অন্ধকাৰত আৰু বেছিকৈ ছটফটাব। সচা হ'লেও সেয়ে হয়তো কিছুমান কথা একান্ত আপোনজনকো কোৱা নহয়।
পূৰ্বা গুচি গ'ল।
ভৰ এটা বুকুত দি থৈ গ'ল।
এই ভৰ আজৰাই নথ'লে সি বৰ কষ্ট পাইছে। এই কথা সি কাক কয়?
অদিতি বাইদেউক?