শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৭
কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'।
তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল। অভিমান কৰিব পৰাকৈ সিহঁত অনুভূতিশীল, এই কথাটো তথাগতৰ কাৰণে বৰ সকাহৰ কথা। বহু বছৰৰ আগতে সি এজোপা গছৰ ছবি আকিছিল। কুণ্ডলী পকাই থকাৰ দৰে ঠাল ঠেঙুলীৰে গোটেই ছবিখন জুৰি গছজোপা। কোনোবাটো ঠেঙুলীয়ে মানুহৰ চকুৰ ৰূপ লৈছিল, কোনোবা দুটা ঠেঙুলী লগ হৈ প্ৰাৰ্থনাৰ ভংগীৰ দুখন হাতৰ দৰে আৰু গছজোপাৰ একা বেকা শৰীৰটো আছিল কোনো মানুহৰ নৃত্যৰতা শৰীৰৰ দৰে। অনূকুল দাই ছবিখন দেখি কৈছিল- 'অদ্ভুত, ভয়ংকৰ'। তথাগতই ছবিখনৰ নাম দিছিল- 'অনুভূতি'।
'আহ, আজি আমি ছবি আকিম। বাকীকেইটাক মাতি আন। আজি একদম খুছিমতে ছবি আঁকিবি তহঁতে।'
মানুহ দুনুহ বেছিকৈ আহ যাহ নকৰা, ঘৰ দুৱাৰ নথকা এদোখৰ ঠাই সিহঁতে আগতেই পৰিষ্কাৰ কৰি লৈছিল। এই কেইদিনমান সি নাহোতে ঠাইদোখৰ আকৌ জংঘলেৰে ভৰি পৰিল।
'এইখন আকৌ চাফ কৰিব লাগিব।আহ, লাগি যাওঁ।'
কোনোবা এটাই ঘৰৰ পৰা মিট দা এখন আনিলে। লগে লগে আটাইকেইটা লাগি গ'ল। দা কটাৰী, কোৰ খন্তি লৈ গোটেইকেইটা লাগি গ'ল। অকণমান সময়তে ঠাইখিনি চাফ হৈ গ'ল।
সুহুৰিয়াই উঠিল তথাগতই- 'চাব্বাছ্ বাচ্ছা পাৰ্টি'।
কোনোবাটো আহিল- তথাগতৰ ৰঙৰ কাহীখনত দিলে ডুবাই ফুটুকলা গছৰ পাত এখিলা।
'দে, তোৰ পাতখিলা ইয়াতে এনেকৈ হেচা মাৰি ধৰ।'
'আগৰ বাৰ আমি আমলখী পাতৰ সাচ বহুৱাইছিলো নহয়। অ' ককাই, আজিও আনো নেকি।'
শেঙুননাকী জনীয়ে নাকীসুৰিয়া মাতটোৰে সুধিলে।
'নালাগে।আজি তহঁতৰ হাতবোৰ জুবুৰিয়াই দেচোন ৰঙত। সৱেই বেলেগ বেলেগ ৰঙত বুৰাবি দেই।'
ল'ৰা ছোৱালীৰ জাকটো তেনেই উবুৰি খাই পৰিল।
নীলা, ৰঙা, সেউজীয়া, বেঙুনীয়া, ক'লা, মূগা, গোলাপী অকণ অকণ হাতবোৰৰ চাপ পৰিল কেনভাচত। ৰঙ বিৰঙী হাতবোৰেৰে ভৰিল তথাগতৰ কেনভাচ।
এইকেইটা ল'ৰা ছোৱালীক দূপৰীয়া ভাত খাবলৈ বিচাৰি নুফুৰে মাক দেউতাকে। পুৱা টোপনিৰ পৰা উঠাৰ পিছত ব্ৰাচত পেষ্ট লগাই মৰমেৰে ব্ৰাচ কৰিবলৈ কোনেও নকয়। আনকি পুৱা বিস্কুট এখন খাবলৈ পোৱাৰো কপাল নাই ইহঁতৰ। ভোক কি চিনি পায় বুলি ক'লে ভুল কৰা হ'ব আচলতে, ভোক বুলি সুকীয়াকৈ বুজিবলৈ সিহঁতৰ একো নাই। সিহঁতৰ কাৰণে ভোক সহি থকাটোহে সহজ কথা।
অথচ সিহঁতৰ মাজত তগবগাই থাকে জীৱনে। সিহঁতৰ হাঁহিবোৰ, সিহঁতৰ তিৰবিৰাই থকা চকুবোৰ সচা।
সেইকাৰণেই তথাগত দৌৰি আহে। জোলোঙাত ভৰাই আনে মধুৰ পৰা খুজি অনা মিঠা বিস্কুট। আজিও আনিছে। তায়ো টকা পইচাৰ কথা নোসোধে।কাৰণ থাকিলে তথাগতই বেছিকৈয়ে দি থৈ যায়।
ৰুকুণী বাইৰ ওচৰলৈ সি আহি আছে মাজে মাজে। গণেশ ঢুকুওৱাৰ পাছত সিহঁত আটাইকেইটা আহিছিল। বৰুণ, সমীৰণ, জুনেইদ, গীতাৰ্থ ,অম্লানৰ সৈতে অদিতি বাইদেউৱো আহিছিল সেইদিনা তথাগতৰ লগত। ইমানবোৰ মানুহক একেলগে দেখি ৰুকুনী বাই অবাক হৈছিল। চাপৰ চালিখনৰ তললৈ আটাইকেইটা যাবলৈ ঠাই নাছিল।সিহঁত আটাইবোৰ চালিৰ সন্মুখতে ৰৈছিল। অদিতি বাইদেউৱে ঢেৰ কিবাকিবি বজাৰ কৰি নিছিল। ৰুকুণী বাইয়ে বস্তুবোৰলৈ একেথৰে চাই আছিল।
'একো এটাই ভালকৈ খাব নাপালে চলিটোৱে। গেলি গৈছিল গোটেইটো।'
কিবা এষাৰ মাত দিব পৰাকৈ, ৰুকুনী বাইক 'নাকান্দিব' বুলি ক'ব পৰাকৈ সিহঁত কাৰোৰে যেন সাহ নাছিল। অদিতি বাইদেউৱে বৰ আদৰেৰে ৰুকুনী বাইৰ পিঠিত হাত ফুৰাই দিছিল। বৰুণো কাষ চাপি গৈছিল।তথাগত আৰু অকণমান দূৰলৈ গুচি আহিছিল।শেষবাৰৰ কাৰণে গণেশক লগ পাওতে তাৰ গাতত সোমোৱা চকুৰ ভয়ানক চোকা চাৱনিটোৱে যেন তাক খেদি আহিছিল। সেইদিনাৰ পিছত এইকেইটা দিনত কেইবাবাৰো সি ৰুকুনী বাইৰ ওচৰলৈ আহিছে। মানুহক একো নোকোৱাকৈয়ো' লগতে আছো' বুলি বুজাবলগীয়া সময়বোৰত সি কাষত থিয় দি থাকিবলৈ ভাল পায়।অভং, হোলোংগোজ মানুহ হ'লেও' অনুভূতি'ৰ কথা ভবা মানুহ হিচাপে তাৰো বৰ কষ্ট হয়। মানুহৰ অনি:শেষ যন্ত্ৰণাই তাৰ বুকুখন চোকা কটাৰিএখনেৰে অকিয়াই পেলোৱাৰ দৰে অকিয়াই পেলায়।
'বাই তই জীয়াই থাকিব লাগিব। মৰাটো মৰি গ'ল। জী থকালৈকে জী থাকিবই লাগিব।'
ৰুকুনী বাইয়ে একো নামাতে। কেতিয়াবা অদ্ভুত খঙত তাৰ আগতে বকে। চিঞৰি চিঞৰি কান্দে।
আজিও ল'ৰা ছোৱালী জাকৰ ওচৰলৈ অহাৰ আগে আগে সি বাইৰ তাত এপাক সোমাই আহিছে। গণেশ ঢুকুওৱাৰ পিছত আজি প্ৰথম বাইয়ে নিজৰ পান তামোল বেচা সৰু টেবুলখন চাফ কৰিছে। ইমান দিন সেইখন আলৈ আথানি হৈ পৰি আছিল।
সকলো দুখেই চাগে সময়ৰ লগে লগে সহনীয় হয়। হাজাৰ দুখ লাগিলেও এটা সময়ত মানুহৰ ভোক লাগে, পিয়াহ লাগে। ভোকে শোক নিচিনে। ভোকৰ কাৰণেই মানুহে শোকক জয় কৰে।
ৰুকুনী বাইৰ কাষত কিছু সময় নিমাতে নিতালে বহি বহি সি ইয়ালৈ আহিছে।
আজি তাৰ ভাল লাগিছে।মানুহ এজনী জীৱনলৈ উভতি অহাৰ দৰে লাগিছে তাৰ।
'ককাই, তোৰ জোলোঙাৰ ফোনটো বাজিছে।' কেনভাচখনৰ ওচৰতে আলমোকোটা খাই পৰি থকা তাৰ জোলোঙাত মোবাইলটো সোমাই আছে।সেইটো আজিকালি লগত ৰখা কৰিছে সি। ফোনটো য'তে ত'তে পেলাই থোৱা কাৰণে অদিতি বাইদেউ,বৰুণহতে ঢেৰ বকে তাক। বকনি খাই সি মোবাইল ফোনৰ ব্যৱহাৰ শিকিছে।
মেগন নামৰ ল'ৰাটোৱে দৌৰি দৌৰি ফোনটো আনি তাৰ হাতত দিলেহি। বাজি বাজি ইতিমধ্যে বন্ধ হৈ গৈছে। স্ক্ৰীণত এইটো বৰুণৰ নাম্বাৰ। সেই যে প্ৰাক্তন প্ৰেমিকাক লগ কৰিবলৈ গৈছিল, এই তিনিদিন সি একেবাৰে নাপাত্তা হৈ আছে। ইহঁত কেইটায়ো লগ পোৱা নাই।
তথাগতৰ মিহিকৈ খং এটা উঠি আছিল। সৱ চাল্লা ৰমণীকাতৰ।
খঙেৰেই সি বৰুণৰ নাম্বাৰত মিছ্ড কল এটা দিলে। মোবাইলত পইচা নাই। কল কৰাৰ উপায় নোহোৱা হৈ আছে তাৰ। সি ফোন কৰাৰো দৰকাৰ নপৰে।কৰিব লগাকেইটাই নিজেই খবৰ লয়। তাৰ দৰকাৰ পৰিলে সি মিছ্ড কল এটা দিলেই হ'ল। বৰুণে আকৌ ফোন কৰিলে-
'ক বেটা। একেবাৰে নাপাত্তা হৈ গ'লি ভাই। প্ৰেমৰ ওচৰত বন্ধুত্বৰ কোনো কদৰ নাই ৰে।'
'তোৰ কোৱা হ'ল নে ?'
তথাগতই একেলগে কেইবাটাও কথা কোৱাৰ পিছত বৰুণে গহীনকৈ সুধিলে।
'কি বে, দগা পেলাইছ যে।'
'ক'ত আছ তই ? য'তেই আছ,আহনা।মই তোৰ কোঠাতে আছো।'
তথাগতই আৰু একো নুসুধিলে। বিস্কুটৰ পেকেটকেইটা ল'ৰা ছোৱালীৰ জাকটোৰ হাতত দি সি বস্তুবোৰ সামৰিবলৈ ল'লে।
'ককাই আজি যাৱই যে?'
সিহঁতে আৰু অকণমান সময় বিচাৰিছে। তথাগতই একো নোকোৱাকৈ আটাইকেইটাক কাষ চপাই আনিলে। উশাহবোৰ বুকুত উজাই ল'লে। সিহঁতৰ কলিজাৰ ধপধপনিটো শুনিলে।
'আজি যাওঁ। আকৌ আহিম সোনকালেই।ভালকৈ থাকিবি দেই।'
সিহঁতৰ হাতৰ চাপ থকা, ফুটুকলা গছৰ পাতৰ চাপ থকা কেনভাচখন সামৰি তথাগত আদিংগীৰি পাহাৰৰ পৰা নামি আহিল।