top of page

শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৫

উৎকট গৰম পৰিছে।

তথাগতৰ স্বৰ্গ দপদপাই থকা জুই একুৰা সামৰি থকা চৌকা যেন হৈছে। অসহ্য লাগিছে তাৰ। যোৱা নিশা বহুত পলমকৈ শুইছে সি। আচলতে শোও বুলি তেতিয়াও শোৱা নাছিল সি। ৰুকুনী বুঢ়ীৰ ল'ৰা গণেশ মৰিল। খবৰটো আজিহে পালে সি। আদাবাৰী বাছ ষ্টেণ্ডতে তামোল পানৰ দোকান এখন দি ঘৰ চলাই থকা বেলি বাইদেউৱে তাক খবৰটো দিলে। বিস্ফোৰণটোৰ পিছৰ পৰা একেৰাহে বিচনাত পৰি পৰি তাৰ গাটোৰ পিছফালখন গোটেই ঘাঁ হৈ গৈছিল।টিকাটোৰ এফালে এপোৱামান মঙহ নোহোৱাই হৈছিল। মাজতে তথাগত যাওতেই ঘাঁবোৰে ভয়ানক ৰূপ লৈছিল।

'চিকিৎসা কৰাব লাগিছিল' বুলি ক'বলৈ লৈও ৰৈ গৈছিল সি। চাউল এমুঠিৰ আকাল হোৱা মানুহৰ বাবে সুচিকিৎসাও এক বিলাসীতাহে। চিকিৎসা নাপায়েই গণেশ মৰিল। ঘাঁবোৰত পোক হৈছিল। পোকবোৰ তাৰ বিচনাখনত বগুৱা বাই ফুৰিছিল। গণেশৰ শৰীৰৰ মঙহ খাই লোদোৰ পোদোৰ হৈ পোকবোৰ বিচনাখনত বগাই ফুৰিছিল।বেলি বাইদেউৱে কৈছিল-' মই মোবাইলত ফটো উঠাই থৈছো, তাক জ্বলাবলৈ বুলি দাঙি নিওতে বিচনাতে আধা ফাল পিঠি লাগি থাকিলে। পোকবোৰ যে কিমান মস্ত মস্ত হৈ গৈছিল নহয়। তই নিজে নেদেখিলে বিশ্বাসেই নকৰিবি।' জীয়া মানুহ এটাৰ মঙহ খাই পেলোৱা পোকসোপালৈ পগলা খং এটা উঠি আহিছিল তাৰ। ৰাতিটো সি পোকে খাই পেলোৱা, পিঠিৰ আধাফাল নোহোৱা মানুহ এটাৰ ছবি এখন আকি থাকিল। মুখ নথকা মানুহটোৰ চকু দুটা আকোতে তাক বহুত সময় লাগিল।চকু নহয় দুটা জয়াল পুখুৰী আকিছে সি। গোটেই ৰাতিটো সি ছবিখনকে আকি থাকিল। শেহৰাতিলৈ তাৰ হাতত থকা অৱশিষ্ট মমডালো শেষ হ'ল। সি কোঠাৰ বাহিৰলৈ ওলাই আহিল।

আকাশলৈ চাই সি কিবা এটা সকাহ পায়। ৰাতিৰ আকাশলৈ তাৰ বৰ মায়া। আচলতে দিনতকৈ ৰাতিবোৰ তথাগতৰ বেছি প্ৰিয়। ৰাতিবোৰ একান্ত নিজৰ হয়। ৰাতিবোৰত মানুহ নিজৰ ওচৰত একদম উদং হৈ থাকিব পাৰে। আকাশত তৰাবোৰ নোহোৱাৰ দৰে।' চাল্লা, মহানগৰীৰ আকাশো ফিকা ফিকা হৈ গৈছে। ' মুখত জমা হোৱা থু এসোপা দূৰলৈ পেলাই ভোৰভোৰাই উঠিল তথাগত।

গণেশ মৰি ভাল হ'ল নে? জী থকা হ'লে ভাল আছিল ? জী থাকিনো কি কৰিলেহেতেন। সিটো এটা জীয়া শ য়েই হৈ আছিল।

নাই, ভাল হ'ল।সি মৰি ভাল হ'ল। 'এই দেশত কটা মৰি যোৱাটোও এটা সকাহ।' ভোৰভোৰাই ভোৰভোৰাই সি খালী ৰাস্তাটোত খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।

উফৰি অহাদি ফুটফুটি আহি তাৰ লগ লাগিছেহি। তাৰ ভৰি দুখনৰ মাজত অকাই পকাই সোমাইছেহি তাই।

'বেটী, এতিয়া লেন চেলাইছ। দুদিন ক'ত মৰি আছিলি ? পোৱালিও এৰিলি ক'ৰবাত। তই বৰ।নষ্ট চৰিত্ৰৰ জীৱ ফুটফুটি।'

লক্ষ্মী মন্দিৰৰ জপনামুখত কোনোবা এটা লুটি খাই পৰি আছে। ফুৰ্টিপানীটোপা হজম কৰিব নোৱাৰাকৈ খালে চাগে।

তথাগতৰ বিৰক্তি লাগিল মানুহটোক তেনেকৈ আলমোকোটা খাই পৰি থকা দেখি।

'এইসোপাৰ কাৰণেই মদৰ বদনাম।'

গণেশ বৰ শান্ত ল'ৰা আছিল। ঘৰখন আটোমটোকাৰীকৈ ৰখাৰ সপোন দেখা ল'ৰা আছিল। মাকে তালৈ বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছিল। সেই গণেশ মৰি থাকিল।

ফুটফুটিক কোলাত তুলি ল'লে তথাগতই ।

কেচুৱা এটাক সামৰি লোৱাদি বুকুত সুমুৱাই ল'লে। 'এই ফুটফুটি। মোৰ বুকুখন কেতিয়াবা বৰ খালী খালী হৈ যায় অ' জোনমণিৰ বুকুৰ। এইফালে এফাল নাছিল। খালী- ফুটা মাৰিবলৈ চিলাই কৰা আছিল।মোৰ চা, বুকু আছে। কিন্তু ক'ৰবাত খালী। খালী হ'লে ইমান বীষাই কিয় অ'। '

ফুটফুটি নিতাল মাৰি বুকুত সোমাই আছে।

বৰুৱা চাৰৰ ঘৰলৈ উঠি যোৱা ৰাস্তাটোৰ ওখ ঢাপটোতে ফুটফুটিক কোলাত লৈ জুপুকা লাগি বহি থাকিল তথাগত।

দূৰৰ পৰাই নীড়ে চিনি পালে তাক। মাকৰ সৈতে পুৱা সোনকালে উঠি খোজ কাঢ়ে সি। আজিও খোজ কাঢ়ি আহি আছিল।

'মা, তথাগত মামা। চোৱা। ৰাস্তাতে পৰি আছে।'

অদিতি বাইদেউ উচাপ খাই উঠিল। অশান্তি লাগিল তেওঁৰ। এই মানুহটোক মদেই শেষ কৰিব, তেওঁ হয়তো ভাবিলে।

'মা, খৰকৈ ব'লা। তথাগত মামাৰ গা বেয়া হ'ব পাৰে। ডাক্তৰ মাতিব লাগিব।'

তেওঁতকৈ আগতেই নীড় দৌৰি তথাগতৰ ওচৰ পালেগৈ। যিমান পাৰি খৰকৈ অদিতি বাইদেউৱো আহি সেইখিনি পালেহি।

টোপনিত লালকাল তথাগত। মাজ ৰাস্তাত টোপনিত লালকাল দি আছে তথাগত।

নীড়ে গাত ধৰি জোকাৰিছে -' মামা, উঠা।'

অদিতি বাইদেৱে অকণমান ডাঙৰকৈ মাতিলে; 'তথাগত, ৰাস্তাত পৰি আছা যে।'

অদিতি বাইদেউৰ মাতষাৰ তথাগতই যেন বহু যুগৰ মূৰত শুনিলে। সি পৰি থকাৰ পৰাই থৰ লাগি বাইদেউৰ মুখলৈ চালে।

'কিয় এনেকুৱা হয় তোমাৰ তথাগত ? এনেকৈ য'তে ত'তে পৰি থাকা কিয়।'

তথাগতৰ বুকুৰ মাজৰ পৰা ফুটফুটি কেতিয়াবাই ওলাই গ'ল চাগে। সি এঙামূৰি এটা দি উঠি বহিল। নীড়ৰ জপৰা চুলিখিনি লাহেকৈ মুঠিয়াই ধৰিলে।

'এতিয়া ৰূমলৈ যোৱা। মুখ হাত ধুই মধুৰ দোকানতে চাহ একাপ খোৱাগৈ। মই আহিম দুই এদিনতে।'

অদিতি বাইদেউৱে নীড়ৰ হাতত ধৰিছে। নীড়ৰ যাবলৈ মন যোৱা নাই।

এই মানুহজনীৰ ওচৰত তথাগত কোচমোচ খাই যায়। এই মানুহজনীৰ স্নিগ্ধতাৰ ওচৰত সি যেন নতজানু হৈ ৰয়।

'গণেশ মৰিল বাইদেউ।'

'কোন? কাৰ কথা কৈছা'

তললৈ মূৰ কৰি সি কোৱা কথাষাৰ অদিতি বাইদেউৱে শুনা নাপালে।

'গণেশ- ৰুকুণী বুঢ়ীৰ ল'ৰা।বোমা ফুটি বিচনাত পৰি আছিল ইমানদিনে। তাক জীয়াই জীয়াই পোকে খালে জানেনে।'

অদিতি বাইদেউৱে নীড়ক বেছিকৈ কাষ চপাই আনিলে। তথাগতৰ মুখত গণেশৰ কথা কেইবাদিনো শুনিছে তেওঁ। এই মুহূৰ্তত দুখৰ ভৰত হাউলি পৰা তথাগতক কি ক'ব, তেওঁ যেন ভাবি নাপালে।

লাহেকৈ তাৰ ধুলিত লেতি লৈ থকা পিঠিখনত হাত থ'লে তেওঁ।

'গুচি যোৱা মানুহবোৰৰ কাৰণে নিজকে দুখ নিদিবা। কাৰণ গুচি যোৱাজন ভালে থাকে। এই পৃথিৱীৰ কষ্টৰ পৰা মুক্তি পায়। আমি কষ্টৰ পৃথিৱীত জী থকাৰ যুজঁখন কৰি যাবইতো লাগিব। গণেশৰ মাকৰ ওচৰলৈ আমি যাব লাগিব। আজি কাইলৈৰ ভিতৰতে যাম। মানুহজনীৰ কাষত থিয় দিয়াতো আমাৰ দায়িত্ব। এতিয়া যোৱা, ৰূমলৈ যোৱা।'

নীড়ক হাতত ধৰি উভতি যোৱা অদিতি বাইদেউলৈ সি নেদেখা হোৱালৈকে চাই থাকিল।

বুকুখন চুই চালে সি।

এইখিনিতে খালি ঠাই অকণমান আছিল। বৰকৈ বিষাইছিল।কান্দোন এসোপা ঠেলি হেচি সোমাই আহিছিল। ৰাস্তাত মুখ দি পৰি সি হিয়ালি জিয়ালীকৈ কান্দিছিল।

এই মানুহজনীয়ে হাতৰ মুঠিত কি লৈ ফুৰে। এবাৰ কান্ধত হাতখন থ'লে, তথাগতৰ বুকুৰ বিষটো নোহোৱা হ'ল।কান্দোনবোৰ শান্ত হ'ল।

তথাগত নিজৰ কোঠালৈ উভতি আহিল। মধুক ক'লে -' কাঢ়াকৈ গাখীৰ চাহ একাপ বাক। লগত এছ বিস্কুট। আৰু মোক মুখ ধুবলৈ পানী অলপ দে।'

মধুৱে বিছলেৰীৰ বটল এটা আগবঢ়াই দিলে।

'বাহ্ বেটা। বিছলেৰীৰ বটলেৰে বাহী মুখ ধোৱ।'

নিজৰ কথাত নিজেই ৰস পায় সি হো হোৱাই হাঁহিলে।

মধুৱে একো বুজিব নোৱাৰি তালৈ চাই থাকিল।

'তই চাহ বনা। মোৰ টেমা গৰম আছে। বেছিকৈ মোক পঢ়িলে তোৰো টেমা গৰম হ'ব।'

মধুৱে দিয়া চাহ কাপ আৰু এছ বিস্কুট দুটা লৈ সি আকৌ তাৰ কোঠালৈ সোমাই আহিল।

যোৱা নিশাৰ ব্ৰাচ, ৰং, ফটাকাণী সৱ খেলি মেলি হৈ পৰি আছে।

ছবিৰ লেৰুৱা, মানুহ খোৱা পোকবোৰ যেন ছবিখনৰ পৰা বগুৱা বাই তাৰ কোঠাৰ মজিয়ালৈকে নামি আহিবলৈ লৈছে।

ৰাতি কেতিয়াবা পিন্ধি শোৱা গামোচা এখনেৰে সি কেনভখচখন ঢাকি দিলে।

নাই, এতিয়া পোকবোৰ নেদেখি।

এতিয়া গণেশৰ চকুৰ জয়াল পুখুৰী দুটা নেদেখি।

'থাক, গামোচাৰ আৰত লুকাই থাক। বুকুৰ বিষ উঠিলে আকৌ আকিম তোক'।


Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page