শূন্যতাৰ সিপাৰে তথাগত খণ্ড- ২৪
টি ভি ত অম্লানৰ গান এটা বাজিছে। সি গোটেইটো একেবাৰে উৰুলিকৃৎ হৈ আহি খবৰটো দিছেহি।
নতুনকৈ হোৱা নিউজ চেনেল দুটাৰ কিবা গানৰ প্ৰগ্ৰেমত হেনো দিনটোত এবাৰ দুবাৰ বজায়েই।
সি বেচেৰাই মাকৰ গোটৰ পৰা ধাৰ লৈ ভিডিঅ'টো বনাইছিল। দুই এটা দৃশ্যত সিও ওলাইছে। হিৰ' আকৌ গীতাৰ্থ। সি এনেয়েও ল'ৰাটো ফিট ফাট হৈ থাকে। জুনেইডৰ ঘটনাটোৰ পিছত বহুদিন ডেইজি নামৰ ছোৱালীজনীৰ কথা সিহঁতে পাহৰি থকাৰ দৰে হৈছিল। পিছে য়োগা চেণ্টাৰ এটা চলাই থকা ডেইজিক এদিন গণেশগুৰিতে লগ পাই অম্লানে তাৰ গানটোত লোৱাৰ কথা ক'লে। তায়ো মান্তি হ'ল।
তথাগতৰ ভাষাত ক'বলৈ গ'লে- 'মোতামুতি ঘৰুৱা প্ৰডাকশ্যন ' এইটো।
প্ৰডিউশ্যাৰ অদিতি বাইদেউৱে ঠিক কৰি দিয়াজনেই।
অম্লানে গীতটোত নায়কৰ শিশু ৰূপটোত নীড়কো অকণমান উলিয়াইছে। এইটো কথাত অদিতি বাইদেউৱে অকণমান আপত্তি কৰিছিল। পিছে সিহঁতে বৰ জোৰ দি ধৰাত মানি ল'লে।
এতিয়া সেইটো গীতেই টি ভিৰ স্ক্ৰীণত দিনটোত এবাৰ বজাতো জানো বৰ সহজ কথা! দস্তুৰমত স্ফূৰ্টি কৰিব লগা কথা।
গতিকে আজি তথাগতৰ কোঠাত অম্লানৰ সফলতাৰ উদযাপন।
আটাইকেইটা আহিছে। জুনেইড, বৰুণ, গীতাৰ্থ , সমীৰণ আনকি
ডেইজিও আহিছে।
কথাটো বৰুণে সুধিছিল তাইক -' ইমান ভাল সম্পৰ্কটোত কি এনে কথা হ'ল, সি এইটো সিদ্ধান্ত ল'লে ?'
তাই হাঁহিছিল।
এসোপা কান্দোন সামৰি ,সকলো হেৰুৱাই একোকে নেহেৰুৱাৰ অভিনয় কৰাৰ দৰে হাঁহি।
'ভালপোৱাবোৰ শেষ হৈ থাকিল। আমাৰ মাজত সেই অনুভূতিটোৱেই নোহোৱা হৈ গ'ল। অতি বেছি গতানুগতিক হৈ পৰিছিল সকলো।'
'তথাপিও ?'
'মোৰ ক'বলৈ একো নাই বৰুণ দা। সকলোৱে বেয়া বুলি ক'লেও সি এটা ভাল কাম কৰিছে। সেই মানুহগৰাকীলৈ মোৰো খং উঠিছিল, খং কি। ঘীণ লাগিছিল। মোৰ পৰা তাক কাঢ়ি লোৱাৰ দৰে লাগিছিল। কিন্তু যিমানে সময় গৈছে মই কথাটো বৰ হৃদয়েৰে গ্ৰহণ কৰিব পৰা হৈছো। সি যেন বৰ দৰকাৰী কাম এটা কৰিলে! সেই মানুহজনীৰ অসহায়তা, যুজঁখন দেখিছিলো।
এতিয়া ভালে থাকক সি.সিহঁত। মোৰ একো আক্ষেপ নাই। মই সহজেই তাৰ মুখামুখি হ'ব পৰাকৈ সহজভাৱে লৈছো তাৰ সিদ্ধান্তক।আমাৰ প্ৰেম হয়তো শেষ হৈ গৈছিল'
এতিয়াও আজি এইদৰে জুনেইদ আৰু ডেইজিক দেখি বৰুণ আচৰিত হয়।
সচাই ইমান সহজ জানো।
নাই, তাৰ কাৰণেচোন নহয়।
সি তাইক কৈছিল -' মোতকৈ কাৰোবাক ভাল লাগিলে গুচি যাবা।'
এই কথাটো সি আজিও বিশ্বাস কৰে।
প্ৰতিটো সম্বন্ধত সি এই কথাটো বিশ্বাস কৰে। সম্বন্ধ এটা বান্ধোন হৈ থকা কথাটো তাৰ মনে নামানে।
আৰু তাই গুচি গ'ল।
কাৰোবাৰ হ'বলৈ নহয়, তাক সলনি কৰিব নোৱাৰি তাই গুচি গ'ল।
সলনি কিয় হ'ব লাগে? সি যেনেকুৱা তেনেকৈয়ে থাকিলে তাইৰ ইমান অশান্তি কিয় হ'ল।
কোনোবা কাৰোবাৰ কাৰণে সলনি হয় জানো ? নহয়, কেতিয়াও নহয়।যি হয়, তেওঁ নিজকে হেৰুৱাই।
বৰুণে নিজকে কেতিয়াও হেৰুৱাব নিবিচাৰে।
তেন্তে তাইক হেৰুৱাই তাৰ ইমান কষ্ট কিয় ?
তাইক হেৰুৱাই পেলোৱাৰ যন্ত্ৰণাৰ মাজতো হঠাতে কিয় তাৰ সিৰিক কৈ অদিতি বাইদেউলৈ মনত পৰে ?
কথাবোৰ খেলিমেলি হৈ গৈছে।
সি পকেটৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাবলৈ বুলি বাহিৰলৈ ওলাই আহিল। হাজাৰ হওক, ছোৱালী এজনী আছে কোঠাটোত। তাই যিমানেই বন্ধু সুলভ নহওক কিয়, কিছুমান আচৰণ সি সচেতন ভাৱে মানি চলে। ডেইজীৰ উপস্থিতিত সি তথাগতৰ চালিৰ তলত আনদিনাৰ দৰে সহজেই চিগাৰেটটো জ্বলাব নোৱাৰে।
এঢলীয়া ৰাস্তাটোৰে নীড়ৰ হাতত ধৰি নামি আহিছে অদিতি বাইদেউ। বৰুণে চিগাৰেটটো আকৌ পেকেটত ভৰাই থ'লে।