শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৩
তাৰ পিছত কেইবাদিনো জুনেইদ ঘৰলৈ নাহিল। জুনেইদৰ অকলশৰীয়া মাকজনীয়ে কেতিয়াবা কান্দি কান্দি তথাগতৰ চালিৰ তলতে বহি থাকে।
মধুৱে নিজেই বুজি চাহ একোকাপ যাচে। তামোল এখন দিয়ে।
বৰুণ, সমীৰণ, গীতাৰ্থহতো আহে।
মাক এজনীক নিজৰ সন্তানৰ বিষয়ে জানো বুজাব পাৰি ? পেটত লৈ জন্ম দিয়া সন্তানৰ নাড়ী নক্ষত্ৰ মাকতকৈ বেছি কোনে চিনিব।
তথাপি সিহঁতে বুজাই -
'সৱ ঠিক হৈ যাব খুৰী। সি কিবা ভাবি কিবা এটা কৰিলে আৰু । এতিয়া ধৰি নাথাকিব।'
মানুহজনীয়ে একো নামাতে।
আৰু এদিন তেনেকৈ তথাগতৰ চালিৰ তলতে জুপুকা লাগি মাকজনী বহী থাকোতে অকণমানি ল'ৰা এটা বাইকৰ আগত বহুৱাই আহি ওলাল জুনেইদ।
একেই হাঁহিমুখীয়া, ৰঙীয়ালটো হৈ।
তাৰ পিছত সেয়াও এক পৰ্ব।
মাকৰ কান্দোন থমাৰ নামেই নলয়।
সিও অকণমান ল'ৰাটোক কোলাত বহুৱাই মাকৰ কাষতে বহি লৈছে।
শেষত ৰেফাৰী হ'ল তথাগত।
'অ' খুৰী, ইয়াক এবাৰ চুই চাওকচোন। এইকেইদিনত ইয়াৰ মঙ, তেজ সলনি হ'ল নেকি ? আপুনি জনম দিয়াটোৱেই হৈ আছেনে নাই এবাৰ পৰীক্ষা কৰি চাওক।'
মানুহজনীয়ে জলমল চকুকেইটাৰেই কটমটকৈ চালে তালৈ-
'সেয়া আপোনাৰ খঙেই উঠিল নহয়। আপুনি যেনেকৈ হাহাকাৰখন কৰিছে, মোৰ তেনেকুৱাই লাগিছে।এস্ হ'ল আৰু, সি আপোনাৰ হিচাবত নকৰিবলগীয়া কিবা এটা কৰিলে। জীয়াই থাকিম কিমান দিন খুৰী। ভাল লগা ভালপোৱা কাৰোবাৰ লগত জীৱনটো ভগাই ল'ব খুজিছে, লওক দিয়ক। বাকী আপা ছলি থকা মাক বুলি ঘেণঘেণাই থাকিলেনো কি হ'ব, তাৰ কাৰণে সেয়াই সুখ। দুটা মানুহ একেলগে সুখী হৈ থাকিব পৰা কথাটোত আমিবোৰে বাৰু মিছাই চিঞৰ বাখৰ কৰি থকা নাইনে ?'
তাৰ পিছত তথাগতৰ ভাষাত 'দুদিনমান বতৰ ডাৱৰীয়া হৈ থাকি, ধুমুহা গাজনি দুটামান আহি, এতিয়া একেবাৰে ফৰকাল বতৰ' । এতিয়া জুনেইডৰ হোৱা ল'ৰাটো জুনেইডৰ মাকেই স্কুললৈ অনা নিয়া কৰে।জুনেইদৰ মানুহজনীয়েও বাহিৰ ভিতৰ গোটেইখন সামৰে।
আগতকৈ অকণমান সোনকালে জুনেইদো ঘৰলৈ যায়।
ঘৰ .. এৰা, ঘৰৰ মায়া বৰ বেলেগ মায়া।
তথাগত বঞ্চিত সেই মায়াৰ পৰা।
তথাপি সি বুজি পায়।
এটা সন্ধিয়াৰ অসংযত কিছু সময়ৰ পিছত তাৰ কোঠালিলৈ জুনেইদ অকলে নাহে, সিও নিবিচাৰে সি অকলে আহক। উত্ৰাৱল সময় এখিনি অবাধ্য হৈ সিহঁতৰ মাজলৈ আহক।
কোনেও গম নোপোৱাকৈ কিবা এটা হৈ গ'ল। সেই হৈ যোৱাটোক লৈ একো দ্বিধা, দ্বন্দ্ব অথবা অপৰাধবোধ একোৱেই নাই তথাগতৰ।
আজি বহুদিনৰ মূৰত অপ্ৰতিম আহিছে আড্ডালৈ।
বাবা লৈ নহয়, একেবাৰে শুদাহাতে আহিছে সি।
বৰুণহতে জোকাইছে তাক-
'তই একেবাৰে নিৰামিষাহাৰী হ'লি নেকি অ'। নে শৰণ ল'লি ?'
অপ্ৰতিমে বৰ কম কথা কয়। তাৰ চকুৱে কথা কয়।
আজি তাৰ চকুত বুকুত কেৱল প্ৰেম।
প্ৰেম হ'লে সি আৰু মৌন হৈ ৰয়।
তথাগতই ক'ৰবাত পুৰণা গছৰ মূঢ়া এটা পাইছিল। আজি সেইটোকে কাটি কুটি সি বুঢ়া মানুহ এজন কুজা হৈ বহি থকাৰ দৰে ৰূপ এটা দিছে। কিমান সময় যে যুজি যুজি এইটো ৰূপ দিব পাৰিছে সি।
শিৱসাগৰৰ পৰা একেখন বাছতে আহিছিল অপ্ৰতিম। খানাপাৰাত নামি আচলতে সি অটো ল'ম বুলি ভবা নাছিল। তাই অটোৰ চালকজনৰ সৈতে কথা পতা দেখি সি ৰ'ল।
এহেজাৰ টকিয়া নোট এখন দেখুৱাই তাই কিবা কৈ আছিল, সি ওচৰ চাপি আহিল।
'অটো এখন মোকো লাগিছিল। আমি share কৰিব পাৰো নেকি ?'
সেইদিনা বশিষ্ঠ চাৰি আলিৰ ঠাইত সি তাইৰ লগত উলুবাৰীলৈকে গৈছিল, একেখন অটোতে সি তেতিয়া বশিষ্ঠ চাৰি আলিলৈ উভতি আহিছিল অটোচালকজনে মোচৰ তলত মিচমিচাই হাঁহিছিল -' দাদা, নতুন চিনাকি বুলি ধৰিবই নোৱাৰি আপোনালোকক।'
এৰা, তাই অনৰ্গল কথা কৈছিল।তাইৰ দীঘল চুলিকোচাই অটোৰ গতিৰ লগে লগে তাৰ গালে মুখে চুই গৈছিল।
তাই নামিবৰ সময়ত তাক কৈছিল-' আকৌ লগ পাম।'
পিছদিনাই সি তাইৰ উলুবাৰীৰ হোষ্টেল গৈ ওলাইছিল।
তাই বহুদিনৰ চিনাকি কাৰোবাৰ দৰে তাৰ লগত ওলাই আহিছিল।
এতিয়া সি গোটেই মানুহটোৱেই ভিতৰে বাহিৰে তাইকে যেন লৈ ফুৰে।
প্ৰেমে ওপচাই ৰখা মানুহৰ বাবে গোটেই পৃথিৱীখনেই বৰ শুৱনি,বৰ সুখী আৰু বৰ মধুৰ। অপ্ৰতিমৰ ভাষাত -
'বাবাৰ নিচাতকৈও দাৰুণ প্ৰেমৰ নিচা।'
এৰা, তাই বাবাৰ গোন্ধ সহিব নোৱাৰে।
আৰু সি তাইৰ অনুপস্থিতি সহিব নোৱাৰে।
গতিকে সম্প্ৰতি বাবাৰ সৈতে অপ্ৰতিমৰ বিৰোধ চলি আছে।