শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২২
আজি তথাগতই মামণি ৰয়ছমক আকিবলৈ লৈছে। তেজৰ দৰে ৰঙা শাড়ী পিন্ধা মামণি ৰয়ছম। ৰঙা কাপোৰ সাজেৰে মানুহজনী, চকুৰ বৈ অহা কাজল, আউল বাউল পাকলগা চুলিখিনি অতিক্ৰমি তথাগত যেন প্ৰেমত পৰে মামণি ৰয়ছমৰ। এই নিচা নতুন নহয় তাৰ। তথাগতই মামণি ৰয়ছমৰ ছবিৰ পিছফালে জেবেঙা জেবেং আখৰেৰে লিখে-
'মই প্ৰেমত পৰিছো নেকি।'
তথাগতই নিজে অকা মামণি ৰয়ছমক তধা লাগি চাই থাকে। নাৰীৰ চকুৰে বগাবলৈ ভাল পায় সি।
মামণি ৰয়ছমক প্ৰথম সি দিল্লীত থাকোতেই লগ পাইছিল। অনুকূল দাৰ লগত সি বাইদেউৰ ঘৰলৈ গৈছিল।
দিল্লী বিশ্ববিদ্যালয়ৰ ছবিৰ কৰ্মশালা এখনৰ কাৰণে কোনোৱে অনুকূল দাৰ সৈতে যোগাযোগ কৰিছিল। যিগৰাকীয়ে এই যোগাযোগ কৰিছিল ,সেই ছাত্ৰী গৰাকীয়ে মামণি বাইদেউৰ বিশ্ববিদ্যালয়ৰ সমীপৰ ঘৰলৈকে মাতিছিল আলোচনা কৰিবলৈ। সেইবোৰ সময়ত তথাগত নহ'লেই নহয় অনুকূল দাৰ। গতিকে সিও গৈছিল।
ঠাণ্ডাৰ দিন।
তাতে দিল্লীৰ ঠাণ্ডা।বৰ উৎকট।
ৰঙা উমাল হলৌ চোলা এটা পিন্ধি গোলাপী মানুহজনীয়ে সিহঁতৰ সৈতে কথা পাতিছিল। অনুকূল দাই চোলাটোক কিবা 'ফিৰণ' নে 'ফেৰণ ' বুলি কৈছিল। কাশ্মীৰী নাৰীয়ে পিন্ধে সাধাৰণতে এনেবোৰ চোলা। চোলাৰ পকেটত বাৰে বাৰে হাত দুখন সুমুৱাই তেওঁ কৈছিল-' ইমান ঠাণ্ডা, ইমান ঠাণ্ডা, তোমালোকৰ আহোতে বৰ কষ্ট হৈছে চাগে।'
গৰম গৰম চুপ দিছিলহি বাইদেউৰ সহায়কাৰী ছোৱালীজনীয়ে।বাইদেউৱে কাৰোবাক ভেজ্ কাটলেট আনি দি যাবলৈ ফোন কৰিছিল।
সেইদিনাও তথাগতই তধা লাগি চাইছিল- কিমান যে যতনেৰে মানুহগৰাকীয়ে সিহঁতক আদৰিছিল।
'ডাঙৰ' বুলি ক'বৰ জোখাৰে ডাঙৰ মানুহগৰাকীৰ ডাঙৰ মনটোৱে তাৰ ক'ৰবাত চুইছিলগৈ।
তাৰ নামটো দুই তিনিবাৰ সুধিছিল-' তথাগত ..তথাগত মানে বুদ্ধ, জানানে তুমি??বুদ্ধই জীৱনৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ চিনি পাইছিল। তুমি জানানে সেইকথা ?'
সি কি ক'ব কি নক'ব হৈ সেমেনা সেমেনী কৰিছিল। ইমান লিখিত শৈলীত সি কথাই ক'ব নাজানে।
কিবাকিবি কাৰণত সেই কৰ্মশালাখন নহ'লগৈ।
কিন্তু তথাগতক সেই নোহোৱা কৰ্মশালাখনেই মামণি ৰয়ছমৰ সৈতে প্ৰথম চিনাকি কৰাইছিল। নোহোৱা কৰ্মশালাখনৰ ওচৰত সি কৃতজ্ঞ।
'ছবিবোৰে কথা কয়। মই কাণ পাতিলেই শুনো জানা।'
তথাগতই তেওঁৰ চ'ৰাঘৰৰ ছবিবোৰ এমূৰৰ পৰা চাইছিল।
তাৰ পিছত বহু বাৰ সি মামণি ৰয়ছমক লগ পাইছে।
তথাপি এতিয়াও কেতিয়াবা মানুহজনীয়ে তাক লগ পালে' তোমাৰ নামটো কি আছিল বাবা ?' বুলি সোধে। প্ৰতিদিনেই কত মানুহৰ চাগে মুখামুখি হয়, ক'তনো তাৰ নাম মনত থাকিব। এই ভাবটো আহিলেও সি আশা কৰে মামণি ৰয়ছমে তাৰ নামটো মনত ৰাখক।
মাজতে দুদিনমান বৰুণ আহিব পৰা নাছিল তথাগতৰ ওচৰলৈ। কুৰিয়াৰ চাৰ্ভিছৰ কামটোৰ নামত তাৰ বহুত খাটনি হৈছে।আজি আহিয়েই একে লগে ইটোৰ পিছত সিটোকৈ দুটা চিগাৰেট হুপিলেহি। তথাগতই ছবি আঁকি থাকিলে এটাও মাত নমতাকৈ তাৰ ওচৰত বহি থাকিব পৰা মানুহটো অকল বৰুণ।
আজিও সি বহু সময়ত জুৰি মনে মনে থাকিল।
এটা সময়ত তথাগতই ছবি সামৰিলে। কোঠাটোৰ চুকত মোটোকাই থোৱা তুলিখন মেলি সি লাং খাই পৰি দিলে।
'মামণি ৰয়ছমৰ প্ৰেমত পৰা কি সহজ কথা।'
'জহন্নামে যা, সেই মানুহগৰাকীক লৈ অন্ততঃ এইবোৰ বকি নাথাকিবি।
চিগাৰেটত শেষ হোপাটো মাৰি বৰুণে ক'লে,
'তোক বেলেগ কথা এটা ক'ম আজি।'
চকু মুদিয়েই তথাগতই ক'লে- ' ক, কৈ যা ভাই।তথাগত আজি প্ৰেমত আছে। সৱ শুনিব পাৰিম। সৱ সহিব পাৰিম। '
'ধেৎ, কটা .. 'অবাইচ মাত এটা মাতি বিৰক্তিৰে থিয় দিলে বৰুণ।
'হেই ৰ না দোস্ত, তোৰ এই টেংকীটো ইমান অলপতে উতলে যে।'
কথাটো অকণমান গুৰুতৰেই। বৰুণে কথাটো কোৱাৰ পিছত দুয়োটা বহুপৰ গুম হৈ বহি থাকিল।
'জুনেইদে মহিলা এগৰাকীক ঘৰলৈ লৈ আনিলে। মানুহগৰাকীৰ অদিতি বাইদেউৰ নীড়ৰ সমান ল'ৰা এটাও আছে। জুনেইদৰ মাক পগলাৰ দৰে হৈছে। আজি আমাৰ ঘৰলৈ আহিছিল। বহুত কন্দা কটা কৰিছে।কি কৰা যায় এতিয়া ?'
'কিন্তু তাৰ সেই ছোৱালীজনী আছিল নহয়, তাইৰ কি হ'ল ?'
'সেইবোৰ মই কি জানো। '
জুনেইদৰ কথাটোৱে তথাগতৰ মনত ঠিক কি ধৰণেৰে প্ৰতিক্ৰিয়া কৰিব লাগিছিল সি বুজি পোৱা নাই। নাই, তাৰ খং উঠা নাই। সিচোন খুব বেছি আচৰিতো হোৱা নাই।
এদিন নিভৃতত এই জুনেইদৰ মাজতে সি এক অন্য জুনেইদক বিচাৰি পাইছিল।
সেই সময় শুদ্ধ আছিল, নে ভুল আছিল- সেয়া সি নাজানে।
নে সেয়া মদৰ ৰাগিত হৈ যোৱা আকস্মিক এক অঘটন সেয়াও তথাগতই ভাবি চোৱা নাই।
কিন্তু খুব অকণমান সময়ৰ কাৰণে হ'লেও সেই সময় আছিল সুকীয়া। একে সাচৰ দুটা শৰীৰো বাংময় হৈ উঠিবপৰা অকণমান বিশেষ সময়।
তথাগতই পাহৰিব নোৱৰা সময়।