শূন্যতাৰ সিপাৰে তথাগত খণ্ড- ২১
বৰুৱা ছাৰৰ জন্মদিন ভালদৰেই হৈ গ'ল। সিহঁত আটাইকেইটাই পাৰে মানে খাটি বৰ ধুনীয়াকৈ পাতিলে ছাৰৰ জন্মদিন। তথাগতৰ ভাগত অৱশ্যে কাম বেছিকৈশ্ন নপৰিলে। সি এইদৰে অনুষ্ঠান পতা, মানুহ গোটাই পিটাই কিবা এটা কৰাত এনেয়েও বৰ কেচা।
বৰুণে তাক প্ৰথমতেই কৈ থৈছিল-' তই একো কৰিব নালাগে। ছবিকেইখন আক ভালকৈ। মূৰটো গৰম কৰি নল'বি। সেইদিনা মাত্ৰ স্কুলঘৰটো ভালদৰে সজাবি। বাকী সৱ আমি চম্ভালি ল'ম।'
আচলতে ছাৰে গম নোপোৱাকৈ ছাৰে ছবি শিকোৱা স্কুলখনতে ছাৰৰ জন্মদিন পালন কৰিবলৈ বিচৰাতো কিছু জটিলেই আছিল। এই পৰামৰ্শটো দিছিল বৰুণৰ মাকে।
'ছাৰে নিজৰ জন্মদিনটোত এটা চিন্তাত থাকিলে ভাল নহ'ব। বাইদেউক এৰি থৈ আধা ঘণ্টাৰ কাৰণেও যদি ছাৰ সেইদিনা ওলাই আহে, তেখেতৰ মনটো বৰ মুকলি হৈ নাথাকিব। ছাৰৰ ছবিস্কুলতে পাতা নহ'লে জন্মদিনৰ অনুষ্ঠানটো।'
'কিন্তু এই কথাটো ছাৰে গম পোৱাতো আমি বিচৰা নাই যে ?'
সিহঁতৰ প্ৰশ্নবোধক মুখবোৰ পঢ়ি তেখেতে আকৌ কৈছিল- ' ভাবা,ভাবিলে সকলো কথাৰ সমিধান ওলাই। কিবা এটা উপায় সকলো লগ হৈ উলিয়াব লাগিব।'
ছাৰৰ ছবিস্কুলখন দুখলপিয়া। তলৰ মহলাৰ ভিতৰেৰে কাঠৰ চিৰি এটা আছে। সেইফালেৰে ওপৰলৈ যায়। ওপৰলৈ আজিকালি বৰকৈ ছাৰ নাযায়। বাকী শিক্ষক কেইগৰাকীহে যায়। অৱশেষত সিদ্ধান্ত হৈছিল ছাৰৰ বাহিৰে সকলোকে লগত লৈ অনুষ্ঠানটো হ'ব।শিক্ষক কেইগৰাকীয়েও প্ৰস্তাবটো বৰ ভাল পালে।
তথাগতই ছাৰৰ কেইখনমান পট্ৰেইট আকিলে। ছাৰৰ ছবি আকিবলৈ সি কিনো বিশেষ ভাবিব। গোটেই মানুহজনেইচোন তাৰ মন মগজুত সোমাই আছে।
কুৰ্টা পায়জামা পিন্ধা চুটি চাপৰ মানুহজন। চচমাৰ তলৰ তিক্ষ্ণ চকুযোৰ, ভেলেঙা হাঁহিটো। সকলোবোৰেই তাৰ চকুৰ আগত থাকে।
বাইদেউৰ কান্ধত জাপি জাপি চাদৰখন দি দিওঁতে, বাইদেউৰ কপালত ৰঙা ফোটটো আকি দিওতে, কেচুৱা এটাক জলপান খুৱাই দিয়াৰ দৰে বাইদেউক জলপান খুৱাই দিওতে , ল'ৰা ছোৱালীবোৰক ছবি অঁকাই থাকোতে সকলো হুলস্থুলৰ মাজত কোনেও নুশুনা বাইদেউৰ মাতষাৰ শুনি যোৱা আৰু'এওঁ মোক মাতিছে' বুলি খৰধৰ খোজেৰে বাইদেউৰ কাষলৈ দৌৰি অহা মানুহজনৰ কিমান ছবি সি আকিছে- কিছুমান মনৰ মাজত, কিছুমান ৰঙৰ মাজত।
আকিলে, সি ছাৰৰ জন্মদিনৰ কাৰণে ছখন ছবি আকিলে।
জন্মদিনৰ দিনা পুৱাতে সিহঁত আটাইকেইটা লগ হৈ ছবি,ফুল আৰু বাইদেউৱে ভাল পোৱা মিঠাইৰ টোপোলা লৈ ছাৰৰ ঘৰৰ ড'ৰবেলটো বজাওতে, ছাৰে বাইদেউক পুৱাৰ জলপান খুৱাই আছিল।
সিহঁত অলপপৰ বাহিৰতে ৰ'ল ।
এটা সময়ত ছাৰ ওলাই আহিছিল বাদামী ৰঙৰ কুৰ্টা, বগা পায়জামা পিন্ধা মানুহজনে সিহঁত জাককে দেখি হাঁহি পেলাইছিল।
'আজি মোৰ উপহাৰ আৰু আদৰত বিলিন হোৱাৰ দিন' বুলি সংবাদ মাধ্যমৰ মানুহৰ আগত হাঁহি হাঁহি কৈছিল।
অম্লান, সমীৰণ আৰু বৰুণৰ মাকো আহিছিল। সকলোৱেই ভাগে ভাগে কিবাকিবি ৰান্ধি আনিছিল।অদিতি বাইদেউৱে পায়স ৰান্ধি আনিছিল। মুঠতে সিহঁতে আশা কৰাতকৈও ধুনীয়াকৈ ছাৰৰ জন্মদিনৰ অনুষ্ঠানটো হৈ গ'ল।
মানুহজনৰ সুখী সুখী মুখখন সিহতৰ বুকুৰ সন্তুষ্টি হৈ দিনটো ভৰাই থাকিল।
তথাগতই অকা ছবি কেইখন ছাৰে মাজে মাজে ভিৰৰ মাজতো অকলশৰে ৰ লাগি চাই আছিল। বৰুণে কথাটো লক্ষ্য কৰি তাক কৈছিল।
তাৰ এই মানুহজনক কিয় জানো সেইদিনা এবাৰ আকোৱালি ধৰিবলৈ মন গৈছিল।
সিহঁত আটাইয়ে ছাৰৰ ভৰি চুই উভতি আহিবলৈ লওতেও ছাৰে হাঁহি হাঁহি কৈছিল- 'বুঢ়া কেচুৱাৰ জন্মদিন হেপাঁহ পলুৱাই পাতিলাহত দেই। এতিয়া আৰু এশ বছৰ জীৱলৈ মন গৈছে।'
জোনমণিজনীৰো বৰ হেপাঁহ আছিল জীৱলৈ। তথাগতই আজিও বুজি নাপায়- সেইয়া কি ভাল পোৱা আছিল? নে ক'ৰবাত সি নামৰ মানুহটোৰ বুকুত নিতাল মাৰি থকা সহানুভূতি অথবা কৰুণা আছিল সেইয়া।
তাকেই লৈ জোনমণি সুখী হৈছিল।
জোনমণিৰ শেতা ওঠযোৰ তাৰ ওঠে সামৰি লোৱাৰ দিনটোত থৰে থৰে কপিছিল তাই। কাহানিও কোনেও চুই নোপোৱা শৰীৰটোৱে তাক মুঠেও আমন্ত্ৰণ জনোৱা নাছিল আৰোহণ অথবা অৱৰোহণৰ বাবে। কিন্তু কিবা এটা নোপোৱাকৈ তাই এই পৃথিৱীৰ পৰা গুচি যাব, দুটা শৰীৰে একেলগে আৰোহণ কৰিব পৰা স্বৰ্গ তৃপ্তিৰ আমেজৰ পৰা তাই বঞ্চিত হৈ থাকিব-এই কথাটো তাই যেন ক'ৰবাত মানি ল'বলৈ কষ্ট পাইছিল।
অসুখটোৱে তাইৰ বুকুখনহে বখলিয়াইছিল, ভৰ গাভৰু মনটো জানো এনেকৈ মৰামুৱা হ'ব পাৰে ?
জোনমণিৰ মনটো বৰ জীয়া মন আছিল। উমানন্দৰ গুহাৰ দৰে ঠাইখিনিত সেইদিনা অপাৰ্থিৱ চেতনাৰে এক হোৱাৰ সেই মুহূৰ্তটোত তথাগতই বাৰম্বাৰ উপলব্ধি কৰিছিল এই কথা- সচাই তাই মনেৰে জী থকা মানুহ আছিল।
হস্পিতেলত সি তাইক চাবৰ দুবাৰ গৈছিল। হাতত তেনেই তাকৰিয়া সময় লৈ তাই হস্পিতেলৰ বিচনাতো হাঁহিয়েই আছিল।
কি জ্যোতিৰ্ময় আছিল সেই হাঁহি।
তাৰ বুকুত অকা ছবিবোৰৰ ভিতৰত হস্পিতেলৰ বিচনাত শুই শুই তালৈ চাই হহা জোনমণিৰ হাঁহিটো বৰ বিশেষ ..