top of page

শূন্যতাৰ সিপাৰে তথাগত খণ্ড- ২০

অম্লানৰ গানটো হ'ল গৈ অৱশেষত। বৰ সুখৰ খবৰ। সি বেচেৰা হতাশ হ'বলৈ ধৰিছিল কিছু দিনৰ পৰা। এই খবৰটো নোহোৱা হ'লে সি প্ৰিয় বিষয় এটাৰ পৰা নিজকে জোৰ কৰি আতৰাই আনিলেহেতেন।

আজি দিশপুৰ প্ৰেছ্ ক্লাবত তাৰ গানটোৰ ভিডিঅ' ৰিলিজ হ'ব। প্ৰডিউশ্যাৰৰ অকণমানি জীয়েকজনীও ওলাইছে, প্ৰডিউশ্যাৰৰ চিনাকি ছোৱালী এজনীও ওলাইছে। যিয়েই নহওক, মুঠতে কামটো ভাল হৈছে।

কালি তথাগতৰ কোঠাত সৰুসুৰাকৈ ভিডিঅ ৰিলিছ অনুষ্ঠান এভাগী হৈয়েই গ'ল।ক'লা কুকুৰ, বাঘ ,ভালুক কেইবাবিধ উপকৰণেৰে চুৰচুৰীয়াকৈ পাৰ্টি অকণমানো হ'ল।

এই যে তথাগতৰ কোঠালৈ আহে ইহঁতকেইটা, ইহতৰ সুখ দুখ, হতাশা অভিমান সকলোবোৰ উজাৰি দিয়াৰ এই এটাই মূল ঠিকনা- তাৰ কোঠাটো। দুখৰ ভৰো বয়, সুখৰ হাঁহিবোৰো সামৰি পোহৰ হয়।

'দে বাপা, ভাল হওক চলিটোৰ'- তথাগতই অম্লানৰ পিঠিত থপথপাই কালি যেতিয়া কৈছিল, তাৰ চকূকেইটা জলমলাইছিল।

'গান এৰিব নোৱাৰো অ'। গান এৰিলে বুকু বিষাই। এতিয়া গানে যদি এচিকুট মানো লক্ষ্মীক আনে,তেন্তে গানে প্ৰাণে থাকিম আৰু।'

আজি এয়া আটাইকেইটা আহি প্ৰেছ ক্লাব পাইছেহি। অম্লানৰ ঘৰৰ মানুহো আহিছে, মুখত হাঁহি লৈয়ে আহিছে।

থাকক,এই হাঁহিবোৰ থাকক।

বৰুণৰ মাক দেউতাকো আহিছে।

তথাগতৰ কাণখন পকাই বৰুণৰ মাকে মিহিকৈ দম এটাও দিলে-' ক'ত নোহোৱা হৈ যোৱা? গা ধুবলৈও হ'বলা অহা নাই কেইবাদিনো। আহিবা এইকেইদিনতে। খুৰাই পাঠা মাংশ আনি খুৱাব। আৰু এটা কথা ,সোনকালেই মাহ হালধিও ঘহিব লাগিব। ছোৱালী চাই আছো।'

তথাগতই ঢেকঢেকাই হাঁহিলে -

'হে কি কয় খুৰী। মোৰ কোঠাত আনটো নায়েই জপাবলৈ দুৱাৰ এখনেই নাই।'

' আমাৰ ঘৰত ৰূম ভাৰা কৰি থাকিবা। বনৰীয়া জীৱন বহুত হ'ল, এতিয়া ঘৰচীয়া হ'ব লাগে।'

কিছুমান মাক সহজেই সকলোৰে মাক হৈ যাব পাৰে। বৰুণৰ মাক তেনে এজনী মাক।

অদিতি বাইদেউ আৰু নীড়ো আহিছে। নীড় ডাঙৰ হৈছে। অদিতি বাইদেউৰ হাতত নধৰাকৈ কাষে কাষে আহিছে।

সৰু সৰু নীলা ফুল দিয়া বগা কাপোৰ এসাজ পিন্ধি আহিছে অদিতি বাইদেউৱে। ঢিলাকৈ বেণী এডাল গুঠিছে। আনদিনা লোৱাতকৈ অকণমান ডাঙৰকৈ নীলা ফোট এটাও লৈছে। বিশেষ আ অলংকাৰ নিপিন্ধে তেওঁ।

এনেকৈয়ে ভাল লাগে।

এনেকৈয়ে তেওঁ বিশেষ।

'তোমালোক কেতিয়াবাই আহিলা নেকি ?'

'নাই, নাই, এই আহিছোহে।'

আটাইকেইটাই প্ৰায় একেলগেই ক'লে।

'চাহৰ যোগাৰখিনি তোমালোকে অকণমান চাই দিবা। গামোচা কেইখনমান মই লৈ আহিছো।'

কথাখিনি কৈ কৈ বাইদেউৱে হাতত লৈ থকা বেগটো খুলি গামোচা কেইখনমান উলিয়ালে।

সমীৰণে তাৰ মইনাচৰাইজনীও লৈ আহিছে। তাই বৰুণৰ মাকৰ লগতে বহিছে। জুনেইদৰ বান্ধবীও আহিছে।বৰ দায়িত্বশীল ছোৱালী তাই। আহিয়েই মঞ্চ সজোৱাৰ পৰা টেবুলত থোৱা পানীৰ বটলকেইটালৈকে হিচাপ ৰাখিছে। এতিয়াও অদিতি বাইদেউৰ লগত তাই লাগিয়েই গ'ল।

জানমণিৰ বুকুৰ এফাল নাছিল। এই নথকা কথাটো তথাগতৰ কাৰণে একো সমস্যাৰ কথা নাছিল। সমস্যাটো হ'ল, তাইৰ বুকুঢকা চোলাটোৰ যিফালে তুলা এনুৰা সুমুৱাই থোৱা আছিল, তাৰ সিটো ফালেও য'ত তাইৰ বুকুখন আন ছো

'আইতা আমাৰ গাঁৱৰে যে, আইতাক চোৱা চিতা কৰিবলৈ মোক বাৰ বছৰমান বয়সতে আনিছিল। অসুখটো হোৱা চাৰি বছৰ হ'ল। একো গমেই পোৱা নাছিলো। কাপোৰ মেলি থাকোতে বিষ এটা হ'ল। দাদা বৌৱে ডাক্তৰৰ ওচৰলৈ নিলে। ভেলোৰলৈও লৈ গ'ল। বুকুৰ এফাল কটা গ'ল। বহুত কান্দিলো। এই ঘৰখনে মোক বহুত দিছে।তেওঁলোকৰ মুখলৈ চাই কান্দিবলৈ বাদ দিলো। হোৱাই নোহোৱাই হাঁহি থাকো। আপোনাৰো খং উঠিছিল যে'

কথাখিনি কৈ তাই লৈছিল।

তালৈ চাইছিল।

তথাগতই তাইৰ ভৰি দুখনলৈ চাইছিল। বৰ ধুনীয়া আছিল তাইৰ ভৰি দুখন। নখচন্দ্ৰই উজলোৱা তাইৰ উকা নখবোৰত ব্ৰাচডালত লাগি থকা ৰঙবোৰ ঘহি দিবলৈ মন গৈছিল তাৰ।

'দুদিনমান আগেয়ে আকৌ চেক আপত যাওঁতে বুকুৰ সিটো ফালতো বেমাৰটো হোৱা বুলি গম পাইছো। এইবাৰ চাগৈ নাবাচিম। আপোনাৰ লগত সময় কটাবলৈ মন গৈছিল। আপোনাৰ জীৱনটো জীয়াবলৈ মন গৈছিল। আইতাক ক'লো। আইতাই আহিবলৈ ক'লে'

তথাগতই তাৰ বুকুত থকা সমস্ত মৰমেৰে তাইক বুকুত সুমুৱাই লৈছিল। আকূটি এটাৰ দৰে তাই তাৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই আহিছিল।

এটা শিশুক চুই চোৱাৰ দৰে সি তাইক চুই চাইছিল। তাইৰ বুকুৰ বেঙেনাবুলীয়া চিলনীটোত তাৰ ৰঙলগা আঙুলি কেইটাৰে চুই চুই সি গাইছিল-

'শিয়ালী এ নাহিবি ৰাতি

তোৰে কাণে কাটি লগামে বাটি' ..

Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page