শূন্যতাৰ সিপাৰে তথাগত খণ্ড-১৯
বুঢ়ী মানুহজনীৰ ছবি এখন আকিবলৈ দিছিল তেওঁৰে পুতেকে। তথাগত তেতিয়া ৰাস্তাটোৰ সিটো মূৰৰ চালিখনৰ তলত আছিল। বৰ দামী গাড়ী এখনত চুট টাই মৰা ভদ্ৰলোক এজন আহি এদিন তথাগতৰ চালিৰ দুৱাৰমুখ পালেহি। ক'ৰবাৰ পৰা সি আহি সোমাইছিলহি মাত্ৰ। মানুহজন তাৰ দুৱাৰমুখত থিয় দিয়াৰ লগে লগে ধনী মানুহৰ গাৰ পৰা ওলোৱা এটা বিশেষ সুগন্ধি তাৰ নাকত লাগিছিল। সকলোবোৰ ধনী মানুহৰ গাতে যেন সেই একেটাই গোন্ধ। তথাগতই সেয়েহে গোন্ধটোক ধনী মানুহৰ গোন্ধ বুলিয়েই কয়।
মানুহজনৰ চেহেৰাটোৰ দৰে মাতটো নহয়। মাতটো অকণমান নাকিসুৰীয়া। মানুহজনে মাকৰ ছবি এখন অকোৱাব বিচাৰিছিল।
'মোৰ মা বৰ ধুনীয়া মানুহ। ঘৰত ডাঙৰকৈ মাৰ ছবি এখন লগাই থ'ব খুজিছো। এইফালে আহোতে যাওঁতে আপোনাক দেখি থাকো। সেয়েহে আহিলো আজি কথাটো সুধি যাওঁ বুলি।'
নিজৰ ঘৰত ডাঙৰকৈ মাকৰ ছবি এখন লগাই থ'ব খোজা মানুহজনক কিবা এটা ভাল লাগি গৈছিল তথাগতৰ। কিমান মৰমেৰে মানুহজনে কৈছিল-'মোৰ মা বৰ ধুনীয়া ' বুলি।
তথাগতৰ পৰা সহাৰি পাই পিছদিনা পুৱাতে তেখেতে মাকক লৈ আহিছিল। এডালো চুলি বাহিৰত ওলাই নহাকৈ আটি আটিকৈ চুলিখিনিৰে খোপা বন্ধা, দীঘল উকা সেওটাৰ, কলডিলিয়া মুখৰ মানুহগৰাকীৰ মুখখন সচাই অতি ধুনীয়া। সচৰাচৰ দেখি থকা মানুহবোৰতকৈ অকণমান ওখ, কিন্তু তেনেই লাহি পাহি মানুহগৰাকীৰ তেতিয়া চাগৈ বয়স আশীৰ ওচৰা ওচৰিয়েই হ'ব।
তথাগতই ধেমালি কৰিছিল- 'আই বৰ ফিট ফাট হৈ থাকে দেই।'
মানুহগৰাকীয়ে হাঁহিছিল।
'শিক্ষয়িত্ৰী আছিলো। এনেকৈ থকাৰ অভ্যাস আছিল।তাতে ইহঁতৰ দেউতাকে আৰ্মীত চাকৰি কৰিছিল। ঘৰখনত কিছুমান অভ্যাস তেখেতৰ পৰাই আহিল।'
সেই মানুহগৰাকীৰ লগতে আহিছিল জোনমণি। গোলমোল মৰমলগা মুখৰ কথাই কথাই হাঁহি থকা জোনমণিয়ে প্ৰথম দিনাই তথাগতৰ পৰা গালি শুনিছিল সৰু সৰু কথাতে খুকখুকাই হাঁহি থকা কাৰণে।
'এনেকৈ চেলেপুৰ নিচিনাকৈ কিয় হাঁহি থাকিব লাগে ? বেছিকৈ হাঁহি উঠিলে বাহিৰলৈ ওলাই যাবা। মই বহুৱা নহয়, মোক চাই হাঁহি থাকিব লগীয়াকৈ।'
সেইটো কথাটো তাই পাৰেমানে হাঁহিছিল।
মানুহগৰাকীয়ে মৰমেৰে কৈছিল-' জোন, তেওঁৰ দিগদাৰ হয়। তই ইমানকৈনো হাহ কিয়?'
তিনিদিনৰ মূৰত ছবিখন হৈছিল। মানুহজনীৰ ল'ৰাজনে বৰ আথেবেথে ছবিখন সামৰি লৈছিল। তেখেতৰো চকুৱে মুখে সন্তোষৰ হাঁহি এটা বিৰিঙিছিল।
সেই তিনিদিনৰ আটাইকেইদিনেই জোনমণি আহিছিল। জোনমণিৰ হাঁহিটো তাৰ ভাল লগা বেয়ালগাতকৈও আচৰিতভাৱে তাৰ মনত ৰৈ গৈছিল।
কথা পতা হোৱা নাছিল।
এনেয়ে নক'লে নোহোৱা কথাকেইটাহে সি সচৰাচৰ কৈছিল।তাই তাকো নকৈছিল। হাঁহিবলৈ কিন্তু এৰা নাছিল।
ছবিখন শেষ হোৱাৰ দিনা মাত্ৰ তাই বাৰে বাৰে তাৰ ৰং, ব্ৰাচবোৰ অবাক হৈ চুই চাইছিল- 'ইমান একে হৈছে।ছবিৰ আইতা আচল আইতা একে হৈ গ'ল।'
আজলীজনী।
এতিয়া মনত পৰিলতো এয়া হাঁহি উঠি গ'ল তথাগতৰ।
তাৰ পিছত আকৌ এদিন আহিছিল জোনমণি। মানুহজনৰ গাড়ীতে আহিছিল। 'আইতাই আপোনালৈ দিছে' বুলি টোপোলা এটা দি গৈছিল। বৰ ধুনীয়া চোলা এটা আৰু ইফালে সিফালে লৈ ফুৰিবলৈ বঢ়িয়া বেগ এটা আছিল টোপোলাটোত। সেইদিনাও তাই তাৰ ৰং ,ব্ৰাচবোৰ বৰ মনোযোগেৰে চাইছিল।
'ছবি আকিব জান নেকি?'
তথাগতই বেছি দিন মানুহক তুমি বুলি মাতিব নোৱাৰে।
তাই হাঁহিছিল।
'ছবি আঁকিবনো কোনে নাজানে। সৱৰে ছবিবোৰ মানুহে নুবুজে আৰু ভালো নাপায়।'
কোঠাটোৰ চুক এটাৰ পৰা খচমচাই ডালশলীয়া এটা তাৰ গাৰ ওপৰেৰেই পাৰ হৈ গ'ল। সিহঁতবোৰো কিবা চিনাকি হৈ গৈছে।তথাগততকৈ পুৰণি তাৰ কোঠাৰ এই নিগনি, ডালশলীয়া কেইটা। সিহঁতৰ সৈতে সহাৱস্থানত সি পুৰা অভ্যস্ত।
আজি তাৰ বহুদিনৰ মূৰত জোনমণিলৈ মনত পৰিছে।
ভৰদূপৰৰ নিজম সময় এখিনিত জোনমণিয়ে তাক তাইৰ জীৱনৰ আটাইতকৈ গোপন সত্য এটাৰ মুখামুখি কৰাইছিল হঠাতে।
সেইদিনা তাই মানুহজনৰ গাড়ীত অহা নাছিল।এনেয়ে আহিছিল।
সি কেচা বুট চোবাই আছিল।
ছবি আঁকিবলৈ মন নাছিল তাৰ।
তাই আহিছিল।
'আইতাৰ অসুখ। এইবাৰ বেছিকৈ বেয়া অৱস্থা। মোৰ বৰ ভয় লাগিছে জানে। আইতা নোহোৱা হ'লে মই অঘৰী হ'ব লাগিব।'
তথাগতই বুট এমুঠি মোকোৰা মোকোৰে চোবাইছিল।
তাই আকৌ কৈছিল- 'মোক গাঁৱৰ পৰা আইতাক চোৱা চিটা কৰিবলৈকে আনিছিল।এতিয়া আইতাই মোৰ সকলো। আইতাৰ গা বৰ বেয়া। আইতাৰ কিবা হ'লে কি হ'ব'
'কোনো কাৰো কাৰণে সদাইৰ কাৰণে নাথাকে। বুঢ়া হ'লে মানুহ মৰিবই। তাকে লৈ এইবোৰ বলকি থাকি কি লাভ?যা ঘৰলৈ যা গৈ।'
তাই আলৈ বিলৈকৈ বহি আছিল। তথাগতই বুট এমুঠি দিলে। খালে তাই।
'তই ইমান হাহ কিয়?'
'এনেয়ে'
'এনেয়ে পগলাইহে হাঁহে।'
'ময়ো পগলাই।'
'এতিয়া যা গৈ।'
যাবলৈ বুলি উঠি হঠাত তাই ঢলি পৰিছিল। তথাগতই খামুছি ধৰিছিল তাইৰ দুবাহুত। হঠাতে কি হৈ গ'ল, একো ধৰিব নোৱৰা হৈছিল সি। হাঁহি থকা ছোৱালীজনী জৰমাৰ দি তাৰ লেটেৰা তুলিখনত পৰি ৰৈছিল। সি তিতা কাপোৰ এখনেৰে তাইৰ মুখখন মচি আছিল।
'আইতাতকৈ আগেয়ে যাম মই'
সেহাই সেহাই কোৱা তাইৰ কথাষাৰত সি ভয় খাই গৈছিল।
আৰু ঠিক সেইখিনি সময়তে .. হয় সেইখিনি সময়তে তাই তাৰ হাতখন নি তাইৰ বুকুত থৈছিল।
তাইৰ ওখ চাপৰ বুকুখন।
তাইৰ বুকুত নাছিল এটা স্তন।