শূন্যতাৰ সিপাৰে তথাগত খণ্ড -১৮
আদাবাৰীৰ পৰা যোৱা ট্ৰেভেলাৰ এখনৰ ড্ৰাইভাৰ ল'ৰাটোৰ হাততে তথাগতই টকা তিনি হাজাৰ আৰু ডাবৰ আলমণ্ড তেলৰ বটল এটা, আটা দুই কেজি, চয়াবীনৰ পেকেট দুটা, বৰলিন এটা, চাহপাতৰ পেকেট এটা, গুড ডে বিস্কুটৰ পেকেট দুটাও মাকলৈ বুলি পঠিয়ালে। আটাইকেইটা বস্তু মাকৰ বৰ প্ৰিয়। অদিতী বাইদেউৱে দোকানত কৈ থৈছিল। সি মাত্ৰ ভাবি ভাবি মাকৰ প্ৰিয় বস্তু কেইটা লৈহে আহিছে। বস্তু কেইটা চাই মাকৰ মুখত চাগৈ ফেলেক কৈ হাঁহি অকণ ওলাব। অভাবে জুৰুলা কৰা মানুহজনীৰনো হহাৰ সুৰুঙা ক'ত।
আদাবাৰীৰ পৰা উভতি আহোতে সি বহু দিনৰ মূৰত গণেশৰ খবৰ লৈ আহিল। ৰুকুনি বাইৰ ল'ৰা গণেশ। আগতে অটো চলাইছিল। মাকে পুতেকে মোতামুটি আৰামত চলিছিল। পিছে বোমা ফুটি গুৱাহাটীত এশৰ বেছি মানুহ মৰাৰ দিনা গণেশো অটৰে সৈতে জুই একুৰা হৈ উঠিছিল। গোটেইটো তেনেই আধামৰা হ'ল। ৰুকুনি বাইয়েনো কিমান চিকিৎসা কৰাব। এতিয়া ভৰ ডেকা ল'ৰাটো তেনেই টোটোৰা পৰা বেঙেনাটো যেন হৈ বিচনাতে পৰি থাকে।শৌচ প্ৰস্ৰাব সকলো বিচনাতে। বাইয়ে তামোল পানৰ দোকান এখনকে ঘৰৰ সন্মুখত দি দুটা পেট পুহি আছে। তথাগত আহিলেই বাইয়ে কান্দে। মানুহে কান্দিলে কেনেকৈ শান্তনা দিব লাগে সেই কথা তথাগতই মুঠেও নাজানে।সি বৰ আমণি পায়।
মধুৰ দোকানৰ পৰা দুপেকেট বিস্কুট খুজি আনিছিল সি। গণেশৰ বিচনাখনতে থ'লে। গণেশে হাঁহিলে। এইবোৰ হাঁহিয়ে বুকু ভেদি যায়। হাঁহি নহয়, এসোতা উতলি থকা চকুলোহে যেন বাগৰি আহিছে।
বিশেষ একো কথা বতৰা নপতাকৈ তথাগত তাৰ পৰা ওলাই আহিল।
ক'ত যে কেতিয়া এই চলি থকা জীৱনটো হঠাতে ৰৈ যায়, একো ঠিকনা নাই। গণেশৰ কাৰণে কিবা এটা ভাবিবলৈ লৈও সি একো উৱাদিহ নাপালে। ক'ৰবাত ভাবিব পৰা শক্তিবোৰো যেন ৰৈ যায়।
কিবা এটা ভাবি সি উভতি আকৌ বাছত উঠিল ।ভূৱনেশ্বৰী পাহাৰৰ ওপৰৰ পৰা তলৰ গুৱাহাটীখন চাবলৈ মন গ'ল তাৰ। বাছৰ পৰা নামি সেই চোৱা বাট সি সদায় খোজ কাঢ়ে। অকোৱা পকোৱা বাটবোৰ তাৰ জীৱনৰ বাট যেন লাগে। এদিন এই কথা সি বৰুণক কৈছিল। বৰুণে ভেকাহি মাৰি উঠিছিল- 'যত সৱ ফিলচফিকেল কথা'
এখন ছবিত তথাগতই ভূৱনেশ্বৰী পাহাৰৰ ওপৰৰ এই বাটটো আকিছিল। মানুহৰ মনৰ কেইটামান স্তৰক লৈ আকিছিল সি ছবিখন।সুপ্ত, অৰ্ধসুপ্ত, জাগ্ৰত এই চেতনাবোৰ সি এই বাটটোৰ মাজেৰে আকিছিল।
ছবিখন কিনি লৈছিল কোনোবা গ্ৰাহকে। যিমান পইচা বিচাৰিছিল সিমান পইচা দিয়েই গ্ৰাহকজনে ছবিখন কিনি লৈছিল। ছবিখন বিক্ৰী হ'ল যদিও মনৰ কোনোবাখিনিত বৰ ধুনীয়াকৈ অকা হৈ গৈছিল। সেইখন ক'তো বিক্ৰী নহয়।
ভূৱনেশ্বৰী মন্দিৰৰ পিছফালে সচৰাচৰ য'ত তথাগত আহি বহে, আজি তাত বৰ নিবিড়ভাৱে ল'ৰা ছোৱালী এহাল বহি আছে।
এৰা, গোটেই পৃথিৱী এফালে আৰু ভালপোৱাৰ সময়বোৰ এফালে।
তথাগত ল'ৰা ছোৱালীহালে আমণি নোপোৱা দূৰত্বত বহিল।
ভালপোৱাৰ কথাবোৰ ইমান বেলেগ হয়। মধুৰ সংসাৰখনলৈ চালে তথাগত কেতিয়াবা অবাক হয়। ভালপোৱাৰ যাদুদণ্ডই সলাই পেলাইছে মধুৰ পৃথিৱী। তাইৰ মানুহটোৱে কোনোবা এখন আশ্ৰমত কাম কৰে। তাত সেই বেমাৰটোত ভুগি থকা ল'ৰা ছোৱালীবোৰ থাকে। একো একোটা জীয়া কাহিনী যেন ল'ৰা ছোৱালীবোৰ। মধুৰ গিৰিয়েকে এদিন তথাগতক আশ্ৰমখনলৈ লৈ গৈছিল। মৰমলগা ল'ৰা ছোৱালী জাক। কোনোবাটোৰ চকু মুখত ইমান বিষাদ। কোনোবাটোৱে আহি তথাগতৰ কোলাতে উঠি লৈছিল। তথাগতনো কোলাত কেচুৱা ল'ব পৰা মানুহ জানো ? কিন্তু কি জানো মায়াত সেইদিনা সেই অকণমানিটোক বুকুতে সুমাই লৈছিল সি। তাৰ অকণমানি কলিজাটোৰ 'ঢুক ঢুক' শব্দটোৱে তাক জী থকাৰ আচৰিত বোধ এটা দিলে। সি এটা জীয়াই থকা মানুহ- এইটো জানো সহজ কথা! কিমান মনেৰছ মৰা মানুহৰ সৈতে তথাগত মুখামুখি হয়। কৰমৰ্দনৰ সময়ত সি উমান পায়, কিমান শীতল কলিজাটো লৈ মুখত মৰা হাঁহি লৈ ঘুৰি ফুৰে অনেক মানুহ। সেইদিনা সেই কণমানিটো কিমান জীয়া আছিল। কিমান উত্তাপ আছিল তাৰ স্পৰ্শত।
ভালপোৱা .. ভালপোৱা, তথাগতৰ বুকুৰ চ'ৰাঘৰত বাহ সজা এহাল কপৌ চৰাই। মন গ'লেই ভুৰুংকৈ উৰা মাৰে।ৰাতি আহি আতৌপুতৌকৈ তাৰ বুকুতে জিৰায়।