শূন্যতাৰ সিপাৰে তথাগত। খণ্ড - ১৭
Updated: Jun 16, 2021
চকুহাল মেলিবলৈ মন যোৱা নাই তাৰ। আগনিশা বাবাৰ ৰাগি যোৱাই নাই। বৰুণৰ স্কুটাৰৰ পিছত আহোতে বৰুণে তাক ডাঙৰ ডাঙৰ কৈ গান গাই আহিবলৈ দিছিল ক'ৰবাত পৰি আহিব বুলি।
সিও প্ৰাণভৰি গাইছিল বুকুৰ গান।
'তোমাৰ প্ৰেমৰ ভোগজৰাটি
দিয়া বাকি
মৰমিয়াল জীৱন হওক ভাল'
বাবাৰ ৰাগি শেষ হোৱা নাই।
গানৰ ৰাগি শেষ হোৱা নাই।
আৰু এয়া তাৰ দুৱাৰমুখত অদীতি বাইদেউ।
জলমল দুচকুৰে সি বাইদেউলৈ চালে।
'এতিয়াও শুই আছা ? ৰাতি দেৰিলৈকে ছবি আকি আছিলা নেকি ?'
দুহাতেৰে চুলিবোৰৰ জটবোৰ ভাঙি ভাঙি সি উঠি বহিল।
'বাইদেউ, বাবা খালো কালি। মাথা টিংটিঙাই আছে। আপুনি পাচমিনিট মধূৰ ওচৰতে ৰওক। মই অলপ চিজিল হৈ লও।'
একো নামাতিলে অদীতি বাইদেউৱে। তালৈ স্থিৰভাৱে চাই ৰ'ল অলপ পৰ।
দুখ পালে নেকি মানুহজনীয়ে।
পাচ মিনিট নহয়, দহ মিনিট লাগিলে তথাগতক নিজৰ লগতে কোঠাটোত মানুহ বহিব পৰা কৰি লওতে।
মুখ ধোওতে সি চুলিখিনিও তিয়াই ল'লে। বাবাই বৰ বেয়াকৈ ধৰিছে তাক।
তাৰ পিছত সি মধুৰ দোকানৰ ওচৰলৈ ওলাই গ'ল। অদীতি বাইদেউৱে বৰ আন্তৰিকতাৰে মধূৰ লগত কথা পাতি আছে।
কি বা কথা পাতিছে।
বৰ জলৌ জপৌ চুৰিডাৰ এযোৰ পিন্ধিছে অদীতি বাইদেউৱে। বেণীডাল ঢিলা হৈ ককাললৈকে পৰি আছে।
জাধলী হৈ গৈছে নেকি ধুনীয়া মানুহজনী।
সি গুম হৈ মধূৰ দোকানৰ কাষতে ৰ'ল।
'চাহত চেনী দিম নে দাদা নে নেমু চেপি দিম ?'
'তোৰ যি মন যায়, দে।'
তথাগত যিদিনা দেৰিকৈ শুই উঠে সেইদিনা মধূৱে নেমু ৰস দিয়া চাহ দিয়ে। কিবা এটা তাই নিজাকৈ বুজি লৈছে। দেৰিকৈহ শুই উঠা পুৱাবোৰত তথাগতৰ নিচা শেষ নহয় বুলি তাই ধৰি লৈছে।
আজিও কথাটো তাই তেনেকৈয়ে লৈছে।
নেমু ৰস দিয়া চাহৰ কাপটো লৈ সি মধূক ক'লে-' বাইদেউক ভালকৈ গাখীৰ চাহ একাপ বাকি দে।'
'বাইদেউৱে খাই আহিছে। এতিয়া নাখায়।'
সি অদীতি বাইদেউৰ মুখলৈ চালে।
চকুৰ গুৰি ক'লা পৰিছে।
মুখখনো কিবা মোলান পৰি আছে।
'বাইদেউ , নতুন ছবি এখন আৰম্ভ কৰিছো। চাব নেকি ?'
কিবা এটা ক'ব লাগে কাৰণেই যেন সি ক'লে।
'ব'লা।'
তাৰ কোঠাটোত চকী নাই।
মধূৰ দোকানৰ চকী এখন দাঙি লৈ আহিল সি।
তলমূৰকৈ বহি আছে তথাগত।
দুৱাৰখনৰ কাষতে চকীখনত অদীতি বাইদেউ। এটা এটাকৈ মানুহজনীয়ে কথাবোৰ কয়। বৰ স্পষ্ট, বৰ শুৱলা।
'কিয় এইবোৰ কৰা তোমালোকে ? জীৱনটোৰ এই ভৰ সময়ত নিচাৰ নামত ইমান উতলা কেনেকৈ হ'ব পাৰা ? এয়া ভুল তথাগত। নিজৰ শৰীৰ মনৰ প্ৰতি অন্যায়'
এই মানুহজনীৰ সন্মুখত তথাগতই কেতিয়াও উগ্ৰতা দেখুৱাব নোৱাৰে। বিৰক্ত হ'ব নোৱাৰে। কিবা এটা আছে, সিহঁতৰ মনবোৰলৈ প্ৰশান্তিৰ এচাটি বা হৈ আহে অদীতি বাইদেউ।
'মোৰ মানুহটোৱে মদ খাইছিল নে মদে মোৰ মানুহটোক খাইছিল সেইয়া আজিও বুজিব নোৱাৰো। মদ খাই মোকেই নহয়, মোৰ কণমানি নীড়কো অত্যাচাৰ কৰিছিল তেওঁ। দেউতাক অহা বুলি ক'লে অকণমানিটো দুৱাৰৰ চুকত লুকাই থকা হৈছিল। মই নথকাত আইতাকে' ভিক্ষাৰীৰ জাত, চটাইপাখৰীৰ ল'ৰা' বুলি তাক গালি পাৰিছিল। তাৰ বুকুৰ ভিতৰখনত সেই অত্যাচাৰবোৰে, সেই আঘাতবোৰে বৰ বেয়াকৈ ঘাঁ লগাই থৈছে। এতিয়া মই বহুত চেষ্টা কৰিছো সেইবোৰ নোহোৱা কৰিবলৈ। কিন্তু সহজ নহয় তথাগত। শিশুৰ মনৰ ঘাঁ, শিশুৰ নুফুটা কান্দোনবোৰ নোহোৱা কৰা সহজ নহয়। মদ ভাঙৰ পৃথিৱীখনৰ পৰা আতৰি আহা। বৰ কষ্ট দিয়ে এইখন জগতে।'
সি অদীতি বাইদেউৰ কথাবোৰ মনে মনে শুনি গ'ল। কিছুমান কথা তাৰ মনটোৱেও মানে। কিন্তু সময়ত সি পাহৰি যায়। নিচাৰ মায়া এৰা বৰ টান।
অদীতি বাইদেউ যাবলৈ ওলাল। তাৰ হাতত টকা তিনি হাজাৰ দি ক'লে-
'সোনকালে মালৈ পঠিয়াবা। আৰু অজয়ৰ দোকানৰ পৰা দৰকাৰী বস্তু কেইটামানো ঘৰলৈ লৈ যাবা। মই কৈ থ'ম। তোমালৈও ল'বা। অ' আৰু এটা কথা, আজিকালি নীড়ে খুব ছবি আকে। তোমালোকক দেখুৱাবলৈ থৈ দিছে। এদিন আটাইকেইটা আহিবা।'
অদীতি বাইদেউ গ'লগৈ।
এই প্ৰথমবাৰৰ কাৰণে যে বাইদেউৱে তাক সহায় কৰিছে এনে নহয়, একেবাৰে অসহায় হ'লে সিহঁতে থাওকতে সহায় পোৱা মানুহজনীয়ে অদীতি বাইদেউ।
এই মানুহজনীয়ে দুখ পাই কাৰণেই সিহঁতে যদি সচাই মদ ভাঙৰ নিচাবোৰ এৰিব পাৰিলেহেঁতেন। কিন্তু কথাবোৰ মুঠেই তেনেকুৱা নহয়। সকলো ভালপোৱা ভাললগা শ্ৰদ্ধা আবেগেৰে কাৰোবাৰ বাবে নিজকে সলনি কৰিবলৈ মন গ'লেও কোনেও নিজকে আচলতে আনৰ কাৰণে সলনি নকৰে। মানুহে জীৱনত সেয়াই কৰিব বিচাৰে যিবোৰ কৰিবলৈ মনটোৱে বাধ্য কৰে। মনটোৱে বিচৰা কামবোৰ কৰিব নোৱৰা মানুহবোৰ বৰ অসুখী, অতৃপ্ত যেন লাগে তাৰ। তেনে মানুহক অপাৰ ভালপোৱায়ো সুখী কৰিব নোৱাৰে। সেই ভালপোৱাও যেন বোজা হৈ পৰে।
লক্ষ্মী মন্দিৰতে সেৱা কৰি মধূক সেই টিফিন লৈ অহা ল'ৰাটোৱে দুদিন আগেয়ে একেবাৰে নিজৰ কৰি ল'লে।
একোটা প্ৰশ্নবোধক লৈ সিহতে মধূৰ মুখলৈ চাইছিল, যেতিয়া সিহঁত দুয়ো আহি সিহঁতৰ মাজত মিঠাইৰ টোপোলা এটা দি আঠু লৈছিল।
তথাগতই একাষৰীয়াকৈ মাতি সুধিয়েই দিলে- 'কিন্তু তোৰ বেমাৰটো ?'
মধূৱে হাঁহিছিল।
'দাদা, এতিয়াৰ পৰা আমি দুয়োটাই একেবোৰ দৰবকে ভগাই খাব পাৰিম।তাৰে মোৰে একেই গতি। দৰব খাই খাই যিমান দিন পাৰো একেলগে থাকো বুলি ভাবিছো। '
একো নোকোৱাকৈয়ে বুকুৰ ভিতৰৰ পৰা সি অনুভৱ কৰিলে - তাৰ শুভকামনা, স্নেহৰ এটা অংশ মধূৰ হৈ গৈছে ইতিমধ্যে।
ঈশ্বৰ বুলি যদি সচাই কিবা আছে , মধূ কুশলে থকাৰ বাবেই সি প্ৰাৰ্থনা কৰিছে।