শূন্যতাৰ সিপাৰে তথাগত। খণ্ড- ১৬
Updated: Jun 16, 2021
খাৰঘুলিৰ পাহাৰৰ ওপৰত আজি যেন সোনকালে সন্ধিয়া নামিছে। এটাৰ মুখতো মাত নাই। সিহঁতে পাহাৰটোৰ ওপৰেৰে উঠি গৈ অকণমান চৰাইৰ খোৰোঙৰ দৰে হোৱা জেগাখিনিতে ৰ'ল। তাত আগৰে পৰাই আন কেইটামান ল'ৰা আছিল। অপ্ৰতিমহতে চিনি পায়। তথাগত বৰণৰ লগত আহিছে। গীতাৰ্থ, সমীৰণ, জুনেইড তিনিওটা ইফাল সিফালৰ পৰা আহি লগ হ'লহি। অপ্ৰতিমে বৰ ভাল বাবা আনে। এই কথা লগৰ সকলোৱেই কয়। এই লৈ অপ্ৰতিমৰ বিশেষ গুৰুত্বও আছে। কলেজীয়া জীৱন সিহঁতৰ শেষ হৈছেহে মাত্ৰ যোৱা বছৰ। সেই সময়বোৰৰ পৰা সকলোৱে জানে, অপ্ৰতিমে অনা বাবাৰ এটা পুৰিয়াও বহুত মূল্যৱান। বৰুণৰ পকেটত দুটা ফ্লে'ক্ আছিল। এটা সি আহি থাকোতে খালে। সদায় নেভিকাট খাবলৈ টকা নাথাকে। তাৰ বুলিয়েই নহয়, ল'ৰাবোৰৰ প্ৰায় এনেকুৱা হয় ফ্লে'কৰ বাহিৰে বাকীবোৰ বিলাসিতা। বৰুণে কুৰিয়াৰ চাৰ্ভিছৰ কামটোত জইন কৰা কাৰণে অৱশ্যে আজি কালি এনে ধৰণৰ বিলাসিতা কৰিব পাৰে। অৱশিষ্ট ফ্লে'কটো পকেটৰ পৰা উলিয়াই সি জুনেইডলৈ দিলে। এই কামটো কৰিবলৈ বহুত ধৈৰ্য আৰু একাগ্ৰতা লাগে। যিয়ে সিয়ে নোৱাৰে। জুনেইদ একপ্ৰকাৰ অভ্যস্ত হৈ গৈছে। খুব লাহে লাহে সি চিগাৰেটটোৰ ভিতৰৰ ধপাতখিনি আধালৈকে উলিয়াই পেলালে। অপ্ৰতিমে অনা বাবাখিনি ভালদৰে মোহাৰি গুটিবোৰ আতৰাই তথাগতই চিগাৰেটটোৰ ভিতৰত ভৰালে। এই গোটেই কামখিনিত অসীম ধৈৰ্যৰ প্ৰয়োজন হয়। কৰাকেইটাতকৈও চাই থকা কেইটাই বেছিকৈ উপলব্ধি কৰিব পাৰে। সিহঁত মুঠতে আছে আঠোটা। তিনি ৰাউণ্ড মানকৈ পৰিব এটাৰ ভাগত।
তথাগত বয়সত আটাইতকৈ ডাঙৰ। তথাগত নিজেই ভোলানাথ যেন মানুহ। গতিকে প্ৰথম টান বাবা আজি তথাগতৰ প্ৰাপ্য।
সন্ধিয়াবোৰ বহু সময়ত বিষাদত বুৰি থাকে।কেতিয়াবা সন্ধিয়াবোৰো যে কি মায়াময় হৈ উঠে।
বিষাদেই হওক বা মায়া সন্ধিয়াবোৰত অকলে থকা বৰ টান। অকলে থকা জনকো সন্ধিয়া স্মৃতিকাতৰতাই অধিৰ কৰে।
খাৰঘুলিৰ ওপৰৰ এই চৰাইৰ খোৰোঙৰ দৰে জেগাখিনিৰ বতাহ হঠাতে মায়াময় হৈ পৰিছে। গীতাৰ্থই গীটাৰ বজাইছে। সুৰটো খুব চিনাকি নহয়। বোধকৰো লোকসংগীতৰ সুৰ। কাৰো মুখত কথা নাই। সিহঁত যেন এই মুহূৰ্তবোৰত জী উঠিছে। তথাগতই বৰুণৰ জোলাখনত ভৰাই অনা বাহীটো উলিয়াই ল'লে।
'শিয়ালী এ নাহিবি ৰাতি/ তোৰে কাণে কাটি লগামে বাতি।'
চকুবোৰ টানি ধৰিছে সিহঁতৰ।
ইমান মায়ালগা।
ইমান বুকুলৈকে কুৰুকি কুৰুকি সোমাই যোৱা কিবা এটা আবেশ।
জুনেইডে কোনোবা এটা নতুন মিউজিক বেণ্ডৰ কথা কৈছে।
'সাংঘাতিক কাম কৰি আছে সিহঁতে।একেবাৰে ফ'ক মেটেল বেণ্ড। আমাৰ আইনাম, ধাইনাম ,বিয়ানামকলৈ বহুত ভাল কাম কৰি আছে।'
বাবাৰ আড্ডাত গানৰ কথাই যদি নোলাই কেনেকৈ হ'ব। এৰা, যোৱা দুই/ তিনি বছৰে বাবাৰ কাৰণেই অপ্ৰতিমে মিউজিকৰ বহুত কথা শুনিছে, বুজিছে , বুকু ভৰাই লৈ ফুৰিব পাৰিছে প্ৰিয় গীত। জুনেইডে কোৱা বেণ্ডটোৰ সুৰ শুনিবলৈ তাৰো বৰ মন গ'ল।
'বেণ্ডটো ক'ৰ ?'
'এই আমাৰ ইয়াৰে, মালিগাৱৰ ফালৰ দুটা আছে। ভকেলিষ্টটো বাবাৰ দূৰ্দান্ত ভক্ত। সেইদিনা বশিষ্ঠৰ আড্ডাত লগ পাইছিলো। কি মাত .. একেবাৰে তলিৰ পৰা ওলাই যেন। বহু দেৰিলৈকে ইয়াত ক'ৰবাত বাজি থাকে!'জুনেইডে বুকুৰ বাওফালে হাতখন থৈ সেই মাতৰ গভীৰতা কিমান যেন বুজাবলৈ যত্ন কৰিছে।
'বাবাৰ ভক্ত যেতিয়া লগ পামেই সোনকালে।'
বৰুণে বৰ ভুল কথা কোৱা নাই। আনঅফিচিয়েলি বাবা ভক্ত সকলৰ এটা সংস্থাই হৈ গৈছে।তাৰ সভ্য হোৱা সকলৰ হাজাৰ বৈপৰিত্য থাকিলেও ক'ৰবাত এক হৈ যায়। ক'ৰবাত ভাল বাবাৰ খবৰ থাকিলেও সকলোৱেই গম পায়, বাবা খাই কোনোবাই ভাল কাম কৰিলেও, ভাল সুৰ সৃষ্টি কৰিলেও, ভাল ছবি এখন আকিলেও বাবা ভক্ত সকলোৱেই গম পায়। এনেকুৱা
একান্ত মায়ালগা সময়বোৰতে অপ্ৰতিমে এটা কথা বৰ দ-কৈ অনুভৱ কৰে- বাবাৰ আড্ডা আৰু মদৰ আড্ডাৰ মাজৰ পাৰ্থক্য।
'চাল্লা,মদৰ আড্ডাত একো একতা নাই। আটাইবোৰ খাই বৈ আউট হৈ হাহাকাৰ। বাবাৰ আড্ডাত কেতিয়াবা তেনেকুৱা হোৱা দেখিছ ? বাবাৰ আড্ডাত মানুহ ক্ৰিয়েটিভ হয়। বাবাৰ আড্ডাৰ মৌনতাবোৰো উদযাপন কৰিব পাৰি।'
'একদম ভাই। বাবা খোৱা, উৰি যোৱা। বাবাই আকাশলৈ নিয়ে। বাবাই আকাশলৈ মু কৰি সেউজীয়াত শুৱাই থয়।'
অপ্ৰতিমৰ কথাৰ লগতে তথাগতই কৈ উঠিল।
গীতাৰ্থৰ একো ক'বলৈ মন যোৱা নাই। তাৰ মন গৈছে এই মায়াময় সন্ধিয়াটোত তাইক বুকুত সুমুৱাই নিৰলে বহি থাকিবলৈ ক'ৰবাত। শুক্ৰেশ্বৰ ঘাটত তেনেকুৱা কত সন্ধ্যা সিহঁতে পাৰ কৰিলে।।আজি এসপ্তাহ হ'ল, তাই তাৰ কাষলৈ অহা দূৰৰে কথা, ফোনো ৰিচিভ্ কৰা নাই। কেইবাবাৰো সি তাইৰ মেচলৈ গৈছে। তাৰ চৰাইপোৱালীজনী নাই। ৰূমমেটে কয় -' তাইক আমণি নকৰিবা। তাই কষ্ট পাইছে। '
তাৰ কেতিয়াবা ৰূমমেটজনীৰে মুখখনত ঘুচিয়াই দিবলৈ মন যায়। বহুত ধৈৰ্য ধৰি নিয়ন্ত্ৰণ কৰে।
তাৰ বুকু জুৰাই থকা ছোৱালীজনীৰ অভিযোগ- 'মোৰ ইচ্ছাৰ বিৰুদ্ধে তুমি মোৰ শৰীৰ চুবলৈ বিচাৰা।'
আস্, সি কেনেকৈ সলনি কৰে নিজকে। তাৰ মন যায় তাইক তাৰ শৰীৰৰ ভিতৰলৈকে সুমুৱাই ল'বলৈ। তাৰ মন যায় তাইক ভালপোৱাৰ উদ্দামতাৰে ওপচাই পেলাবলৈ।
তাই বেয়া পায়।
তাই দূৰলৈ গুচি যায়।
তাই সকলো সংযোগ বিচ্ছিন্ন কৰি দিব বিচাৰিছে তাৰ সৈতে।
সি এতিয়া কি কৰে।
নিজৰ তাড়নাবোৰ নোহোৱা কৰিবলৈ সি কি কৰে।
সমীৰণৰ হাতৰ পৰা চিগাৰেটটো লৈ সি জোৰে জোৰে হুপিবলৈ ধৰিলে।
ধোঁৱা হৈ যাওক কলিজাৰ বিষবোৰ।
'এনেকৈ হুপিলে মৰিবি তই। সমস্যাবোৰ বাবাৰ ওপৰত কেলেই জাৰিচ?'
বৰুণে ধমকিয়াই উঠিল।
গীতাৰ্থই একো নামাতিলে।
আন্ধাৰত চকুপানী নেদেখে কোনেও, সি বৈ পৰা চকুলো দুধাৰি নমচিলে।
পৰিবেশটো নিমাত নিতাল হৈ পৰিল। বাবা শেষ হৈছে। ৰৈ গৈছে বাবাৰ আবেশ।
সিহঁতবোৰ নিজৰ ওচৰলৈ বেছিকৈ কাষ চাপি গৈছে।
ভাললগা ভালপোৱা অথবা বিষাদ বিভ্ৰান্তিৰ এই একান্ত সময়ত হঠাতে উৰ্ধবাহু হৈ চিঞৰি উঠিল তথাগতই -
'ব'ম ব'ম ভোলে। বাবা খোৱা, উৰি যোৱা'