শূন্যতাৰ সিপাৰে তথাগত। খণ্ড- ১৩
Updated: Jun 16, 2021
চাহ আহিল।
বহুদিনৰ মূৰত আড্ডালৈ আজি গীতাৰ্থও আহিছে। পিঠিত সদাইৰ দৰে গীটাৰখন লৈ সি সোমাই অহাৰ লগে লগে তথাগতই চিঞৰ বাখৰ কৰি আহিল- 'এ আমাৰ নাওমান চলিটো অত দিনৰ মূৰত আইছে এ, পিঠিত বাজনা বান্ধি। আহ আহ বাপা, দে গান এটা বাজা।'
তথাগতই এই ল'ৰাকেইটাক বৰ মৰম কৰে। মৰম প্ৰকাশ কৰিব নাজানিলেও সি মনে প্ৰাণে এই কথাটো অনুভৱ কৰে ইহঁত কেইটা নহ'লে তাৰ পৃথিৱীৰ পৰা কেইটামান প্ৰিয় ৰং নোহোৱা হ'ব।
চাহ খাই থাকোতেই সিহঁতৰ মাজত সিদ্ধান্ত হ'ল বৰুৱা ছাৰৰ জন্মদিনত সিহঁতে এখন আৰ্ট এগজিবিশ্যন পাতিব।
'পাতিম মানে একেবাৰে বঢ়িয়াকৈ পাতিম। ছাৰে ভাল পোৱাকৈ।'
বৰুণে বেগটোৰ পৰা কাগজ কলম উলিয়ালে। ক'ত, কেনেকৈ এগজিবিশ্যন খন পাতিব পৰা যায় সেইবোৰ ঠিক কৰিবলৈ ল'লে।
'অই, প্ৰেম কুমাৰ, তোৰ সেইটো ফুটিব এতিয়া কাণতে। অলপ এইফালে আহ। বাকীথকা কথাখিনি ৰাতি বিচনাত পৰি পাতিবি। এতিয়া ইয়ালৈ আহ। 'জুনেইদে সমীৰণক চিঞৰিলে। আজি পিছে জুনেইদৰ চিঞৰে কামত আহিল। ফোন সামৰি সমীৰণ আড্ডালৈ আহিল।
'তহঁতে নুবুজ ভাই। তাইৰ গাটো বেয়া। অকলে আছে। চিন্তা নহ'ব নেকি ?'
সি কৈফিয়তৰ সুৰত ক'লে।
'যা তেন্তে তই সেৱা শুশ্ৰুষা কৰগৈ। এনে একেবাৰে। আগতে কি অসুখ বিসুখ হোৱা নাছিল ? তেতিয়া কোনে চাইছিল ? এই তিনি মাহতে এনেকৈ লেন চেলাই থাকিলে হ'ব নেকি ?'
বৰুণে অকণমান বিৰক্তিৰেই ক'লে।
'এটা কাম কৰ বুজিছ। তোৰ ঘৰলৈকে লৈ আন। একদম আলফুলে ৰাখিব পাৰিবি।'
তথাগতই তাৰ ষ্টাইলতে কথাটো ক'লে যদিও সমীৰণৰ মুখখন দেখি অম্লানে বুজিলে- ঘটনা বেয়ালৈ যাব এতিয়া।
সি মাত দিলে- 'এইবোৰ কথাই পাতি থাকিবিনে এগজিবিশ্যনৰ কথা আগবঢ়াবি ? সমীৰণ, তই কচোন এগজিবিশ্যনখন ক'ত কেনেকৈ পাতিলে সেইদিনা ভাল হ'ব ? কাৰণ ছাৰে বাইদেউক এৰি বেছি দূৰলৈ আহিব নোৱাৰিব। ওচৰতে হ'ব লাগিব।'
কথাটো অম্লানে ঠিকেই কৈছে। ছাৰে বাইদেউক বেছি সময়ৰ কাৰণে অকলে এৰিব নোৱাৰে। আৰু জন্মদিন বুলি ইয়ে সিয়ে ছাৰক লগ পাবলৈ আহিবও পাৰে। সিহঁতে কথাবোৰ নিজৰ মাজতে আলোচনা কৰি থাকোতে অম্লানে সুৰটো গুণগুণাই উঠিল। তাৰ নতুন গীতটো।
'এই জুবিনা। ডাঙৰকৈ গা। আজি ইয়াতে মেহফিল কৰো আমি। গা- ডাঙৰকৈ গা। গীত বাবা, তই গীটাৰখন ধৰ।'
গীতাৰ্থই গীটাৰখন লৈছে।
তথাগতই মানুহৰ লাওখোলা সদৃশ স্কাল্পশ্যাৰ এটাকে ওভটাই বজাবলৈ লৈছে।
আটাইকেইটাই সেই ঠেক ঠুক কোঠাটোতে আৰামকৈ বহি লৈছে।
সন্ধ্যাটো মায়াময় হৈছে।
সন্ধ্যাটো ধ্বনিময় হৈছে।
অম্লানে প্ৰাণঢালি গাইছে তাৰ নতুন গীতটো-
'গোলাপৰ ধুনীয়া / পাহিতে কিনো আছে
তোমাৰো মোহনীয়া / হাঁহিতে
মন গলে
গান শেষ হ'ল।
শেষ হোৱা নাই সুৰ।
তথাগতই বাহী বজাইছে।
বাহীত বাজিছে সেই সুৰ - 'শ্যামকাণু দূৰৈ হৈ নাযাবা'
সন্ধিয়াটো গভীৰ হৈছে।
মানুহক মনেৰে জী থাকিবলৈ এনেকুৱা সন্ধ্যাবোৰৰ বৰ প্ৰয়োজন।
অহৰহ কিবা কিবি বিচাৰি কিবা কিছুমানৰ পিছত দৌৰি ফুৰোতে সকলো মানুহৰে ভাগৰ লাগে। বেছিভাগ মানুহৰে নিজাকৈ নাথাকে এটা ভাগৰ জুৰোৱা গান , অথবা ভাগৰ জুৰোৱা এধানমান নিজা সময়।
সেই সুৰ অথবা সেই সময় আছে কাৰণেই তথাগতৰ মুকলি সৰগত ভাগৰে জিৰায় আৰু জীৱনে গতি লয়।