শূন্যতাৰ সিপাৰে তথাগত। খণ্ড-১২
Updated: Jun 16, 2021
চিগাৰেট এটা জ্বলাবলৈ লৈ বৰুণে দিয়াচলাইটো বিচাৰিলে। অম্লানে পকেটৰ পৰা লাইটাৰটো উলিয়াই দিলে।
চিগাৰেটটো জ্বলাই দীঘলকৈ ধোঁৱাবোৰ টানি নাকে মুখে উলিয়াই বৰুণে ক'লে - ' বাহ্ ধনী হৈ গ'লি তই। '
অম্লানে একো নামাতিলে। আনদিনা হ'লে বৰুণে ধেমালিকৈ কোৱা কথাষাৰেই তাৰ বুকুত অকণমান হ'লেও বিন্ধিলেহিহেতেন। আজি পিছে কিবা এটা সন্তুষ্টিয়ে তাৰ মন ভৰাই আছে। আজি তাৰ কাকোকে বেয়া পাবলৈ মন যোৱা নাই।
সমীৰণে গুণগুণাই ফোনত কথা পাতিছে। এইটো তাৰ বিশেষ ফোন। কিমান সময় ধৰি এই বাৰ্তালাপ চলে ঠিকনা নাই। কেতিয়াবা এনেকুৱা হয় সিহঁত আটাইকেইটাই সন্ধিয়াতে আৰম্ভ কৰা আড্ডা শেষ কৰি ঘৰাঘৰি যাবলৈ ওলাই, কিন্তু সমীৰণৰ ফোন থোৱাৰ উমঘাম নাই। নতুনকৈ প্ৰেমত পৰা মানুহ একপ্ৰকাৰ ভূতে পোৱা মানুহৰ দৰে। কেতিয়া কি কথাত হাঁহে, কেতিয়া কি কথাত কান্দে, কেতিয়া খং, কেতিয়া স্ফুৰ্টি মুঠতে একো ধৰিব নোৱাৰি। ফোন এৰিলেও সমীৰণৰ কথাত কেৱল তাৰ মইনা চৰাইজনীৰ কথাই। কিমান মৰমীয়াল, কিমান হৰল, কিমান বুজন। কেতিয়াবা আকৌ এখুণ্ডা লাগি আহিলে একেবাৰে সন্যাসীৰ দৰে মৌন হৈ থাকে। যেন মইনা চৰাইজনী কাহানিও তাৰ জীৱনলৈ অহাই নাই। সিহঁত আটাইকেইটাই তাক ' প্ৰেম কুমাৰ' বুলি জোকায়।
'একাপ চাহ খাব লাগিছিল অ'।
এঙামুৰি এটা দি তথাগতই ক'লে।
' চাহ আহি আছে , অকণমান ধৈৰ্য ধৰ। '
মধূৰ দোকানৰ কাষতে দেচোৱালী মানুহজনীৰ চাহৰ দোকানখন। পুৱা খুব সোনকালেই আহে আৰু গধুলিও দেৰিলৈকে থাকে। তথাগতৰ কোঠালৈ সোমোৱাৰ আগতেই বৰুণে চাহ কেইকাপমান আৰু গৰম গৰম ফুলৰীৰ অৰ্ডাৰ দি থৈ আহিছে।
' অই, এটা কথা হ'ল নহয়। ছাৰৰ জন্মদিন পালেহিয়েই নহয়। কিবা এটাটো কৰিব লাগিব। কি কৰা যায় এইবাৰ ? '
এনেবোৰ বিষয়ত বৰুণ বৰ সচেতন। সংগঠিত কৰিব পাৰে সি মানুহক। দায়িত্বৰ প্ৰতি সি সদায় গুৰুত্ব দিয়ে। এতিয়া সি যিটো কথা ক'লে সেই কথাটো দুদিনমান আগেয়ে তথাগতৰ মনলৈও আহিছিল। কিন্তু এইদৰে আটাইকেইটাই আলোচনা কৰি কিবা এটা কৰাৰ পৰ্যায়লৈকে কথাটোক আগবঢ়াই নিব সি নোৱাৰে। ক'ৰবাত গুম মাৰি ৰৈ যায় সি। অথচ এই এজন মানুহ তাৰ জীৱনৰ গুৰুৰ দৰে। সেই যে দিল্লীৰ পৰা উভতি আহি ঘৰত কিছুদিন ইফাল সিফাল কৰি কটায় সি প্ৰায় খালী হাতেৰেই গুৱাহাটীলৈ ওলাই আহিছিল, অ'ত ত'ত ঠেকা- ঠুকলি খাই জীয়াই থাকিবলৈ সংগ্ৰখম কৰিছিল, সেইবোৰ সময়তে এই মানুহজনক লগ পাইছিল সি।
কোনোবাই কৈছিল - ' মানুহটো ঋষিৰ দৰে। ছবি আকে আৰু ঘৈণীয়েকৰ যতন লয়। বাকী ব'ম ভোলা। এবাৰ লগ কৰি আহা তথাগত ' তথাগত এদিন গৈছিল। গছবোৰে আৱৰি থকা ঘৰখনৰ পৰা এজাক ল'ৰা ছোৱালী জাক পাতি ওলাই আহিছিল।
বগা কূৰ্টা পায়জামাৰে মানুহজন সচাই সন্যাসীৰ দৰে। সেইদিনা সি একো কথাই পাতিব নোৱাৰিলে। কেৱল শুনিলে।
'এই গছবোৰলৈ চোৱাচোন। পাতৰ নক্সা, ফুলৰ শৰীৰ - প্ৰকৃতিতকৈ শ্ৰেষ্ঠ চিত্ৰকৰ আৰু কোনোবা আছে জানো? ছবি আকিবলৈ হ'লে সদায় প্ৰকৃতিলৈ চাব লাগিব, বুজিব লাগিব'।
লাহে লাহে সি সেইখন ঘৰৰ এৰাব নোৱৰা সদস্যৰ দৰে হৈ পৰিল। শাৰীৰিক ভাৱে অসুস্থ মানুহ এগৰাকীৰ সৈতে অপাৰ ভালপোৱাৰে সংসাৰ কৰা বৰুৱা ছাৰৰ বাবে আৰ্ট স্কুলখন, ছবি শিকিবলৈ অহা ল'ৰা ছোৱালীবোৰ আটাইতকৈ আপোন। আৰু সকলোৰে মাজৰ পৰা তথাগতৰ কথাটো কিছু সুকীয়া। কোনোবা খিনিত তাৰ দৰে খেয়ালী মানুহটোৰ ওপৰত ছাৰে নিৰ্ভৰ কৰিব পাৰে। জীৱনৰ এই বয়সত ছাৰৰ বাবে সি নিৰ্ভৰ কৰিব পৰা কোনোবা এজন মানুহ হ'ব পৰা কথাটোৱে তাক সুখী কৰি ৰাখে। মাজে মাজে কোনো কোনোৱে কয় - ছাৰৰ বিশাল ব্যক্তিত্বৰ ওচৰত তথাগতৰ নামটোৱেই মাৰ খাই গৈছে। ' তই উধাব নোৱাৰিবি তথাগত। য'ত আছ তাতে ৰৈ যাবি। ' তথাগতৰ মুখৰ আগত অনেকেই কৈছিল এই কথা। এইবোৰ শুনিলে তথাগতৰ মগজ উতলি আহে। এই পৃথিৱীলৈ সকলোৱেই নিজৰ জোখাৰে কিবা অকণমান লৈ। আহিছে। তাৰ কেতিয়াও হৰণ ভগণ নহয়। কপালত থকা খিনিৰ কোনেও হৰণ ভগণ কৰাব নোৱাৰে।
কেতিয়াবা বৰুৱা ছাৰ ক'ৰবালৈ যাব লগা হ'লে তথাগতক বাইদেউৰ ৰখীয়া কৰি থৈ যায়। ৰঙা বগা গোসানী যেন চেহেৰাৰ মানুহজনীয়ে আনৰ সহায় নহ'লে একো কামেই কৰিব নোৱাৰে। গা ধুৱোৱা, কাপোৰ পিন্ধাই দিয়া, মূৰ ফণিয়াই দিয়া, আনকি শিৰত সেন্দুৰকণ দিয়ালৈকে সকলো কাম বৰুৱা ছাৰে কৰি দিব লাগে।বিধিৰো যে কি বিপাক। এই গোসানীৰ দৰে মানুহজনীৰ এটা সুৱদী কণ্ঠ আছিল। এতিয়া এষাৰ কথা ক'বলৈও মানুহজনীৰ হাজাৰ কষ্ট। ভৰ যৌৱনতে অচিন ৰোগে পাই এই অৱস্থা কৰিলে। সকলো জানিও ছাৰে এইজনী মানুহৰ লগতে সংসাৰখন আৰম্ভ কৰি ইমান বছৰে চাকৈ চকোৱা চৰাই হালৰ দৰে আছে। আজি বৃদ্ধ বয়সত তেওঁ যেনিবা তথাগতৰ ওপৰত অকণমান নিৰ্ভৰ কৰিছেই , তাতেনো ভাবিব লগা কি কথা আছে।
আৰু তথাগততো নামৰ পাছত দৌৰা মানুহ নহয়। সি জানে , খুব ভালকৈয়ে জানে কিমান দূৰলৈকে মেলিব পাৰি তাৰ সপোনৰ ঠাল - ঠেঙুলী। তথাগতৰ নিজকে লৈ অহংকাৰ নহয়, আত্মবিশ্বাস প্ৰচুৰ আছে।