top of page

শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড -১৫

Updated: Jun 16, 2021

মধূৰ দোকানৰ টুলখনতে বহি বহি তথাগতই ৰঙা চাহ আৰু মূৰী লাড়ু খাই আছিল।

তাই তাক কথা এটা কও কও বুলি চেগ চাই আছে। তথাগতই কথাটো ধৰিব পাৰিছে যদিও উপযাচি একো সোধা নাই। তাৰ মগজে কাম নকৰা হৈ আছে। আজি তিনি/ চাৰি মাহে এখনো ছবি বিক্ৰী হোৱা নাই তাৰ। চলিবৰ উপায় নোহোৱা হৈছে। গাঁৱৰ ঘৰলৈ, মাকৰ হাতত পৰাকৈ টকাকেইটাও পঠিয়াব পৰা নাই। মূৰে কাম কৰা নাই তাৰ। ধিক্কাৰ আহে নিজলৈকে। এতিয়া সি কাৰো দুখ দূৰ্দশাৰ কথা শুনিব পৰা মুডত নাই। মেজাজ গৰম হৈ থকা হৈছে। মধূৰ মনৰ ঘা- বোৰ দেখাৰ পৰা সি বুজে তাই হয়তো কোনেও নেদেখা চকুলো দুধাৰত অহৰহ তিতি থাকে। তেনেই কম বয়সীয়া ছোৱালী। জীৱনৰ পৰীক্ষা সহিবলৈ মানুহ মহাদেৱৰ দৰে হ'ব লাগিব। প্ৰয়োজনত বিষ পান কৰি নীলকণ্ঠও হ'ব লাগিব। এই গাভৰু ছোৱালীজনীৰ বাবে এইবোৰৌ কথা অৰ্থহীন। তাই মহাদেৱ বা নীলকণ্ঠ কেতিয়াও হ'ব নোৱাৰে। তাইৰ চকুযোৰত এতিয়াও সপোনে জলমলাই থাকে। ইমান সপোন লৈ মানুহে কেতিয়াও মহাদেৱ হ'ব নোৱাৰে।

তথাগত পাৰিছে জানো ?

ওহো, পৰা নাই। পৰা নাই।

'বুজিছ মধূ, মানুহে নিজেই নিজকে নিচুকাব পাৰিব লাগিব। কাৰোলৈকে বাট চাব নালাগে। কোনোবা আহিলে, জিৰালে, গ'ল-তেনেকুৱা আলহীৰ নামত ভাবি ভাবি কান্দোন জুৰি লাভ নাই। '

কোনো উদ্দেশ্য বিধেয় নোহোৱাকৈ তথাগতই ক'লে।

মধূৱে একো নামাতিলে।

আজি কালি আগতকৈ অকণমান ভালকৈ থকা হৈছে তাই। চুলি তুলি ভালকৈ ফণিয়াই, পিন্ধা কাপোৰ সাজ ভালকৈ সামৰি সুতৰি পিন্ধে।

একেবাৰে ফুটপাথৰ কাষতে বাইকখন ৰখাই ল'ৰা এটা নামি আহিল।

'চিকেন ৰান্ধিছিলো। অকণমান লৈ আনিছো। দূপৰীয়া ভাত খাবা। টিফিনৰ এটা বাতিত ভাতো আছে।'

টোপোলা এটা মধূক দি ল'ৰাটো গ'লগৈ।

তথাগতৰ চকুৰ আগতে এইমাত্ৰ ঘটি যোৱা ঘটনাটোৱে তথাগতক ক'ৰবাত চুলেগৈ। সি মধূক একো নুসুধিলে। তাইও নক'লে। কিন্তু কিবা এটা খুব ভাল লগা ঘটনা যেন তাৰ সন্মুখতে ঘটি গ'ল। মধূৰ ভঙা চিঙা কলিজাটো সামৰি সুতৰি ৰাখিবলৈ কোনোবা এজন তাইৰ কাৰণে থকাতো বৰ জৰুৰী আছিল। আলহী হ'লেও কোনোবা এজন মানুহৰ জীৱনত লাগে। ফুটফুটিৰ কাৰণে বিস্কুটৰ পেকেট এটা আৰু প্লাষ্টিকৰ গিলাচ এটাত গাখীৰ এগিলাচ আনিলে। দুদিন আগেয়ে ফুটফুটিৰ পোৱালি হৈছে। তিনিটা হৈছিল। নাটেশৰীজনীয়ে এটা নিজেই চোবাই মাৰিলে।

এতিয়া তথাগতৰ কোঠাৰ চুক এটাত থৈলা কেইটামান জাপি তাতে পোৱালি কেইটাৰে ফুটফুটি আছে। এই দুই ৰাতি তথাগত অকলে থাকিব লগা হোৱা নাই। পো পোৱালিৰে ফুটফুটি আছে তাৰ লগত।

ক'ৰবাত যেন ভাগৰুৱা হৈ পৰিছে তথাগত। এনেকুৱাবোৰ সময়ত তাৰ কোনো নাৰীৰ কথা ভাবিবৰ মন যায়। সি নাৰীৰ মাজত সৃষ্টিও দেখে, ধ্বংসও দেখে, শক্তিও দেখে সৌন্দৰ্য্যও দেখে। এই সকলো থুপ খুৱাই সি একান্ত নিৰলত নাৰীৰ কথা ভাবে। কেতিয়াবা সেই নাৰীক সি 'ৰ'দালী' বুলি মাতে। কেতিয়াবা 'পূৰ্ণিমা' কল্পনাতে সি সেই নাৰীৰ সৈতে অভিমান কৰে। কেতিয়াবা আচৰিত ধৰণেৰে সেই নাৰীৰ ওপৰত ৰুক্ষ হৈ পৰে। ক্ষোভৰ কথাৰে ভৰাই পেলাই ডায়েৰীৰ পৃষ্ঠা। কেতিয়াবা সি নিজেই আচৰিত হৈ যায় যেতিয়া তাৰ কল্পনাৰ নাৰীৰ দুচকুত অদিতী বাইদেউৰ চকুযোৰ দেখে। কেনেকুৱা নাৰী প্ৰিয় তাৰ ? জোনমণি তাৰ দূৰন্ত প্ৰেম আছিল। অথচ তাৰ কল্পনাৰ নাৰীগৰাকী জোনমণিৰ দৰে নহয়। তাৰ কল্পনাৰ ৰ'দালীজনীয়ে ন-কৈ ভূই ৰোৱা পথাৰৰ আলিৰে খোজ কাঢ়ি যায়। আবেলিৰ পৰি অহা ৰ'দজাকে তাইক ৰঙচুৱা কৰি তোলে। সি কল্পনা কৰে অকলশৰে ভাবত বুৰ গৈ থকা কোনো নাৰীক। নিজাকৈ ভাবিব পৰা নাৰীৰ প্ৰতি সি আকৰ্ষণ অনুভৱ কৰে। ভাবিব পৰা নাৰীবোৰ পুৱতীৰ চৰাইৰ দৰে। নিয়ন্ত্ৰিত অথচ গতিময়। এনে নাৰীৰ প্ৰেমত মাতাল হ'বলৈ মন যায় তাৰ।

আচলতে নিজৰ ওচৰত সকলো পুৰুষেই বৰ অকলশৰীয়া। প্ৰিয় নাৰীৰ ওচৰত বৰ অসহায়ভাৱে নিৰ্ভৰশীল হৈ পৰে সকলো পুৰুষ। তথাগতই সেইজন পুৰুষকে আটাইতকৈ ভাগ্যৱান বুলি ভাবে যি প্ৰিয় নাৰীৰ ওচৰত হেঁপাহ পলুৱাই কান্দিব পাৰে। উবুৰিয়াই দিব পাৰে নিজৰ সমস্ত আবেগ।

প্ৰিয় নাৰীৰ সংগহীনতাই বৰ বেছিকৈ কাবু কৰি আনে কেতিয়াবা তথাগতক।

সি বৰ আলফুলে ফুটফুটিৰ কোমল আমল পিঠিখনত হাত ফুৰালে। বেচেৰী ভাগৰি আছে। পোৱালি কেইটাই তাইৰ বুকুতে আঠা লগাদি লাগি আছে।

মাকৰ বুকু।

উমাল বুকু।

তথাগতৰ মাকে তাক বুকুত সুমুৱাই কেতিয়া লৈছিল বাৰু শেষ বাৰৰ বাবে ? তাৰ মনত নপৰে। অভাব অভিযোগেৰে ৰুক্ষ মানুহজনী। সংসাৰৰ জ্বালা যন্ত্ৰণাই থকা সৰকা কৰা মানুহজনীৰ বুকুখনো বাৰু কঠিন হৈ গ'ল নেকি ?

টকা পঠিয়াব পৰা নাই- আকৌ মনত পৰিলে তাৰ। মূৰটো আকৌ গৰম হৈ আহিল। ঘৰলৈ সি টকা নপঠিয়ালে কিমান হাহাকাৰ হয় সি জানে। কিন্তু কৰে কি ?

ছবি বেচা মানুহ সি।

ছবি বিক্ৰী নহ'লে নোখোৱাকৈ থাকিব লাগে।

কিন্তু ঘৰৰ মানুহেনো কিদৰে বুজিব এই কথা ?

মোটোকাই থোৱা বিচনাখনৰ কানি কাপোৰৰ মাজৰ পৰা সি চেলফোনটো উলিয়াই একো নভবাকৈয়ে ডায়েল কৰিলে অদীতি বাইদেউৰ নাম্বাৰ। এইটো নাম্বাৰ চেভ নকৰাকৈয়ে মুখস্থ তাৰ।

Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page