শূণ্যতাৰ সিপাৰে তথাগত খণ্ড-৮
Updated: Jun 16, 2021
' ছবি আকিবলৈ যিমান পোহৰ লাগে মোৰ কোঠাত সেই পোহৰ নাই। এই মমডাল এতিয়া নুমাই থ'ম।কাইলৈ ৰাতিলৈ নহ'লে অসুবিধা হ'ব। তুমি পিছে এই ৰাতিখন কেনেকৈ যাবা ? '
তাই খহাই থোৱা আচলখন আকৌ তুলি ল'লে। মুখখনলৈ এসোপা ৰুক্ষতা আৰু একেসময়তে কিবা এটা বেজাৰ নামি আহিছিল তাইৰ।
' বিশ্বাস কৰক, মোক কিছু টকাৰ দৰকাৰ। আপোনাৰ পৰা এনেয়ে বিচৰা নাই।জানো, আপুনি দিব নোৱাৰে। আপোনাৰ তালৈ ছবি কিনিবলৈ কোনোবা মানুহ আহি থকা দেখো। তেওঁলোকেতো টকা দি কিনে চাগে। মোৰ ছবিখন আপুনি যেনেকৈ আকিবলৈ বিচাৰে আকিব পাৰে। লাগিলে .. লাগিলে নাঙঠ শৰীৰৰ ছবিও আকক। কিছুমান মানুহে সেইবোৰ ছবি কিনি চ'ৰাঘৰত সজাই থ'ব খোজে। আপুনি আকক '
কথাবোৰ কৈ তাই আকৌ ফোপাইছিল। তথাগতৰ মূৰটো বেছিকৈ টিংটিঙাইছিল। নঙঠা শৰীৰৰ ছবি সি নঅকা নহয়। তেনেকুৱা বিশেষ ফিগাৰ মডেল থাকে। দিল্লীত দুবছৰমান থাকোতে অনুকূল দাৰ লগত গৈ সি তেনেকুৱা মডেল বিচাৰি পাইছিল। তাৰ ছবিবোৰ অনুকূল দাই কিনি অধিক দামত বিক্ৰী কৰিছিল।
সেই নাৰী শৰীৰবোৰত কোনো আহ্বান নাছিল। সেই নাৰী শৰীৰ দেখি আৰোহণ অথবা অৱৰোহণৰ আকাংক্ষাও জগা নাছিল। ৰুটি এখনৰ ভোকত নঙঠা হোৱা ছোৱালীবোৰক দুপইচা বেছিকৈ দিবলৈ সি অনুকূল দাক অনুৰোধ কৰিছিল। অনুকূল দাই হাঁহি উৰুৱাই দিছিল- ' ইহঁতে প্ৰথমে ভোকত আহে।তাৰ পিছত তোৰ মোতকৈ বেছি ধনী হৈ যায়। '
তথাপি তথাগতৰ বেয়া লাগিছিল। কাৰণ সি যিবোৰ নাৰী শৰীৰৰ ছবি আকিছিল, সিহঁত তেতিয়ালৈকে প্ৰফেচনেল হৈ উঠা নাছিল। অৱশ্যে উদং শৰীৰেৰে তাৰ সন্মুখত থিয় হ'বলৈ, বহিবলৈ বা শুবলৈ সিহঁতে মুঠেও অপ্ৰস্ত্তত হোৱা নাছিল। ফিগাৰ ড্ৰয়িং চেচনৰ সি কোনো প্ৰশিক্ষণ লোৱা নাছিল।আচলতে সি কাৰোৰে পৰা ছবি আকিবলৈকে শিকা নাই। কিন্তু অনুকূল দাই যেতিয়া এই প্ৰস্তাৱ দিছিল, একো অন্য কথা নভবাকৈয়ে সি সন্মতি দিছিল। আৰু সেইখিনি সময়ত সেই টকাখিনি তাৰ বৰ কামত আহিছিল। সি আটাইতকৈ বেছিকৈ যিগৰাকী নাৰীৰ ছবি আকিছিল তাইৰ নাম আছিল পান্না। পান্নাই তাক আক্কা বুলি মাতিবলৈ কৈছিল। আক্কা মানে বাইদেউ। পান্নাৰ ঘৰত গৈ সি কলপাতত ভাত খাই আহিছে। বৰ সাদৰী মানুহ আছিল তাই।
কিন্তু এই মধূ ? এইজনীৰ কি হ'ল আকৌ ?
' তুমি কথাবোৰ যেনেকৈ ভাবিছা ইমান সহজ নহয়। আৰু মোৰ ছবি বহুত বেছি দামত বিক্ৰী নহয়ো। '
সি মূৰ ঠাণ্ডা কৰি তাইক বুজাবলৈ লৈছিল।
তাই অবিশ্বাসেৰে তালৈ চাইছিল।
' তোমাক কিমান টকা লাগে আৰু কিয় লাগে ? '
মধুৱে টকা লগাৰ কাৰণটো কৈছিল। কিদৰে ৰাতি ৰাতি তাইৰ জুপুৰি সদৃশ কোঠাটোৰ দুৱাৰত হেচি থাকে মানুহে। কিদৰে তাই দা এখন খামুচি ৰাতিটো বহি থাকে।
' এটা টানকৈ দুৱাৰ বন্ধ কৰিব পৰা কোঠা লাগে মোক। মানুহবোৰে কোনোবাদিনা মোক মাৰি পেলাব। আৰু মই মৰিলে অকল ময়েতো নমৰো। সিহঁতো মৰিব। '
তথাগতৰ সুধিবলৈ মন গৈছিল ইমান অকলে কিয় থাকে বুলি। পিছে তাই নিজেই ক'লে।
' ভাল পাই বিয়া হৈছিলো। বিয়াৰ এবছৰো নহ'ল, সি মৰিল। তাক বিয়া পতা কাৰণে ঘৰে এৰি দিলে। তাৰ বেয়া বেমাৰ আছিল। মোৰ পৰা লুকুৱালে। ছমাহ আগত সি মৰোতে ডাক্তৰে মোৰো টেষ্ট কৰিলে।বেমাৰটো মোৰ গাটো আহিলে। মই বৰ ভয় খালো দাদা।হস্পিতেলৰ পৰাই পলালো। আজি এজনী বাইদেউ আহিছিল, মোক হস্পিতেলত সেইজনী বাইদেউৱে বুজাইছিল।আজি মোক ঔষধ দি গৈছে। সদায় খাই থাকিব লাগিব। নাখালেই মৰিম। ইমান দিন খোৱাই নহ'ল '
কথাবোৰ তাই ইমান খোলা মেলাকৈ কৈছিল যে তথাগতৰ গাটো শিৰশিৰাই গৈছিল। তেনেই গাভৰু ছোৱালী।জীৱনে অন্য পৰীক্ষা লৈছে।
তথাগতই তুলিখনৰ পৰা উঠি আহিলে।
' বহুত ৰাতি হ'ল।তই এতিয়া কোঠালৈ যাব নোৱাৰ। ইয়াতে শুই থাক। '
সি বাহিৰলৈ ওলাই আহিছিল, আকৌ এবাৰ উভতি গৈ ক'লে - ' আমি কিবা এটা কৰিম। তই চিন্তা নকৰিবি। দুৱাৰ থকা ঘৰ এটা পাবলৈ তই নাঙঠ হ'ব নালাগে। দুৱাৰখন জপাই ল'বি। '
সেইৰাতি সি লক্ষ্মী মন্দিৰৰ ভিতৰতে শুই থাকিল ঘুম মাৰি।
পুৱা উভতি আহি সি তাইক কোঠাটোত নেদেখিলে।
সেইদিনা বহু দেৰিকৈ তাই দোকানখন খুলিছিল। বিস্কুট আনিবলৈ গৈ তথাগতই ক'লে - ' আজি বৰুণৰ বসন্তিত উঠি তোলৈ ৰূম বিচাৰিম। আজিৰ পৰা আমি তোৰ ককাই ভাই।তই টেনশ্যন নল'বি। '
দুদিনমান বিচৰাৰ পিছত মধুৰ কাৰণে ৰূম এটা পোৱা গ'ল। টানকৈ দুৱাৰ জপাব পৰা এটা ৰূম।
তাৰ পিছত কাহানিও মধু তাৰ কোঠালৈ অহা নাই। কিন্তু তাই সিহঁতৰ প্ৰতি যে কৃতজ্ঞ আৰু সিহঁতৰ ওচৰত নিৰাপদ অনুভৱ কৰে ,সেই কথা সিহঁতে বুজি পায়।
কেতিয়াবা মনত পৰাৰ দৰে তথাগতৰ দৰে বেচিজিল মানুহটোৱেও তাইক সোধে - ' দৰৱবোৰ খাই আছনে ? '
কেতিয়াবা কেইবাদিনৰ কাৰণে কোঠা এৰি তথাগত ক'ৰবালৈ যায়। কেতিয়াবা শিলৰ বুকুৰে বৈ যোৱা নৈৰ শব্দটো শুনিবলৈ সি দিনে ৰাতিয়ে কোনো পাহাৰীয়া নৈৰ কাষত বহি থাকে। কেতিয়াবা ওখ পাহাৰ এখনৰ উচ্চতা আৰু বিশালতাক বুজিবলৈ সি পাহাৰ এখনৰ তলত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকে। জংঘলৰ মাজত নিশাচৰ চৰাইৰ মাত, গতি আৰু শৰীৰৰ সঞ্চালন চাবলৈ সি জংঘলৰ মাজতো সোমাই থাকে। এবাৰ তেনেকৈ আদিংগীৰি পাহাৰৰ ঘন হাবিৰ মাজত সোমাই থাকোতে বাঘ এটা তাৰ গাৰ কাষেৰেই পাৰ হৈ গৈছিল। অদ্ভুত অকটা এটা গোন্ধ, অথচ কি সুন্দৰ শৰীৰ, কি ক্ষিপ্ৰ গতি, ৰাতিৰ সকলো এন্ধাৰ শেষ হৈ যোৱা দুটা চকুৰ অসাধাৰণ তিক্ষ্ণ তিৰবিৰণি। বাঘটোৱে তথাগতৰ মনত ভয়তকৈও বেছি সমীহৰ জন্ম দিছিল।
সেই ঘটনাৰ পিছত সি এখন ছবি আকিছিল। ছবিখনৰ এটা চুকত তিৰবিৰাই আছিল এযোৰ তিক্ষ্ণ চকূ।
তথাগতই কৈছিল - ' বাঘৰ চকু '
( আগলৈ)