top of page

শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-৭

Updated: Jun 16, 2021


ভেকুলী এটাও পুহিছিল তথাগতই। বাৰী চুকতে তাৰ অকণ অকণ হাতেৰে সৰু গাত এটা খান্দি তাতে পুহিছিল খহুলা খহুলি ভেকুলীটো।সময়মতে তাক খাদ্যও দিছিল। বাহিৰলৈ মুঠেও ওলাবলৈ দিয়া নাছিল ভেকুলীটোক সি। কেতিয়াবা অৱশ্যে সি ক'ৰবালৈ গ'লে টোপোলা বান্ধি লগত লৈ গৈছিল। তাৰ বৰ আপোন হৈ পৰিছিল ভেকুলীটো। গাতটোৰ পাৰত ৰৈ সি মাত দিলেই ' টোৰটোৰাই ' সহাৰি দিছিল ভেকুলীটোৱে। তথাগতই নাম এটাও দিছিল ভেকুলীটোৰ। 'গুবুং' বুলি মাতিছিল সি ভেকুলীটোক।

' বুজিছ বৰুণ, জীৱ জন্তুবোৰৰ লগত সদায়েই একেধৰণৰ ব্যৱহাৰ কৰি থাকিলে সিহঁতবোৰে মানুহজনক চিনি পোৱা হৈ যায়। গুবুঙে মোৰ খোজৰ শব্দও চিনি পাইছিল। '

' গোটেই পৃথিৱীত চাগে ভেকুলী পোহা মানুহ অকল তয়েই আছ। '

বৰুণে কথাষাৰ পাতলকৈ কৈছিল যদিও তথাগত আচলতে এনেকুৱাই। তথাগত বেলেগ।

ক'ৰবাৰ পৰা মেও মেও কৰি ফুটফুটি আহিল। বেচেৰী ভৰা পেটেৰে একেবাৰে উফৰি অহাদি আহিছে। তথাগতৰ গাতে গাটো লগাই তাই ৰাউচি জুৰিছে। কালি ৰাতিৰ ৰৈ যোৱা গাখীৰ অকণ বাতিটোতে বাকি সি দিলে তাইক। চপচপাই খাবলৈ লাগিছে।

ভোকত আছে চাগে ফুটফুটি।

তথাগতই তুলিৰ তলৰ পৰা টকা দহটা লৈ ওলাই আহিল। বিস্কুট এপেকেট কিনি ভগাই খাব সি।

মধুৱে আজি বেঙেনাবুলীয়া শাৰী এখন পিন্ধি আহিছে। তাই শাৰী খুব কম পিন্ধে। আজিবা কিয় পিন্ধিছে।

' আজি তোৰ জন্মদিন নেকি? '

' কিয় ? '

' শাৰী পিন্ধিছ, চুলি তুলি ভালকৈ ফণিয়াই আহিছ। '

মধুৱে তলতলকৈ তালৈ চাইছে।

' আপুনিও এইবোৰ চাই ? '

তথাগতই একো মুখেৰে নামাতিলে। চকুত পৰিলে, সুধি দিলে। তাতে ইমান আচৰিত হ'ব লগা কি আছে।

বিস্কুটৰ পেকেটটো লৈ সি কোঠালৈ উভতি আহিল। তাৰ কোঠাৰ পৰা মধুৰ দোকানলৈ এটা উশাহৰ বাট। দুবছৰ ধৰি তথাগতই তাইৰ পৰা বিস্কুট আৰু তামোল কিনি আহিছে। সৰু টেবুল এখনতে ফুটপাথৰ ওপৰত তাইৰ দোকান। টুল এখন পাৰি তাই তাতে বহি থাকে।

ফুটফুটিক বিস্কুট খুৱাই খুৱাই তথাগতই তাইৰ কোমল গাটোত মৰমেৰে হাত ফুৰাই থাকে। মাক হ'বলৈ ওলোৱা মেকুৰীজনীয়ে তাক ভৰষাত লৈছে- এই কথাটোত কিবা এটা সকাহ আছে। এই সকাহে পিড়া নিদিয়ে। কিছুমান সকাহে পিড়া দিয়ে।

তেতিয়া মধুৱে ফুটপাথৰ ওপৰত তাইৰ দোকান দিবলৈ লৈছে মাত্ৰ।

ধুনীয়া ছোৱালী। গায়ে গাৰীয়ে চকুত লগা। তাইৰ ওচৰত ডেকা ডঙুৱাৰ ভিৰ লাগিছিল। আচৰিত ধৰণেৰে ৰুক্ষ তাইৰ আচৰণ। কাকোকে খাটিৰ নকৰে। মানুহবোৰে তাইক এনেয়ে লাৰি চাৰি চাবলৈ সহজ বুলি ভাবিছিল যদিও তাই বৰ সচেতন হৈ আছিল। এই বয়সৰ ধুনীয়া ছোৱালী এজনী যিমান সাজি কাছি থাকিব লাগিছিল মধু তেনেকৈ থকা নাছিল। তাই অকণমান জাধলী আছিল।

এদিন শশাংকই ভাঙৰ নিচাত ভোৰভোৰাই কৈছিল- ' ইমান ওচৰতে এইহেন এটা শৰীৰ। অথচ চুই চাব নোৱাৰি। তয়ো নুচুবি তথাগত । তাইৰ HIV positive. মৰিবি বাপ্পেকে control কৰিব নোৱাৰিলে। '

সকলো অবাক হৈছিল।

শশাংকৰ কথাত আচৰিত হৈছিল। মধু নামৰ ছোৱালীজনী সচাই এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছিল।

শশাংকৰ নাৰীৰ প্ৰতি দূৰ্বলতা সিহঁত আটাইয়ে জানে। হয়তো সি মধুৰ ওচৰতো মতা পাৰ ঘূৰাদি ঘূৰি চাইছিল। কিন্তু সেইবুলি ইমান ডাঙৰ কথা এটা সি এনেকৈ কৈ দিব পাৰেনে ?

এদিন উত্তৰটো লৈ মধু নিজেই আহিছিল তাৰ কোঠালৈ।

সেইদিনা বহু সময়লৈকে তাই দোকান বন্ধ কৰা নাছিল। তথাগতৰ কোঠাৰ আড্ডা শেষ হোৱালৈ যেন তাই বাট চাই আছিল। সন্ধিয়া তথাগতলৈ বিস্কুট আনিবলৈ যাওঁতে বৰুণে দেখিছিল এগৰাকী ভদ্ৰ মহিলাই মধুৰ কাষত ৰৈ খুব সৰু মাতেৰে কথা পাতি আছে। মাজে মাজে তাইৰ কান্ধত হাত থৈছে। বৰ মৰমেৰে কথা পাতি আছিল তেওঁ। এটা সময়ত গাড়ীৰ পৰা সৰু পেকেট এটা আনি মধুৰ হাতত দি তেওঁ গুচি গৈছিল।

সেইদিনা বৰুণ আটাইতকৈ দেৰিকৈ গৈছিল। আনবোৰ গুচি যোৱাৰ পিছত সি তথাগতক কৈছিল - ' এই ছোৱালীজনীৰ লগত নিশ্চয় কিবা এটা ঘটনা হৈছে। তাইক আমি চাব লাগিব। বিপদত পৰিবলৈ দিব নোৱাৰি। তই খাই বৈ টং হৈ থাকিলেও চাবি, তাইক বিপদত পৰিবলৈ নিদিবি।

বৰুণ যোৱালৈ লাহে লাহে দোকান পোহাৰবোৰ বন্ধ হৈছিল। মম এডাল জ্বলাই মধু টুলখনতে বহি আছিল।বৰুণে সম্বোধন নকৰাকৈয়ে কৈ গৈছিল- ' ইমান ৰাতিলৈ কিয় থাকিব লাগে। দিন কাল ভাল নহয়। ঘৰলৈ যাব লাগে। '

তাই একেদৰেই বহি থাকিল অলপ দেৰি।

তথাগতই তুলিখন পাৰি শুবলৈ লোৱাৰ সময়তে তাই আহি তাৰ দুৱাৰমুখত থিয় দিছিল। সি স্পষ্টকৈ তাইৰ চকুলৈ চাইছিল।

' কি লাগে ? '

তাই সোমাই আহিছিল।

সি বিচনাতে উঠি বহিছিল।

' আপুনি ছবি আকে নহয় ? '

তাই অকণমান ফোপাইছিল।

' মোৰ এখন ছবি আকিব পাৰিব।'

তথাগত দস্তুৰমত অবাক হৈছিল। এই ৰাতিখন ভৰ গাভৰু মানুহ এজনীয়ে আহি যদি তাক এনেকৈ খাৰাংখাছকৈ ছবি এখন আকিবলৈ কয়, সি আচৰিত নোহোৱাকৈ কেনেকৈ থাকে।

' ছবি? এই ৰাতিখন? ঘৰলৈ যোৱাগৈ '

' মই আজি ঘৰলৈ নাযাওঁ। এটা প্ৰস্তাৱ লৈ আহিছো আপোনাৰ ওচৰলৈ। আপুনি মোক সহায় কৰক। '

তথাগতৰ মূৰটো টিংটিঙাই গৈছিল। নেভিকাট এটা জ্বলাই লৈছিল সি।

' মোক অলপ টকা লাগে '

এইবাৰ তথাগত যেন আকাশৰ পৰাহে পৰিল।সি ঢেকঢেকাই হাহিবলৈ ধৰিলে। এইজনীয়ে তাকহে গ্ৰাহক পাতিবলৈ আহিব লাগেনে ?

সি তেনেকৈ হহা দেখিও তাই গোজ পুতি তাৰ কোঠাৰ মজিয়াখনতে বহি পৰিল।

' কথাটো আপুনি ভবাৰ নিচিনা নহয়। আপুনি এখন ছবি আকক মোৰ। এখন নালাগে দুখন তিনি খন আকক। আৰু সেইকেইখন বিক্ৰী কৰি দিয়ক। বিক্ৰী কৰি পোৱা টকাৰ পৰা মোক কিছু টকা দিয়ক। please. '

এইবুলি কৈ তাই তাইৰ শাৰীৰ আচলটো নমাই দিলে। সেইদিনা বোধহয় তাই কলপটিয়া ৰঙৰ শাৰী এখন পিন্ধিছিল।

(আগলৈ)



Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page