শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-৬
Updated: Jun 16, 2021
' তই যে কি অদ্ভুত মানুহ এটা '
জুনেইদ, বৰুণ, সমীৰণহত আচৰিত হয় তাক লৈ। আচৰিত নহ'বনো কিয় ? তথাগতৰ গাঁৱৰ ঘৰলৈ সিহঁত আটাইকেইটা গৈছে। গাঁৱৰ মানুহৰ মুখে মুখে শুনিছে তথাগতৰ কথাবোৰ।
' ছবিৰ দৰে আখৰ লিখিছিল সি ' তথাগতক পঢ়ুওৱা শিক্ষকে কয়।
' বৰ কম সময়তে পাঠবোৰ বুজিছিল সি। '
তেন্তে কি হ'ল তথাগতৰ ? পঢ়া - শুনা আধাতে এৰি ছন বনাই ফুৰিবলৈ ল'লেনো কিয় ?
ইমান একো ডাঙৰ ঘটনাও হোৱা নাছিল।
স্কুলত অংক তিনিটা কৰিবলৈ দিছিল। পাৰক - নোৱাৰক সবেই যত্ন কৰিছিল কৰিবলৈ। তথাগতৰ আকৌ সিদিনা কি জানো হ'ল .. তাৰ মুঠেও মন যোৱা নাছিল অংককেইটা কৰিবলৈ। সি থমথমকৈ বহি আছিল। মাষ্টৰে যিমানে কৰিবলৈ কৈছিল, সিমানে বাঢ়ি গৈছিল তাৰ আজল - মঠালিখন।
' নকৰো ' ৰ পৰা ' কৰিম ' নুবুলিলে সি।
মাষ্টৰৰো খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ। মৰিয়াই মৰিয়াই ' আইধা ' পেলালে তাক। সেই যে খঙৰ ভমকত স্কুল এৰিলে, এৰিলেই আৰু। ঘৰৰ মানুহৰ মাৰ - কিল খায়ো তথাগত আৰু স্কুললৈ নগ'ল।
এদিন দূপৰীয়া বৰনামঘৰৰ কাষৰ বৰপুখুৰীটোত তথাগতই বৰশী টোপাই আছিল। বাৰীৰ আলতিয়া মাটি খান্দি এটোপোলা বোন্দা কেচুৰ টোপ পলিথিন এটাত নুৰা কৰি লৈ গৈছিল। কিমান সময় সি সেইদিনা বৰপুখুৰীৰ পাৰত বহি আছিল সেই হিচাপ কোনেও কৰা নাছিল। আচলতে দিনৰ দিনটো চকুৰ আগত পঙপঙাই থকাতকৈ চকুৰ আগৰ পৰা সি দূৰত থাকিলেই ঘৰৰ মানুহবোৰে ভাল পাইছিল চাগে।
বেলিটোৰ পোহৰবোৰ ঢুকাও ঢুকাও হোৱাৰ পৰত তথাগতই দেখিছিল আকাশখন ৰঙচুৱা, গোলাপী আৰু সুমথিৰা ৰঙৰ এখন ডাঙৰ ছবিৰ দৰে হৈ উঠিছে। কোনো শিল্পীয়েহে যেন আকাশখনত ৰঙবোৰ আটোমটোকাৰীকৈ সানি গৈছিল।
মলিন বৰ্তাকে বৰনামঘৰৰ মণিকূটৰ ওচৰত বহি গোৱা প্ৰাৰ্থনাৰ কৰুণ সুৰ এটা তথাগতৰ ওচৰলৈ বৈ আহিছিল-
' মুক্তিত নিস্পৃহ যিটো
সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি '
তথাগতৰ বুকুখন কিবা এটাই মুচৰি আনিছিল। এক ভাষাৰে বুজাব নোৱৰা বেজাৰত সেইকণ বয়সতে সি ধাৰাসাৰ চকুলোত উটি গৈছিল।তাৰ এতিয়াও মনত পৰে, বৰপুখুৰীৰ পাৰতে থকা বুঢ়া আহতজোপাৰ তলতে বহি সি সৰ্বচ্চ হেৰুওৱা মানুহৰ দৰে হুৰাহুৰে কান্দিছিল।
সেই ৰাতি ঘৰলৈ আহি সি ছবি আকিছিল। এখন নহয়, ইখনৰ পিছত সিখন। সি বৰ বেছিকৈ অস্থিৰ হৈ পৰিছিল। যিহকে ৰঙ পাইছিল ,তাৰেই ছবি আকিছিল।
ঘৰৰ মানুহে তাৰ পগলা জক উঠিছিল বুলি ভয় খাইছিল।
যিমানেই সি ছবিবোৰ আকিছিল, সিমানেই তাৰ বেজাৰবোৰ কমি আহিছিল। সেইদিনাই সি বুজিছিল- ছবি আকিবৰ কাৰণেই তাৰ জন্ম হৈছে।
হাবিয়ে - বননিয়ে, নদীৰ পাৰে, গছতলে তথাগতই সেই তেতিয়াৰে পৰা কেৱল ছবিকে আকিবলৈ ল'লে।
' লগৰবোৰ স্কুললৈ যায়। তোমাৰ বেয়া নালাগেনে ? '
তথাগতই ভাবি নাপায় অদীতি বাইদেউৱে কেতিয়াবা কথাবোৰ ইমান আকৰিৰ দৰে কিয় সোধে।
স্কুললৈ নগ'ল কি হ'ল। তাৰ বাবে মুকলি হ'ল অন্য এখন পৃথিৱী। এনেকুৱা এখন পৃথিৱী তাৰ বাবে যে পৰম আকাংক্ষিত। যিদিনাই সি সেই বুজাব নোৱৰা দুখটো আপোনা আপুনি তাৰ বুকুত উপলব্ধি কৰিলে আৰু সেই দুখ সহিবৰ বাটটো তাক ৰঙবোৰে দিলে, সেইদিনাৰ পৰাই তথাগত সেইখন পৃথিৱীৰ মানুহ হৈ আছে।
সেইখন পৃথিৱীত তেতিয়াৰ কিশোৰ তথাগতই আগতকৈও বেছিকৈ সময় দিব পৰা হ'ল তাৰ পোহনীয়া চৰাইবোৰক। কিমান যে চৰাই পুহিছিল তথাগতই। আচলতে পোহা বুলি ক'লে ভুল কোৱা হ'ব। সি মাত্ৰ চৰাইবোৰৰ যতন লৈছিল। আৰু চৰাইবোৰে তাক আপোন বুলি ভাবিছিল। ঘৰচিৰিকা এহালৰো বৰ যত্ন লৈছিল সি। এবাৰ ঠেং ভঙা ডাউক এজনী পাইছিল সি। ঘৰলৈ আনি কেচা হালধি বটা দি দি ভাল কৰিছিল। ভাল হোৱাৰ পিছত চৰাইজনীয়ে আৰু তাক এৰি ক'লৈকো নোযোৱা হ'ল। ভালেদিন তেনেকৈয়ে থকাৰ পিছত চৰাইজনীৰ দুৰ্দান্ত প্ৰেম হ'ল। প্ৰেমিক পখীয়ে এদিন ক'ৰবালৈ লৈ গ'ল তাৰ ডাউকজনীক। সেইদিনাহে তথাগতৰ মনটো বৰ বেয়া লাগিছিল। প্ৰেমিক চৰাইটোক পালে ফৰ্মূতিয়াই মাৰিম বুলিও ভাবিছিল সি। লাহে লাহে সেই দুখ সহিব পৰা হ'ল সি।
কিন্তু চুতিয়া শালিকা এজনীক হেৰুওৱাৰ যন্ত্ৰণা সি বহুদিনলৈকে পাহৰিব পৰা নাছিল। ক'ৰবাৰ পৰা চো মাৰি উৰি আহিছিল শেণ চৰাই এটা। চুৱা পাতনিত চুৱা খাই ফুৰা শালিকাজনীক ছো - মাৰি আহি নিলেহি যি নিলেই। তথাগতৰ চকুৰ সন্মুখতে চৰাইজনীক থপিয়াই নিলে।সি একোৱেই কৰিব নোৱাৰিলে। ইমান অসহায় যেন সি কাহানিও অনুভৱ কৰা নাছিল। বহুদিনলৈকে সেই নি:কিন চৰাইজনীয়ে কন্দুৱালে তাক .. সি সাজি দিয়া বাহত চৰাইজনীয়ে কণী পাৰি থৈছিল। দুদিনমান আমন জিমনকৈ থাকি মতা চৰাইটো আন ক'ৰবালৈ উৰি গৈছিল। এদিন কণীকেইটা কিহবাই খাই পেলালে। কিয় জানো সেই চৰাইজনীৰ মৃত্যুৰ বাবে তথাগতই আজিও নিজকে দোষী বুলি ভাবে। সাধাৰণ কণমানি চৰাই এজনীকে সি ঘাতক চৰাইটোৰ পৰা বচাব নোৱাৰিলে ..
(আগলৈ)