top of page

শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-৫

Updated: Jun 16, 2021


সেইদিনা অদীতি বাইদেউৱে হয়তো তাৰ উত্তৰটো সহজভাৱে ল'ব পৰা নাছিল। কেৱল অদীতি বাইদেউৱেই নে ? যিদিনা গাঁৱৰ ৰাইজখনে তাক আৰু লতিকাক উৰাই ঘূৰাই সুধিছিল। কি আছে সিহঁতৰ মাজত, সেইদিনাও তথাগতৰ উত্তৰে সন্তুষ্ট কৰিব পৰা নাছিল তেওঁলোকক।

সদায় পোহৰ হোৱাৰ আগে আগে লতিকাই জগাই দিছিল তাক-'যা দৌৰ মাৰ ঘৰলৈ।মই চাই আছো ,যা ' তাই চাই থকাৰ সাহসতে সেই আন্ধাৰে মুন্ধাৰে সিও দৌৰি ঘৰ পাইছিলহি। '

সেইদিনা লতিকাক মৰ টোপনিয়ে ধৰিছিল। লতিকাহতৰ সৰুকণ খুৰাকে প্ৰাত:কৃত্য কৰিবলৈ আহি দেখিছিল দুয়োটাকে। এনেয়েও সিহঁতক লৈ দুয়োখন ঘৰতে প্ৰশ্ন এটা হৈছিলেই। মানুহবোৰতো ৰাতি শুইছিলহে। মৰিতো যোৱা নাছিল। নিজৰ ঘৰৰ সৰু ল'ৰাটো অথবা সৰু ছোৱালীজনী ৰাতি নোহোৱা হোৱাৰ কথাটো কোনোবা এজনে নিশ্চয় ধৰা পেলাইছিল। তেতিয়ানো ক'ত ভাগে ভাগে সুকীয়া সুকীয়া কোঠালিত শোৱাৰ ব্যৱস্থা আছিল! তাতে ইহঁতৰ অৱস্থাও তেনেই লাওলোৱা।

কিন্তু ' ইমান ডাঙৰ কথা এটা ' হৈ থকা বুলিও তেওঁলোকে সমূলি ভবা নাছিল। সিহঁতক তেনেকৈ ইটোৱে সিটোৰ গায়ে মূৰে হাত ভৰি তুলি শুই থকা দেখি সৰুকণ খুৰাকে তিতাদাহে গৈ তথাগতৰ ঘৰত গোজৰণি মাৰিছিল।

ঘৰৰ মানুহ আহি পোৱাৰ আগেয়েই নৈতিকতাৰ ভেটি ৰখীয়াসকলে তেনেই দুয়োটাকে বখলিয়াই পেলাব যেন অৱস্থা কৰিলে। ৰাইজখনে তেনেই উৱাদিহ নোপোৱা বিষয় এটাৰ দৰে বিষয়টোত তৎভৎ খালে। একেবাৰে নাভূট নাশ্ৰুত কথাটোক লৈ গোটেইখন ৰৈ ৰমলি হ'ল।

' কিমান দিনৰ পৰা ? '

' কি কৰিবলৈ আহ ? '

' ভয় নালাগেনে তহঁতৰ? বুঢ়া ডাঙৰীয়ালৈও ভয় নাই ? '

সেই অকণ অটণ অপৰাধীহালে তিতাগাৰে নামঘৰত আঠু লৈছিল।

কি সহজ, নিষ্পাপ স্বীকাৰোক্তি -

' মুকলি আকাশৰ তলত শুবলৈ বৰ মন যায়।'

' তাইৰ গাটো সাবতি শুবলৈ বৰ উম লাগে।তাই মোক সাবতি ধৰিলে গালি নাপাৰে হাড়ে দুখ পায় বুলি'

' তই তাইক বিয়া পাতিবি নেকি ? '

বলো বায়নে চেলাউৰি কোচাই সুধিছিল। তথাগতৰ তেতিয়াহে বৰ লাজ লাগিছিল, ইমান লাজৰ কথা এটা তেনেকৈ মুকলিকৈ সৱৰে মাজতে সুধি দিয়াৰ কাৰণে তাৰ বৰ খং উঠিছিল। লতিকাকো সুধিছিল একেটা কথাকে। তাই ভোৰভোৰাই কৈছিল ' মই বিয়া নাপাতো।কাকোৱেই নাপাতো। ল'ছালি জনম দিবলৈ গৈ ভণ খুৰীৰ দৰে নমৰো।'

সৰুকণ খুৰাৰ খুৰীৰ বছৰী কেচুৱা এটা হয়। চতুৰ্থ কেচুৱাটো জন্ম দিবলৈ গৈ মানুহজনী তেজ গৈ গৈ মৰিছিল।

কোনোবাই কৈছিল - ' ইহঁত দুটাক বিবাহ কৰাই দিব লাগে। ' কোনোবাই সমৰ্থন জনাইছিল। বেছি ভাগ মানুহেই ইছ্ আছ্ কৈছিল।

লতিকাৰ মাকে নামঘৰত সেইদিনা দেদাউৰি পাৰিছিল - ' অ' বাপসকল, মোৰ ছোৱালীৰ নোৱাই তোলনীয়ে হোৱা নাই। তাই এইবোৰ ভু - ভতং একোকে নেজানে। এইবাৰলৈ উধাৰক আৰু। ভৰিত পৰিছো বাপসকল। '

তথাগতৰ দেউতাকে কৈছিল - ' তোমাৰ জীয়েৰে মাতিছিল কাৰণেহে সি আহিছিল। '

বহু সময় সিহঁতক গাঁৱৰ ৰাইজে বুজাইছিল। খঙত দাত কৰছি থকা কেইটায়ো আহি বুজাইছিল। যেতিয়া মানুহবোৰ পতিয়ণ গৈছিল কোনো অসৎ উদ্দেশ্যেৰে ল'ৰা ছোৱালী হাল একেলগে শুবলৈ অহা নাছিল, তেতিয়াহে যেন সিহঁতে মুকলিকৈ উশাহ অকণ ল'ব পাৰিছিল।

' তাৰ পাছত কি হ'ল ? '

অদীতি বাইদেউৱে ডাঙৰকৈ চকুহাল মেলি সুধিছিল -

' কি হ'ব আৰু। পঢ়া শুনাৰ ফালে অধোগতি হ'লেও ঘৰুৱা কাম বনত তাই বৰ পাকৈত। তাইৰ কাৰণে দৰাৰ অভাৱ নহ'ল।ঘৰৰ মানুহে বিয়া দি দিলে তাইক। '

' তোমাৰ বেয়া লগা নাছিল ? তাইৰ বিয়া হৈ যোৱাৰ পিছত ? '

অদীতি বাইদেউৱে তাক লুটিয়াই লুটিয়াই পঢ়িবলৈ যত্ন কৰিছিল। কোনো সময়ত সি বিৰক্ত হৈ গৈছিল। ইমান অকণ অকণ ল'ৰা ছোৱালী এহালৰ মিলা মিছাতনো আন গোপন কথা কি থাকিব পাৰে, ইমান কৌতূহল কিয় ? অদীতি বাইদেউ ইমান সাধাৰণ মানুহৰ দৰে হৈ গ'লে তাৰ বৰ বিৰক্তি হয়, খঙ উঠে তাৰ। সি বিৰক্তিৰেই উত্তৰ দিয়ে - ' একোডাল নাছিল অ' বাইদেউ আমাৰ মাজত। হৰমোনবোৰৰ বিকাশেই হোৱা নাছিল। ছোৱালী এজনীয়ে ল'ৰা এটাক চুই চাবলৈ মন যোৱা বা ল'ৰা এটাই ছোৱালী এজনীক চুই চাবলৈ মন যোৱা কথাবোৰৰ সেই কণ বয়সত সুচনাই হোৱা নাছিল। '

তথাপি অদীতি বাইদেউৱে সুধিছে বুলিয়েই হয়তো তথাগতই মনত পেলাবলৈ যত্ন কৰিছিল।নাইতো ,তাৰ মনত একো বিশেষ ভাব অহা নাছিল। বিয়া ঠিক হোৱাৰ পিছতে এদিন তাই তাক কৈছিল - ' সিপৰীয়া গাঁৱৰ নৰেণ কবিৰাজৰ পুতেকৰ লগত মোৰ খোজা বঢ়া চলিছে । '

' ভালেই হ'ল দে। বেমাৰ আজাৰ হ'লে তোৰ ঘৰলেকে দৌৰিম আৰু। '

' কটা নিধক '

লতিকাই হাতখন মুঠি মাৰি তাক খেদা মাৰি আহিছিল।

তাৰ কেইবছৰমান পিছত তাইক সি লগ পাইছিল। কোলাৰটো তালৈ হাফোলা মেলি আহোতে তাইৰ চিৰি গুচি হতচিৰি হোৱা চেহেৰাটোলৈ তাৰ চকু গৈছিল।

নাই, আৰু বিশেষ একো মনত নপৰে তাৰ। কেৱল এতিয়াও কেতিয়াবা মাজে মাজে ৰাতি শুই থাকোতে তাৰ মনত পৰে গোল মোল শৰীৰ এটা সাবতি শুই থকাৰ কথা।

ছবি এখন হৈ হতচিৰি হোৱা লতিকাহে তাৰ ৰঙবোৰৰ মাজলৈ উঠি অহাৰ দিনাও তাৰ কিবা এটা খং উঠিছিল। খুব সজীৱ আৰু উজ্জ্বল পানীৰঙেৰে সি মুকলি আকাশৰ তলত শুই থকা লতিকাৰ ছবি এখন সি আকিব পাৰিব লাগিছিল। পিছে সি আকিব নোৱাৰিলে। এই আকিব নোৱৰাৰ কথাটো তাৰ বাবে অকণমান ৰহস্যময়। এটা উত্তৰ বিচাৰি নোপোৱা প্ৰশ্ন।

আজি কিমান বছৰে সি অকল ছবিয়েই আকি আছে। ৰঙৰ পেকেট এটা চুই নোপোৱা দিনৰ পৰা ছবিয়েই তাৰ লগ। মাকৰ সেন্দুৰৰ তেমা এটা এদিন ছবি অঁকাৰ নামত সি উবুৰিয়াই দিছিল। তাৰ মাজত আঙুলিৰ চাপ দি দি সি মাকৰ মুখখনকে আকিবলৈ বিচাৰিছিল। মাকে ছবিত নিজকে দেখা দূৰৰ কথা সি বৰ অশুভ কাম এটা কৰা বুলিহে হায়ৈ বিয়ৈ কৰিছিল। তাৰ বৰ বেয়া লাগিছিল সেইদিনা মনটো।

এদিন এটা ঘটনাৰ পিছৰ পৰাহে সি উপলব্ধি কৰিছিল ভালকৈ - সি যে কেৱল ছবি আকিবলৈহে জন্ম হৈছে। সেই ঘটনাটোৰ ওচৰত সি বৰ কৃতজ্ঞ।



Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page