শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-৪

Updated: Feb 6


বুকুত বগৰী গুটি যেন বুকু গজাৰহে বয়স আছিল তাইৰ।ৰাতি হ'লে তথাগতক তাই খেৰৰ পুজিত শুবলৈ মাতে।

তথাগতৰে বা বয়স কিমান আছিল তেতিয়া ? খুব বেছি দহ বা এঘাৰ বছৰ। লতিকাৰো বোধহয় সিমানেই বয়স আছিল। তথাগতৰ মনত আছে সেই ঘটনা হোৱাৰ এক ডেৰ বছৰ পিছতহে লতিকাৰ নোৱাই তোলনি হৈছিল। সেই বয়সতে লতিকাই তাক খেৰৰ পুজিত ৰাতি শুবলৈ লগ ধৰিছিল।

' ঘৰৰ ভিতৰত শুই ভাল নালাগে। আকাশখন নেদেখি। বতাহ নালাগে। গছবোৰৰ গায়ে গায়ে লাগি হোৱা শব্দবোৰ নুশুনি। ভাবচোন, মুকলি আকাশৰ তলত খেৰৰ ওপৰত বাগৰি বাগৰি শুই কিমান ভাল লাগিব '

পকা টুলটুলিয়া আম এটাৰ দৰে মুকলি আকাশৰ তলত শোৱাৰ লোভ এটা লতিকাই তাৰ বুকুত গুজি দিছিল।

সেইবাবেই তথাগত নোযোৱাকৈ থকা নাছিল।

গৈছিল . . গৈছিল . . তাই মাত দিয়ালৈ সি ৰাতি ৰাতি কাণ উণাই ৰৈ থাকিছিল।

দহ / এঘাৰ বছৰীয়া ল'ৰা ছোৱালী এহালক একেলগে শোৱাৰ নিচাই পাইছিল। গোল মোল চেহেৰাৰ ছোৱালী আছিল লতিকা। তথাগত আছিল তেনেই কেৰোণে ধৰা তিয়হটোৰ দৰে। ৰাতি কেতিয়াবা শোওতে টোপনিতে মাকৰ গাত ভৰি উঠালে মাকেই ভোৰভোৰাই - ' হাড়সোপাই এনে দুখ পাই অ' তোৰ। গাত মঙহ অকণ নধৰে। ' ৰাতি ৰাতি খেৰৰ পুজিত শুবলৈ গৈ লতিকাৰ গোল মোল শৰীৰটো সাৱটি শুবলৈ বৰ ভাল পাইছিল তথাগতই। ইমান কম বয়সতে কিহে টানিছিল সিহঁতক ? শৰীৰ চিনি পোৱাৰ বয়সোতো নাছিল সেইয়া। দীঘল চেমিজ চোলা এটা পিন্ধি আহিছিল তাই। তথাগতৰ পিন্ধনতো বনিয়ন আৰু হাফ পেণ্ট এটাহে আছিল। ৰাতি সকলো শোৱাৰ পিছত সিহঁত ওলাই আহিছিল আৰু পুৱা পোহৰ হোৱাৰ আগে আগে তাৰ পৰা উঠি আহিছিল। আহি ঘৰৰ বিছনাত ঠেং - হাত কোচাই শুই থাকিছিল তথাগত।

লতিকা আৰু শুইছিলহি নে নাই সি অৱশ্যে গম পোৱা নাছিল। কোনোদিনে সোধাই নহ'ল। প্ৰথম দিনা আন কথাৰ লগতে তাই এইটো কথাও কৈছিল - ' আকাশৰ তলত শুবলৈ বৰ মন যায়। কিন্তু অকলে ভয় লাগে। তই শুবি মোৰ লগত ? '

তথাগত একেবাৰতে মান্তি হৈছিল। আচলতে প্ৰস্তাবটো বৰ মজাৰ প্ৰস্তাৱ আছিল তাৰ কাৰণে। পাৰিলে আকাশখনকে বোকোচাত লৈ দৌৰি ফুৰিবলৈ মন যোৱাৰ বয়স সেইয়া। নীলাবোৰনো ক'ত শেষ হয়গৈ বিচাৰি ফুৰাৰ বয়স সেইয়া। আৰু কোনোবাই যদি আকাশলৈ মুখ কৰি শুই থকাৰ প্ৰস্তাৱ দিয়ে, তেন্তে সেইয়া নোলোৱাকৈ থাকিব পাৰিনে ?

কিন্তু সচাই কেৱল শোৱাৰ কথাই থাকিবনে ?

আৰু বেলেগ কথা একো নাছিল ? তেতিয়াৰ সময়ৰ দহ / এঘাৰ বছৰীয়া ল'ৰা ছোৱালী এহালৰ মাজতনো বেলেগ কথা কি থাকিব পাৰে ? তাতে তথাগতহতৰ গাওঁখন আছিল একেবাৰে ঘোকোট গাওঁ।আজি কালিৰ ল'ৰা ছোৱালীৰ দৰে তাহানিৰ দিনত টি ভি চাই অকালপক্ক হোৱাৰ সুৰুঙা নাছিল তথাগতহতৰ। সেইটো বয়সত শৰীৰেও কথা ক'ব পৰা মুঠেও হোৱা নাছিল।

' কি আছিল তহঁতৰ মাজত ? এনেয়েই তই তাই মতা কাৰণে খেৰণীত শুবলৈ গৈছিলি নে ? ' প্ৰায়েই সোধে বৰুণে এই কথাটো।

প্ৰথম কথাখিনি সি কোৱাৰ দিনা অদিতী বাইদেৱেও সুধিছিল তাক - ' ভাল পাইছিলা তুমি তাইক ?একেলগে থাকিব বিচাৰিছিলা ? '

তথাগতই বুৰ্বকৰ দৰে হাঁহি ছিল।তাৰ চিৰাচৰিত স্বভাৱেৰে কোনোদিন তেল চাবোনৰ স্পৰ্শ নোপোৱা চুলিখিনি খজুৱাই খজুৱাই সি কৈছিল -

' কি যে কয় বাইদেউ! বিয়া বাৰুটো বাদেই,তাইতকৈ মই পোহনীয়া চৰাইকেইটা, গোবিন্দ নামৰ মোৰ দামুৰীটোকে বহুত বেছি ভাল পাইছিলোঁ। কিন্তু তাইৰ লগত মোৰ শুই ভাল পাইছিলো। বৰ উম লগা আছিল তাই। '

বহু বছৰৰ পিছত গাঁৱলৈ যাওঁতে সি লতিকাক লগ পাইছিল। তাইৰ কোচত থকাটোৱে তালৈ হাত মেলি আহিছিল। তাইৰ পেটটো আগলৈ বৰ বেছিকৈ ওলাই আছিল। তাইৰ হাত ভৰিবোৰ চিঞা হৈ গৈছিল। চকুযোৰ তেনেই সোমাই গৈছিল।

তাৰো কেইবা বছৰৰ পিছত সি এখন ছবি আকিছিল। ঢোল যেন পেটৰ চিঞা হাত ভৰিৰ মুখ আৰু চকু নোহোৱা শৰীৰ এটাৰ ছবি।

আচলতে আকাশৰ তলত শুবলৈ ভালপোৱা লতিকা নামৰ মানুহজনীৰ যে আকাশখন নোহোৱা হ'ল, তাই যে তৰাবোৰ নেদেখাকৈয়ে কেৱল ডিঙিৰ পৰা উৰুসন্ধিলৈকে কামত অহা এটা শৰীৰ হৈ গ'ল এই কথাটোৱে তাক ক'ৰবাত বিন্ধিছিল।

তাৰ সেই ছবিখন কোনোবাই কিনি লৈ গৈছিল।

ভালেই হ'ল, লতিকা আকাশৰ তলত শুবলৈ ভাল পোৱা মুকলি মনৰ নাৰী হৈয়েই তাৰ মনত থকা কথাটো ভালেই হ'ল।


161 views0 comments

Recent Posts

See All

শূন্যতাৰ সিপাৰে তথাগত। খণ্ড - ১৭

চকুহাল মেলিবলৈ মন যোৱা নাই তাৰ। আগনিশা বাবাৰ ৰাগি যোৱাই নাই। বৰুণৰ স্কুটাৰৰ পিছত আহোতে বৰুণে তাক ডাঙৰ ডাঙৰ কৈ গান গাই আহিবলৈ দিছিল ক'ৰবাত পৰি আহিব বুলি। সিও প্ৰাণভৰি গাইছিল বুকুৰ গান। 'তোমাৰ প্ৰেমৰ ভো

শূন্যতাৰ সিপাৰে তথাগত। খণ্ড- ১৬

খাৰঘুলিৰ পাহাৰৰ ওপৰত আজি যেন সোনকালে সন্ধিয়া নামিছে। এটাৰ মুখতো মাত নাই। সিহঁতে পাহাৰটোৰ ওপৰেৰে উঠি গৈ অকণমান চৰাইৰ খোৰোঙৰ দৰে হোৱা জেগাখিনিতে ৰ'ল। তাত আগৰে পৰাই আন কেইটামান ল'ৰা আছিল। অপ্ৰতিমহতে চিনি

শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড -১৫

মধূৰ দোকানৰ টুলখনতে বহি বহি তথাগতই ৰঙা চাহ আৰু মূৰী লাড়ু খাই আছিল। তাই তাক কথা এটা কও কও বুলি চেগ চাই আছে। তথাগতই কথাটো ধৰিব পাৰিছে যদিও উপযাচি একো সোধা নাই। তাৰ মগজে কাম নকৰা হৈ আছে। আজি তিনি/ চাৰি ম