শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-৩
Updated: Jun 16, 2021
কেতিয়াবা ৰঙ এসোপাৰে সি বুৰাই পেলাই ছবিখন। প্ৰথম এইখন আকোতেই এদিন অদিতী বাইদেউৱে কৈছিল- ' নাৰীৰ পৃষ্ঠদেহৰ সৌন্দৰ্য্যই তোমাকো পালে যেন পাইছো তথাগত। পিছে তুমি ছাবজেক্টো ইণ্ডিয়ান ল'ব পাৰিলা হয়। ভাৰতীয় নাৰীৰ সৌন্দৰ্য অতুলনীয়। '
অদিতী বাইদেউৱে এই ছবিখন মুঠেও ভাল নাপায়। তেওঁৰ অভিযোগ তথাগতই নাৰীৰ সৌন্দৰ্য্যক ভালদৰে তুলি ধৰিব জনা নাই। আচলতে তথাগত ই বুজি পায় কথাটো - নগ্নতাৰ লগত অদিতী বাইদেউৰ দৰে মানুহবোৰ সহজ হ'ব নোৱাৰে। তেওঁলোকৰ বাবে নগ্নতা আটাইতকৈ গোপনীয়। এই কথাটো জানে বাবেই তথাগতই এই ছবিখনৰ প্ৰসংগ আনি কেতিয়াবা অদিতী বাইদেউক খং উঠায় জোকায়। আজিও এই মুহূৰ্তত তথাগত সেই ছবিখনৰ ওচৰত থিয় হ'ল। ৰং গুলিলে। ব্ৰাছ লগালে। উদং শৰীৰৰ নাৰীৰ ছবিখনে আজি আকৌ বৰণ সলালে।
কিমান সময় পাৰ হৈ গ'ল, তথাগতই গমেই নাপালে। বৰুণ চাগৈ কেতিয়াবাতে ওলাই গ'ল। অলপ অলপ আন্ধাৰ নামিছে। আজি কাৰ্ফিউৰ কাৰণেই নেকি সোনকালেই সন্ধিয়া লাগিলে। ইহঁতকেইটাৰ এটাৰো দেখা দেখি নাই। এনেকৈ থমথমকৈ থাকিবলৈ ভাল নালাগে তথাগতৰ। সদায়েই সিহঁতকেইটা আহে। দিনটোৰ সকলো দৌৰা ঢপৰাৰ শেষত অকণমান মুকলিকৈ উশাহ ল'বলৈ, গান গাবলৈ, সৰু সৰু কথাতে চিঞৰি বাখৰি থাকিবলৈ সিহঁতকেইটা আহে। আজি বহু দিনৰে পৰা এই কথাটোৰ লগত তথাগত অভ্যস্ত হৈ গৈছে। আচলতে এই কথাটোৰ লগত সি ইমান অভ্যস্ত হৈ গ'ল যে সিহঁত নাহিলেই তাৰ বেয়া লাগে। আমন জিমন লাগে।
ছবি অথবা ৰঙবোৰে সিহঁতক তাৰ কাষলৈ আনিছিল প্ৰথমে। লক্ষ্মী মন্দিৰৰ ওচৰৰ ভাৰা কোঠাটোলৈ অদ্ভূত ধৰণৰ মানুহ এটা আহিছে। ছবি আকি থাকে। কেতিয়াবা ৰাতি দুৱাৰ নজপোৱাকৈ ছবিবোৰৰ মাজতে শুই থাকে। কেতিয়াবা বৰ শুৱলাকৈ লোকগীত কিছুমান গাই থাকে। মানুহটোৰ দোতাৰা এখনো আছে। কেতিয়াবা সেইখন বজাই বজাই আপোনমনে গান গাই থাকে।
বৰুৱা ছাৰৰ ছবিস্কুলত প্ৰথম তথাগতৰ কথা কোনোবাই কৈছিল এনেকৈ। ছয় / সাত বছৰৰ আগেয়ে তেতিয়া বৰুণহতে ছবি শিকাৰ নামত বৰুৱা ছাৰৰ ঘৰলৈে যেতিয়াই মন যায় তেতিয়াই আহিছিল। তথাগতৰ বিষয়ে গম পাই বোধহয় এদিন বৰুণ আৰু জুনেইদ আহিছিল প্ৰথমে। সেইদিনা তথাগতই দোতাৰা বজাই মণিকোৱৰৰ গীত গাই আছিল। এতিয়াও প্ৰায়ে গুণগুণাই এনেকুৱা গীতবোৰ সি -
' শঙ্খদেউ ৰজাৰ পুতেক মণিকোৱৰ
কোলাতে খতিখুনে নাই
এবেলা দোলাতে এবেলা ঘোৰাটে
এবেলা শেনৰ ৰং চায় '
সি বহুপৰলৈকে সেইদিনা গমেই পোৱা নাছিল দুজন অপৰিচিত অতিথিয়ে যে তাৰ কোঠালিৰ দুৱাৰমুখতে বহি তাৰ গীতত মছগুল হৈ আছিল। সেয়াই আৰম্ভণি। সেই যে অহা আৰম্ভ হ'ল, সিহঁতৰ গোটেই জাকটো এতিয়া তথাগতৰ নিয়মীয়া অতিথি।
কোঠাটোৰ চুক এটাত ৰাতি শুবৰ বাবে থকা লাম লাকটুবোৰৰ মাজত বিচাৰি বিচাৰি তথাগত ই তাৰ চে'লফোনটো পালে। এইটোৰ লগতহে অভ্যস্ত হ'ব পৰা নাই সি। ইহঁত আটাইকেইটাই টকা উঠাই তাক এইটো কিনি দিছে। পিছে তথাগত ই এতিয়ালৈকে ভালদৰে ব্যৱহাৰ কৰিব জনাই হোৱা নাই। তাৰ এইবোৰত মজিবলৈ ইচ্ছা থাকিলেহে।তথাপি বিপদে আপদে লাগে বুলি সিহঁতে তাক এইটো কিনি দিছে। সি প্ৰথমেই ফোন লগালে বৰুণলৈ, ছুইটচ্ অফ্। অম্লানৰ ৰিং শেষ হৈ গ'ল, ফোন নুঠালে। দুবাৰমান ৰিং কৰোতেই সমীৰণে ফোন উঠালে - ' এই তথাগত দা, আপোনাৰ তালৈ গৈ আছো। আজি বঢ়িয়া বস্তু এটা আছে। জুনেইদ আৰু মই গৈ আছো। '
' আহ , আহি যা ভাই। বৰ ভাগৰ লাগিছে। তহঁত নাহিলে মোৰ বৰ ভাগৰ লাগে। পৰ্বত এখন দাঙি ফুৰিব লগা মানুহৰ দৰে লাগে। আহ্ আহি যা সোনকালে। '
দিনটো একো খোৱা নহ'ল তাৰ।আবেলিতে গাখীৰ দিয়া ল'ৰাটোৱে গাখীৰৰ বটলটো ভৰাই থৈ গৈছে।তাক কাৰ্ফিউৱে নাপালে হ'বলা। অলপ বুট তিয়াই থোৱা আছে। সমীৰণৰ সৈতে আজিও নিচা কৰিব তথাগত ই। এটা নিচালগা সন্ধিয়াৰ বাবেই যেন আকুল হৈ পৰিছে সি। সি আজি নিচাত মাতাল হ'ব। আৰু গোটেই ৰাতি ছবি আকিব।
গাখীৰখিনি সি বাতি এটাত বাকিলে। আজি ফুটফুটি আহিলে পেট ভৰাই খাবলৈ পাব। বেচেৰীৰ পেটত পোৱালি আছে। খোজ কাঢ়িলে পেটটোৱে মাটি চোও চোও কৰে। তথাগতই নিজৰ ভাগৰ পৰা সদায় গাখীৰ অকণমান তাইক দিয়ে। আজি ফুটফুটিয়ে গাখীৰ ভগাই খাব লগা নহয়। গাখীৰখিনি বাকি থাকোতে ফুটফুটিৰ ভোক নোহোৱা ৰাতি এটাৰ কথা ভাবি তথাগতৰ ভাল লাগি গ'ল। সি সুহুৰিয়াবলৈ ধৰিলে।