top of page

শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-২

Updated: Jun 16, 2021


কুণ্ডলী পকাই থকা এখিনি ধোৱাই ছানি ধৰিছে, চাপৰ টিন দিয়া লেতেৰা কোঠাটো। কাৰ্ফিউৰ দিনৰ গুৱাহাটী। গোটেই নিৰৱতাখিনি যেন তথাগতৰ কোঠাটোলৈকে সোমাই আহিছে। সময়বোৰ ইমান নিজম হ'লেও কিবা ভাল নালাগে তাৰ। মৰাৰ পিছত সৱ নিজম হ'বই, এতিয়া জী থাকোতে তাতে দুটাকৈ জী থকা মানুহ মুখামুখিকৈ থাকোতে ইমান নিৰৱতা ভাল লগা নাই তথাগতৰ।

চিগাৰেটৰ মূগা বৰণীয়া অংশটো কোঠাৰ চুক এটালৈ দলিয়াই সি বৰুণক সুধিলে - ' কি হৈছে তোৰ ? '

চেলাউৰি দুডাল কোচ খুৱাই বৰুণে তালৈ চাইছে। এনেয়েও অলপতে বিৰক্ত হয় বৰুণ আৰু এতিয়া যেন পৃথিৱীৰ সমস্ত বিৰক্তি আহি তাৰ মুখখনতে থুপ খাইছেহি।

' হেই কি হ'ল অ' তোৰ। মুখত তলা লগাই বহি আছ যে ? '

' এই খুপৰিটোত সোমাই থাকিলে বাহিৰৰ দুনিয়াখনত কি হৈছে, কি নহৈছে কিবা গম পাবি জানো ? এই দুখন হাতেৰে কিছু সময়ৰ আগতে মাত্ৰ পোৰা মঙহ আতৰাই আহিছো ৰাস্তাৰ মাজৰ পৰা। ডিঙিৰ তলিলৈকে সোমাই গৈছে মঙহ পোৰা গোন্ধ। চাল্লা, জীয়া মানুহবোৰ পোৰা মঙহৰ লডা হৈ পৰি আছিল য'তে ত'তে। '

' কি গাই আছ এইবোৰ ? '

তথাগত ই দস্তুৰমত বিচুৰ্তি খাইছে।

' আজি দূপৰীয়া গণেশগুৰিত ব'ম দিলে, কৰ্টৰ সন্মুখতো দিছে। ত ই কিবা গম পাৱনে ? '

' শুনিলো- কোনোবা এটাই কৈ গ'ল। তয়ো আছিলি নেকি তাত ? '

' ময়ো যদি সেই পোৰা মঙহসোপাৰ মাজৰে এসোপা হ'লোহেতেন '

বৰুণ আবেগিক হৈ পৰিছে। ৰঙা পৰি আহিছে তাৰ দুচকু।তথাগত ই বুজি পায়, মৃত্যুক ওচৰৰ পৰা দেখি অহা মানুহৰ যন্ত্ৰণা তথাগতই বুজি পায়।

দিলীপ কাইদৌহতৰ ধুনীয়া নবৌজনী এদিন হঠাতে জ্বলি মৰি থাকিছিল। তথাগতহত সৰু তেতিয়া। ঘৰৰ কাষৰে সেই ঘটনাটোৰ দিনা সিও ঘৰৰ আন মানুহৰ লগত সিও লৰ মাৰি গৈছিল। সেইদিনাও মঙহৰ লডা হৈ পৰি আছিল ধুনীয়া নবৌজনী। কেইবাদিনলৈ তথাগত ই ভালকৈ খাব শুব নোৱৰা হৈছিল। সেইজনী নবৌৱে তথাগতক বৰ মৰমেৰে মাতিছিল। ঘৰলৈ গ'লে গাখীৰ বিস্কুট খাবলৈ দিছিল। সেইজনী নবৌৱে নিজকে ইমান নিষ্ঠুৰভাৱে জ্বলাই দিব পৰা কথাটোৱে তথাগতৰ অকণমানি কলিজাটোত বিন্ধা এটা যেন কৰিছিল। কেতিয়াবা তাৰ পৰা টোপাটোপে বিষ সৰিছিল। দিলীপ কাইদৌৰ নতুন কইনাজনীৰ মুখলৈকে নাচালে তথাগত ই কাহানিও। কিমান সহজে মানুহে মানুহক পাহৰি নতুন মানুহক আদৰি ল'ব পাৰে সেই কথা সহিবলৈ আজিও কষ্ট পাই তথাগতই।

মহানগৰীৰ জীৱনত মৃত্যু যেন দিনক দিনে সহজ হৈ আহিছে। প্ৰথম অৱস্থাত তথাগত পগলাৰ দৰে হৈছিল। ঠেকাই আনিছিল নিজৰ পৃথিৱীৰ পৰিসৰ। এতিয়া সেই ঠেক পৃথিৱীখনতে আপোনমনে থাকে সি। বৰুণতকৈ কেইবছৰমান বেছিকৈ এইখন পৃথিৱী সি দেখিছে। লাহে লাহে বৰুণেও হয়তো সহিব পৰা বাটবোৰ নিজেই বিচাৰি ল'বলৈ শিকিব। অভ্যস্ত হৈ পৰিব সিও।

এই যে অভ্যস্ত হৈ যোৱাৰ কথাটো, এই কথাটো বাৰু ভাল নে বেয়া ? মানুহ যদি লাহে লাহে সকলো কথাতে অভ্যস্ত হ'বলৈ লয় তেতিয়া হ'লে মানুহৰ আবেগ অনুভূতিবোৰৰ কি হ'ব ? চিন্তাৰ পাকঘূৰণি এটা তাৰ মগজুলৈ হো হোৱাই নামি আহিল।

' কিমান মানুহ মৰিছে জান ? '

' কিমান ? '

আধা মেল খোৱা চকুৰে তথাগতই সুধিলে।

' ১০০ তকৈও বেছি। এনেকুৱা কিয় হৈছে তথাগত ? মানুহবোৰক লাগে কি আচলতে ? এনেকৈ মানুহ মাৰিব পৰা মানুহবোৰ ৰাতি টোপনি যাব পাৰেনে ? '

'চম্ভাল নিজকে দোস্ত। আজি তই জীয়াই আছ , মই জীয়াই আছো - এইটোৱেই ডাঙৰ কথা। লাইফটোৰ চাল্লা একো ভেলিডিটি নোহোৱা হৈ গৈছে '

কোঠাটোৰ এটা চুকত তথাগতই অকা উদং শৰীৰৰ নাৰীৰ পেইণ্টিংখন আছে। মনটো খেলিমেলি লাগিলেই সি সেই পেইণ্টিংখনৰ ওচৰলৈ যায়। নাৰী মানেই তাৰ বাবে এমুঠি ৰং - কেতিয়াবা ৰঙা, কেতিয়াবা সেউজীয়া অথবা কেতিয়াবা সকলো ৰঙৰ এক সমানুপাতিক মিশ্ৰণ।

এই ৰঙে তাক জীয়ণ দি ৰাখে।

(আগলৈ)


Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page