শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড- ১৪

Updated: Jun 16

'এনেকুৱা সুৰ নবজাবি তথাগত। কলিজা ফাটি যায়।'

কেৱল বাহীৰ সুৰটো আছিল।

বাকী সকলো নিৰৱ, নিস্তব্ধ।

হঠাতে যেন গীতাৰ্থৰ মাতটো বৰ অচিনাকি লাগি গ'ল আটাইৰে।

গীতাৰ্থই চকু মুদি আছে। এনেকুৱা লাগিছে চকুযোৰ মেলিলেই যেন চকুপানীৰ ঢল নামিব।

তথাগতই বাহী বজাইয়েই আছে।

বাউল গীতৰ সুৰটোৱে সকলোৰে কলিজা চুইচেগৈ। কিন্তু গীতাৰ্থৰ শোকটো যেন বেছিকৈ উজাই আহিছে।

আজিও পুৱা বিচনাতে মাকৰ গালি শুনিছে সি। গীটাৰখন বজোৱাক লৈ সকলোৰে অশান্তি। পঢ়া শুনা নকৰি গান বাজনা কৰি থকাক লৈ সকলোৰে আপত্তি।

খঙতে পুৱাতে ঘৰৰ পৰা ওলাই আহিছিল সি। সদায় সদায় একেখন নাটক অসহ্য লাগিছে তাৰ।

সি তাইক আজি কলেজলৈ নাযাবলৈ কৈছিল। তাই নুশুনিলে। সি দুই বজালৈকে তাইৰ ৰূমৰ ওচৰত ইফালৰ পৰা সিফাললৈ ঘূৰি থাকিল। তাইৰ মোবাইল অফ্। তাইও তাক লৈ অশান্তি পোৱা হৈছে - এই কথাটোৱে তাৰ যেন কলিজাৰ ভিতৰলৈকে আকুহি গৈছে।

আজি কালি সি অনুভৱ কৰে- ক'ৰবাত কিবা এটা কমি গৈছে সিহঁতৰ মাজত। তাই আগৰদৰে তাৰ কাৰণে বাট নোচোৱাৰ দৰে লাগে তাৰ।

এটা সময়ত তাৰ গৌৰৱ।আছিল আটাইতকৈ ধুনীয়া, আটাইতকৈ মৰমলগা ছোৱালীজনী সি ভাল পায়। আৰু অকল সিয়েই নহয় তাইও ভালপায়।

ঘৰত কাজিয়া তেতিয়াও আছিল।

মাক দেউতাক বায়েকহতৰ গালি শপনিবোৰ তেতিয়াও আছিল। কিন্তু সি সহিব পাৰিছিল। তাই তাক আৱৰি ৰাখিছিল। এতিয়া যেন কিবা এটা নোহোৱা হৈ গ'ল।

সেইদিনা হঠাতে তাই ক'লে - 'পমি বা নাথাকিলে তুমি নাহিবা । মোৰ দিগদাৰি লাগে।'

সি অবাক হৈছিল। প্ৰথম তাই ধেমালি কৰা বুলি ভাবিছিল সি। পিছে নহয়, তাই ছিৰিয়াছ এইটো কথাক লৈ।

প্ৰিয় মানুহজনীক একান্ত নিৰলত চুই চোৱাৰ হেপাঁহ কাৰ নাথাকে। অথচ তাই হঠাতে ধৰি পেলোৱা পাৰ চৰাইজনীৰ দৰে কৰে সি ওচৰ চাপি গ'লে। তাৰ এনে লাগে তাই যেন লাহে লাহে তাক ভয় কৰা হৈ আহিছে।

এই কথাটো কেনেকৈ সহে সি ?

লাহে লাহে সন্ধিয়াটো ৰাতি হৈছে। বৰুণৰ মনত পৰিল মাকে বাটলৈ চাই ৰৈ থাকিব। সি ঘৰ গৈ নোসোমোৱালৈকে অস্থিৰ হৈ থাকে মানুহজনী। সি বুজি পায় - যাৰ প্ৰতি স্নেহ উপচি থাকে তাৰ বাবেহে এনেকৈ অস্থিৰ হ'ব পাৰি।

আড্ডা সামৰি প্ৰথম যাবলৈ ওলাল বৰুণ। দুচকু মুদি বাহী বজাই থকা তথাগতক মাত নিদিয়াকৈ যাবলৈ ওলাল সি। তাৰ ঘৰৰ ওচৰতে জুনেইদৰ ঘৰ। সিও ওলাল একেলগে যাবলৈ। যাবৰ সময়ত বৰুণে সমীৰণক কৈ গ'ল - 'বেছি ৰাতিলৈকে আড্ডা দি নাথাকিবি। ওচৰৰ মানুহে অশান্তি পাব।'

কোঠাটোৰ পৰা ওলায়েই বৰুণে দেখিলে অদীতি বাইদেউহতৰ চাদৰ ওপৰৰ অকলশৰীয়া কোঠাটোত লাইট জ্বলি আছে। আজি চাগে বাইদেউৱে আকৌ চেটাৰ বজাইছে।

অদীতি বাইদেউৱে চেটাৰ বজাওতে সি এদিন দেখিছিল।

মজিয়াৰ ৰঙা কাৰ্পেটখনত বহি বাইদেৱে একান্তমনে চেটাৰ বজাইছিল। দুচকু মুদি চেটাৰ বজাই থকা বাইদেউক ছবি এখনৰ দৰে লাগিছিল।

বাইদেউৰ চুলিকোচা বৰ দীঘল। ককালৰ তললৈকে পৰে। প্ৰায়েই বেণী গুঠি থয়। সেইদিনা চুলিখিনি মেলা আছিল। মানুহজনীক চুলিকোচাই যেন আৱৰি থৈছিল। ঘন চুলিকোচাৰ মাজৰ মুখখন, শায়িত চকুযোৰেৰে কিবা এক অপাৰ্থিৱ সুন্দৰতাৰে উজ্জ্বল হৈ উঠাৰ দৰে লাগিছিল। হয়তো তেনে ৰূপত বাইদেউক তথাগতই দেখা হ'লে এখন নতুন ছবি আকিলেহেতেন সি। কিন্তু বৰুণে সেই সাহস কৰিব পৰা নাই। ইমান সুন্দৰ ছবি সি আকিব নোৱাৰে। সেইদিনা নীড়ক ছাদৰ ওপৰৰ পৰা সপ্তৰ্ষিমণ্ডল দেখুৱাও বুলি যাওতেহে হঠাতে সি অদীতি বাইদেউৰ এই ৰূপ দেখিছিল। বাইদেউৱে হয়তো আজিও নাজানে সেইদিনা সেইদৰে সি বাইদেউক দেখিছিল বুলি। অথচ কাহানিও পাহৰি নোৱৰা ছবি এখন হৈ সেই সময়খিনি তাৰ মনৰ মাজত থাকি গ'ল।

বৰুণ আৰু জুনেইদৰ লগে লগে অম্লানো ওলাই আহিল।

গীতাৰ্থ আৰু সমীৰণ এতিয়াই নাযায়। এটা ব্লেক ডগ আনিছে আজি সিহঁতে। তথাগতৰ সৈতে মদ খোৱাৰ আমেজেই সুকীয়া। সমীৰণৰ বাবে এই সময়খিনি সেইবাবেই লোভনীয়।

তথাগতই কয়- 'মদ খালে মি বেছি ছীজিল হও।'

মদ খাই আজি সি বৰুৱা ছাৰৰ জন্মদিনত পাতিব লগা এগজিবিশ্যন খনৰ কথা ভাবিব। দুখনমান ছবিৰ কথা ভাবিব।

এটা সময়ত সমীৰণ আৰু গীতাৰ্থও গ'লগৈ।

ছাৰক উপহাৰ দিব বুলি ভাবি থকা ছবিখনৰ কথা ভাবি উকা কেনভাচখনৰ কাষতে ওৰে ৰাতি বহি থাকিল তথাগত। অকলে!

(আগলৈ)

Recent Posts

See All

শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৮

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

শূন্যতাৰ সিপাৰে তথাগত খণ্ড-২৭

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

শূন্যতাৰ সিপাৰে তথাগত খণ্ড -২৬

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '