শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড - ১১
Updated: Jun 16, 2021
নীড়ে তাৰ পৰা ৰঙৰ টেমাটো লোৱা নাছিল। সি কোছ মোছ খাই বেছিকৈ মাকৰ কাষ চাপিছিল। ৰঙৰ টেমাটো বাইদেউৱে আথে বেথে সামৰি লৈছিল। পিছলৈ সিহঁতবোৰে কথাবোৰ লাহে লাহে গম পাইছিল।
' কণমানিটোক উধাই মুধাই খেলা বস্তু এসোপা আনি দিয়ে। আৰু খেলি থকা কণমানিটোক চোচৰাই নি মাৰে জানা। অভিযোগ এটাই - ' খেলা বস্তু মই দিওঁ, চকলেট চিপচ্ মই আনি দিওঁ, তাৰ পিছতো মাৰেই ভাল? মাৰকে ভালপাৱ ? ' মই তেতিয়া স্কুলত কাম কৰি আছো। ঘৰত শাহু থাকে নীড়ৰ লগত। সেই কণমানি ডেৰ বছৰীয়া ল'ৰাটোৰ ভাতত এদিন ভোট জলকীয়া থেকেচি দিছিল, ভাত খুৱাওতে দিগদাৰি কৰা বুলি। সেইদিনা স্কুলৰ পৰা আহি কান্দি কান্দি লেবেজান হৈ পৰা নীড়ক যেতিয়া কোলাত লও, তাৰ তিব্ৰ জ্বৰ আৰু কণমানি ওঠ দুটা ফুলি ক'লা পৰি গৈছে। তেনেকৈয়ে ডাক্তৰৰ ওচৰলৈ দৌৰিছিলো। দেউতাকৰ খং উঠিলে মোক মাৰিয়েই শান্তি নাপায় এই কণমানি ল'ৰাটোকো ফুটবল খেলা দি গোৰ মাৰি দিয়ে। সি এখন নহয়, কেইবাখনো নৰক দেখি আহিছে। মানুহ বুলিলেই ভয় খায়। কপি থাকে, কান্দি থাকে। এই কণমানি অৱস্থাতে তাৰ বুকুত বিষ। গুচি আহিলো সেয়েহে একেবাৰে। নীড়ক হেৰুৱাব নিবিচাৰিলো কাৰণেই গুচি আহিলো। এতিয়া উশাহ ল'ব পাৰিছো ভালদৰে। '
তথাগত বুলিয়েই নহয়, সিহঁত আটাইকেইটাৰে বৰ মৰমৰ নীড়। লাহে লাহে সিও সহজ হ'বলৈ আৰম্ভ কৰিলে। এতিয়া সিহঁত আটাইকেইটা নীড়ৰ মামা। কেতিয়াবা নীড়ৰ লগত সিহঁতে বেডমিণ্টন খেলে, ক্ৰিকেট খেলে, সিহঁতৰ লগত ফুৰিবলৈ যায়। মুঠতে ল'ৰাটোৰ আগৰ আচৰণবোৰ প্ৰায় নোহোৱা হৈছে।
বিবাহ বিচ্ছেদৰ পাছৰে পৰাই অদীতি বাইদেউৰ লগত তেখেতৰ মাক আহি আছেহি। মানুহগৰাকী অকণমান গোমোঠা ধৰণৰ। ইহঁতবোৰ গ'লেও ভালদৰে মাতবোল নকৰে। তথাগতৰ কিবা পচন্দ নহয় মানুহজনীক। অৱশ্যে বৰুণে কোৱাৰ ধৰণৰ কথা এটাও হ'ব পাৰে। অদীতি বাইদেউ মাক দেউতাকৰ একমাত্ৰ সন্তান। সংসাৰখন ৰক্ষা কৰিব নোৱৰা কাৰণে চাগে মাকৰ কিবা এটা দু:চিন্তা হৈ থাকে। এদিন নীড়ৰ সৈতে ছাইনিজ চেকাৰ খেলি থাকোতে বোলে তথাগতক কৈছিলো - ' মাইকী মানুহ হৈ নিজৰ মানুহটোকে বলাব নোৱাৰিলে তাই। এতিয়া ল'ৰা কেনেকৈ মানুহ কৰিব ? '
তথাগতৰ ভাষাত তাৰ ' টেমাটো একেবাৰে গৰম হৈ গ'ল। সি কৈয়েই দিলে- ' আপোনাৰ ছোৱালী আৰু নাতি যদি তাত মৰিলেহেতেন আপুনি চাগে শ্ৰাদ্ধ বহুত ডাঙৰকৈ পাতিলেহেতেন! মাইকী মানুহৰ অকল মৰি মৰি হ'লেও সংসাৰ বচোৱাহে কাম শুনিছো। আপোনাৰ জোৱাইয়ে হেনো ডিভ'ৰ্চৰ এসপ্তাহৰ পিছতে নতুন মাইকী আনি ঘৰ সুমুৱালেহি?'
সেইদিনাৰ পৰা মানুহজনীয়ে তথাগত আহিলে একেবাৰে মাত নিদিয়া হ'ল। আনকি সি আহিলে ভিতৰৰ কোঠাত ডাঙৰকৈ টি ভি টো লগাই চাই থকা হ'ল। তথাগতই বেয়া নাপায়। এনেকুৱা মাণ্ঢাত্তাৰ আমোলৰ চিন্তা কৰা মানুহৰ লগত তাৰ একো কথাই পাতিব লগা নাথাকে।কিন্তু সি অদীতি বাইদেউৱে বাধা নিদিয়ালৈকে সেইখন ঘৰলৈ গৈয়েই থাকিব।
নীড় অদীতি বাইদেউৰ আটাইতকৈ ডাঙৰ দূৰ্বলতা। আজি তিনি বছৰে এই মানুহজনীয়ে তথাগতক ভবাই তুলিছে। এনেকৈ ধুমুহাই তচনচ কৰি থৈ যোৱাৰ পিছতো ইমান মানুহ ইমান স্নিগ্ধ হৈ থাকেনে ? থাকিব পাৰেনে ?
অদীতি বাইদেউৰ ছবি এখন আকিবলৈ বৰ মন যায় তথাগতৰ।
আকিব, এদিন সেই ছবিখন তথাগতই আকিব। এসোপা ৰামধেনু ৰঙৰ ফুলৰ মাজত আকাশলৈ মূ কৰি পৰি থকা ফুলৰ দৰে আলফুলীয়া মানুহ জনীৰ ছবি সি আকিব।
' অই তহঁতৰ কি হ'ল ? ইমান চুপ- চাপ আন্ধাৰে মুন্ধাৰে বহি আছ যে ? '
হুৰমূৰাই সোমাই আহিল বৰুণ আৰু সমীৰণ।
দুয়োটা সোমাই অহাৰ লগে লগে চিগাৰেটৰ উগ্ৰ গোন্ধ এটা কোঠাটোত বিয়পি পৰিল। অম্লানে তথাগতৰ তুলিখনতে বাগৰি কাৰোবাৰ লগত কথা পাতি আছে। বেচেৰাই তাৰ গানকেইটা ভালদৰে কৰিব বিচাৰিছে। প্ৰতিদিনে কেইবাজনো প্ৰডিউশ্যাৰৰ লগত কথা পাতিছে। কোনেও পাত্তাই দিয়া নাই। অদীতি বাইদেউৰ চিনাকি কোনোবা এজনৰ নাম্বাৰ দিছিল। মানুহজনে কাইলৈ তাক মাতিছে। সেই কথাটোকে সি অদীতি বাইদেউক কৈ আছিল। মানুহজনৰ ছোৱালী জনীয়ে হেনো অদীতি বাইদেউৰ স্কুলত গান শিকে। গতিকে বাইদেউৱে অম্লানৰ কথাটো কওতে তেখেতে গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰিলে। অম্লানে বৰ সাহস পাইছে কথাটোত। ঘৰৰ মানুহে লাহে লাহে তাক বেয়া পোৱা হৈছে।চাকৰি বাকৰিৰ ধাণ্ডা নকৰি অকল গান কৰি থকা ল'ৰা বুলি তাক ঠাট্টা কৰে।
অম্লানে শেষ চেষ্টা এটা কৰিব বিচাৰিছে। মনে বিচৰা কাম এটা জীয়াই ৰাখিবলৈ যে কিমান কষ্ট কৰিব লগা হয়, সেই কথা আজিকালি অম্লানে ভালকৈ বুজে। সৱতকৈ কষ্ট ঘৰৰ মানুহক বুজোৱা। কেতিয়াবা অম্লানৰ লাগে, তেজ মঙহৰ আপোন মানুহবোৰে ঢেৰ ' condition ' ৰ বিনিময়তহে মৰম ভালপোৱা দিয়ে যেন। কেতিয়াবা তাৰ নিয়ন্ত্ৰণ কৰিব নোৱৰা খং উঠি যায়। অৱশ্যে মাকৰ কথা ভাবিলে খং ৰাগবোৰ বেছি সময় নাথাকে তাৰ। মাকক সি প্ৰচণ্ড ভাল পায়। প্ৰডিউশ্যাৰ জনৰ লগত কথা পাতি থাকোতেই সি যেন ডাঙৰকৈ সপোন এটা দেখিবলৈ আকৌ এবাৰ সাহ গোটালে।
বৰুণ আৰু সমীৰণৰ লগে লগে কোঠাটো আকৌ উচ্ছল হৈ পৰিল।তথাগতই আগৰ কাগজখন লুটিয়াই নতুনকৈ লিখিলে -
' আহক, বহক, অলপ কথা পাতো। '
(আগলৈ)