শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড - ১০
Updated: Jun 16, 2021
এই যে তথাগত মানুহজন, এই মানুহজনৰ মাজত কিবা এটা বেলেগ ধৰণৰ আকৰ্ষণ আছে। এই আকৰ্ষণৰ বাবেই মানুহবোৰ তাৰ ওচৰলৈ বাৰে বাৰে আহে। অম্লানহতে আজি ইমান দিনে লগ পাই আহিছে ,আজিলৈকে মানুহটোক সলনি হোৱা নেদেখিলে। তথাগত সহজে পোনাব বা বেকা কৰিব পৰা ধৰণৰ মানুহ নহয়। কেতিয়াবা এনেকুৱা লাগে বহু বিশিষ্টজনতকৈ তথাগত নিজৰ স্থিতি সম্পৰ্কে বৰ স্পষ্ট। বৰ দৃঢ়।তথাগতই প্ৰায়েই কয় - ' ভোকত থাকিলেও সিংহই ঘাহ নেখায়। হাতত টকা নাথাকিলেও তথাগতই ভিক্ষা নোখোজে। এই হাত দুখনক সন্মান কৰো বুজিছ। ' তথাগতক উভতিব ধৰিব পৰা মানুহ এটাই আছে, সেইটো হৈছে বৰুণ। তথাগতই এনেকুৱা কথা ক'লে সি কেতিয়াবা খং কৰে - ' এইটো স্বাভিমান নহয়। এইটো আচলতে তোৰ অদৰকাৰী আবেগ। এসপ্তাহ উধাই মুধাই কাম কৰি এমাহ অহৌবলীয়াৰ দৰে ঘূৰি ফুৰ। কামটোক seriously ল'বিনে কেতিয়াবা ? '
বৰুণে এনেদৰে খং কৰিলে তথাগতই ঢেকঢেকাই হাহে। হাঁহি হাঁহি চকুপানী ওলাই যায় তাৰ। ' এই বৰুণ, তথাগতক নিজৰ ধৰণেৰে জীৱলৈ দে। নহ'লে সি বেচেৰা মৰি থাকিব। উশাহ নাপাই মৰিব। '
এবাৰ অৱশ্যে অকণমান জটিল পৰিস্থিতি এটা নোহোৱা নহয়। তথাগতৰ হাতত একেবাৰে টকা পইচা নোহোৱা হ'ল। নিজৰ ইচ্ছাত ঘুৰি ফুৰিব নোৱাৰিলে মানুহটো অস্থিৰ হৈ পৰে। সিহঁতবোৰে আৰু অদীতি বাইদেউৱে যি পাৰে দিছিল। কিন্তু তথাগতক টকা দিয়াও জানো কম সমস্যাৰ কথা। সি তেনেকৈ সহায় কৰিলে অনুগ্ৰহ কৰা বুলি ভাবে। বহুত বুদ্ধি কৰি তাক টকা দিব লগা হয়। এবাৰ অম্লানে তুলিৰ তলত টকা ১০০ ভৰাই থৈ গৈছিল। তথাগতই ফোন কৰি কৰি আটাইকেইটাক সুধিছে। শেষত অম্লানে ক'লে - ' মোৰে টকা। জেপৰ পৰা পৰি গ'ল।আপুনি থৈ দিয়ক। পিছত কেতিয়াবা মোৰ টান পৰিলে লৈ ল'ম। '
সি টকাটো ঘূৰাই দিয়াৰ ভয়ত অম্লানে ইচ্ছা কৰিয়েই কেইদিনমান তথাগতৰ ৰূমত হোৱা সন্ধিয়াৰ আড্ডালৈ অহা নাছিল।
তথাগতৰ এই আৰ্থিক অসুবিধাটো অকণমান দূৰ কৰাৰ হেপাঁহেৰে বৰুণে কাৰোবাৰ পৰা খবৰ পাই এগৰাকী মানুহক তথাগতৰ ওচৰলৈ লৈ আহিছিল। মহানগৰীৰ অতি অভিজাত পৰিয়ালৰ মহিলা, তেওঁ নিজৰ ছবি এখন অকাব বিচাৰিছিল। তথাগতই কথা পাতিলে। যথেষ্ট ভালকৈ টকা দিয়াৰ কথাও হ'ল।সমস্যা হ'ল সেইগৰাকী মানুহে কোনোপধ্যেই তথাগতৰ সেই বিশৃংখল, লেটেৰা কোঠাটোত বহি নিজৰ পট্ৰেইটখন অকোৱাব নোৱাৰে। সিহঁত আটাইকেইটাই বুজাই বঢ়াই তথাগতক মহিলা গৰাকীৰ ঘৰলৈকে যাবৰ বাবে সৈমানো কৰালে। দুদিন বৰুণ আৰু সমীৰণো লগত গৈ দিলে। কেণাটো লাগিল তৃতীয় দিনা।
মানুহগৰাকীয়ে তথাগতক হেনো অকণমান চাফ চিকুণ হৈ , দাড়ী চুলি কাটি আহিবলৈ ক'লে। তাতেই তথাগতৰ খং উঠিল। মহিলা গৰাকীৰ সৈতে ছবিৰ পৰ্ব তাতেই সামৰি সি আহি কোঠা পালেহি।
মানুহগৰাকীয়ে বৰুণকে ফোন কৰি যা তা ক'লে। সন্ধিয়ালৈ দুয়োটাৰ মাজত এখন যুদ্ধই লাগো লাগো পৰিস্থিতি। তথাগতৰ মতে মানুহগৰাকীয়ে তাক অপমান কৰিছে। বৰুণৰো খং এনেয়ে বেছি। সিও ব্ৰহ্মমুখে বকিলে - ' তই লেটেৰা হয়। তই অকণমান চাফ চিকুণ হ'লে কি বেয়াতো হ'ব। '
প্ৰায় দহদিনমানলৈ দুয়োটা একেবাৰে পূবা পশ্চিমা হৈ থাকিল। তাৰ পিছত যেনিবা আপোনা আপুনি থিক হ'ল।
আচলতে তথাগতৰ গা পা ধোৱাৰো বৰ নিয়ম নাই। নিয়ম নাই মানে ধুবনো ক'ত। এচলিয়া এটা কোঠা। কোঠা মানে এইটো এটা দোকান ঘৰহে আচলতে। সিহে তেনেকৈ থাকে। মালিকেও তাৰ পৰা ভাৰা চাৰা বিচাৰি দিগদাৰ নিদিয়ে। কেতিয়াবা ছবি বিক্ৰী হোৱা টকাৰ পৰা সৰহখিনি পইচা সি মালিকক দি দিয়ে। লেট্ৰিন বাথৰূম নাই, টিউবেল এটাও নাই, মালিকেনো তাক ভাৰাৰ কাৰণে তাগিদা দিয়ে কেনেকৈ ? ওচৰৰে চৰকাৰী টয়লেটটো তথাগতই ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰাৰ নামতো আকৌ সেইটো চাফ চিকুণ কৰাৰ দায়িত্বও নিজে নিজেই লৈছে। সমস্যাটো গা ধোৱাক লৈহে হয়। কোঠাৰ সন্মুখতে কেতিয়াবা দোকানৰ পৰা পাচ লিটাৰৰ পানীৰ বটল কিনি সি গাত ঢালে। সেয়াই তাৰ গা ধোৱা। এইখিনি ঠাইত পানীৰ বৰ অসুবিধা। কৃপণৰ দৰে খৰছ কৰিব লাগে। সেই যুক্তিৰে তথাগতই সদায় গা নোধোৱে।
কেতিয়াবা গা ধুবলৈ বুলি সি বশিষ্ঠলৈ যায়। জুবুৰিয়াই জুবুৰিয়াই গা ধুই আহি বৰুণৰ মাকে আথে বেথে বাঢ়ি দিয়া ভাত খায়।নিজেই নিজক লৈ কৌতুক কৰি সি কয় -
' আজি তথাগত মানুহ হৈছে। '
আৰু এজনী মানুহৰ বাবে তথাগতৰ মনত অকণমান সন্মান আৰু আদৰৰ ঠাই আছে। সেইজনী হ'ল অদীতি বাইদেউ। তথাগতৰ চালিখন ৰাস্তাটোৰ সিটো মূৰে থাকোতেই এদিন প্ৰথম অদীতি বাইদেউ আহিছিল। বাইদেউৰ ল'ৰা নীড় তেতিয়া চাৰি বা পাচ বছৰীয়া।
' মোৰ ল'ৰাটোক তুমি অকণমান ৰংবোৰ দেখুৱাই দিবানে ? একো নহ'লেও সি যদি ৰংবোৰ ভাল পাবলৈকে শিকে। তুমি তাক ছবি আকিবলৈ শিকাব নালাগে। কিন্তু এটা সপোন আছে জানা। সি যদি ছবি আকিবলৈ মনো কৰে, তেন্তে সেয়াও মোৰ বাবে বহুত ভাল লগা কথা হ'ব। সি এইকণ বয়সতে এখন নৰক পাৰ হৈ আহিছে। ৰংবোৰ চিনি নাপাওতেই হেৰুৱাব লগীয়া হৈছে। তুমি অকণমান তাক ৰং ভাল পাবলৈ শিকাই দিয়াচোন। '
অকণমানি, ৰঙা বগা জপৰা চুলিৰ ল'ৰাটোৱে মাকৰ গাতে আঠা লগাদি লাগি আছিল। তাৰ চকুত ভয় আছিল। যিযোৰ চকুত অকণমানি হৰিণ পোৱালি এটাই দৌৰি থাকিব লাগিছিল, সেই চকুত ভয় আৰু বেজাৰৰ ৰংবোৰ দেখি তথাগতৰ বৰ বেয়া লাগিছিল। সি তাৰ ৰঙৰ বাকচবোৰৰ মাজৰ পৰা ৰঙা ৰঙৰ টেমা এটা নীড়ৰ হাতত দি কৈছিল।
- ' এয়া জীৱনৰ ৰং। এয়া শক্তিৰ ৰং। পুৱাৰ বেলিটোৰ ৰংবোৰ তোমাক দি দিলো দেই কণমানি ল'ৰাটো। কাইলৈ তুমি বেলি এটা আকিবা। কালিলৈ তুমি সূৰ্যোদয় আকিবা। '
(আগলৈ)