শূণ্যতাৰ সিপাৰে তথাগতখণ্ড-৯
Updated: Jun 16, 2021
' তথাগত এতিয়া ব্যস্ত।কথা পাতি সময় নষ্ট নকৰিব। '
দুৱাৰমুখত থিয় দিয়াৰ লগে লগে অম্লানৰ চকুত পৰিল বাক্যটো। চকুত পৰিল মানে মানুহ থিয় দিলেই চকুত পৰাকৈ কাগজখন ওলোমাই থৈছে তথাগতই।
অম্লানৰ মনটো এঙাই গ'ল।
কথা আছিল তাৰ তথাগতৰ সৈতে।
কথা আছিল মানে এটা নতুন সুৰ কৰিছিল অম্লানে।কেইবাদিনৰ পৰা সুৰটোৱে শান্তি দিয়া নাছিল তাক। আজি হঠাতে সি সুৰটো সজাব পাৰিলে। এনেকুৱা হয় তাৰ, সুৰ এটা কৰাৰ পাছত কাৰোবাক শুনাবলৈ মন যায়। কাৰোবাক মানে সমীৰণ, বৰুণ, তথাগত, জুনেইড, শশাংকহতৰ আড্ডাটোতে তাৰ সুৰবোৰ যেন বেছিকৈ ভাল লগা হৈ পৰে।
' দুৱাৰমুখত তেনেকৈ থৰ লাগি ৰৈ থাকিব নালাগে।সোমাই আহ। '
সম্পূৰ্ণ উকা কেনভাচ্ এখনৰ সন্মুখত তথাগত বহি আছে।
বিশৃংখল ভাৱে তাৰ চাৰিওফালে পৰি আছে ৰং, ব্ৰাচ, ডায়েৰীবোৰ।
' এখন ছবি আকিম বুজিছ। ছেল্ফ পট্ৰেইট।এটা ড্ৰাম, ফাটি গৈছ।বুজিছ জুবিনা, এই তথাগতৰ মগজ ফাটি গৈছে।নষ্ট হৈ গৈছে মগজ। '
অম্লানে একো নামাতিলে। ইমান কেইবছৰৰ অভিজ্ঞতাৰে সি বুজি উঠিছে কোন সময়ত তথাগতৰ লগত কথা পাতিব পাৰি, কোন সময়ত মনে মনে থকাই মংগল। এনেয়েহ'লে সি তথাগতক খং কৰিলেহেতেন। য'তে নাথাকক , যেনেকৈয়ে নাথাকক তথাগতই অম্লানক ' জুবিনা ' বুলি মাতে। অম্লানৰ যিমান খং নুঠক, যিমান আপত্তি নাথাকক, ' তথাগতই তাক সেই নামেৰেই মাতে।
অম্লান হৈছে গান পাগল ল'ৰা। সৰুতেই তাক গানৰ নিচাই পালে।কণ্ঠটোও যথেষ্ট ভাল। গতিকে লগ সমনীয়ায়ো উৎসাহ দিলে। পঢ়া শুনাত আধাতে ফুলষ্টপ দি সম্পূৰ্ণৰূপে গীতৰ মাজলৈকে গুচি গ'ল সি।
আৰম্ভণিৰ সময়চোৱাত জুবিনে বৰকৈ আকৰ্ষণ কৰিছিল তাক।
দীঘল চুলি, কাণত ফুলি, ডিঙিয়ে হাতে মণি মুকুতা আৰি গীত গাই ফুৰা জুবিনৰ কিছুমান ষ্টাইল সি হুবহু অনুকৰণ কৰিবলৈ লৈছিল।
বেলতলাৰ বিহু মঞ্চলৈ প্ৰতি বছৰেই আহে জুবিন। অম্লানে যিকোনো প্ৰকাৰে প্ৰথমৰ ফালে থিয় দি হ'লেও থাকিবই। সি মানে সিহঁতৰ গেংটো সদায় আগত। তিনি বছৰমানৰ আগতে প্ৰথমবাৰৰ কাৰণে জুবিনৰ সৈতে সি এখন ফটো তুলিব পাৰিলে। শশাংকৰ কেমেৰাত তুলিছিল ফটোখন।
জুবিনে বাঘৰ ছালৰ দৰে কাপোৰৰ পেণ্ট এটাৰ সৈতে সেউজীয়া চোলা এটা পিন্ধি আহিছিল। আৰম্ভ কৰিছিল - ' অই জান ঐ '..
একেবাৰে সন্মুখৰ পৰা অম্লানে আপোনপাহৰা হৈ গাই গৈছিল- ' অই জান অই , আকাশখন ধুনীয়া/ অই জান ঐ তৰাৰে ধুনীয়া। '
হঠাতে জুবিনে নোগোৱা হৈছিল। কথাটো অম্লানে গম পোৱা নাছিল। বৰুণে হেচুকিচিল তাক - ' অই , জুবিনে তোলৈ চাই আছে। '
অম্লানে কিবা ক'বলৈ পোৱাৰ আগেয়ে ঘটনাটো ঘটি গ'ল -
' এই নীলা চোলা পিন্ধা ল'ৰাটোৱে প্ৰাণঢালি গাইছে। মই শুনিছো।মোৰ কাণত মাতটো আহি গৈছে। '
অম্লানে বুৰ্বকৰ দৰে থৰ লাগিছিল।
লগৰ আটাইকেইটাই হেচুকিছিল - ' যা যা, চিনাকি হগৈ। '
মঞ্চৰ একেবাৰে আগলৈ আহিছিল জুবিন। অম্লান দৌৰি যোৱাৰ দৰে গৈছিল। আগবঢ়াই দিয়া হাতখনত সি খামুচি ধৰোতেই টান মাৰি মঞ্চৰ ওপৰ পোৱালে।
অম্লানৰ এতিয়া মনত পৰিলেও গাটো অথিৰ অবিৰ লাগে। জুবিনে তালৈ চাই কৈছিল- ' আৰে, ইচোন মোৰ দৰেই। '
তাৰ কান্ধত ধৰি জুবিনে ফটোৰ কাৰণে পজ দিছিল। শশাংকই ঢেৰ ক্লিক কৰিছিল। তাৰ ভিতৰত এখন ফটো অম্লানৰ আটাইতকৈ প্ৰিয়।কাষৰ পাজৰৰ সকলো ব্লাৰ কৰি মাজত জুবিন আৰু তাক ফ'কাচ কৰি তোলা ফটোখন। সেইখন ফটো সি তাৰ কোঠাত ডাঙৰকৈ বন্ধাই থ'লে।
সেইদিনা সি একোৱেই ক'ব বা সুধিব নোৱাৰিলে জুবিনক। কিবা এটাত যেন সি উপচি থাকিলে।
জুবিনে কৈছিল- ' গলা ভাল তোমাৰ। আহিবা, গান শুনিম '
সেই কথাটোৱেই তাৰ কাৰণে যথেষ্ট। এনেকুৱা লাগে যেন তাৰ গুৰুৱেহে তাক স্বিকৃতি দিলে। এই তিনি বছৰত সি জুবিনৰ গুৱাহাটীত হোৱা একো অনুষ্ঠান বাদ দিয়া নাই। যিকোনো প্ৰকাৰে হ'লেও থিয় দিবই। ইমান মানুহে আৱৰি থকা মানুহজনে স্বাভাৱিকতে তাক পাহৰি গৈছে। পাহৰি নাযাবলৈ সিনো নিজৰ ফালৰ পৰা মনত ৰাখিব পৰাকৈ কি কৰিলে এই তিনি বছৰত? তথাপি মানুহটোক এবাৰ দেখিলেই তাৰ ভাল লাগে।
জুবিনৰ দৰে দীঘল কেকোৰা একোচা চুলি, এখন কাণত ফুলি, ডিঙিয়ে হাতে মণি মুকুতা আৰি ফুৰা অম্লানক তথাগতই ' জুবিনা ' বুলি মাতিবলৈ ল'লে যি ল'লেই। আজিলৈকে সলনি নহ'ল।
কথাটো অম্লানৰ বৰ ভাল নালাগে।
জুবিন জুবিনেই।
ভাল পাব পাৰি, অনুকৰণ কৰিব পাৰি, কিন্তু কেতিয়াও সেই মানুহজন হৈ পৰিব নোৱাৰি।
অম্লান অম্লান হয়েই কিবা এটা হ'বলৈ বিচাৰে।
এই কথাটো সি কাকোকে বুজাব নোৱাৰে।
তথাগতকো ..