top of page

শূণ্যতাৰ সিপাৰে তথাগত। খণ্ড-১

Updated: Jun 16, 2021

২০০৯ চনত লিখা মোৰ এখন উপন্যাস। ইয়াত উপন্যাসখনৰ বৰ্ধিত এক সংস্কৰণ কৰিবলৈ বিচৰা হৈছে।তথাগত ষোল্ল অনাই শিল্পী। বেপৰুৱা, বেফিক্ৰ, বিশৃংখল। তথাগতৰ মনৰ মাজত অনেক কথা। অনেক অভিমান, ভালপোৱা। আৰু তথাগতৰ একোঠলীয়া সৰগলৈ অহা প্ৰতিজনৰে আছে অনেক কথা। অনেক ক'বলগীয়া। প্ৰতিটো চৰিত্ৰক তেওঁলোকে বিচৰাৰ দৰে স্পেচ্ দিবলৈ চেষ্টা কৰিছো। এই চৰিত্ৰ বোৰৰ মাজত হয়তো কোনোবাখিনিত কোনোবাই নিজকো বিচাৰি পাব।

 

খণ্ড-১

অসময়তে নিমাত নিতাল হৈ পৰিল মহানগৰ। ৰাস্তা-ঘাট, দোকান - পোহাৰ, গাড়ী - মটৰ, ৰিক্সা - ঠেলা, মন্দিৰ - মছজিদ সকলো তাপ মাৰিলে। এই যে কাৰোবাৰ ঘৰত ৰাতিলৈ কিবা অনুষ্ঠান থাকিলে মন নকৰিলেও সৰু সৰু কেইটাক ডবিয়াই - হুমকিয়াই দিনতে শুৱাই থোৱা হয়, ঠিক তেনেকৈয়ে যেন ব্যস্ত মানে অতিপাত ব্যস্ত মহানগৰখনক শুৱাই থোৱা হ'ল।

নিজৰ একোঠলীয়া স্বৰ্গখনতে চিগাৰেট এটা হুপি বহি আছিল তথাগত।

কোনোবা এটাই চিঞৰি কৈ গ'ল - ' অই গোটেই গুৱাহাটীত কাৰ্ফিউ দিছে। তোৰ এইখন বন্ধ কৰ। পুলিচে লণ্ডভণ্ড কৰিব নহ'লে। '

তথাগতৰ সেইফালে কাণষাৰ নাই। কোৱাজনেও ইমান জোৰ দি কোৱা নাই। জনাই জানেই, তথাগতৰ এই মুক্তস্বৰ্গ কাচিৎহে বন্ধ হয়। সি ক'ৰবালৈ যাব লগা হ'লেও সেইখন ধোবাং বাং হৈয়ে থাকে। তথাগতই নিজেই কয় - ' চোৰ আহিলে সি নিজেই লাজ পাব। অলপ দিলদাৰ চোৰ হ'লে কিবাকিবি দুটামান দি থৈহে যাব। আৰু সবতচে ডাঙৰ কথা কি জান - অসমত এতিয়াও ছবি চোৰ এটাৰ জন্ম হোৱা নাই।' সম্পত্তি বুলিবলৈ তথাগতৰ ৰং, ব্ৰাচ, কেনভাছ্ , স্কাল্পশ্যাৰকেইটা আৰু মন গ'লেই বিভিন্ন এক্সিপেৰিমেণ্ট চলাই থাকিব পৰা পেইণ্টিংকেইখনহে।সেয়েহে এক অৰ্থত তথাগত বেফিকিৰ হৈ থাকে। একোঠলীয়া সৰগত নিৰ্ভয় ৰজাৰ দৰে থাকে তথাগত।

চিগাৰেটটোৰ মূগা বৰণীয়া অংশটোলৈকে হুপিছে সি। এইটোৰ পাছত আৰু এটাও নাই। বৰুণ অহালৈকে সি ধৈৰ্য ধৰিব লাগিব। কাৰ্ফিউৰ বাবে সৰু পাণ দোকান এখনো খোলা নাই। থমথমকৈ লেপেট খাই পৰি আছে মচোৱা গোম সাপ যেন ৰাস্তাটো।

তথাগতৰ হঠাতে মন গ'ল সেই ৰাস্তাটোৰে খোজ কাঢ়িবলৈ। এটাও মানুহ নাই, গাড়ী মটৰৰ পে পো, হো হো নাই, ৰিক্সা এখনো নোহোৱা নিসংগ ৰাস্তাটোৰে যেনেকৈয়ে মন যায় তেনেকৈয়ে খোজ কাঢ়িবলৈ মন গ'ল তথাগতৰ।

ঠিক যেন এটা খেল।

খেলি খেলি এটা সময়ত আমনি লাগিলত তথাগত উভতি আহিল। ৰাস্তাৰ ফালে পিঠি দি চিগাৰেট এটা হুপি বহি আছে বৰুণ। তথাগতৰ উকিয়াই দিবলৈ মন গ'ল। সি চিঞৰ উঠিল - ' হেই ..আহি গ'লি। তোৰ কাৰণেই ইমান দেৰি ৰৈ আছিলোঁ দোস্ত। '

' কিয়? তোৰ চিগাৰেট শেষ হ'ল ? '

' ঠিক ধৰিলি দোস্ত। দে না এটা '

সৰু ল'ৰাৰ দৰে সি বৰুণৰ ওচৰত হাত পাতিছে। বৰুণৰ হাতত চিগাৰেট নথকাৰ প্ৰশ্নই নুঠে। তথাগতৰ এই কোঠাত আহি লগ হোৱা আটাইকেইটাই কম বেছি পৰিমাণে চিগাৰেট হোপে যদিও বৰুণৰ কথাটো কিছু সুকীয়া। সি বন্ধুত্বৰ চিনস্বৰূপেও মানুহৰ হাতত চিগাৰেট তুলি দিয়ে। যাক ক'ব পাৰি জাতে পাতে ছেইন স্ম'কাৰ।

আৰু এই কথাটোৰে বহু সময়ত সুযোগ লয় তথাগতই। অন্ততঃ চিগাৰেট বিচাৰি বৰুণৰ ওচৰত কাহানিও বিমুখ হ'ব লগীয়া নহয়। এইটো বহু সময়ত তথাগতৰ বাবে এটা ডাঙৰ সকাহ।

কিন্তু বৰুণৰ আজি মুড একেবাৰে বেয়া। তথাগত ই হাত পাতিছেহে পাতিছে, তাৰ হাতত পৰাহি নাই এটা অস্পৰ্শিত চিগাৰেট।

' দে না ভাই '

' যদি নিদিওঁ ? '

' এ...কিনো কৱ!ডিঙি শুকাই গৈছে। '

' ডিঙি শুকাইছে, পানী খা। '

একেবাৰে উৰাই দিয়াৰ দৰে বৰুণে ক'লে। ফিল্টাৰ এটা নথকা নহয় তথাগতৰ। পিছে কিমান দিন ধৰি কেণ্ডেলডাল ধোৱা নাই সেই কথা তথাগতৰ কিজানি মনত নাই। হয়তো অনাৰ দিন ধৰি কেণ্ডেলডাল ধোৱাই নাই।

অনাৰ দিন ধৰি মানে, তথাগতনো ফিল্টাৰ কিনা মানুহনে ? মুঠেও নহয়, কোঠাত পানীৰ বটল নাথাকিলে নলাৰ পানীৰেই কাম চলাই দিব পৰা মানুহ তথাগত। ফিল্টাৰটো দিছিল অদিতী বাইদেউৱে। এদিন আবেলি সময়ত তথাগতৰ স্বৰ্গলৈ বাইদেউ আহোতে সি ধেমালিকৈ কৈছিল - ' আজি মোৰ জন্মদিন বাইদেউ। কিবা এটা দিয়কনা। '

সেইদিনা বাইদেউৱে এই ফিল্টাৰটো কিনি আনি দি থৈ গৈছিল। তথাগতৰ কোঠাটোত ইমান দামী, চিকচিকিয়া ফিল্টাৰটো বৰ আচৰিত বস্তু এটাৰ দৰে দেখিছিল। তথাগতৰো ফিল্টাৰটোৰ প্ৰতি কিবা এটা মায়া আছে। অভঙৰ নিচিনাকৈ সি ফিল্টাৰটোৰ কাৰণে কাচৰ সজা এটাও মাজে মাজে বৰুণহতক বিচাৰি থাকে। কেতিয়াবা মুড আহিলে ফিল্টাৰটোৰ গাটো সি পিন্ধা চোলা এটাৰে বৰ আলফুলে মোহাৰে মানুহৰ গা মোহৰাদি। বৰুণহতে ফিল্টাৰটোক তথাগতৰ ' কইনা ' বুলি জোকায়।

এতিয়া সেই ফিল্টাৰটোৰ কাষতে হা কৰি মুখ মেল খাই পৰি আছে গল্ড ৰিবনৰ বটলটো। আগৰাতিৰ তথাগতৰ আহাৰ।

চূড়ান্ত বিৰক্তিৰে বৰুণে তথাগতৰ চকুলৈ চালে আৰু হাতত গুজি দিলে এটা নেভিকাট।

' হো, হোপ .. হুপি হুপি জহন্নামলৈ যা। '

থাপ মাৰি লোৱাদি তথাগত ই চিগাৰেটটো চিগাৰেটটো ল'লে। একো কথা নাই সিহঁতৰ মাজত। দিয়াচলাই কাঠি মৰাৰ এটা শব্দ মাত্ৰ।

(আগলৈ)


Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। '

bottom of page