শব্দ ব্ৰক্ষ্ম
Updated: Jul 23, 2020
শব্দ ব্ৰক্ষ্ম। সৰুতে দেউতাই কৈছিল- ' লখিমী, ঔম শব্দৰ উচ্চাৰণ সঠিক ভাবে কৰিবা। কণ্ঠৰ পৰা নহয় নাভিৰ পৰা উচ্চাৰণ কৰিবা 'ঔম '। কিদৰে পদ্মাশনত বহি ' ঔম ' উচ্চাৰণ কৰিব লাগে এই কথা দেউতাই আমাৰ আটাইকেইটা ল'ৰা ছোৱালীকে শিকাইছিল। ঘৰৰ বাৰ্ষিক দক্ষিণাকালী পূজাত অষ্ট অংগৰে ভূমি স্পৰ্শ কৰি সেৱা কৰিবলৈ শিকাইছিল দেউতাই। ইয়াৰ আঁৰত লুকাই থকা বিজ্ঞান বহু দেৰিকৈ হ'লেও বুজি পাইছিলো। এয়া আছিল আমাৰ জীৱনৰ প্ৰথম যোগ শিক্ষা।
শ্ৰেণীত বাসনা বাইদেৱে সংস্কৃতৰ পাঠ বুজাওতে কৈছিল, ' শৰীৰমাদ্যম খলো ধৰ্ম সাধনম্ '। সুস্থ শৰীৰৰ বাবে যোগ ৰ প্ৰয়োজন কিমান সেই কথা আমাৰ সংস্কৃতৰ পাঠবোৰত বহুখিনি আছিল।
হৰীদ্বাৰলৈ যাওঁতে দেখিছিলো- গেৰুৱা বসন পিন্ধি পদ্মাসন কৰি ঔমকাৰ ধ্বনি দি থকা বহু সংখ্যক বিদেশী ভদ্ৰ লোক আৰু মহিলাক। সুস্থ স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তাক বিদেশীসকলে কেতিয়াবাই স্বিকাৰ কৰিছে।
চৰকাৰখনে সৰ্ব স্তৰৰ ৰাইজৰ মাজত যোগ সাধনাক জনপ্ৰিয় কৰাৰ বাবে যি কাৰ্যসূচী লৈছে সেয়া সচাকৈয়ে প্ৰশংসনীয়। আহক,আমি সকলোৱে সুস্বাস্থ্যৰ বাবে যোগ সাধনাক আন্তৰিকতাৰে গ্ৰহন কৰো।