শইচৰ পথাৰৰ কথা কোৱা কবিজন
Updated: Jul 22, 2020
মই এতিয়ালৈকে লোৱা সকলোতকৈ কঠিন সাক্ষাৎকাৰটো।
তাৰ আগেয়ে অকণমান আগৰ কথা। ডি ৱাই ৩৬৫ ত মই কাম কৰি থাকোতে 'পথিকৃৎ ' নামৰ এটা অনুষ্ঠান কৰিছিলো। সেই অনুষ্ঠানটোৰ এটা খণ্ডৰ বাবে প্ৰায় গোটেই দিন তেখেতৰ সৈতে শ্বুটিং কৰা কৰিছিলো। এঘণ্টাৰ এটা অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল। অফ্ কেমেৰা অনেক কথা কৈছিল। মানুহজনক জানিবলৈ বহুত সমল পাইছিলো। ঘৰৰ পিছফালৰ পূখুৰীটোৰ পাৰত তেখেতৰ সৈতে প্ৰায় ডেৰ ঘণ্টা সময় বহিছিলো। তেখেতৰ আটাইতকৈ প্ৰিয় ঠাই আছিল সেইয়া। সেইয়া আছিল ২০০৯ চনৰ কথা। তাৰ পিছত ২০১২ চন।
এক প্ৰকাৰৰ দুঃসাহস কৰাৰ দ'ৰেই হৈছিল। তথাপি কৰিছিলো। জীৱনৰ প্ৰথম প্ৰেমৰ অনুভৱৰ সৈতে সংপৃক্ত হৈ আছে তেখেতৰ কবিতা। প্ৰেমৰ দিনত তেখেতৰ বাহিৰে কোন হ'ব পাৰে মোৰ অনুষ্ঠানৰ অতিথি ? তেখেত আহিল। আচৰিতভাৱে পুৱা ৭.১০ বজাতে তেখেত আহি তেতিয়াৰ নিউজ টাইম অসমৰ ষ্টুডিঅ পালেহি। মই মাত লগোৱাৰ লগে লগে ক'লে -'মাতটো বৰ মিঠা। মিঠা মাতৰ নিমন্ত্ৰণ নেওচা দিব নোৱাৰিলো।' যথা সময়ত আমি ষ্টুডিঅত সোমালো। ভয়ানক সমস্যা হ'ল যেতিয়া তেখেতে ক'লে- অফ কেমেৰা কথা পাতিম। অন কেমেৰা একো নকও।' মোৰ মুখৰ মাত হৰিল। অনুষ্ঠান আৰম্ভ হ'বলৈ তেতিয়া দুই মিনিট আছে। শেষত চুক্তি হ'ল-মই বেছি কথা ক'ব লাগিব ,তেখেতে কমকৈ ক'ব। মানি লোৱাৰ বাহিৰে মোৰ উপায়েই বা কি থাকিব আৰু, নাপাতো নাপাতো বুলি এঘণ্টা সময় তেখেতে কথা পাতিলে। মাজৰ ব্ৰেকৰ সময়খিনিত হাঁহি হাঁহি কয় -পোহনীয়া ঘোৰাজনীৰ কথা, স্নেহতীৰ্থৰ পিছচোতালত ঘুৰি ফুৰা ডাউক হালৰ কথা। ঘোঁৰা পোহা মানুহজনে সাপ এদাল পুহিব নেকি সুধিবলৈ ঘৰলৈ অহা মানুহজনৰ কথা। দৰা হৈ যাওঁতে বাটতে কিতাপৰ দোকানত সোমাই হেৰোৱাৰ কথাঅন, কেমেৰা কেইবাটাও কবিতা শুনালে। হাঁহিমুখীয়া মানুহজন। সভাই সমিতিয়ে কথা ক'বলৈ বেয়া পোৱা মানুহজন। কিমান যে কথা বুকুত বান্ধি ফুৰিছিল। মানুহজন নোহোৱা হ'ল। অথচ ওঁঠতে লাগি থাকে তেখেতৰ কবিতাবোৰ।