যাৰ এটা মোবাইল নাই, অন লাইন ক্লাছ কেনেকৈ কৰিব ?
Updated: Jul 27, 2020
পুৱাই কাকতখন মেলি এনেকুৱা খবৰ এটা পালে বহু সময়লৈকে মনটো বেয়া লাগি থাকে। আজি 'আমাৰ অসম' কাকতৰ প্ৰথম পৃষ্ঠাৰ এই খবৰটোৱে বহুকেইটা কথা মনলৈ আনিছে। এটা এণ্ড্ৰইড্ মোবাইলৰ অভাৱত চিৰাং জিলাৰ দশম মানৰ এগৰাকী মেধাবী ছাত্ৰই আত্মহত্যা কৰিছে। বিদ্যালয়ত অনলাইন পদ্ধতিত গোট পৰীক্ষা (unit test) অনুষ্ঠিত হৈছিল। আৰু উপযুক্ত এণ্ড্ৰইড্ মোবাইল এটা নথকাৰ বাবে তেওঁ অৱতীৰ্ণ হ'ব পৰা নাছিল। অথচ শ্ৰেণীৰ ভিতৰতে আগশাৰীৰ এজন ছাত্ৰ আছিল।
অত্যন্ত দূৰ্ভাগ্যজনক ঘটনা।
এনেবোৰ ঘটনাই বহুত কথা ভাবিবলৈ বাধ্য কৰে।
দুদিনমানৰ পূৰ্বে মালৌআলি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সৌজন্যত আয়োজিত ক'ভিড-19 ৰ সময়ত মানসিক স্বাস্থ্যৰ যতন শীৰ্ষক এখন ৱেবিনাৰত সমল ব্যক্তি হিচাপে উপস্থিত আছিলো। কেইবাখনো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে যথেষ্ট সংখ্যক ছাত্র ছাত্ৰীয়েও অংশ লৈছিল। তাতে এগৰাকী শিক্ষয়িত্ৰীয়ে সুধিছিল- 'আমাৰ বিদ্যালয়ৰ বহু সংখ্যক ছাত্র ছাত্ৰীৰ এণ্ড্ৰইড্ মোবাইল নাই। তেওঁলোকে অনলাইন ক্লাছত অংশ ল'ব পৰা নাই। এনে হোৱাৰ ফলত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ হতাশা আহিল। শিক্ষক হিচাপে আমি কি কৰিব পাৰো বাৰু ?'
এই প্ৰশ্নটো আচলতে কেৱল যোৰহাটৰ সেই বিশেষ বাইদেউ গৰাকীৰ প্ৰশ্ন নহয়। এয়া অসমৰ বহু শিক্ষকে সুধিব লগা প্ৰশ্ন।ভাবিব লগা কথা।
অসমত অন লাইন শিক্ষা এটা নতুন ধৰণৰ কথা। এইখিনি সময়ত আৰু কিমান দিনলৈকে বিদ্যালয় নোখোলাকৈ থাকিব সেই বিষয়ত আজিৰ তাৰিখতো বিশেষ একো স্পষ্টতা নাই। মাৰ্চৰ মধ্য ভাগৰপৰা সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে। ইমান দিন পাঠ্যক্ৰমৰ পৰা ছাত্ৰ ছাত্ৰীসকল দূৰ হৈ থকাটো বৰ সমীচিন নহয় বুলিয়েই অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা হৈছে। নিয়মীয়াকৈ শিক্ষক সকলে অনলাইন পাঠদান আগবঢ়াইছে। গোট পৰীক্ষা সমূহো অনুষ্ঠিত হৈছে আৰু বোধকৰো ছমহীয়া পৰীক্ষা সমূহো কেইদিনমানৰ ভিতৰতে হ'ব।
এতিয়া কথা হ'ল, অসমত কিমান সংখ্যক ছাত্র ছাত্ৰীৰ পৰিয়ালত অন লাইন শিক্ষা গ্ৰহণ কৰিব পৰা এটা এণ্ড্ৰইড্ ফোন আছে ? অসমৰ চুকে কোণে কি পৰ্যায়ৰ অভাবী পৰিয়াল আছে যোৱা পাচ বছৰে ওচৰৰ পৰা দেখিছো। সেয়েহে অনলাইন শিক্ষাৰ ধাৰণাটোৰ লগত সেই পৰিয়ালবোৰৰ ল'ৰা ছোৱালীজনীয়ে কিদৰে নিজকে আগবঢ়াই নিব এই কথাটো ভাবি উদ্বিগ্ন হৈছিলো, এতিয়াও মনত সেই উদ্বিগ্নতা আছে।
সেই ল'ৰা ছোৱালী বিলাক হয় অনলাইন শিক্ষাৰ পৰা বঞ্চিত হ'ব, নহ'লে অভিভাৱকে ধাৰ ঋণ কৰি যেনেতেনে এটা মোবাইল কিনিব লাগিব। ভাত কাপোৰৰ সমস্যা, তদুপৰি ভূতৰ ওপৰত দানহৰ দৰে এই মহামাৰীৰ কবলত পৰি কৰি থকা কামবোৰো হোৰাহোৰে হেৰুৱাইছে মানুহে। এতিয়া ভাত এসাঁজৰ সমস্যাত থকা মানুহে ক'ৰপৰা মোবাইল কিনিবলৈ টকা পাব? ধাৰেই বা কোনে দিব? তাৰমানে তেনে পৰিয়ালৰ ছাত্ৰ ছাত্ৰী অনলাইন শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই বেছি।
এই ক্ষেত্ৰত শিক্ষক এগৰাকীয়ে কি কৰিব পাৰে বা কৰা উচিত?
১/ তেখেতৰ শ্ৰেণীটোৰ বা বিদ্যালয়ৰ এণ্ড্ৰইড্ মোবাইল নথকাৰ বাবে অনলাইন শ্ৰেণীত উপস্থিত নথকা ছাত্র ছাত্ৰীৰ তালিকা তৈয়াৰ কৰা।
২/ আন শিক্ষক সকলৰ সৈতে লগ হৈ তালিকাখনৰ পৰা ভাগ কৰি কেইজনমানকৈ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'বলৈ প্ৰতিশ্ৰুতি বদ্ধ হোৱা। চাব লাগে যাতে কোনো বাদ পৰি নাযায়।
৩/ নিজৰ দায়িত্বত থকা ছাত্র ছাত্ৰীকেইগৰাকীৰ সৈতে যোগাযোগ কৰা। যদিহে কথা পাতিব পৰাকৈও মোবাইল এটা সেই ছাত্ৰ বা ছাত্ৰীৰ নাই তেন্তে নিজে এবাৰ গৈ (শাৰীৰিক দূৰত্বৰ সকলো নিয়ম মানি) শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে এবাৰ মাত লগাব। আৰু এটা ক্লাষ্টাৰ তৈয়াৰ কৰি অন্ততঃ সপ্তাহত এদিন সেই ছাত্র ছাত্ৰীসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি পাঠসমূহৰ বিষয়ে আলোচনা কৰিব পাৰে। এই ক্ষেত্ৰত প্ৰাক্তন ছাত্র ছাত্ৰীৰো সহায় ল'ব পাৰে যিসকলৰ এণ্ড্ৰইড মোবাইল আছে তেনে ছাত্র ছাত্ৰীৰ মোবাইল ফোনটো কিছু সময়ৰ বাবে ব্যৱহাৰ কৰিবলৈ দিব পাৰে।
৪/ এই ক্ষেত্ৰত আগ্ৰহী প্ৰাক্তন ছাত্র ছাত্ৰীৰ এটা গোট খুলি ল'ব পাৰে। শিক্ষক সকলৰ জৰিয়তে এনে এটা দায়িত্ব পালে তেওঁলোক উৎসাহিত হ'ব আৰু সকলোতকৈ ডাঙৰ কথা তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ বোধ শক্তিশালী হ'ব। এয়া এখন সমাজৰ বাবে বৰ গঠনমূলক পৰামৰ্শ হ'ব।
৫/ কেৱল প্ৰাক্তন ছাত্র ছাত্ৰীসকলৰ ওপৰতে নিৰ্ভৰ নকৰি সুৰুঙা বুজি শিক্ষক গৰাকীয়েও যদি তেনে এটি পৰিয়ালৰ ছাত্র বা ছাত্ৰীৰ ঘৰৰ জপনামুখত থিয় দি ' কেনে আছা? পাঠবোৰ বুজাত অসুবিধা হৈছে' নেকি বুলি মাজে মাজে খবৰ লয় সেইয়া হ'ব সেই বিশেষ ছাত্র বা ছাত্ৰীৰ বাবে সৰ্বোৎকৃষ্ট আশীৰ্বাদ। মই ভাবো এনে কৰিবলৈ বহুত বেছি অসুবিধা নহয়।
৬/ শিক্ষক শিক্ষয়িত্ৰী সকলে এনে ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো পৰিস্থিতিতে মনোবল হেৰুৱাই নেপেলায় তাৰ কাৰণে তেওঁলোকক সাহস দিব লাগিব, উৎসাহিত কৰিব লাগিব। 'তোমালোকৰ লগত আমি আছো,কেতিয়াও সাহস নেহেৰুৱাবা' বুলি ক'ব পৰা শিক্ষকৰ অত্যন্ত প্ৰয়োজন এই সময়ত। কাৰণ খুব স্বাভাৱিক ভাৱেই দাৰিদ্ৰই জুৰুলা কৰা পৰিয়ালৰ ছাত্র ছাত্ৰীয়ে প্ৰচলিত ব্যৱস্থা এটিৰ লগত আগবাঢ়িব নোৱাৰিলে মানসিকভাৱে কিছু অসহায় হোৱাতো স্বাভাৱিক। সেই সময়ত এগৰাকী শিক্ষকৰ এষাৰ আশ্বাসভৰা মাত, এবাৰৰ উপস্থিতিয়ে মহৌষধৰ দৰে কাম কৰিব। আৰু এয়া বৰ বিশেষ কষ্ট বা সময়লগা কথা নহয়।মনটোক বুজাই ল'ব পাৰিলে এয়া কৰাতো শিক্ষক এগৰাকীৰ কাৰণে এক অনন্য সুখানুভূতিৰহে উৎস হ'ব।
৭/ লগতে আপোনাৰ ঘৰতো যদি এনেয়ে এটা মোবাইল আছে আপুনি প্ৰতিবেশী দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীগৰাকীক এই সময়ত দিবলৈ কুণ্ঠাবোধ নকৰিব। বহুত সহায়ক হ'ব।
এনেবোৰ চিন্তাৰে হয়তো আমি এনেকুৱা ধৰণৰ দূৰ্ভাগ্যজনক খবৰবোৰ নোহোৱা কৰাৰ ক্ষেত্ৰত অকণমান হ'লেও সহায় কৰিব পাৰো।
