top of page

মহিম বৰা- ৰঙা জিয়াঁৰ কবিজন

Updated: Jul 22, 2020

অসমীয়া সাহিত্যত কিছু সৃষ্টিৰে তেখেতে এনেকুৱা এক স্থান লৈ থৈছে, যি স্থান সদায়েই অনন্য, অতুলনীয়। কবিতাৰ সংখ্যা যথেষ্ট তাকৰ হ'লেও 'ৰঙাজিঞা' ৰ কবি বুলি ক'লে আমি সকলোৱেই তেখেতক চিনি পাওঁ। আমি তেখেতক জানো- 'কাঠনিবাৰী ঘাট'ৰ স্ৰষ্টা হিচাপেও। বিশিষ্ট লেখক প্ৰভাত বৰাই যিগৰাকী সাহিত্যিকৰ প্ৰসংগত আমাক কৈছিল- 'অসমীয়া সাহিত্যত গল্পকাৰৰ কথা ক'লে সাধাৰণতে আধুনিক যুগটোত দুজন গল্পকাৰৰ কথা সদায় মনত পৰে। এজন হৈছে সৌৰভ  চলিহা আৰু আনজন মহিম বৰা। মই সদায় কৈ আহিছো কবিতাত যিদৰে এলিয়ৎ আৰু য়েটচ্, আধুনিক অসমীয়া গল্পত- মই কবিতাৰ পৰা অকণমান আতৰি আহি কৈছো সৌৰভ চলিহা যেন এলিয়ৎ আৰু মহিম বৰা য়েটচ্'। আজি সেইগৰাকী বিশিষ্ট সাহিত্যিকৰ ওপজা দিন। এই দিনটোত মই মোৰ এই ব্লগত এক দশকৰো আগেয়ে তেখেতৰ সৈতে হোৱা বাৰ্তালাপৰ কিছু অংশ আগবঢ়ালো। এই বাৰ্তালাপ ডি ৱাই ৩৬৫ ত মই কৰা অনুষ্ঠান 'পথিকৃৎ' ৰ বাবে কৰা হৈছিল। সম্পূৰ্ণ বাৰ্তালাপ নহয়। নিৰ্দিষ্ট এটা অংশহে দিলো। যিখিনি সময়ত আমি এই দিগগজ সাহিত্যিক গৰাকীক লগ পাওঁ, সেইখিনি সময়ত তেখেতৰ মানসিক যন্ত্ৰণা বহুত বেছি আছিল। সন্তানৰ অকাল বিয়োগত তেখেত দগ্ধ হৈ আছিল।

অৰ্চনা বৰঠাকুৰ- আপোনাৰ সৃষ্টিৰ ক্ষেত্ৰত সংখ্যাতকৈ গুণগত মানক যেন সদায়েই বেছি গুৰুত্ব দি আহিছে। কবিতাও তেনেই কেইটামান লিখিছে। অথচ সেই কবিতাৰেই পাঠকৰ মনত ঠাই পাইছে নিগাজিকৈ। কবিতা এটা নিৰ্মাণ কৰোতে আপুনি অধিক সচেতন হৈ থাকে নেকি বাৰু ? মহিম বৰা- আধা দিস্তা কাগজ গৈছে মোৰ 'ৰঙা জিঞা' কবিতাটো লিখোতে। ফুলস্কেপৰ আধা দিস্তা।অধ্যাপক প্ৰভাত বৰাই মোক সুধিছিল- 'আপোনাৰ কবিতাৰ পাণ্ডুলিপি আছে নেকি ?' তেখেতৰ খুব আগ্ৰহ মই কেনেকৈ লিখো জানিবলৈ। যেতিয়া সেইটো দেখুৱালো তেতিয়া তেখেত আচৰিত হৈ গ'ল। ক'লে, 'মই ভাবিছিলো মহিম বৰাৰ অনায়াসে কবিতা ওলায়। কিন্তু এটা কবিতা লিখিবলৈ আপুনি ইমান কষ্ট কৰিছে। এতিয়াও বিচাৰিলে সেই পাণ্ডুলিপিটো ওলাব। কিছুমান ঊয়ে খালে। কিছুমান আছে। কিন্তু কবিতাৰ ক্ষেত্ৰত খুব বেছি মই কষ্ট কৰিছো। কবিতা মানে খুন্দা এটা নহ'লে নহ'ব। বোধ নাহিলে মই জোৰ কৰি কবিতা লিখিব নোৱাৰো। খুন্দা এটা লাগিব। আৰু খুন্দাটো লৈ মই অকলে ঘূৰি ফুৰিব লাগিব। বাহিৰৰ মানুহে, ঘৰৰ মানুহে কোনেও গম নাপায়। মোৰ তিৰোতায়ো গম নাপায়। কিন্তু মই বহুদিন ভবাৰ পিছতহে লিখিব পাৰো। আকৌ লিখি এবাৰত সন্তুষ্ট নহও। গল্পৰ ক্ষেত্ৰতো অন্ততঃ মই তিনি বাৰ লিখিব লাগিব। আপোনালোকে আচৰিত হ'ব শুনি, যিখন উপন্যাস মোৰ হেৰাল, আজিলৈকে বিচাৰি নাপালো, সেইখন লিখিবলৈ মোক ছবছৰ সময় লাগিছিল। উপন্যাস খনৰ নাম আছিল- 'প্ৰথম প্ৰেমৰ জন্ম'। সেই উপন্যাসখন মোৰ কলিকতাত হেৰাল। অৰ্চনা বৰঠাকুৰ- কিন্তু কেনেকৈ? পাণ্ডুলিপিটোৱেই হেৰাই গ'ল ? মহিম বৰা- নহয়, পাণ্ডুলিপিটো লৈ গ'ল। গুৱাহাটী বুক ষ্টলে লৈ গৈছিল। গুৱাহাটী বুক ষ্টলৰ এই ঢুকাল যে শৰ্মা, তেখেতে লৈ গৈছিলে। তেওঁ নিজেই কিছুমান কাটি কুটি কলিকতাত দিলেগৈ।কলিকতাত বানপানী হ'ল। সেই হুগলিৰ বানপানী হৈছিল যে, তেতিয়া পাণ্ডুলিপিটো তিতিলে। তলৰ ফালৰ পৰা বহুত কিতাপ তিতিলে। মোৰ উপন্যাসখনো অলপ তিতিলে। তেওঁলোকে ওপৰ মহলালৈ লৈ গ'ল, হেনো। তাতে শুকুৱালে। তাৰ পিছত দুটা নে তিনিটা ফৰ্মা কৰিলেও, কৰাৰ পিছত তেওঁৰ লগত কাজিয়া লাগিলে কিবা টকা পইচা লৈ। তেতিয়া তেওঁৰ তেওঁলোকৰ লগত যোগাযোগ কমি গ'ল। তাৰ পিছত উপন্যাসখনো আৰু আজি চল্লিশ/পঞ্চাশ বছৰ হ'ল- নাপালো আৰু। সেই উপন্যাস খন লিখোতে মোক ছয় বছৰ লাগিছিল। অৰ্চনা বৰঠাকুৰ- এয়া বৰ অপূৰণীয় ক্ষতি মহিম বৰা- অপূৰণীয় মানে ৰাইজৰ ক্ষতি নহয়, মোৰ ক্ষতি। ফুলস্কেপ কাগজৰ চাৰিশ পঞ্চাশ নে পাচশ পৃষ্ঠাৰ সেই উপন্যাসখন মই ছবাৰ ৰিভাইছ্ কৰিছিলো। মোৰ ধৈৰ্যটো এতিয়া আপোনালোকে কল্পনা কৰক। অৰ্চনা বৰঠাকুৰ- আৰু সেই উপন্যাসখন যেতিয়া হেৰাই গ'ল, কিমান দুখ পাইছিল চাগে আপুনি ? মহিম বৰা- যন্ত্ৰণা মানে কি সাংঘাতিক মানসিক যন্ত্ৰণাত ভুগিছো সেইটো তেনেকৈ কষ্ট কৰা লিখকসকলেহে বুজিব। আৰু বৰ সহানুভূতিশীল হ'লেহে পাঠকে বুজিব বুলি মই ভাবো। সেই উপন্যাসখন যদি এতিয়াও কলিকতাৰ সেই প্ৰেছটোত আছে , যদি কেনেবাকৈ আনিব পাৰো, ছপাবলৈ মোৰ বৰ ইচ্ছা। অৰ্চনা বৰঠাকুৰ- আমিও অন্তৰেৰে বিচাৰিছো আপুনি সেই উপন্যাসখন ঘূৰাই পাওক। কোনোবায়ো যদি কিবা সন্ধান পাই, অনুগ্ৰহ কৰি মহিম বৰা ছাৰক উপন্যাসখন ঘূৰাই পোৱাত সহায় কৰক। মহিম বৰা- উপন্যাসখন চাইনীজ এগ্ৰেছনৰ বেকগ্ৰাউণ্ডক লৈ লিখা। মই বহুত পঢ়িব লগা হৈছিল সেই সময়ত। মই 'প্ৰথম প্ৰেমৰ জন্ম' নামটো দিছিলোঁ যদিও পিছত ভাবিলো যদিহে মই উপন্যাসখন পাওঁ তেন্তে দেৱকান্ত বৰুৱাৰ কবিতাৰ শাৰীৰ পৰা নামটো দিম। 'খেলিমেলি এই উপন্যাস'। মানে কাহিনীটো বৰ ট্ৰেজেডিৰ। নায়ক নায়িকাৰ মিলন নহ'ল। অৰ্চনা বৰঠাকুৰ- আপোনাৰ মনৰ অৱস্থাটো অনুভৱ কৰিব পাৰিছো। অকণমান অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছো। আপুনি  সাহিত্য সভাৰ ৮৮ চনৰ ডুমডুমা অধিবেশনৰ সভাপতি আছিল। সাহিত্য সভাৰ বৰ্তমানৰ যি পৰিস্থিতি এই পৰিস্থিতিৰ প্ৰসংগত আপুনি কি ভাবে বাৰু? মহিম বৰা- মই বৰ্তমান জড়িত নোহোৱা হ'লো নহয়। আগেয়ে সভাবিলাকলৈ মাতে, মই এতিয়া যাব নোৱৰা হ'লো স্বাস্থ্যজনিত কাৰণত। খুব আগ্ৰহেৰে মাতে মোক। সকলো সা সুবিধা দিও মাতে, কিন্তু মোৰ সাহ নহয়। কিন্তু আচলতে ক'লে মোৰ নিজৰো কথা। ময়ে নোৱাৰিলো। মইনো কি কৰিলো ? অৱশ্যে বহুত সভা কৰিলো।  অৰ্চনা বৰঠাকুৰ- জীৱনৰ ইমানখিনি বাট অহাৰ পিছত জীৱনৰ প্ৰতি কিবা আক্ষেপ আছে নেকি আপোনাৰ? মহিম বৰা- আচলতে জীৱনৰ প্ৰতি সকলো মানুহৰে কম বেছি পৰিমাণে আক্ষেপ থাকেই। মই কি বুলি কৰি আহিলো বা কিয় এইটো কৰিলো, কিয় নকৰিলো, কিয় অবাবত সময় নষ্ট কৰিলো- এনেকুৱা কিছুমান আক্ষেপ থাকেই। বা চেষ্টা কৰা হ'লে কিজানিবা আৰু দুই-এখন কিতাপ লিখিব পাৰিলোহেতেন। এনেকুৱা কিছুমান আক্ষৰিক থাকে যে মোৰ হেপাঁহৰ কিতাপখন মই লিখিব নোৱাৰিলো। মই ভাবিছিলোঁ যে গোটেই অসমৰ সমাজখনক লৈ লিখিম খণ্ড খণ্ড কৈ। মই দুখন উপন্যাসত মই দেখা অসমীয়া সমাজখনৰ বিষয়ে লিখিছো। 'এধানী মাহীৰ হাঁহি' ত এটা সময় আৰু ' বন্দুলি ফুলৰ ৰঙ' ত এটা সময় দেখুৱাবলৈ চেষ্টা কৰিলো। মোৰ ইচ্ছা আছিল সমাজখনক তুলি ধৰা আৰু লেখা লিখিবলৈ। কিন্তু দুটা কথা হ'ল- ইমান প্ৰতিকূল হ'ল মোৰ অৱস্থাবিলাক ,পাৰিপাৰ্শ্বিকতাবিলাক- সিমান প্ৰতিকূলতাত মোৰ নিচিনা প্ৰাণী এটাই নোৱাৰো। কিছুমানে পাৰিছে। পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ যিবিলাক লিখক তেওঁলোকে বহু কষ্টৰ মাজতো লিখিব পাৰিছে। কিন্তু মই এনেকুৱা কিছুমান সমস্যাত সোমাই পৰিলো কোনোমতেই নোৱৰা হ'লো। আৰু দেশৰ সমস্যাতো আছেই। দেশৰ সমস্যাবিলাকে সাধাৰণতে লিখকবিলাকক প্ৰথমেই আমণি কৰে বোধহয়, ৰাজনীতিকতকৈও। গতিকে দেশৰ সমস্যা আছেই। আৰু আমি বহুত যন্ত্ৰণা দেখি আহিছো নহয়। আমি দেশ বিভাজন দেখিছো, আমাৰ চকুৰ আগত দেশ বিভাজন হৈছে , আমাৰ চকুৰ আগত তেজৰ নৈ বৈছে , মোৰ থাৰ্ড ইয়াৰত লিখা কবিতা এটাত 'ৰঙা জিয়া'ত আছেই -

হঠাৎ খলকে বুকু তীব্ৰ বেদনাত- অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ ?

জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা সেন্দূৰীয়া আমৰ থোপাত। কেন্দুৰ ডালত বহি জেঠৰ দুপৰে সুহুৰিত সুৰ তোলে ঝিয়াঁও ঝিয়াঁও, ফেৰেঙণিটোত বহি বুঢ়া-ডাঙৰীয়া লগে লগে তাল ধৰে মহা আয়মেৰে। উজ্জ্বলিল সেই স্বপ্ন জানো কলঙৰ নিজান ঘাটত, জিয়াঁৰ পাখিয়ে তোলা বৰশী-পুঙাৰ কঁপনিত? সিপাৰৰ দোৰোণৰ নিৰ্মল শুভ্ৰতা চৰহা-পোকৰ দৰে সোমাল চকুত, নাকত চাবুক দিলে দূৰৰ বতাহে- ক’ৰবাত কইনা নোওৱা। হঠাৎ খলকে বুকু গভীৰ ব্যথাত অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? দূৰণিৰ দিগন্তত জানোবা নামিছে সন্ধ্যা চুচুক চামাক, আজিও আমনি কৰে ৰঙা জিয়াঁটোৱে মোৰ মনৰ পুঙাত, উৰিবনে সিও বাৰু ধোঁৱাৰ লগতে সেই সন্ধিয়াত ? 


আক্ষেপ আছে। থাকিবই। মই অলপ পুৰণি ধৰণৰ মানুহ। জন্মান্তৰবাদত বিশ্বাস কৰো। মই অহা জনমতো এইখন দেশত, এইখিনি মানুহৰ মাজতে জন্ম ল'ব বিচাৰো। আধৰুৱা কামবোৰ কৰিবলৈ বিচাৰো।


অৰ্চনা বৰঠাকুৰ- আপুনি ইমান বেছি আধ্যাত্মিকতাৰ মাজত থাকে। বিশ্বাস কৰে। আপোনাৰ বাৰু মৃত্যু ভয় আছেনে? নে এই ভীতি অতিক্ৰম কৰিছে ?

মহিম বৰা- মৃত্যুতকৈ মোৰ জীৱনৰহে ভয় বেছি। জীৱনটো ইমান সংঘাতপূৰ্ণ । ইমান সমস্যা মানুহৰ জীৱনত। এতিয়া জীয়াই থকাটোহে বেছি বিপদজনক হৈ পৰিছে। মৃত্যু জীৱনৰ এটা স্বাভাৱিক পৰিণতি। মৃত্যু ভয় মোৰ এতিয়া নাই। কাৰণ মোৰ ল'ৰা যেতিয়া মৰি গ'ল, মোৰ পত্নী মৰি গ'ল, মা দেউতাটো বাৰু বয়স হৈ ঢুকালে। এই মৃত্যুবিলাক দেখি আছো নহয়, এতিয়া সেই ভয় নোহোৱা হ'ল। 'মাছ' কবিতাটোত মোৰ এই দৃষ্টিভংগীটোৱেই ওলাইছে। 'কিমান মৰিছে মাছ -চেপা খোকা পল জলঙাই -তথাপি অমৰ', গতিকে আমাৰ বাবে মৃত্যু জীৱনৰ এটা স্তৰহে।

অৰ্চনা বৰঠাকুৰ- আকৌ লেখা মেলাৰ কথালৈ উভতি যাওঁ। নৱ প্ৰজন্মৰ লেখকসকলৰ পৰা আপোনাৰ প্ৰত্যাশা কেনে ধৰণৰ?

মহিম বৰা- মই খুব আশাবাদী। মহিলা লেখিকাসকল বৰ বেছি আগবাঢ়ি গৈছে। মই কৈছো যে আমাৰ অসমীয়া সাহিত্য এতিয়া বেছিকৈ সমৃদ্ধ কৰিছে মহিলা লেখিকাই। পুৰুষৰ আছে দুই-এজন। কিন্তু পুৰুষতকৈ মোৰ দৃষ্টিত মহিলা লেখিকাসকল শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছে। এতিয়া চকুৰে নোৱাৰো কাৰণে মোৰ ডাঙৰ বোৱাৰী আইজনী নাইবা সৰু বোৱাৰী নিকুৱে পঢ়ি শুনায়। কিন্তু সকলো ক্ষেত্ৰতে অসমীয়া সাহিত্য সমৃদ্ধ হোৱাৰ বাটত। আমি আত্মসন্ত্তষ্টি লোৱা উচিত নহয়। কিন্তু ভাষাটোৰ প্ৰতি সচেতন হোৱাৰ দৰকাৰ আছে।মোৰ সেই সমস্যাটো থাকি গ'ল। বাতৰি কাকতৰ ভাষাক লৈও মাজে মাজে মই আঙুলিয়াই দিছো যে এইদৰে ভাষাটো বিজতৰীয়া নকৰিব। 

আমি নিজে কিছুমান শব্দ তৈয়াৰ কৰি লওচোন। বা পুৰণি অভিধানত পৰি থকা কিছুমান শব্দ বুটলি আনোচোন। সেইবিলাক আমি ল'ব পাৰো নহয়। ফটকৈ বেংগলী বা হিন্দীৰ পৰা লৈ পেলাব নালাগে।

অৰ্চনা বৰঠাকুৰ- এটা ব্যক্তিগত প্ৰসংগলৈ আহিছো। নিজৰ দৃষ্টিত মহিম বৰা বুলি যদি সোধো ?

মহিম বৰা - মোৰ নিজৰ ওপৰত আস্থা নাই। মোৰ আত্মবিশ্বাস বৰ কম।

অৰ্চনা বৰঠাকুৰ- আমি গম পালো আপোনাৰ পৰা, জীৱনৰ বহুকেইটা দুৰ্যোগৰ পিছত এতিয়া আপুনি সৰহসময় আপোনাৰ গোসাই ঘৰটোৰ ভিতৰতে থাকে। তাৰ পৰা অকণমান সময় উলিয়াই আপুনি লিখাৰ জগতখনক দিব নেকি ? দিলে বৰ ভাল পালোহেতেন।

মহিম বৰা- (হাঁহি মাৰি ) গোসাইঘৰতে সোমাই থাকো আৰু। ধেৰ যন্ত্ৰণা পালো।



125 views0 comments

Recent Posts

See All

শীতকালৰ দিনবোৰ অহাৰ সময়ত প্ৰায়েই বৰ আইতালৈ মনত পৰে।‌ ফিকা চাহৰ ৰঙৰ গৰম কাপোৰ এখন গাত লৈ জুই পুৱাই থকা বৰআইতাৰ সেই ছৱিখন মনৰ মাজত আজিও দ-কৈ আছে।‌ বৰ আইতাৰ পুৱাবোৰ আমাতকৈ বহু আগেয়ে আৰম্ভ হৈছিল।‌ শীতকালি

৯ মে'ত ছাৰলৈ ফোন কৰিছিলো- 'কেনে আছে' বুলি সোধাৰ লগে লগে কিছু যেন উৎফুল্লিত মাতেৰে ছাৰে কৈছিল - 'মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'। দূৰ্বল আছিল মাতটো, কিন্তু একধৰণৰ সকাহ অথবা শান্তি আছিল। সকাহ আমিও পাইছিলো

bottom of page