top of page

মই মা -দেউতাৰ আকাংক্ষিত সন্তান

Updated: Jul 23, 2020

জন্মদিন


মই মা-দেউতাৰ আকাংক্ষিত সন্তান।


হঠাতে কোনোবা হেৰাই গৈছিল।‌ থুনুক থানাক এটি মাত, জোনযেন এখনি মুখ হঠাতে আকাশৰ তৰা হ'বলৈ গুচি গৈছিল।‌ মাৰ দুচকুৰ কাহানিও নুশুকুৱা চকুলো হৈ, দেউতাৰ বুকুৰ হাহাকাৰ এটা হৈ, বা-হতৰ আকুল প্ৰাৰ্থনা ( 'ভন্টিজনী ঘূৰি অহা হ'লে )ৰ কাৰক হৈ পৰিছিল তেওঁ।‌ মাৰ ৰাতিবোৰ নুপুওৱা হৈছিল। উচুপনি আৰু উচুপনি হৈ তেওঁ মা-দেউতাৰ বুকুত ঘাঁ এটুকুৰা হৈ পৰিছিল।‌

জোন ঘূৰণীয়া মুখ এখনৰ অভাৱ মাৰ বাবে অসহনীয় হৈ পৰিছিল।

কাতিৰ ভৰদূপৰীয়া এটাত মই আহিলো মা দেউতাৰ জীৱনলৈ।‌ 'ইমান কেইজনী ছোৱালী, কেনেকৈ ডাঙৰ কৰিবা ? ' বুলি কোনোৱে সুধিলেও মা দেউতা অপাৰ সুখত উপচি পৰিছিল মোৰ ওপজা দিনত।‌ ভুল চিকিৎসাৰ বাবে তেওঁলোকৰ জীৱনৰ পৰা হেৰাই যোৱা আঢ়ৈ বছৰীয়া এটি জীৱনৰ উশাহ বিচাৰি পাইছিল তেওঁলোকে মোৰ মাজত।‌

আটাইকেইটা সন্তানকে সমানে স্নেহেৰে আৱৰি ৰাখিলেও মা মোৰ প্ৰতি যেন অকণমান দূৰ্বল।‌ হয়তো ময়ো! সেয়েহে ঘৰত মোৰ নাম দিছিল বাহতেঁ- 'মাতৃভক্ত'।

এদিন সম্বন্ধীয় কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে মোৰ বিষয়ে এগৰাকী মহিলাই সুধিলে-' এই মৰাজনীৰ পিছৰে নেকি ? '।‌ এটা অচিনাকি সম্বোধন।‌ খুব সৰু আছিলোঁ তেতিয়া। ‌অস্বাভাৱিক সম্বোধন বুজি নাপাই মাকে আহি সুধিলোঁ।‌ প্ৰথমবাৰৰ বাবে মোক বুকুত সুমুৱাই মাই ফেকুৰিছিল।‌ কিছু ডাঙৰ হোৱাৰ পিছত মাজু বাই মোক কথাবোৰ ক'লে।‌ মই সুধিছিলো-' তাইৰ নাম কি আছিল?'

বাই ক'লে-' তই দুখ নকৰিবি।‌ তাইৰ নাম অৰ্চনা আছিল'।‌

সেইদিনাৰ পৰা আজিলৈকে মা দেউতাৰ হেপাহৰ নাম এটাৰ আলপৈচান ধৰি আছোঁ।‌ মোৰ কিয় জানো লাগে- এই নামটো যেন হেৰাই গ'লে মা-দেউতাই বৰ কষ্ট পাব।‌ সেয়েহে আদৰেৰে, সন্মানেৰে এই নামটো জীয়াই ৰাখিব বিচাৰো।‌ কাৰণ এই নামটো মোৰ মা দেউতাৰ আকাংক্ষাৰ নাম।

4 views0 comments
bottom of page