'মই ভাল পাই ঘৰলৈ আহিলো'
৯ মে'ত ছাৰলৈ ফোন কৰিছিলো- 'কেনে আছে' বুলি সোধাৰ লগে লগে কিছু যেন উৎফুল্লিত মাতেৰে ছাৰে কৈছিল - 'মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'।
দূৰ্বল আছিল মাতটো, কিন্তু একধৰণৰ সকাহ অথবা শান্তি আছিল।
সকাহ আমিও পাইছিলো। দুবাৰকৈ কভিড জয় কৰা মানুহ। কি অসাধাৰণ মানসিক শক্তিৰ গৰাকী আছিল ছাৰ, সেয়া নতুনকৈ লিখিবলগীয়া বা ক'বলগীয়ানো কি আছে। সকলোৱেই একেমুখে সেই কথা স্বীকাৰ কৰিব।
সেই ছাৰ নাই।
সেই হোমেন বৰগোহাঞি ছাৰ নাই।
বহুত কথাই আজি খুন্দিয়াইছেহি।
বোধকৰো ২০০৫ চন, অক্টোবৰ সংখ্যা 'সাতসৰী'।
'সাতসৰী'ৰ প্ৰথম পৃষ্ঠাত সম্ভাৱনাপূৰ্ণ কেইগৰাকীমান লেখকৰ ফটো প্ৰকাশ হৈছিল। ভিতৰভাগত আছিল প্ৰতিগৰাকীৰ গল্প। সেই লেখকসকলৰ মাজত ময়ো আছিলো। স্বাতী, প্ৰাৰ্থনা, সৃষ্টি, অংগনা বা, সুৰঞ্জনা, দিব্যজ্যোতি দাহতৰ লগত মোৰো এখন ফটো আৰু এটা গল্প প্ৰকাশ হৈছিল।
তাৰ দুই তিনি বছৰমান আগৰ পৰা দুই এটা গল্প প্ৰকাশ হৈছিল। 'সাতসৰী'লৈও পঠিয়াইছিলো 'ওপজা দিনৰ সপোন' গল্পটো। আৰু অনন্য অনুপ্ৰেৰণাৰে সেই গল্পটো প্ৰকাশ হৈছিল। আলোচনীৰ প্ৰচ্ছদ একেবাৰে চালুকীয়া লেখকৰ ফটোৰে সজাই, তেওঁলোকৰ লেখাক সুন্দৰকৈ প্ৰকাশ কৰাৰ যি ওখ মানসিকতা সেয়া কেৱল হোমেন বৰগোহাঞি ছাৰৰ মাজত আছিল, তেতিয়া সেই কথা বুজাৰ অনুভৱ আমাৰ হয়তো নাছিল। বহুত পলমকৈ সেই উপলব্ধি হ'ল।
মোৰ মনত আছে, গল্পটো সাতসৰী লৈ পঠিওৱাৰ কিছুদিন পিছত মোলৈ এটা ফোন আহিছিল-
'মই হোমেন বৰগোহাঞিয়ে কৈছো। তুমি অৰ্চনা হয় নে ?'
ফোনৰ সিটোপাৰে শুনা মাতষাৰে মোৰ মনত তোলপাৰ লগাইছিল।
ষষ্ঠ মানত পঢ়ি থাকোতে প্ৰথম পঢ়িছিলো 'আত্মানুসন্ধান' গ্ৰন্থমেলাৰ পৰা বাহতে কিনিছিল। তাৰ পিছত মোৰ অত্যধিক নিসংগ কৈশোৰৰ সেই সময়খিনিত আটাইতকৈ বেছিকৈ পঢ়িছিলোঁ ছাৰৰ কিতাপ।মোৰ এই 'obsession' ৰ কথা স্কুলতো গম পাইছিল। সপ্তম মানৰ স্কুলৰ বাৰ্ষিক খেল ধেমালি অনুষ্ঠানত সৰ্বমুঠ ছটা পুৰষ্কাৰ পাইছিলো। লগতে সেই বছৰ পঞ্চমৰ পৰা সপ্তমলৈ সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰী হিচাপে স্কুলৰ পৰা পুৰষ্কাৰ হিচাপে কেইখনমান কিতাপ দিছিল। তাৰ পাচখন কিতাপেই বৰগোহাঞি ছাৰৰ আছিল- প্ৰজ্ঞাৰ সাধনা, জীৱনৰ সাধনা, আত্ম দীপো ভৱ:, সাউদৰ পুতেকে নাও মেলি যায় আৰু কিতাপ পঢ়াৰ আনন্দ। মোৰ আচৰিতভাৱে নিসংগ কৈশোৰক সকলো নেতিবাচকতাৰ পৰা ওভটাই লৈ অনা কিতাপ আছিল বৰগোহাঞি ছাৰৰ কিতাপবোৰ।
সেইদিনা ফোনৰ সিপাৰে সেই মানুহজন আছিল ,যাৰ শব্দই মোক অ:নিশেষ প্ৰভাৱিত কৰিলে। জীৱনক ভাল নাপাওঁ বুলি ভাবিবলৈ মন যোৱা সময়খিনিত জীৱনৰ সমৃদ্ধিক চিনালে।
সেইদিনা ছাৰে আৰু গল্প লৈ 'সাতসৰী'ৰ কাৰ্যালয়লৈ মাতিছিল।
গল্প লৈ গৈছিলো কেইমাহমানৰ পিছত।
তেখেতে পঢ়ি উঠি ফোন কৰিছিল। প্ৰথম গল্পটোৰ পৰ্যায়ৰ হোৱা নাই বুলি কৈও কৈছিল- 'প্ৰকাশ নহ'বলগীয়া গল্প মুঠেও নহয়।কিন্তু মই আৰু আশা কৰিছো।'
বোধকৰো ২০০৬ ৰ শেষৰ ফালে চাৰে মোক আচৰিত এটা দায়িত্ব দিলে।
মই চিঞৰ বাখৰ কৰি আহিছিলো- 'নাই নাই মই একদম নোৱাৰিম ছাৰ'
ছাৰে সময় দিছিল।
কৈছিল- 'মামণিক মই তোমাৰ এতিয়াৰ বয়সতকৈ দুইবছৰ বেছি বয়সত এই দায়িত্ব দিছিলো। মামণিয়ে লিখিলে। সেইখন নিলিখা হ'লে মামণিৰ আন লিখাবোৰ তোমালোকে এনেকৈ নাপালাহেতেন। তোমাক তাতোকৈও আগেয়ে লিখিবলৈ দিছো।মই মানুহৰ প্ৰতিভা চিনাত আজিলৈকে ভুল কৰা নাই। তোমাৰ ক্ষেত্ৰতো ভুল হোৱা নাই।তুমি সময় লোৱা, এটা এটা অধ্যায় লিখি মোক দেখুৱাবা।প্ৰথম একেলগতে দুটা দিবা। কিন্তু তুমি লিখিব লাগিব। তুমি তোমাৰ আত্মজীৱনী এই তেইশ বছৰ বয়সত লিখিব লাগিব।'
মই আজি এই মুহূৰ্তত এই লেখাটো লিখি থকা অৱস্থাটো কোনোবাখিনিত কপি উঠিছো। কি দেখিছিল মোৰ লেখাৰ মাজত। যিসময়ত এই প্ৰস্তাৱ দিছিল চাৰে, মোৰ বাবে দূৰ্যোগৰ সময় আছিল। জীৱনে অন্য পৰীক্ষা লৈ আছিল। সেইবোৰ সময়তো কিতাপেই সাহ আছিল মোৰ।চাৰৰ কিতাপখিনিৰ লগত আন কিছু লেখকৰ কিতাপো মোৰ জীৱনমুখী হৈ ৰোৱাৰ সাহ আছিল।
তথাপি .. তথাপি 'আত্মজীৱনী' লিখাৰ দু:সাহস কৰোৱেই বা কেনেকৈ ?
ছাৰে এসপ্তাহৰ মূৰে মূৰে ফোন কৰিছিল। আৰু এনেকৈয়ে এদিন নিজৰ কলিজাত লেতি লৈ থকা কথাবোৰৰ প্ৰস্তাৱনা অধ্যায় দুটা লৈ চাৰৰ টেবুলত দি আহিছিলো। সেই সময়ত চাৰ নাছিল। মই ফোন এটা কৰিও সোধা নাছিলো চাৰে পালেনে নাই।
চাৰি/পাচ দিনৰ মূৰত চাৰে ফোন কৰিছিল -অফিচলৈ মাতিছিল। মই খুব ভয় খাইছিলো। জানিছিলো , ছাৰে মোৰ প্ৰতিভাক লৈ ভবা কথাখিনিৰ মান মই ৰাখিব পৰা নাই।
ছাৰে দিয়া সময় অনুসৰি
ছাৰৰ অফিচলৈ গৈছিলো।
ছাৰৰ সন্মুখত কেইদিনমানৰ আগতে মই দি অহা লেখাখিনি। ছাৰে পৃষ্ঠাবোৰ লুটিয়াই আছিল। মই দেখিছিলো ৰঙা চিঞাহীৰ দাগ আছিল দুটামান।
' বৰ শক্তিশালী তোমাৰ ভাষা। তোমাৰ লেখাখিনিৰ মাজেৰে মই তোমাৰ গাওঁখন,তোমাৰ মা দেউতাক দেখি আহিলো যেন লাগিলে। অকৃত্ৰিম হৈছে লেখাখিনি!'
' মানে চাৰ আপুনি পঢ়িলে? ভাল হৈছে জানো ?'
চাৰ বিৰক্ত হৈছিল।
'মই নপঢ়াকৈ তোমাক ইয়ালৈ মাতিছো নেকি?লেখাখিনি ভাল হৈছে। কিন্তু আৰু এবাৰ লিখিবা। আৰু এই নামটো কেলেই দিছা ?'
মই চাৰে লিখিবলৈ দিয়া আত্মজীৱনী খনৰ এটা নাম দিছিলোঁ।
চাৰে সেই কথাটো ভাল পোৱা নাছিল। চাৰে খুব তন্ন তন্নকৈ কথাবোৰ বুজাই নিদিয়ে। মাত্ৰ কৈছিল-'নামটোৱে লেখাখিনিক সীমাবদ্ধ কৰিব।নাম দিব নালাগে এতিয়াই।'
চাৰে মোক দিয়া এই দায়িত্বৰ ওপৰত নিজৰে একেবাৰে বিশ্বাস নাছিল।লিখিবলৈ অনন্ত কথা আছিল।কিন্তু সেই বিশ্বাস নিজৰ ওপৰত নাছিল, মোৰ চৌপাশৰ ওপৰত নাছিল যে মই এখন আত্মজীৱনী লিখিব পাৰিম।
সেই দুটা অধ্যায়ৰ পিছত আৰু লিখা নহ'ল।
চাৰে দুই তিনি বাৰ খবৰ লৈছিল।মই অহৰহ এখন যুজঁ দি আছিলো জীৱনৰ হকে। চাৰ ক্ষুণ্ন হৈছিল। দুখ পাইছিল। আমাৰ মাজত তেৰ বছৰ কোনো যোগাযোগ নাছিল। কেৱল চাৰৰ কিতাপবোৰ আছিল মোৰ লগত।
তাৰ পিছত সুদীৰ্ঘ তেৰ বছৰৰ মূৰত ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ছাৰে মোক ফোন কৰিছিল-
' মোৰ প্ৰিয় গল্পকাৰ অৰ্চনা বৰঠাকুৰ তুমি হয়নে ?'
তেৰ বছৰৰ পিছত চাৰৰ মাতষাৰ শুনি মই তভক মাৰি ৰৈছিলো।
সেইদিনা 'নিয়মীয়া বাৰ্তা'ত মোৰ এটা লেখা প্ৰকাশ হৈছিল- 'কাম নকৰিলে খাম কি'
চাৰে প্ৰায় দহ মিনিট সময় কথা পাতিছিল। মই কি কৰি আছো, মোৰ সংসাৰ আৰু চাৰে মোক আকৌ এবাৰ সুধিছিল মই নিলিখাকৈ পেলাই থোৱা আত্মজীৱনী খনৰ কথা।
'মই চাগে নোৱাৰিম লিখিব চাৰ'
'তুমিয়েই নোৱাৰিলে কোনে পাৰিব'
চাৰৰ সেই কথাষাৰ হয়তো মোক অনুপ্ৰেৰণা দিবলৈকে কৈছিল। কিন্তু মোৰ কাৰণে কাণত বাৰে বাৰে বাজি থকা এক শক্তি মন্ত্ৰহে যেন।
সেইদিনা চাৰে মোক তেখেতৰ জনপ্ৰিয় অনুষ্ঠান 'কথা বাৰ্তা' ত অ্ংশ ল'বলৈ মাতিছিল পিছৰ সপ্তাহত। কভিডৰ পৰিস্থিতিলৈ চাই মই অকণমান থেৰোগেৰো কৰিছিলো।
চাৰে পৰিস্থিতি ভাল হ'লে আকৌ মাতিম বুলি কৈছিল।
তাৰ পিছত মাজে মাজে দুই এষাৰ কথা পতা হৈ আছিল।
গল্ডমেনৰ ' Emotional Intelligence ' ৰ কথা পাতিছিলো এদিন।
চাৰক কৈছিলো -' চাৰ, মই এতিয়া নিয়ন্ত্ৰিত আবেগৰ মাজত থাকো।'
চাৰে কথাটো বৰ ভাল পাইছিল।
কথাৰ মাজত চাৰে 'ভৰষা ' কৰিব পৰা কেইগৰাকীমান লেখকৰ কথা কৈছিল। আমাৰ সেই সাতসৰীৰ প্ৰচ্ছদত ফটো থকা তিনি গৰাকী লেখকৰ কথাও কৈছিল।
তাৰ পিছত আকৌ এই বছৰ মাৰ্চৰ শেষৰ ফালে চাৰে 'কথা বাৰ্তা' ৰ বাবে মোক মাতিলে। এপ্ৰিলৰ ১৬ তাৰিখে শ্বুটিঙৰ তাৰিখ ঠিক হ'ল। ১৫ তাৰিখৰ দিনা চাৰে ফোন কৰি জনালে বিহুৰ কাৰণে ষ্টাফৰ অসুবিধাৰ বাবে আমাৰ শ্বুটিঙ ২৩ এপ্ৰিলত হ'ব। ইতিমধ্যে কৰ'না পৰিস্থিতি জটিল হ'বলৈ আৰম্ভ হৈছিল। মোৰ ল'ৰাটোৰো গাটো অকণমান বেয়া আছিল। ২২ এপ্ৰিলৰ দিনা চাৰক মই ফোন কৰি ক'লো, ' চাৰ, পৰিস্থিতি বৰ বেয়া।ল'ৰাটোৰো গাটো অকণমান বেয়া হৈ আছে।নহ'লে কিছুদিন পিছত কৰো নেকি চাৰ'
চাৰে মোৰ অৱস্থাটো বুজি পাইছিল।হাঁহি হাঁহি কৈছিল- ' থাৰ্দ এটেম্প্ট এটা ল'ব লাগিব আৰু তোমাৰ লগত অনুষ্ঠান কৰিবলৈ।'
'চাৰ, আপুনিও জানো এতিয়া অফিচলৈ গৈ থকাতো ঠিক হ'ব?'
'মই বৰ সাৱধানি মানুহ হে।একো নহয়'
তাৰ দুদিন পিছতে চাৰৰ খবৰটো পাইছিলোঁ- চাৰ কভিড পজিটিভ। ২৫ তাৰিখৰ দিনা ফোনতে খবৰ লৈছিলো চাৰৰ। ভালদৰেই কথা পাতিছিল, কিন্তু বৰ দূৰ্বল আছিল।
তাৰ কেইদিনমানৰ পিছত আকৌ এবাৰ খবৰ ল'লো।
কিতাপৰ কথা পাতিছিলো।হস্পিতেলতে চাৰে এখন কিতাপ পঢ়ি থকাৰ কথা কৈছিল। মই কিবা কিতাপ পঠিয়াই দিম নেকি সুধিছিলো।
চাৰে নতুনকৈ পঢ়া কিতাপৰ কথা সুধিলে।মই কেইখনমান কিতাপৰ লগতে ৰীতা বাইদেউৰ 'মৰে অসম জীয়ে কোন ' খনৰ কথা কৈছিলো। চাৰে সেইখন থকাৰ কথা কৈছিল, আৰু ঘৰত গৈ পঢ়িব বুলি কৈছিল।
সেইদিনা চাৰক মই সুধিছিলো-' চাৰ 'কথা বাৰ্তা'ত মোক কি প্ৰশ্ন সুধিম বুলি ভাবিছিল?'
'তোমাৰ নিলিখা আত্মজীৱনী খনৰ কথা।'
চাৰে একে আষাৰে কৈছিল।
এই কথাটো ওলালেই মই সংকুচিত হৈ পৰো। সেইদিনা চাৰক কাকো নোকোৱা কথা এটা কৈছিলো-
'চাৰ, মোৰ লেখাৰ কথা কাৰোৰেই বিশেষ চকুত নপৰে। কোনো appreciation মই তেনেকৈ পোৱা নাই।জীৱনত মাত্ৰ তিনি গৰাকী মানুহে মোক অতি শক্তিশালী ভাৱে এটা বিশ্বাস দিবলৈ যত্ন কৰা যেন লাগে।মামণি বাইদেউ ,আপুনি আৰু শাংকব দা।মামণি বাইদেউৱে মোক কৈছিল- ' তুমি মোৰ দৰেই। তোমাৰ বয়সত মই ইমান ভাল লিখা নাছিলো। ভগৱানে মোক দিয়াৰ দৰে কষ্ট তোমাক নিদিয়ক।' আপুনিও বহুত আশা কৰিছিল।কিন্তু মই লিখিব নোৱৰা হ'লো চাৰ'
চাৰে মই লিখিব নোৱৰা হোৱা কথাটো অন্য ধৰণেৰে কৈছিল। সেয়াও অনুপ্ৰেৰণাই আছিল।
শেহতীয়াকৈ যোৱা ৯ মেৰ দিনা চাৰৰ লগত কথা পাতিছিলো। চাৰে আনন্দেৰে কৈছিল-' মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'
আৰু আজি চাৰ নাই।
ঘৰৰ পৰা ওলাব পৰা হ'লেই কাৰ্যালয়লৈ আহিবলৈ আশা কৰি থকা মানুহজন নাই।
নতুন লেখকক অন্তৰখুলি প্ৰেৰণা দিয়া মানুহজন নাই।
এক অসাধাৰণ জীৱন আজি হঠাতে নোহোৱা হৈ গ'ল।এজন নিসংগ মানুহে অনেক মানুহলৈ পোহৰৰ বাট কাটি নোহোৱা হৈ গ'ল।
য'তেই আছে প্ৰশান্তিত থাকক চাৰ!এই প্ৰাৰ্থনাৰ বাহিৰে আজি কিনো কৰিব পাৰো।